নির্বাচন আহিল

dainik janambhumi March 17, 2026

ডিজিটেল ডেস্ক : ষষ্ঠদশ অসম বিধানসভা গঠনৰ লক্ষ্যৰে অনুষ্ঠিত হ'ব লগা নিৰ্বাচনৰ তাৰিখ দেশৰ নির্বাচন আয়োগে দেওবাৰে ঘোষণা কৰিলে। অসমৰ লগতে কেৰালা, পুডুচেৰী, তামিলনাডু আৰু পশ্চিম বংগৰো নিৰ্বাচন হ'ব। ইয়াৰে তিনিখন ৰাজ্যই অ-বিজেপি দল শাসিত। পুডুচেৰীত অল ইণ্ডিয়া এন আৰ কংগ্ৰেছৰ এল ৰংগাস্বামীৰ চৰকাৰ আছে যদিও ই বিজেপিৰ সমর্থন প্রাপ্ত। কেৰালা-তামিলনাড়ু-পশ্চিম বংগত ক্রমে বাওঁমৰ্চাৰ পিনাৰায়ী বিজয়ন, ডি এম কেৰ এম কে ষ্টালিন আৰু টি এম চিৰ মমতা বেনাৰ্জীৰ চৰকাৰ চলি আছে। বিজেপিৰ দুৰ্দমনীয় শক্তিৰ বিৰুদ্ধে শক্তিশালীভাবে পতাকা উৰুৱাই থকা এই তিনিখন ৰাজ্যত গেৰুৱা পতাকা উৰুৱাবলৈ বিজেপিয়ে কম চেষ্টা কৰি থকা নাই। সেয়েহে, এইবাৰৰ এই ৫ ৰাজ্যৰ নিৰ্বাচনটোৰ প্ৰতি কেৱল এই ৰাজ্যকেইখনৰ জনসাধাৰণৰে নহয়, সমগ্র দেশৰে কৌতূহল আছে।

কেৰালাত বাওঁমচাক ওফৰোৱাটো বিজেপিৰ বাবে সহজসাধ্য নহ'ব, কিন্তু স্টালিন বা মমতাই একেই দম্ভ বা গৰ্বৰে বিজেপিক প্রতিহত কৰিব পাৰিবনে সেইটো আজিৰ তাৰিখত গুৰুত্বপূৰ্ণ প্রশ্ন। অসমৰ বাবে এইবাৰৰ নিৰ্বাচনটো হৰা-জিকাৰ প্ৰশ্নতকৈ অন্য কিছুমান দিশৰ পৰাহে উল্লেখযোগ্য। প্রথম উল্লেখযোগ্য দিশটো হ'ল-১৯৭৮ চনৰ পাছত প্ৰথমবাৰৰ বাবে আমাৰ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন এটা পৰ্যায়ত অনুষ্ঠিত হ'ব। ১৯৭৮ চনৰ আগৰ অৰ্থাৎ ১৯৫২ চনৰ পৰা হোৱা পাঁচটা নিৰ্বাচনৰ চাৰিটাই এটা পৰ্যায়ত অনুষ্ঠিত হৈছিল। মাত্র ১৯৬৭ চনৰ নিৰ্বাচনটোহে অনুষ্ঠিত হৈছিল দুটা পর্যায়ত। আগৰ নিৰ্বাচনবোৰৰ পৰিৱেশ পৰিস্থিতি বেলেগ আছিল। নির্বাচনত অন্যায়, অনিয়ম, উচ্ছৃংখলতা, উদ্ভাণ্ডালি, উগ্ৰতাৰ স্থান নাছিল। ৰাজনৈতিক দলবোৰৰ মাজত আদর্শগত প্রভেদ থাকিলেও মতান্তৰ নাছিল। শাসক-বিৰোধী নেতাই একেখন গাড়ীত উঠি নির্বাচনী প্ৰচাৰ চলোৱাৰ একাধিক কাহিনী সাধুকথাৰ দৰে আজিও চর্চা হৈ থাকে। ভোট কেন্দ্ৰত নিৰাপত্তাৰক্ষী বাহিনীৰ প্রয়োজনেই নহৈছিল। জনসাধাৰণে উৎসৱৰ আনন্দেৰে ভাগ লৈছিল নির্বাচনবোৰত। কিন্তু ১৯৮০ দশকৰ পাছত পৰিৱেশ-পৰিস্থিতি সলনি হৈ গ'ল। ১৯৮৩ৰ জুয়ে পোৰা নিৰ্বাচনেবেই সূচনা হোৱা সংঘাতপূর্ণ পৰিৱেশ-পৰিস্থিতি পৰৱৰ্তী সুদীর্ঘ সময়ত বৰ্তি থকাৰ বাবে এটা পৰ্যায়ৰ নিৰ্বাচন অসমত কল্পনাতীতেই হৈ পৰা যেন হৈছিলগৈ। বিশেষকৈ স্বাধিকাৰ প্ৰতিষ্ঠাৰ সশস্ত্র সংগ্রাম, সাম্প্রদায়িক-গোষ্ঠীগত সংঘাতৰ ঘটনাবোৰৰ পোনপটীয়া প্ৰভাৱ নিৰ্বাচনত পৰাৰ ফলত ৰাজ্যত এটা পৰ্যায়ত নির্বাচন অনুষ্ঠিত কৰাৰ সাহস নির্বাচন আয়োগে কৰিব পৰা নাছিল। নেতা-প্রার্থীক নিৰাপত্তা প্রদান, শান্তি-শৃংখলা ৰক্ষা, ভোট কেন্দ্ৰক নিৰাপদ কৰি ৰখাৰ বাবে প্ৰয়োজন হোৱা নিৰাপত্তা বাহিনীৰ বাবে আয়োগে ভোটগ্রহণৰ পৰ্যায় বৃদ্ধি কৰিবলৈ বাধ্য হৈছিল। তেনে এক পৰিৱেশ-পৰিস্থিতিৰ সৈতে যোৱা প্রায় আঢ়ৈটা দশক অভ্যস্ত হৈ পৰাৰ পাছত এইবাৰ বিধানসভাৰ নিৰ্বাচনটো এটা পৰ্যায়ত অনুষ্ঠিত কৰিবলৈ লোৱাটো ৰাজ্যবাসীৰ বাবে নতুন অভিজ্ঞতা হ'ব। অসমলৈ ঘূৰি অহা শান্তি-সুস্থিৰতাৰ বাৰ্তা এই সিদ্ধান্তই বাহিৰৰ মানুহক দিব। এইবাৰৰ নিৰ্বাচনৰ দ্বিতীয় উল্লেখযোগ্য দিশটো হ'ব পুনৰ নিৰ্ধাৰিত সমষ্টিৰ ভোটাৰ হিচাপে প্রতিটো সমষ্টিৰ ভোটাৰে ভোট দিব। ৰাজ্যৰ প্ৰায় প্ৰতিটো সমষ্টিৰ সীমাৰ অদল-বদল হৈছে। ফলত সমষ্টিবোৰত জনগাঁথনিৰ বিন্যাস সলনি হৈ পৰিছে। বহু সমষ্টিত এইবাৰ নিৰ্বাচনৰ অংকও সলনি হ'ব। গতিকে, প্ৰতিটো ৰাজনৈতিক দলৰ বাবে এইবাৰৰ নিৰ্বাচনটো হ'ব নতুন পৰীক্ষা। নির্বাচনটোৰ ফলাফলে ৰাজ্যৰ ৰাজনীতিৰ চৰিত্ৰও সলনি কৰাৰ সম্ভাৱনা থাকিব। আগতে জাত-পাতৰ অংকই ভাৰতীয় ৰাজনীতিক প্ৰভাৱিত কৰিছিল, এতিয়া তাৰ ৰূপটোৰ সলনি হোৱা পৰিলক্ষিত হৈছে। ধর্মীয়-সাম্প্রদায়িক চেতনাই ৰাজনীতিত প্রাধান্য বিস্তাৰ কৰিছে। ধৰ্মনিৰপেক্ষ ভাৰতৰ ৰাজনীতিত যোৱা দশকটোত অনুপ্রৱেশ ঘটা এই চিন্তাই সমাজত গভীৰ উদ্বেগৰ সৃষ্টি কৰিলেও ইয়াৰ পৰা ভাৰতীয় ৰাজনীতি মুক্ত হোৱাৰ সম্ভাৱনা কম। নতুন প্ৰজন্মৰ ভূমিকাৰ ওপৰত এই ৰাজনীতিৰ ভৱিষ্যৎ বহুলাংশে নিৰ্ভৰ কৰিব। এনে প্রেক্ষাপটত অসমৰ নিৰ্বাচনত এই চিন্তাৰ প্ৰাধান্য আৰু প্ৰভাৱো এইবাৰৰ নিৰ্বাচনৰ অন্য এক উল্লেখযোগ্য দিশ।

বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ যোৱা এটা দশকৰ শাসনত, বিশেষকৈ যোৱা ৫ বছৰত ৰাজ্যৰ ৰাজনীতিৰ ছবিখন অভাৱনীয়ভাৱে সলনি হৈ গ'ল। বিভিন্ন অভিলাষী আঁচনিৰ জৰিয়তে লাখ লাখ হিতাধিকাৰীলৈ প্রত্যক্ষভাৱে ধনৰ হস্তান্তৰ কৰি বৰ্তমানৰ চৰকাৰখনে এনে এক পৰিৱেশ ৰচনা কৰি দিছে যে মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলেই বেছিভাগ সমষ্টিত জয়ী হোৱাৰ এক পৰিৱেশ সৃষ্টি হৈ গৈছে। এনে ৰাজনীতিৰ প্ৰত্যাহ্বান গ্ৰহণ কৰাটো বিৰোধী দলবিলাকৰ বাবে যথেষ্ট কঠিন। ক'বলৈ গ'লে ৰাজ্যত প্ৰথমবাৰৰ বাবে এটা বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব য'ত বিৰোধীপক্ষ এনেকুৱা ধৰণৰ কঠিন প্রত্যাহ্বানৰ সন্মুখীন হ'ব। কিন্তু লগতে এটা কথাও স্বীকাৰ কৰিব লাগিব যে ভাৰতীয় নাগৰিকৰ চৰিত্ৰ বহু সময়ত পূর্বানুমান কৰিব নোৱাৰি। গণদেৱতা হৈ ই সময়ত কেতিয়াবা ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ বহু নজিৰ আছে। গতিকে, অসমতো নির্বাচনক লৈ শেষ কথা কৈ দিব কোনেও নোৱাৰে। অসমত শাসকীয় দলৰ আগ্রাসী ৰাজনীতিৰ সন্মুখত বিৰোধী যিমান নিষ্প্রভ হৈছে, তাতোকৈ বেছি তেওঁলোকৰ শক্তি কমিছে নিজৰ মাজত বুজাবুজিৰ অভাৱৰ বাবে। এতিয়া সময় বহুত কম। তথাপি বিচক্ষণতাৰে যুঁজিব পৰিলে কিছুমান সমষ্টিত তেওঁলোকে চমক দেখুৱাব পৰা অৱস্থা নথকা নহয়। কঠিন পৰিস্থিতিত কেনেকৈ তেওঁলোকে খুঁজে তালৈ ৰাজ্যবাসীয়ে আগ্ৰহেৰে বাট চাব।

Share This