আজিৰ সম্পাদকীয়, নির্বাচনী উৎসৱ!

dainik janambhumi March 31, 2026

ডিজিটেল ডেস্ক: বিধানসভাৰ নিৰ্বাচনৰ বাবে প্রত্যাশিত ধৰণেই ৰাজ্যৰ পৰিৱেশ উদুলি-মদুলি হৈ পৰিছে। প্রত্যক্ষ অথবা পৰোক্ষভাৱে ৰাজ্যৰ অধিকাংশ মানুহ সংযোজিত হৈ পৰিছে এই পৰিৱেশৰ সৈতে। কেৱল প্রার্থীগৰাকীয়েই নহয়, তেওঁক কেন্দ্ৰ কৰি নিৰ্মিত হৈছে এটা 'টীম'। পুৱাৰ পৰা গধূলিলৈ এই 'টীম' ব্যস্ত হৈ থাকে প্রার্থীগৰাকীৰ ৰণ-কৌশল অনুসৰি কাম কৰা, প্ৰচাৰৰ বিভিন্ন দিশ ৰূপায়ণ কৰাত। সমষ্টিৰ ঠায়ে ঠায়ে নির্বাচনী কার্যালয় স্থাপন হৈছে; তাত ব্যস্ত হৈছে প্রার্থীগৰাকীৰ সমর্থক বা দলীয় কর্মীসকল। সমষ্টিৰ একাংশ যান-বাহন ব্যস্ত হৈছে প্ৰতিগৰাকী প্রার্থীৰ কামত। প্রার্থী, তেওঁৰ সমৰ্থক, দলীয় নেতাসকল প্ৰচাৰৰ বাবে য'লৈকে গৈছে যি সভা-সমিতি অনুষ্ঠিত কৰিছে তাত ব্যস্ত হৈ পৰিছে সেই ঠাইৰ জনসাধাৰণ। ডাঙৰ-ডাঙৰ সমাৱেশ, ৰোড শ্ব 'বিলাকত জনসমর্থনৰ শক্তি প্রদর্শন আজিকালি নিৰ্বাচনৰ মূল অংশ হৈ পৰিছে। ইয়াত ব্যস্ত হয় বিশাল সংখ্যক লোক। বহু প্রার্থী ঘৰে ঘৰে যায়, তাতো ব্যস্ত হয় বহুজন। ব্যস্ত হয় চৰকাৰৰ বৃহৎ অংশ এটা। পুলিচ ব্যস্ত হয় পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে। তদুপৰি, গাঁৱে-ভূঞে, নগৰে-চহৰে, সাধাৰণ মানুহ ব্যস্ত হয় সম্ভাব্য হৰা জিকাৰ অংক কৰাত। উলাহৰ অন্তহীন প্ৰদৰ্শনত শেহতীয়াকৈ সংযোজিত হৈছে আলিংগন, চুম্বনৰ দৰে দৃশ্যও। 


দৈনন্দিন জীৱনযাত্ৰাৰ মাজত এনেকৈ সমাজৰ বুজন অংশৰ মানুহ নিৰ্বাচনটোক লৈ প্রত্যক্ষ অথবা পৰোক্ষভাৱে ব্যস্ত হৈ পৰা বাবেই সকলো মিলি উদুলি-মুদুলি পৰিৱেশ এটা ৰচনা হৈ পৰে নিৰ্বাচনৰ দিনকেইটাত। মূলতঃ জনবল, অৰ্থবল থকা ৰাজনৈতিক দল আৰু প্রার্থীসকলে এই পৰিৱেশ ৰচনাত গুৰুত্ব দিয়ে যাতে উক্ত দল বা প্রার্থীৰ পক্ষে নির্বাচনী বতাহ বলাটো প্রমাণ হয় আৰু ই নিৰপেক্ষ মানুহবোৰক প্ৰভাৱিত কৰিব পাৰে। এনে কাৰণতে আজিকালি নিৰ্বাচনত ৰোড শ্ব'ৰ গুৰুত্ব বৃদ্ধি পাইছে। ডাঙৰ ডাঙৰ নেতাসকলে ৰোড শ্ব' কৰোঁতে এনে এক পৰিৱেশ ৰচনা কৰা হয় যেন সেই নেতাক দর্শন কৰিবলৈ ভাগি-ভূঁহৰি মানুহ ৰাস্তালৈ ওলাই আহিছে! কিন্তু অনুসন্ধান কৰিলে গম পোৱা যায় যে ৰাজপথত জনস্রোতৰ সৃষ্টি কৰা এই ৰোড শ্ব'ত ভাগ ল'বলৈ অহা বহু মানুহক পাৰিশ্ৰমিক দিয়া হয়। ডাঙৰ নেতাৰ সভা-সমিতিত যোগদান কৰিবলৈ যোৱা মানুহেও টকা পায়। কোনে কিমান টকা পায়, মধ্যভোগীয়ে কিমান সৰকায়- সেই কথাবোৰ প্রকাশো নাপায়, কোনেও স্বীকাৰো নকৰে। কিন্তু এইবোৰ কোনেও নজনালেও সকলোৱে জনা কথা। গতিকে, নিৰ্বাচনৰ সময়ত উদুলি-মুদুলি পৰিৱেশ সৃষ্টিত যে টকা ছটিওৱা ব্যৱস্থাৰো প্রভার আছে সেয়া অঘোষিত সত্য। আজিকালি নিৰ্বাচনৰ দুই-তিনি বছৰৰ আগৰ পৰাই একাংশ প্রত্যাশীয়ে সমষ্টিয়ে সমষ্টিয়ে কাম কৰি থাকে। এইদৰে কৰি থকা 'কামবোৰ'ৰ বাবেও বিশাল অংকৰ ধন ব্যয় নিশ্চয় হয়। কোনে কিমান ব্যয় কৰিলে সেয়া প্রার্থিত্বপ্রত্যাশীসকলেহে জানে। ইয়াৰ মাজৰে বহুতৰ 'ব্যয়' অথলে যায় আৰু কাৰোবাৰ প্রার্থিত্ব লাভৰ ভাগ্য মুকলি হয়। এই ভাগ্যৱান প্রার্থীৰ নিৰ্বাচনত বহু দিন আগৰে পৰা কৰি অহা 'শ্রম'বিলাকৰ প্ৰভাৱো-নিৰ্বাচনৰ দিনবোৰত পৰে। সেই প্ৰাৰ্থীৰ অনুগামীসকল উদুলি-মুদুলি পৰিৱেশত চামিল হয়। টিকট নোপোৱা একাংশই দলৰ বিৰুদ্ধে উজাৰে ক্ষোভ। হ'লেও নির্বাচনী উৎসৱৰ ৰং ম্লান নপৰে। এই যে উদুলি-মুদুলি পৰিৱেশটো ৰচনা হৈছে বা ৰচনা কৰা হৈছে, ইয়াৰ জৰিয়তে ভাৰতীয় গণতন্ত্ৰৰ ৰঙীন ছবি এখন উদ্ভাসিত হৈ উঠে। বাহিৰৰ মানুহ এই ছবিখন চাই আনন্দিত হয়, ভাৰতীয় গণতন্ত্রক ভূয়সী প্রশংসা কৰে। 

২০২৪ চনৰ লোক সভাৰ নিৰ্বাচনত ভোটদান কৰি প্ৰধানমন্ত্ৰীয়ে সাংবাদিকৰ আগত কৈছিল, 'বিশ্বৰ ৬৪খন দেশত ভোটদানৰ জৰিয়তে চৰকাৰ গঠন হয়, কিন্তু ভাৰতৰ নিৰ্বাচনী প্রক্রিয়া আৰু নিৰ্বাচন পৰিচালনা ব্যৱস্থাটো শিকিবলগীয়া। বিশ্বৰ আগশাৰীৰ বিশ্ববিদ্যালয়ে ইয়াৰ বিষয়ে অধ্যয়ন কৰা উচিত। আমাৰ দেশৰ নির্বাচন উৎসর উদযাপনৰ দৰে। দেশত ৯০০টা টিভি চেনেল আছে, ৫ হাজাৰ কাকত আছে, এই সকলোবিলাক নিৰ্বাচনৰ ৰঙেৰে ৰঙীন হৈ পৰে।' আমাৰ এইবাৰৰ বিধানসভাৰ নির্বাচনতো এই প্রত্যাশিত ৰঙীন পৰিৱেশৰে পুনৰাবৃত্তি ঘটিছে। নির্লিপ্ত হৈ থকা একাংশক বাদ দি ৰাজ্যত বেছিভাগ মানুহেই পৰোক্ষ বা প্রত্যক্ষভাৱে এই ৰঙীন পৰিৱেশৰ মাজত সোমাই পৰি গণতন্ত্ৰৰ ছবিখন ৰঙীন কৰি তুলিছে ঠিকেই, কিন্তু ইয়াত মানুহৰ মৌলিক সমস্যাবিলাকে গুৰুত্ব পাইছে নে নাই? নির্বাচনটোতো কেৱল হিলদল ভাঙি ৰাজপথলৈ ওলাই আহি শক্তি প্রদর্শন কৰা, নাচি-বাগি আনন্দ কৰা, প্রতিদ্বন্দ্বী প্রার্থীৰ লগত মুখ চুপতি কৰাৰ বাবে নহয়। কিন্তু লাহে লাহে নির্বাচন হৈ পৰিছে কেৱল প্রদর্শন-কেন্দ্রিক। কোনে বেছি হেলিকপ্টাৰ ব্যৱহাৰ কৰিলে, কাৰ সমদলত কিমান বাইক-গাড়ী ওলালে, কিমানৰ প'ষ্টে ছ'চিয়েল মিডিয়াক সর্বাধিক গ্রাস কৰিলে, সেইবোৰহে এতিয়া নিৰ্বাচনৰ দ্রষ্টব্য দিশ হৈ পৰা পৰিলক্ষিত হৈছে। 

তাৰ মাজত হেৰাই গৈছে ৰাইজৰ মৌলিক সমস্যাবিলাকৰ আলোচনা। মৌলিক সমস্যাক লৈ বিতর্ক বাদেই, ইস্তাহাৰবিলাকো আজিকালি হৈ পৰিছে নিৰ্বাচনৰ অলংকাৰহে। প্রকাশ পাব লাগে বাবে প্রকাশ হয়, চর্চা কোনেও নকৰে। নিৰ্বাচনৰ অৰ্থ এতিয়া জোৰ যাৰ মুলুক তাৰহু পৰিৱৰ্তিত এই উছৱমুখৰ নিৰ্বাচনৰ জৰিয়তে ৰাইজৰ প্ৰতিনিধি নিৰ্বাচনৰ পৰিৱৰ্তে 'শক্তিশালী', বৈভৱশালী দল কিম্বা প্রার্থীক শাসনৰ লাইচেঞ্চ দিয়াৰ ব্যৱস্থা এটা কৰি পেলোৱা হৈছে। এনে নির্বাচনে গণতন্ত্রক শক্তিশালী কৰি ৰাখিবনে, তাৰ বিচাৰ-বিশ্লেষণৰ প্রয়োজন আছিল, কিন্তু কোনে কৰিব?

Share This