শত্রু-মিত্র

dainik janambhumi August 26, 2025

ডিজিটেল ডেস্ক : বিভিন্ন স্বাধীন ৰাষ্ট্ৰৰ মাজত সম্পৰ্কৰ (যাক কূটনৈতিক সম্পর্ক বুলি কোৱা হয়) ক্ষেত্ৰত স্থায়ী শত্রু বুলি আচলতে কোনো সংজ্ঞা নাই। ১৯৬১ চনৰ 'ভিয়েনা কনভেনশ্যন 'ত কূটনৈতিক সম্পৰ্কৰ ক্ষেত্ৰত কেতবোৰ সূত্ৰ নিৰ্ণয় কৰা হৈছিল। বিশ্বৰ ১৯৩খন ৰাষ্ট্ৰই মিলি সম্পৰ্কৰ এই সূত্ৰসমূহ নির্ণয় কৰিছিল আৰু ক'বলৈ গ'লে আজিৰ বিশ্বৰ স্বাধীন দেশসমূহৰ মাজৰ সম্পৰ্কৰ আঁত ধৰি আছে এই 'ভিয়েনা কনভেনশ্যন'ত নির্ণয় হোৱা সূত্রসমূহেই। পৰিৱৰ্তিত সময়, ৰাষ্ট্ৰসমূহৰ পৰিৱৰ্তিত অৱস্থা আৰু সমস্যা, বিভিন্ন দ্বিপাক্ষিক আৰু বহুপাক্ষিক সংঘাতে সময়ে সময়ে কিছুমান সংকটৰ সৃষ্টি কৰিলেও কূটনৈতিক সম্পৰ্কৰ এই আঁত ছিঙি আচলতে কোনো ৰাষ্ট্ৰই আজিৰ তাৰিখত অকলশৰীয়াকৈ আগবঢ়াৰ কথা ভাবিব পৰা অৱস্থাত নাই। স্বাধীন ৰাষ্ট্ৰসমূহৰ নিজস্ব প্রয়োজনত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বিন্যাস মাজে মাজে সলনি হ'বহে পাৰে, স্থায়ীভাৱে বিচ্ছিন্ন হ'ব নোৱাৰে। কাৰণ আন্তর্জাতিক সম্পর্ক মূলতঃ বন্ধুত্বতকৈ স্বাৰ্থৰ বাবেহে গঢ় লৈ উঠে। 

প্রাক্তন ব্রিটিছ প্রধানমন্ত্রী লর্ড পালমাৰষ্ট'ন (Lord Palmerstone)-এ এষাৰ গুৰুত্বপূর্ণ কথা কৈছিল- 'We have no eternal allies, and we have no perpetual enemies. Our interests are eternal and perpetual, and those interests it is our duty to follow.' অর্থাৎ প্রাক্তন ব্রিটিছ প্রধানমন্ত্ৰীগৰাকীৰ মতে দেশখনৰ যেনেকৈ কোনো স্থায়ী মিত্র নাই, তেনেকৈ শত্রুও স্থায়ী নহয়, কেৱল দেশখনৰ স্বার্থহে স্থায়ী, সেই স্বার্থ অনুসৰি কাম কৰাটোৱে দেশখনৰ দায়িত্ব। আমেৰিকাকেন্দ্ৰিক সাম্প্ৰতিক ভাৰতৰ তথা বিভিন্ন ৰাষ্ট্ৰৰ চিন্তা-চৰ্চাৰ ক্ষেত্ৰত উল্লিখিত কথাখিনিৰ প্রাসংগিকতা আছে। ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ক্ষমতালৈ আহিয়েই বিভিন্ন ৰাষ্ট্ৰৰ বিৰুদ্ধে শুল্কযুদ্ধ আৰম্ভ কৰি দিছে। ব্রাজিল আৰু ভাৰতৰ বিৰুদ্ধে সর্বোচ্চ ৫০% শুল্ক আৰোপৰ সিদ্ধান্ত ইতিমধ্যে ঘোষণা কৰিছে ৰাষ্ট্ৰপতিগৰাকীয়ে। কানাডা, মেক্সিকোৰ বিৰুদ্ধে আৰোপ কৰা হৈছে ৩৫% শুল্ক। বিশ্বৰ ৭০খন দেশৰ বিৰুদ্ধে আৰম্ভ হৈছে আমেৰিকাৰ এই শুল্কযুদ্ধ। মূলতঃ শুল্ক আৰু মার্কিন নাগৰিকত্ব, এই দুটা বিষয় লৈ ভাৰতৰ সৈতে আমেৰিকাৰ সম্পৰ্ক জটিল হৈ পৰা পৰিলক্ষিত হৈছে। ফলত স্বাভাবিকভাৱেই ভাৰতবাসীৰ মনলৈ অহা প্রশ্নটো হৈছে যোৱা কেইটামান বছৰত লক্ষণীয়ভাৱে গভীৰ বন্ধুত্বৰ এনাজৰীৰে বান্ধ খাই থকা আমেৰিকা তথা ৰাষ্ট্ৰপতি ট্রাম্প ভাৰতৰ বিৰুদ্ধে হঠাৎ ৰুষ্ট হৈ পৰিল কিয়? বৰ্তমানৰ পৰিৱেশটোৱে ভাৰত-মার্কিন দ্বিপাক্ষিক সম্পর্কত স্থায়ী প্রভাৱ পেলাব নেকি? এই প্রশ্নবোৰৰ উত্তৰ বিচাৰিলে বা ইতিহাস খুঁচৰিলে ওপৰত উল্লেখ কৰা কথাখিনিয়েই প্রাসংগিক হৈ পৰিব। আচলতে দেশবোৰৰ মাজত স্থায়ী মিত্র বা স্থায়ী শত্ৰুৰ সম্বন্ধ নাথাকে। ৰাষ্ট্রপতি ট্রাম্পে আজি নিজৰ দৃষ্টিকোণেৰে পৰ্যবেক্ষণ কৰা আমেৰিকাৰ স্বাৰ্থবোৰৰ ওপৰত ভিত্তি কৰি ভাৰত তথা অন্যান্য দেশবোৰৰ সৈতে কূটনৈতিক সম্পৰ্কৰ মাত্ৰা নিৰ্ণয় কৰিছে। নেহৰুৰ দিনৰ পৰা এতিয়া মোদীৰ আমোলালৈকে আমেৰিকা-ভাৰতৰ অম্ল-মধুৰ সম্পৰ্কৰ ইতিহাসে দেখুৱাই আহিছে যে স্বাৰ্থৰ কিঞ্চিৎ হেৰ-ফেৰ হ'লেই আমেৰিকাই ভাৰতৰ ওপৰত অবাঞ্ছিত হেঁচা প্রয়োগ কৰিবলৈ কুণ্ঠাবোধ নকৰে। ৰাছিয়া-ইউক্রেইন যুদ্ধৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকাক লৈ অসন্তুষ্ট আমেৰিকাই এইবাৰ ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয়ৰ বিষয়টোক 'ইচ্যু' কৰি ৫০% শুল্কৰ ভাবুকিৰে ভাৰতৰ ওপৰত হেঁচা বৃদ্ধি কৰিব খুজিছে। ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ কাৰণ দেখুৱালেও আমেৰিকাই এই হেঁচাৰ জৰিয়তে এখন বৃহৎ বাণিজ্য চুক্তি কৰিবলৈ ভাৰতক বাধ্য কৰিব খোজা বিষয়টো ইতিমধ্যে পোহৰলৈ আহিছে, যিখন চুক্তিত ভাৰতে এতিয়ালৈকে সন্মতি প্রকাশ কৰা নাই। পৰিৱৰ্তিত আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিত আমেৰিকাৰ পৰা দিয়া এই ধৰণৰ হেঁচা অবাঞ্ছিত হ'লেও অস্বাভাৱিক নহয়। নিজকে বিশ্বৰ অন্যতম বৃহৎ শক্তিলৈ আগবঢ়াই নিব খোজা ভাৰতে এই প্রত্যাহ্বান কেনেকৈ গ্রহণ কৰে সেইটোহে মূল কথা। এনে পৰিস্থিতিত ভাৰতীয় নেতৃবর্গই তিনিটা বিকল্পক সর্বাধিক গুৰুত্ব দিয়া উচিত। প্রথম- ভাৰতে নিজৰ অর্থনৈতিক শক্তি বৃদ্ধিৰ গতিক আৰু অধিক ত্বৰান্বিত কৰিব পৰা সুযোগবিলাকৰ সৎ ব্যৱহাৰ কৰিব লাগিব, দ্বিতীয়- আমেৰিকাৰ প্ৰতিদ্বন্দ্বী ৰাষ্ট্ৰবোৰৰ সৈতে কূটনৈতিক সম্পৰ্কৰ বিকাশৰ হেঙাৰবিলাক আঁতৰাই এটা লক্ষণীয় মসৃণ পৰিৱেশ সৃষ্টি কৰিব লাগিব তথা 'ব্রিকছ', 'জি-২০' ৰাষ্ট্ৰগোটবিলাকত নিজৰ গুৰুত্ব বৃদ্ধি কৰিব লাগিব। তৃতীয়তে- আমেৰিকাৰ সৈতে ভাৰতৰ সম্পর্ক যাতে অধিক শোচনীয় হৈ নপৰে তাৰ বাবে অনানুষ্ঠানিকভাৱে সেই দেশৰ গুৰুত্বপূৰ্ণ ব্যক্তিসকলৰ সৈতে ভাৰতীয় পক্ষৰ তৰফৰ পৰা কূটনৈতিক-বহির্ভূত সম্পর্ক নিবিড় কৰি ৰখাৰ প্ৰয়াস অব্যাহত ৰাখিব লাগিব। ভাৰতীয় নেতৃবর্গই অৱশ্যে এই দিশকেইটাত ইতিমধ্যে গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছেই। 

ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা অজিত ডোভালৰ শেহতীয়া মস্কো ভ্রমণ আৰু চীনৰ বিদেশ মন্ত্ৰীৰ ভাৰত ভ্ৰমণ, এই দিশত দুটা উল্লেখযোগ্য পদক্ষেপ বুলি বিবেচিত হৈছে। বিশেষকৈ চীনৰ বিদেশ মন্ত্ৰীৰ ভাৰত ভ্ৰমণক ৰাছিয়াৰ নেতাসকলে মুকলিকৈ প্রশংসা কৰিছে। এনেদৰে ৰাছিয়া আৰু চীনৰ সৈতে একেটা শাৰীত ভাৰত থিয় হ'বলৈ আগবাঢ়িব বিচৰা কথাটোৱে নিশ্চিতভাৱে আমেৰিকাৰ ওপৰত এটা প্রতি-হেঁচা (Counter Pressure) সৃষ্টি নকৰাকৈ নাথাকিব। এইবোৰ উদাহৰণ তথা ঘটনা প্রৱাহে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ক্ষেত্ৰত স্থায়ী-শত্রু বা স্থায়ী মিত্র নথকাৰ কথাটোকে প্রতিপন্ন কৰে। সম্মুখৰ কূটনৈতিক প্রত্যাহ্বানবিলাক ভাৰতীয় নেতৃবর্গই কেনেকৈ গ্রহণ কৰে বা কিমান চতুৰালিৰে কূটনৈতিক চাল দিব পাৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব ভাৰতৰ ভবিষ্যৎ।

Share This