ডিজিটেল ডেস্ক : এই বিশ্বব্রহ্মাণ্ডত পৃথিৱী নামৰ গ্ৰহটোৰ বাদে আন কোনো স্থানত জীৱৰ অস্তিত্ব সম্পর্কে এতিয়াও কোনো নিশ্চিত তথ্য নাই। থাকিব পাৰে বা আন কোনো স্থানতো জীৱ থকাটো সম্ভৱ- এনে বিষয় লৈ অৱশ্যে বহু কল্প কাহিনী ৰচনা হৈ আছে, সাহিত্য ৰূপে তাৰ মূল্যও আছে। জীৱৰ উদ্ভৱ বা উন্মেষৰ বাবে যিবোৰ অৱধাৰিত চৰ্ত লাগে- তাৰ ভিতৰত প্ৰধান হ'ল জলবায়ু আৰু পৰিৱেশ। অত্যধিক শীত নাইবা অত্যধিক উত্তাপত জীৱ সৃষ্টি সম্ভৱ নহয়।
বিশ্বতত্ত্ববিদসকলে মত পোষণ কৰে যে সৌৰজগতৰ আন গ্রহসমূহৰ তুলনাত পৃথিৱীৰ অৱস্থান এনে যে ইয়াত জলবায়ু, বায়ুমণ্ডল আৰু এটা নাতিশীতোষ্ণ পৰিৱেশৰ সূচনা হোৱাটো সম্ভৱ হৈছিল। জীৱৰ উন্মেষ আৰু বিৱৰ্তনৰ পটভূমি সৃষ্টি হৈছিল। সেয়ে, আমি আজি পৃথিৱীৰ বাসিন্দা ৰূপে গৌৰৱ কৰিব পাৰিছোঁ। কিন্তু আধুনিকতা, শিল্প বিপ্লৱ আৰু বৈদেশিক বাণিজ্য তথা পুঁজিবাদী ক্রমবর্ধমান প্ৰসাৰৰ লগে লগে মানুহৰ জীৱনধাৰাৰ পৰিৱৰ্তন হৈছে। অর্থনীতিৰ বিভিন্ন নতুন ৰূপ এটাৰ পাছত আন এটাৰ আৰ্হি আহি আছে। উন্নয়নৰ ধাৰণা এতিয়া ধনতন্ত্রই নিৰূপণ কৰে। আমাৰ গছ-গছনি, পাহাৰ-নিজৰা, নদী, নানাবিধ বনৰীয়া জন্তু-চৰাই, কীট-পতংগও যে এই পৃথিৱীৰ বৈধ বাসিন্দা, এই প্রকৃতিৰ অংশ, 'বুদ্ধি-বৃত্তিশীল' মানুহে সেই কথা পাহৰি এককভাৱে সমগ্র বিশ্ব প্রকৃতিৰ নিজকে নিয়ন্তা বুলি ধৰি লৈছে। এই সেউজ সসাগৰা পৃথিৱী প্ৰকৃতিৰ বিশেষ নিয়ম-তন্ত্ৰৰ দ্বাৰা পৰিচালিত। সেই নিয়ম-তন্ত্ৰৰ ক্ষতিসাধন কৰা কাম মানেই প্ৰকৃতিৰ ভাৰসাম্যৰ ওপৰত আঘাত কৰা।
প্রকৃতি যি শৃংখলাৰে পৰিচালিত হৈছে, তাত আঘাত কৰা মানেই অৱধাৰিত বিপৰ্যয়। প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰি মানৱ জাতি কেনেকৈ বর্তি থাকিব পাৰিব- সেই লৈ বিশ্বত বহুকেইখন শীর্ষ সন্মিলন হৈছে। শেহতীয়াকৈ জলবায়ু পৰিৱৰ্তন আৰু কাৰ্বন বাষ্প নির্গমণ ৰোধ আদি বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। কিন্তু পুঁজিবাদী গোষ্ঠীসমূহে প্রকৃতিক কেৱল সম্পদৰ ভঁৰাল ৰূপেহে চাবলৈ খোজে। তেল-কয়লা আৰু শক্তি উৎপাদনৰ নামত, আন্তঃগাঁথনি উন্নয়নৰ নামত প্ৰকৃতিৰ বক্ষত আঘাত ক্রমে বৃদ্ধি পাইছে। গছ-গছনি কটাটো যেন এতিয়া উন্নয়নৰ পূৰ্বচৰ্তহে। সাধাৰণ মানুহৰ আশা-আকাংক্ষাৰ লগত কোনো সম্পর্ক নথকা পর্যটন কেন্দ্র, উপগ্রহীয় নগৰী, ৰাজধানী এলেকা সম্প্ৰসাৰণ আদি ভোগবাদী-পুঁজিবাদী ব্যৱস্থাসমূহ সম্প্ৰসাৰণৰ বাবে শেহতীয়াকৈ অৰণ্য ধ্বংস কৰা, লোকালয়ত উচ্ছেদ চলাই সেই ভূমিত নগৰীকৰণ কৰা আদি কামত শেহতীয়াকৈ চৰকাৰৰ উৎসাহ অধিক। কাৰণ এতিয়াৰ চৰকাৰ বৃহৎ পুঁজিপতি গোষ্ঠীসমূহৰ স্বাৰ্থত পৰিচালিত হৈছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ ভিতৰতে পৰিৱেশ আৰু জৈৱ-বৈচিত্র্যৰ বাবে এটা অতি সংবেদনশীল এলেকা বুলি বিশ্ব প্রসিদ্ধ। ইয়াৰ পাহাৰ আৰু উদ্ভিদৰ নীলা-সেউজীয়া আৱেষ্টনী বিশ্বৰ ভিতৰতে বিৰল। এই এলেকাসমূহেই পর্যটকক আকৰ্ষণ কৰে। কিন্তু শেহতীয়াকৈ চৰকাৰে পৰ্যটকৰ আকৰ্ষণৰ নামত কাজিৰঙাত পঞ্চতাৰকা হোটেল নির্মাণ, জাগীৰোড অঞ্চলত ৰিং ৰ'ড আৰু নগৰীকৰণৰ নামত উচ্ছেদ চলাবলৈ সিদ্ধান্ত লোৱাত অসমত এটা উত্তেজনাই বিৰাজ কৰিছে।
ইতিমধ্যে কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ-ডিমা হাছাও জিলাত পুঁজিপতি গোষ্ঠীসমূহক বহু এলেকা হস্তান্তৰ কৰা বিষয়ক লৈ প্রতিবাদ অব্যাহত আছে। বিশ্ব ঐতিহ্য কেন্দ্র ৰূপে ঘোষিত কাজিৰঙা অৰণ্য বিৰল-দুষ্প্রাপ্য জীৱ-জন্তু-পক্ষীৰ এনে এটা কেন্দ্র, যি দক্ষিণে কার্বি আংলঙৰ পৰা উত্তৰে ব্ৰহ্মপুত্ৰৰ পাৰলৈ বিস্তৃত। লেডী কার্জন নামৰ এগৰাকী ইংৰাজ মহিলাই এই পৰিৱেশ তথা জৈৱ-বৈচিত্র্যৰ বাবে সংবেদনশীল এলেকাটো সম্পর্কত অসমৰ মানুহক সজাগ কৰিছিল। অসমৰ প্ৰথমগৰাকী কেন্দ্ৰীয় বন সেৱাৰ বিষয়া মহীচন্দ্ৰ মিৰিয়ে নিজৰ সমস্ত শক্তি আৰু সাধনাৰে ইয়াৰ জৰীপ কৰি আধুনিক কাজিৰঙাৰ নতুন ৰূপ প্ৰদান কৰিছিল। ইয়াৰ সংবেদনশীলতাৰ সুৰক্ষাৰ বাবে পৰামৰ্শ দি গৈছিল। এতিয়া কজিৰঙাৰ কাষৰ ভূমিৰ ব্যাৱসায়িক মূল্য বাঢ়িল। কাজিৰঙাৰ বন্যপ্রাণী আৰু বাতাৱৰণক ক্ষতি কৰিব পৰা কোনো ধৰণৰ নিৰ্মাণকাৰ্য নিষেধ থকাৰ পাছতো, পৰিৱেশ সম্পৰ্কীয় আইনৰ সংশোধন কৰি, তাত পঞ্চতাৰকা হোটেল নির্মাণ কৰা, চাহ বাগিচা উচ্ছেদ কৰাৰ বিৰুদ্ধে গণ প্রতিবাদ হৈছে। এই নির্মাণকার্য বহনক্ষম উন্নয়নৰ ধাৰণাৰ লগত সংগতিপূর্ণ নহয় বুলি সকলোৱে কৈছে। একে সময়তে জাগীৰোড আৰু তাৰ সংলগ্ন ভূমিপুত্ৰ তিৱা জনগোষ্ঠীৰ বসতি প্রধান এলেকাত ছেটেলাইট টাউনশ্বিপ নিৰ্মাণৰ যি উদ্যোগ চৰকাৰে গ্ৰহণ কৰিছে, তাৰ বিৰুদ্ধেও স্থানীয় লোক ৰাজপথলৈ ওলাই আহিছে।
ছেমিকণ্ডাক্টৰ উদ্যোগ নিৰ্মাণৰ লগে লগে জাগীৰোডৰ গুৰুত্ব বৃদ্ধি পাইছে। সেই উদ্যোগৰ উৎপাদন আৰম্ভ হোৱাৰ লগে লগে সেই ঠাইৰ ব্যস্ততা বাঢ়িব। আন্তঃৰাষ্ট্ৰীয় এক বাণিজ্যিক কেন্দ্ৰলৈ ৰূপান্তৰ হ'ব ঠাইখিনি। সেই কাৰণেই তাত এক ছেটেলাইট টাউনশ্বিপ নিৰ্মাণৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিছে চৰকাৰে। কিন্তু তাৰ জনজাতীয় লোকসকলে ধাৰণা কৰিছে যে এনে নগৰাঞ্চল নিৰ্মাণ হ'লে তেওঁলোকৰ কিছু লোকে ভেটি-মাটি হেৰুৱাব আৰু তেওঁলোকৰ জনজাতীয় গাঁথনিটোত আঘাত পৰিব। গতিকে, চৰকাৰে এই বিষয়টোৰ প্ৰতিও গুৰুত্ব দিব লাগিব। বিকাশ হ'বই লাগিব আৰু ইয়াৰ বাবে উদ্যোগো লাগিব। কিন্তু প্রাকৃতিক পৰিৱেশৰ সন্তুলন ৰক্ষা কৰি আৰু আমাৰ জন-গাঁথনিৰ বৈশিষ্ট্যক ক্ষুণ্ণ নকৰাকৈ ইয়াক কেনেকৈ আগবঢ়াই নিয়া যায় তাৰ গ্ৰহণযোগ্য সমাধান উলিওৱা উচিত।