সেয়া আছিল সত্তৰ দশকৰ কথা। কেন্দ্ৰত মোৰাৰজী দেশাইৰ চৰকাৰ। অসমত ৰাজধানী নির্মাণত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দুর্নীতিৰ অভিযোগ উঠিছিল। একাংশ ৰাজনৈতিক নেতাই মোৰাৰজী দেশাইক অভিযোগো দিলেগৈ। অভিযোগ পাই প্রধানমন্ত্রী দেশায়ে অসমৰ মুখ্যমন্ত্ৰীয়েনো কি এনে ৰাজধানী নিৰ্মাণ কৰিছে, নিজে আহিল চাবলৈ। গুৱাহাটীলৈ আহিয়েই তেওঁ পোনে পোনে মুখ্যমন্ত্ৰীৰ বাসভৱন পালেগৈ। মুখ্যমন্ত্ৰীৰ বাসভৱনত তেওঁ দেখিলে- এখন তেনেই সাধাৰণ কাঠৰ খাত, এখন বিছনা চাদৰ, ভাত-চাহ ৰান্ধিবলৈ ব্যৱহাৰ কৰা এটা গেছ ষ্ট'ভ আৰু দুখনমান কাঠৰ চকী।
তাৰ বাহিৰে বিশেষ একো চকু নপৰিল তেওঁৰ। তাৰ পাছত তেওঁ দিল্লীলৈ ঘূৰি গৈ কেন্দ্রীয় কেবিনেট বৈঠকৰ আয়োজন কৰিলে। বৈঠকত তেওঁ সকলোকে আচৰিত কৰি ক'লে- 'মহাত্মা গান্ধী এতিয়াও জীয়াই আছে, মই নিজে দেখি আহিছোঁ।' এয়া কোনো গল্প-উপন্যাস-চলচ্চিত্ৰৰ অথবা মনেসজা কাল্পনিক কাহিনী নহয়। অসমৰে এগৰাকী মুখ্যমন্ত্রী, জননায়ক শৰৎ চন্দ্ৰ সিংহৰ কাহিনী। 'জনতাই প্রধান, জনতাই প্রথম, সকলোতে কেৱল জনতা'- এই মূল মন্ত্র সাৰোগত কৰি দহখন জিলাৰ দহগৰাকী বিভিন্ন জনগোষ্ঠীৰ যুৱতীৰ দ্বাৰা 'জনতা ভৱন' উদ্বোধন কৰোৱা 'অসমৰ মহাত্মা গান্ধী'গৰাকীৰ প্ৰসংগ আজি এইকাৰণেই আওৰাবলগীয়া হৈছে, আজিৰ ৰাজনৈতিক প্রেক্ষাপটে তেওঁৰ দৰে ব্যক্তিৰ মহানুভৱতাক পদে পদে সোঁৱৰাই আছে আৰু ভবিষ্যতলৈও সোঁৱৰাই থাকিব।
আজিৰ ৰাজনৈতিক ক্ষেত্ৰৰ বাবে আটাইতকৈ ভাল খবৰটো হৈছে- যোৱা কেইটামান দশকৰ পৰা নতুন প্রজন্ম ৰাজনীতিৰ প্ৰতি বাৰুকৈয়ে আগ্রহী হৈছে। কিন্তু এই নতুন প্রজন্মক প্রকৃত ৰাজনৈতিক শিক্ষা দিব পৰা গৈছে নে নাই, তেওঁলোকে কি দেখি এই ক্ষেত্ৰখনলৈ আগবাঢ়ি আহিছে, সেইটোহে বিচার্য আৰু অনুধাৱনৰ বিষয় হৈ পৰিছে। সততে দেখা ছবিখন হৈছে- ছাত্র সংগঠন, সামাজিক সংগঠন, জাতীয় সংগঠন সকলো আজিৰ ৰাজনীতিত জঁপিয়াই পৰিছে। নিৰ্বাচনৰ সময়ত গাঁও, চহৰ-নগৰৰ পৰিৱেশ তেওঁলোকেই একপ্ৰকাৰৰ ধূলি-ধূসৰিত কৰি তোলে। আনকি মাৰপিট, সংঘর্ষ, মুখ বন্ধৰ কাৰ্যসূচীতো তেওঁলোকেই। এনে প্রেক্ষাপটত স্বাভাৱিকতেই প্রশ্ন উত্থাপন হ'ব নতুন প্রজন্মক ৰাজনীতি মানে কেৱল ক্ষমতা-ধন আহৰণৰ যুঁজ; হকে-বিহকে, চলে-বলে-কৌশলে নির্বাচনত বিজয়ী হোৱাকেই বুজোৱা হৈছে নেকি? বুজোৱা হৈছে নেকি ৰাজনীতিৰ ভিতৰতো, বাহিৰতো বিৰোধী দল-নেতা-সদস্য মানেই চিৰশত্রু বুলি? এই কথা অপ্রিয় সত্য যে আগৰ ৰাজনীতিত কোন নেতাই কিমান ভাল কাম কৰিব পাৰে, কোনে কিমান জনতাৰ আস্থা আহৰণ কৰিব পাৰে, নিজকে আদৰ্শৰ ৰূপত কেনেকৈ থিয় কৰাব পাৰে তাৰহে প্রতিযোগিতা দেখা গৈছিল। বাঘে-ছাগে (শাসক-বিৰোধী) একেটা ঘাটতে পানী খোৱাৰ পৰিৱেশো আছিল। আনকি নির্বাচনী সভাত শাসক-বিৰোধীয়ে একেলগে প্ৰচাৰ চলোৱাৰো উদাহৰণ আছে। কিন্তু এতিয়া? এতিয়াৰ ৰাজনীতিত এনে ছবি তেনেই দুর্লভ। এতিয়া কোনে কিমান ধন-সম্পত্তি আহৰণ কৰিব পাৰে, কোনে কিমান ক্ষমতাৰ ব্যৱহাৰ কৰিব পাৰে, তাৰেই প্রতিযোগিতা চলে নেকি? আৰু বাঘে-ছাগে পানী খোৱা?
আজিৰ নৱপ্ৰজন্ম এনে পৰিস্থিতিৰ সাক্ষী হ'ব পৰাকৈ সৌভাগ্যৱান হৈছেনে? ইয়াৰ বিপৰীতে তেওঁলোকক হিংসাৰ পাঠহে পঢ়ুওৱা হৈছে নেকি?-এয়া আজিৰ তাৰিখত এক ডাঙৰ প্ৰশ্ন। আমি বহু দূৰলৈ নাযাওঁ, কিছুদিন পূর্বে উপ-নির্বাচনৰ সময়ত ধিঙত সাংসদ ৰকিবুল হুছেইন, হুছেইনৰ পুত্ৰ তথা চামগুৰি সমষ্টিৰ প্রার্থী তাঞ্জিল হুছেইনক ৰাজপথতে বগৰাই বগৰাই প্ৰহাৰ কৰা হ'ল। পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ বাবে যোৱা সাংসদ প্রদ্যুৎ বৰদলৈ, বিধায়ক শিৱামণি বৰাক বাট আগচি গাড়ী ভাঙি আক্রমণ কৰাৰ দৰে ঘটনা সংঘটিত হ'ল। মাত্র কেইদিনমান পূর্বে হাজোত প্রদেশ কংগ্ৰেছৰ নতুন সভাপতি গৌৰৱ গগৈৰ প্ৰৱেশত বাধা দি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা হ'ল। এইবোৰৰ দ্বাৰা নতুন প্ৰজন্মক কি আদর্শ দেখুওৱা হ'ল? যোৱা সোমবাৰে গোলাঘাটত মুখ্যমন্ত্ৰীৰ কনভয়লৈ পানীৰ বটল দলিওৱা ঘটনাও এনে আদৰ্শৰে প্ৰতিফলন নেকি? গণতান্ত্রিক প্রতিবাদৰ সময়তে সাংবিধানিক পদবীধাৰীলৈ পানীৰ বটল দলিওৱা ঘটনাক অসমৰ সচেতন জনগণ মাত্রেই গৰিহণা দিছে। তাৰ মাজতো একাংশই প্রশ্ন তুলিছে- কি পৰিস্থিতিত যুৱ প্রজন্মই এনে কাৰ্য কৰিবলগীয়া হ'ল? এনে কাৰ্যৰ বাবে তেওঁলোকক কোনে প্রৰোচিত কৰিছে? কোনে শিক্ষা দিছে? সি যি নহওক, এই কথা ঠিক যে আজিৰ ৰাজনীতিত ৰাজনৈতিক দলসমূহৰ মাজত হোৱাই-নোহোৱাই অহৰহ সংঘটিত তর্কবাদ, আক্রমণ-প্রত্যাক্রমণ, হিংসা, দুর্নীতিগ্রস্তক ৰক্ষণাবেক্ষণ, ব্যক্তিগত আক্রমণ, চৰিত্ৰ হননেৰে পৰিৱেশ উত্তাল হৈ থাকে। বাক্ স্বাধীনতা হৰণ, ইছ্যু পৰিৱৰ্তন, অঁৰিয়া-অঁৰি আদিবোৰো অংগাংগী বৈশিষ্ট্য। এইবোৰে যে ৰাজনৈতিক পৰিস্থিতিক এক অন্ধকাৰৰ দিশে ধাৱমান কৰাইছে, 'আদৰ্শ ৰাজনীতি' নামৰ অভিধাটোৰ অপমৃত্যু ঘটাইছে, তাৰ প্ৰমাণো সময়ে সময়ে লাভ কৰি অহা হৈছে, দেখি অহা হৈছে। বহুতৰ মতে, অসমৰ ৰাজনীতিত কাহানিও এনেকুৱা নাছিল।
শেহতীয়াকৈ বিহাৰ, পশ্চিম বংগ আদি ৰাজ্যৰ ট্রেণ্ড ৰাজ্যলৈ লৈ অহা হৈছে। যদি সঁচাকৈয়ে এনে ট্রেণ্ড আহিছে, সেয়াও কিন্তু আজিৰ ৰাজনৈতিক দলসমূহেই আনিছে। সেইদৰে ইয়াক প্ৰতিৰোধ কৰাৰ সময় আৰু সুবিধাও ৰাজনৈতিক দলসমূহৰ হাততেই আছে। এইক্ষেত্রত তেওঁলোকে মাৰি-কাটি হ'লেও ক্ষমতা দখলেই যে ৰাজনীতিৰ উদ্দেশ্য নহয়, তাৰ আৰ্হি দেখুওৱাৰ সময় আহি পৰিছে। সেইদৰে দেখুওৱাৰ প্ৰয়োজন হৈছে-এখন কল্যাণকামী-গণতান্ত্রিক দেশৰ সুস্বাস্থ্যৰ বাবে চৰকাৰ আৰু জনপ্রতিনিধিয়ে কিদৰে সমাজত ন্যায় প্রতিষ্ঠা, সমতা স্থাপন তথা জনকল্যাণৰ বাবে অহোপুৰুষাৰ্থ কৰিব পাৰি; কিদৰে কামে-কাজে স্বচ্ছতা বজাই ৰাখি, জবাবদিহি হৈ যুক্তিসংগত সিদ্ধান্ত গ্রহণ, অন্যায়-বৈষম্য-দুর্নীতিৰ বিৰুদ্ধে কঠোৰতা আদিৰে ভাবমূর্তি বজাই ৰাখিব পাৰি। সবাৰে ওপৰত চাৰিত্ৰিক সুষমাৰে এজন নেতা প্রকৃত 'ৰাজনৈতিক নেতা' হোৱাৰ আদৰ্শ দেখুওৱাৰ প্ৰয়োজন আছে। এইখিনিতে 'আদৰ্শৰ পৰিৱেশ' সন্দৰ্ভত শৰৎ চন্দ্ৰ সিংহৰ এষাৰ উদাৰচিত্ত স্বগতোক্তি উল্লেখ কৰিব পাৰি। তেওঁ কৈছিল- 'নতুন প্রজন্মক দেখুৱাব পৰাকৈ আমি ভাল ৰাজনীতিক হ'ব নোৱাৰিলোঁ, ভাল ৰিক্সাৱালা-ঠেলাৱালা হ'ব নোৱাৰিলোঁ, কুলী-নাপিত একোৱেই হ'ব নোৱাৰিলোঁ। যাৰ বাবে ৰাজ্যৰ উন্নয়নৰ ফ্ৰেমটোৰ একো পৰিৱৰ্তন নহ'ল।' এই কথাষাৰ সততাৰে ক'বলৈ এতিয়াৰ কেইজন ৰাজনীতিকৰ সাহস হ'ব?