দৰিদ্ৰতা নির্মূল

dainik janambhumi February 03, 2026

ডিজিটেল ডেস্ক : গৰিব হটাও, দৰিদ্রতা নির্মূল এনেধৰণৰ শ্ল'গান ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰে বিভিন্ন সময়ত দি আহিছে। যাৰ মূল লক্ষ্য বা উদ্দেশ্য হ'ল দেশৰ জনসাধাৰণক দৰিদ্ৰতাৰ পৰা মুক্তি দিয়া, এক স্বচ্ছল জীৱন প্রদান কৰা। ৰাষ্ট্ৰসংঘৰ উন্নয়নৰ লক্ষ্যসমূহতো প্রথমটোৱেই হ'ল ২০৩০ চনৰ ভিতৰত বিশ্বৰ পৰা সকলো ধৰণৰ দৰিদ্রতা সম্পূর্ণৰূপে নির্মূল কৰা। ভাৰত এই দিশত আগবাঢ়িছে বুলি চৰকাৰ তথা নীতি নির্ধাৰক সংস্থাসমূহে সগৌৰৱেৰে প্ৰচাৰ কৰি আহিছে। এই গৌৰৱভৰা উচ্ছ্বাসৰো নেপথ্য কাহিনী আছে। বিশ্ব বেংকৰ ২০২৫ চনৰ 'পভার্টি এণ্ড ইকুইটি ব্রিফ' শীর্ষক এখন প্রতিবেদন অনুসৰি, ২০১১-১২ চনত ভাৰতবৰ্ষৰ চৰম দৰিদ্ৰতাৰ হাৰ আছিল ১৬.২ শতাংশ। ২০২২-২৩ বর্ষত এই হাৰ কমি পাইছেহি মাত্র ২.৩ শতাংশত। অর্থাৎ সংখ্যাৰ বিচাৰত এটা দশকত প্রায় ১৭কোটি ১০ লাখ ভাৰতীয়ই চৰম দাৰিদ্র সীমাৰ পৰা মুক্তি লাভ কৰিছে। 

কেৱল ইমানেই নহয়, প্রতিবেদনত আৰু কৈছে যে শিক্ষা, স্বাস্থ্য আৰু জীৱনযাত্ৰাৰ মানক লৈ যুগুত কৰা বহুমাত্রিক দাৰিদ্ৰসূচক অনুসৰি দেশৰ দৰিদ্ৰতাৰ ব্যাপক উন্নতি হৈছে। নিটি আয়োগৰ প্রতিবেদন অনুসৰি, ২০১৩-১৪ বৰ্ষৰ পৰা ২০২২-২৩ বৰ্ষৰ ভিতৰত প্রায় ২৪.৮২ কোটি লোক বহুমাত্রিক দাৰিদ্ৰ্যৰ সীমা পাৰ হৈ আহিছে। স্বাভাৱিকতেই এই ক্ষেত্ৰত চৰকাৰৰ দাবী- তেওঁলোকৰ জনকল্যাণমূলক কাম-কাজসমূহৰ বাবেই এই দৰিদ্ৰ লোকৰ সংখ্যা হ্রাস হোৱাটো সম্ভৱ হৈছে। আপাত দৃষ্টিত কথাটো সঁচা যেনো লাগে। কিন্তু বাস্তৱ ছবিখন সঁচাই তেনেকুৱা জানো? কিছুমান তথ্য হাতত পৰিলে সন্দেহ হয় দৰিদ্ৰ হ্রাস হোৱাৰ এই তথ্যবোৰ শুদ্ধ নে? আছেনে বাস্তৱৰ সৈতে মিল? দেশৰ দৰিদ্ৰতা সম্পৰ্কত তাৎপর্যপূর্ণ আৰু বহু দিশ প্রতিফলন কৰা তথ্য হ'ল বৰ্ল্ড হাংগাৰ ইনডেক্স, অর্থাৎ বিশ্ব ক্ষুধা সূচাংক। ২০২৫ চনৰ তথ্য মতে, এই তালিকাত বিশ্বৰ ১২৩খন দেশৰ ভিতৰত ভাৰতবৰ্ষৰ স্থান ১০২ নম্বৰত, স্ক'ৰ মাত্র ২৫.৮। এই ৰেংকিং ভাৰতবৰ্ষই দৰিদ্ৰ হ্ৰাসৰ যি দাবী কৰি আহিছে, তাৰ সৈতে মুঠেই সামঞ্জস্যপূর্ণ নহয়। বৰং চূড়ান্তভাৱে পৰস্পৰ-বিৰোধীহে। যদি ভাৰতবৰ্ষত দৰিদ্ৰ লোকৰ সংখ্যা দ্রুত হাৰত কমিছেই, তেনেহ'লে কিয় বিশ্বৰ ভোকাতুৰৰ সংখ্যাত দেশৰ স্থান ইমান পিছলৈ? পৰস্পৰ-বিৰোধী তথ্য আৰু আছে। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত সুবিধাভোগীৰ সংখ্যা দেশত ৮০ কোটিতকৈও সৰহ। বিশ্ব বেংকে য'ত দাবী কৰিছে চৰম দৰিদ্ৰৰ সংখ্যা ২.৩লৈ নামি আহিছে বুলি, সেই সময়ত ভাৰতৰ মুঠ জনসংখ্যা প্রায় দুই-তৃতীয়াংশ খাদ্য সুৰক্ষাৰ বাবে চৰকাৰৰ সাহায্যৰ ওপৰত নিৰ্ভৰশীল। আকৌ, ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা অনুসৰি শিশুৰ অপুষ্টিৰ হাৰ কিছু কমিলেও পাঁচ বছৰৰ কম বয়সীয়া শিশুৰ মাজত ওজন কম- এনে শিশু এশৰ ভিতৰত প্রায় ৩২জন। এই হাৰ আন বহু দেশৰ তুলনাত প্রায় দুগুণ। এনেধৰণৰ অসমতাপূর্ণ তথ্যসমূহে প্রমাণ কৰে কেৱল আয় ভিত্তিক দাৰিদ্র্য সীমাৰেখা অতিক্ৰম কৰা মানেই মৌলিক খাদ্য আৰু পুষ্টিৰ নিৰাপত্তা নহয়-সামগ্রিকভাৱে দৰিদ্ৰতা নির্মূলৰ কথাষাৰে বহু বেছি বহল পৰিসৰ সামৰি লয়।

সেয়ে এনেবোৰ দিশ চালি-জাৰি চালে ভাব হয় কেৱল পৰিসংখ্যাত নিৰ্ভৰ কৰি আমি দেশৰ জনসাধাৰণৰ দৰিদ্ৰতা সম্পৰ্কত মত দিয়া সম্ভৱ নহয়। পৰিসংখ্যা আৰু বাস্তৱ বহু সময়ত পৃথক। সেয়ে চৰকাৰৰ দায়িত্ব সামাজিক সুৰক্ষা সম্পৰ্কীয় কর্মসূচীত বিনিয়োগ বঢ়োৱা, লগতে মহিলা আৰু যুৱকসকলৰ বাবে উৎপাদনশীল কর্ম সংস্থাপনৰ সুযোগ-সুবিধা সৃষ্টি কৰা। ইয়াকে নকৰি যদি বিভিন্ন আঁচনিৰে মাথোঁ হিতাধিকাৰী সৃষ্টি কৰাতহে চৰকাৰে গুৰুত্ব দিয়ে, তেনেহ'লে কিন্তু দীর্ঘ সময়ত দেশৰ পৰা দৰিদ্ৰতা নির্মূল কৰাটো কার্যতঃ সম্ভৱ নহয়। কেৱল পৰিসংখ্যাৰ দোহাই দি বাঃ বাঃ লোৱাৰ চেষ্টাৰ পৰিৱৰ্তে চৰকাৰে নাগৰিকৰ জীৱনৰ প্ৰতিটো মৌলিক প্রয়োজন সম্মানসহকাৰে পূৰণ কৰিব পৰাৰ বাট কাটিব পাৰিব লাগিব- তেনে দেশৰ নাগৰিকৰ প্ৰকৃত ক্ষুধা নিবাৰণ হ'ব, দেশো সঁচা অৰ্থত কল্যাণকামী ৰাষ্ট্ৰ হ'ব।

Share This