আজিৰ সম্পাদকীয়, জনগোষ্ঠীয় সংহতি আৰু জনজাতিকৰণ

dainik janambhumi December 05, 2025

ডিজিটেল ডেস্ক: অসমত যোৱা কেইটামান মাহ ধৰি চলি আছে ছটা জনগোষ্ঠীৰ জনজাতিকৰণ প্রসংগত আন্দোলন আৰু আলাপ-আলোচনা। অসম তথা ভাৰতৰ উত্তৰ-পূর্বাঞ্চল হ'ল জনগোষ্ঠীয় বৈচিত্র্যৰ বাবে বিশেষভাৱে পৰিচিত। ভৈয়াম আৰু পাহাৰৰ বিভিন্ন জনজাতি গোষ্ঠীৰ উপৰি অসমৰ ব্ৰহ্মপুত্ৰ, বৰাক আদি নদী উপত্যকাসমূহো বহু পুৰণি জাতি- গোষ্ঠীৰ বসবাসৰ এলেকা আছিল। এই জনগোষ্ঠীসমূহৰ মাজত সংঘাত যেনেকৈ আছিল নানা আর্থ-সামাজিক কাৰণত আন্তঃসম্পর্কও গঢ়ি উঠিছিল। অসম নামৰ ভূখণ্ড জনগোষ্ঠী বৈচিত্র্যৰ ৰংগমঞ্চ বুলিলেও অত্যুক্তি কৰা নহ'ব। বৃহত্তৰ অসম আছিল বহুকেইখন সৰু-বৰ ৰাজ্যৰ সমষ্টি। তাৰে ভিতৰত একালত আহোম স্বৰ্গদেউসকল শক্তিশালী হৈ উঠিছিল। সেয়ে হ'লেও কোচ-কছাৰী, তিৱা-খাচিয়া-জয়ন্তীয়া, নগা আদি সকলৰো আছিল নিজা ধৰণৰ স্বায়ত্তশাসিত এলেকা। অধিকাংশ জনগোষ্ঠীৰে আছিল নিজা ধৰণৰ আদিম ধর্মীয় বিশ্বাস আৰু প্ৰচলিত ৰীতি-নীতি। তেনে বিশ্বাস আৰু ৰীতি-নীতি পৰৱৰ্তী কালত হিন্দু ধর্মীয় ৰীতি-নীতি আৰু বিশ্বাসৰ লগত মিহলি হৈ পৰিছিল। জনগোষ্ঠীয় ভিন্নতা সত্ত্বেও নানা সামাজিক, অর্থনৈতিক কাৰণত জনগোষ্ঠীসমূহৰ পাৰস্পৰিক নিৰ্ভৰশীলতাও আছিল। উমৈহতীয়া শত্ৰুৰ বিৰুদ্ধে এই জনগোষ্ঠীসমূহে সন্মিলিতভাৱে যুঁজিছিল। শৰাইঘাটৰ যুদ্ধ তাৰেই প্ৰমাণ।

আজি যেন অসমৰ এই সাতামপুৰুষীয়া জনগোষ্ঠীয় ঐক্য-সংহতিৰ পথত ৰাজনৈতিক কেতবোৰ কাৰকে প্রতিবন্ধকতাৰ সৃষ্টি কৰিছে। ১৯৪৭-৪৮ চনলৈকে আচলতে ভাৰতবৰ্ষ প্রায় দুশবছৰীয়া ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ অধীনত আছিল। সাম্রাজ্যবাদী প্রভুসকলে নিজৰ স্বাৰ্থতহে যিকণ উন্নয়ন নকৰিলে নহয়, তেনে ধৰণৰ সামান্য কিছু উন্নয়নমূলক কাম উপনিৱেশসমূহত কৰিছিল। সেয়েহে উন্নয়নহীনতা ঔপনিৱেশিক শাসনৰ এটা লক্ষণ। কিন্তু স্বাধীনতা লাভৰ পাছতো নানা কাৰণত বৃহত্তৰ ভাৰতবৰ্ষৰ সকলো অঞ্চলতে সমান উন্নয়ন নহ'ল। ফলস্বৰূপে আঞ্চলিক বৈষম্যৰ সৃষ্টি হ'ল। ঠিক তেনেদৰে শিক্ষা, সামাজিক বিকাশৰ বিভিন্ন স্তৰত থকা জনগোষ্ঠীসমূহৰো সকলোৰে সমান উন্নয়ন নহ'ল। জনগোষ্ঠী আৰু অঞ্চল বিশেষৰ উন্নয়নৰ ক্ষেত্ৰত পাছপৰা অৱস্থাক লৈ ক্ৰমশঃ মানুহৰ মনত ক্ষোভৰ সৃষ্টি হ'ল। এই ক্ষোভৰে বহিঃপ্ৰকাশ ঘটিছে বিভিন্ন আন্দোলনৰ মাজেৰে। 

উত্তৰ-পূৰ্বাঞ্চল মূলসুঁতিৰ ভাৰতবৰ্ষৰ পৰা দূৰত। সেই ফালৰ পৰা এই অঞ্চলৰ মানুহৰ চিন্তাধাৰা, জীৱন ধাৰাৰ লগত মূলসুঁতিৰ ভাৰতবৰ্ষৰ লগত প্ৰাৰ্থক্য থকাটো স্বাভাৱিক। খিলঞ্জীয়া বহিৰাগতৰ ধাৰণা এটা তেনে পটভূমিতে গা কৰি উঠিছে। উত্তৰ-মধ্য ভাৰতৰ অধিবাসীসকল' জীৱিকা-ব্যৱসায়, বাণিজ্য আদিৰ বাবে অসমলৈ প্ৰব্ৰজন কৰিছে। অসমলৈ অহা উত্তৰ-মধ্য-পশ্চিম ভাৰতীয় জাতি-গোষ্ঠীৰ মানুহ আর্থিকভাৱে প্ৰতিষ্ঠিত হৈ পৰিছে। ব্যৱসায়ৰ ক্ষেত্ৰত অসমৰ থলুৱাই তেওঁলোকৰ লগত প্রতিযোগিতা কৰিব পৰা নাই। ইয়াৰ ফলত অসমৰ থলুৱা গোষ্ঠী-সম্প্ৰদায়ৰ লোকৰ মাজত অসন্তুষ্টি দিনকদিনে বাঢ়িছে আৰু ক্ষমতাত থকা দলে এই কথা বুজি পাইছে। ইতিমধ্যে অসমত জনজাতি স্বীকৃতি পোৱা জনগোষ্ঠী বহুসংখ্যক আছে। জনজাতীয় সংৰক্ষণ, স্বায়ত্তশাসন সত্ত্বেও কিন্তু এই জনগোষ্ঠীসমূহৰ আৰ্থ-সামাজিক অৱস্থা বৰ ভাল নহয়। কেৱল তেওঁলোকৰ মাজত উত্থান ঘটা মধ্য শ্রেণীহে কিছু টনকিয়াল হৈছে। তাৰ মাজৰ পৰাই তেওঁলোকৰ নেতাসকল ওলাইছে।

আনহাতে অসমত ৰাজনৈতিকভাৱে শক্তিশালী হৈ উঠিবৰ বাবে জনজাতি স্বীকৃতি এটা গুৰুত্বপূৰ্ণ কাৰক ৰূপে পৰিগণিত হোৱাত ছয় জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰিছে। জনজাতিকৰণৰ মূল উদ্দেশ্যই হ'ল অধিক চৰকাৰী সুবিধা লাভ কৰা। সেই বাবেই ইতিমধ্যে জনজাতি ৰূপে স্বীকৃতসকলে এই নতুন গোষ্ঠীসমূহৰ জনজাতিকৰণে পুৰণা জনজাতিসকলে লাভ কৰি অহা সা-সুবিধা কৰ্তন কৰিব বুলি দুঃচিন্তাত পৰিছে। ইয়াৰ ফলত অসমৰ জনগোষ্ঠী সংহতিৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। ঘোষিত জনজাতি আৰু জনজাতি স্বীকৃতিৰ দাবী তোলা এই দুয়োটা শিবিৰ পৰস্পৰৰ প্ৰতি অসহিষ্ণু হৈ উঠিছে। এই প্ৰৱণতা অসমৰ ভৱিষ্যতৰ বাবে অত্যন্ত বিপজ্জনক। পৰিৱৰ্তিত পৰিস্থিতিত সকলো ধৰণৰ চৰকাৰী সা-সুবিধাই সংকুচিত হৈ আহিছে। আনহে নালাগে যুক্তৰাষ্ট্ৰীয় গাঁথনিৰ অধীনত, সাংবিধানিকভাৱে পাব লগা সা-সুবিধা এই ৰাজ্যসমূহে হেৰুৱাইছে। অসমৰ জনগোষ্ঠী ঐক্য-সংহতি দুৰ্বল হৈ পৰিলে দিল্লীয়ে অসমক সমীহ কৰিব লগা, ভয় কৰিব লগা একো নাথাকিব। সেয়েহে ৰাজনৈতিক নেতাৰ কপট প্রতিশ্রুতিত ভোল গৈ ফটকা ফুটালে কাম একো নহ'ব। বিবদমান পক্ষসমূহে শান্তিপূর্ণভাৱে আলাপ-আলোচনাত বহি প্রথমে এটা বুজাবুজিলৈ আহক। জনজাতিকৰণ কেন্দ্ৰৰ কাম, ৰাজ্যৰ নহয়। শাসকপক্ষই জনসাধাৰণৰ কোনো অংশকে কেতিয়াও শক্তিশালী হৈ উঠিবলৈ নিদিয়ে। সংসদত এই দাবী এইবাৰ নুঠিলেই। গৃহ যুদ্ধত লিপ্ত হৈ বাহিৰা শত্ৰুক আৰু শাসকপক্ষসমূহক আমি যেন সুযোগ নিদিওঁ। অন্যথাই আমাৰ বিপদ বাঢ়িবহে।

Share This