ৰাজ্যত আকৌ চলিছে উচ্ছেদ। সোমবাৰে গোৱালপাৰা জিলাৰ হাচিলা বিল আৰু বঙাইগাঁও জিলাৰ সৃজনগ্রামৰ ঐতিহাসিক ৰঘুনাথ বিগ্রহ মন্দিৰ, সত্ৰ চৌহদত প্রশাসনে বুলডজাৰ চলাই মুঠ ১৯০৫ বিঘা ভূমি বেদখলমুক্ত কৰিছে। বৈধ হওক বা অবৈধ হওক, দীর্ঘ দিনীয়া বসতি উচ্ছেদৰ বাবে বুলডজাৰ চলিলে, সেই ধ্বংসাৱশেষৰ পৰা ওলাই অহা বেদনাৰ চিৎকাৰ কিমান মর্মন্তুদ হয়, সেয়া শুনাসকলেহে উপলব্ধি কৰিব পাৰে।
হিন্দুৱেই হওক বা মুছলমানেই হওক এই বেদনাৰ চিৎকাৰৰ ধ্বনি একেই, সেয়া শিলসাঁকোৱেই হওক, কুশতলীয়ে হওক বা হাচিলা বিলেই হওক। এসময়ত কাৰোবাৰ প্ৰৰোচনাত, কাৰোবাৰ পৃষ্ঠপোষকতাত আৰু কাৰোবাৰ সাহসত এই সাধাৰণ মানুহবোৰে সংশ্লিষ্ট অঞ্চলবিলাকত এডেও-দুডেওকৈ বসতি আৰম্ভ কৰি এসময়ত ঠাইবোৰক পৰিণত কৰিছিল বিশাল বসতি এলেকালৈ। সুদীর্ঘ দিন থাকিলে স্বাভাৱিকভাৱেই আহি পৰে অধিকাৰবোধ। কোনোবা এসময়ত ৰাজনৈতিক নেতা-চৰকাৰৰ পৰা পোৱা পৃষ্ঠপোষকতা আৰু সহায়-সহযোগিতাৰ বাবে নির্ভয়ে, নিঃসংকোচে জীৱন-যাত্রা অব্যাহত ৰখা, বসতিৰ সা-সুবিধা বঢ়াই নি থকা এনেকুৱা বহু বসতিস্থলৰ বৰ্তমান প্ৰজন্মৰ আৱাসীয়ে গমেই নাপায়, তেওঁলোকৰ আৱাস বৈধ নে অবৈধ। সেয়েহে, হঠাৎ প্রশাসনৰ বুলডজাৰ চলিলে এওঁলোক স্থাৱৰ সম্পদ হেৰুওৱাৰ বেদনাত দগ্ধ হোৱাই নহয়, জীৱন-যাত্রালৈ হঠাৎ আহি পৰা অনিশ্চয়তাৰ বাবে দিক্ভ্রান্তও হৈ পৰে। উচ্ছেদস্থলীৰ পৰা নিৰ্গত হৈ অহা চিৎকাৰবোৰত সেই বেদনা, হতাশা, অনিশ্চয়তা, অসহায়তাৰ অৱস্থাই ধ্বনিত হৈ উঠে। এই অসহায় অৱস্থাটো উপলব্ধি কৰিয়েই উচ্ছেদ সম্পর্কে উচ্চতম ন্যায়ালয়ে অলপতে চৰকাৰক কিছুমান নীতি-নির্দেশনা দিবলৈ বাধ্য হৈছে।
এনেধৰণৰ মানৱীয় দিশ কিছুমান থাকিলেও ভূমি বেদখল কৰি বসতি স্থাপন কৰাৰ প্ৰৱণতাটোক সমর্থনো কৰিব পৰা নাযায়। কাৰোৱাৰ অনুগ্রহ, প্ৰৰোচনাৰ সুযোগ লৈ গুৱাহাটী মহানগৰীৰ বোৱঁতী সুঁতি, জলাশয়বোৰ বেদখল কৰা আৰু অপৰিকল্পিতভাৱে মহানগৰখন বৃদ্ধি কৰি নিয়াৰ, পাহাৰবোৰ উছন কৰি পেলোৱাৰ পৰিণতি কি হৈছে তাক আজি গুৱাহাটীবাসীয়ে মর্মে মর্মে উপলব্ধি কৰিছে। সেয়েহে, এই পৰিস্থিতিৰ পৰা মহানগৰীখনক উদ্ধাৰ কৰিবলৈ যদি উচ্ছেদ চলে তেতিয়া আপত্তি কৰিবৰো থল নাথাকে। তেনে উচ্ছেদস্থলীৰ পৰা ভাহি অহা উচ্ছেদিতৰ ক্ৰন্দন-চিৎকাৰৰ ধ্বনিয়ে অনুভৱী হৃদয় তোলপাৰ লগালেও বৃহত্তৰ স্বাৰ্থত সেয়া সহ্য কৰাৰ গত্যন্তৰ নাথাকে। বৰ্তমানৰ ৰাজ্যৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে বিশেষ বিশেষ বেদখল কিছুমান উচ্ছেদক লক্ষ্য হিচাপে ধাৰ্য কৰি লৈ মাজে মাজে কঠোৰ দৃষ্টিভংগীৰে উচ্ছেদ অভিযান চলাই আছে। হাচিলা বিল, ৰঘুনাথ বিগ্রহ মন্দিৰৰ উচ্ছেদ তাৰেই অংশ। এই ক্ষেত্ৰত যে চৰকাৰে আপোচ নকৰে সেই কথা মুখ্যমন্ত্রীয়ে স্পষ্ট ভাষাৰে কৈ দিছে। অসম সত্র ভূমি সমস্যা পর্যবেক্ষণ আৰু পৰীক্ষণ আয়োগে অলপতে দাখিল কৰা প্ৰতিবেদনৰ উদ্ধৃতি দি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে, 'শ্রীমন্ত শংকৰদেৱ আৰু শ্রীশ্রীমাধৱদেৱে অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ বাবে স্থাপন কৰা এটা চিৰ জ্যোতিষ্মান অনুষ্ঠান সত্র।...
সত্ৰসমূহ কেৱল মঠ নহয়, বৰং ঐতিহ্যবাহী শিল্পকলাৰ কেন্দ্ৰ। কিন্তু সম্প্ৰতি আমাৰ স্বাভিমান এই সত্ৰসমূহ অতি বৃহৎ সংকটৰ সন্মুখীন হৈছে। অসম সত্ৰ ভূমি পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ প্ৰতিবেদনত প্ৰকাশ পোৱা মতে, অসমৰ সত্ৰৰ ১৫,২৮৮.৫২ বিঘাতকৈও অধিক ভূমি অবৈধভাৱে দখল কৰিছে। অকল বৰপেটা জিলাতে সত্ৰৰ ৭,১৩৭ বিঘা ভূমি বেদখলকাৰীয়ে হস্তগত কৰিছে। এয়াই সত্য, এয়াই ভয়ংকৰ বাস্তৱ। ৰাজ্যবাসীৰ স্বাভিমান, আমাৰ সংস্কৃতিৰ প্ৰাণ ৰক্ষাৰ বাবে চৰকাৰ সম্পূৰ্ণৰূপে দায়বদ্ধ।' মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমযোগে প্রকাশ কৰা এই বক্তব্যখিনিয়ে স্পষ্ট কৰি দিয়ে যে হাচিলা বিল বা ৰঘুনাথ বিগ্রহ মন্দিৰেই নহয়, আগত দিনবোৰত সত্ৰৰ ভূমি বা চৰকাৰী ভূমি বেদখলৰ বাবে অভিযান চলি থাকিব। সত্ৰৰ ভূমি বেদখল কৰা এই লোকসকলৰ অধিকাংশই পূব পাকিস্তান অথবা বাংলাদেশী মূলৰ ধৰ্মীয় সংখ্যালঘু লোক। অৱশ্যে, কেৱল এইসকল লোককে যে চৰকাৰে লক্ষ্য কৰি লৈছে তেনে নহয়। পুঁজিপতি গোষ্ঠীক উদ্যোগ স্থাপনৰ বাবে, ছেটেলাইট টাউনশ্বিপ নিৰ্মাণৰ বাবে চৰকাৰে খিলঞ্জীয়া একাংশ লোককো উচ্ছেদ কৰাৰ পৰিকল্পনা কৰিছে, তাক লৈ প্ৰতিবাদৰ জোৱাৰো উঠিছে।
গতিকে, ক'ব পাৰি যে হিন্দু-মুছলমান নির্বিশেষে সকলোৰে ওপৰত চৰকাৰৰ বুলডজাৰ চলিছে বা চলিব। সত্ৰৰ ভূমি বেদখলৰ বিষয়টোলৈ যদি দৃষ্টিপাত কৰা যায় তেতিয়া দেখা যায় যে পূৰ্বৰ চৰকাৰৰ দুৰ্বলতা তথা এচাম প্ৰভাৱশালী লোকৰ পৃষ্ঠপোষকতাৰ বাবে নামনি আৰু মধ্য অসমৰ বিশাল ভূ-খণ্ডত অনুপ্ৰৱেশকাৰীৰ আগ্রাসন চলিছিল, তাৰ ফলত স্পৰ্শকাতৰ বহু অঞ্চলৰ সত্ৰৰ ভূমিও এনে লোকে গ্রাস কৰিছিল। এয়া এইবাবেই সম্ভৱ হৈছিল কাৰণ দান সূত্রে পোৱা নিজৰ ভূমি সম্পদ সংৰক্ষণৰ সক্ষমতা আৰু এই ভূ-সম্পদসমূহৰ ব্যৱহাৰৰ আগ্রহ কোনোটোৱেই নাছিল সত্ৰবিলাকৰ। গুৰু দুজনা আৰু তেওঁলোকৰ অনুগতসকলে স্থাপন কৰা বেছিভাগ সত্ৰৰে নাছিল কোনো কর্ম-সংস্কৃতি। প্রতিখন সত্ৰৰে অনুগামী বা শিষ্যৰ সংখ্যা কম নহয়। এইসকলক লগত লৈ সত্রবিলাকক সাংস্কৃতিক কেন্দ্ৰলৈ ৰূপান্তৰৰো নাছিল বা নাই কোনো পৰিকল্পনা। নামঘৰটো আৰু বহাকেইটাক কেন্দ্ৰ কৰি সত্ৰৰ চিন্তা-চৰ্চা সীমাবদ্ধ হৈ থকা বাবেই সত্ৰৰ ভূ-সম্পদ আনে বেদখল কৰাৰ সাহস গোটাব পাৰিলে। সত্ৰসমূহৰ এনে দুৰ্বলতা আৰু মানসিকতাৰ বাবেই শ্ৰীমন্ত শংকৰদেৱে আদিপাঠ গ্রহণ কৰা মহেন্দ্ৰ কন্দলীৰ সংস্কৃত টোলৰ স্থানত গঢ় লৈ উঠিছে 'ৰামপুৰ সত্ৰ আজানপীৰ-ছোবাহী-মোক্তাৱ'।
এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে তথা তেওঁৰ চৰকাৰখনে বিশেষ চেতনাৰে উদ্বুদ্ধ হৈ এই ঐতিহাসিক তথা সাংস্কৃতিকভাৱে গুৰুত্বপূৰ্ণ স্থানবোৰৰ বেদখলীকৃত ভূমি মুক্ত কৰাৰ সংকল্প গ্রহণ কৰিছে ভাল কথা, কিন্তু উদ্ধাৰ কৰা এই ভূ-সম্পদ কেৱল সত্ৰৰ অলংকাৰ হ'ব নে ইয়াৰ ব্যৱহাৰ কিম্বা পৰিকল্পনা সত্ৰসমূহৰ অধিকাৰ, ভকত, শিষ্য তথা স্থানীয় জনসাধাৰণৰ থাকিব? বৰ্তমানৰ চৰকাৰখনে ভাৰতীয় সনাতনী ধাৰাটোৰ প্ৰতি থকা আনুগত্য আৰু দায়বদ্ধতাৰ বাবে তথা এটা সুকীয়া ৰাজনৈতিক সংস্কৃতিৰ উত্তৰাধিকাৰী হোৱা সূত্রে সত্ৰৰ ভূমিক বেদখলমুক্ত কৰাটোক নৈতিক দায়িত্ব হিচাপে গ্রহণ কৰিছে। কিন্তু ইয়াক ৰক্ষা কৰাৰ দায়িত্ব সত্ৰসমূহে ল'ব লাগিব। এই ভূ-সম্পদক ৰক্ষা কৰিবলৈ হ'লে ইয়াৰ লক্ষণীয় ব্যৱহাৰ হ'ব লাগিব।