ডিজিটেল ডেস্ক : নির্বাচনী বৈতৰণী পাৰ হ'বৰ বাবে তেওঁৰ নাছিল কোনো বেনাৰ, প'ষ্টাৰ। ডাঙৰ ডাঙৰ সভা, হেলিকপ্টাৰৰ সৈতে কোনো ষ্টাৰ কেম্পেইনাৰৰ প্ৰচাৰ সভাও নাছিল। চাইকেলেৰে মনোনয়ন-পত্র দাখিল কৰিবলৈ গৈছিল তেওঁ। ভোটাৰ ৰাইজক তেওঁ কোনো লোভনীয় টোপ দিয়াৰ পৰিৱৰ্তে কৈছিল- 'মই যদিহে যোগ্য হওঁ তেতিয়াহ'লে মোক ভোট দিয়ক'। ব্যতিক্রমী প্ৰচাৰ চলাই একেৰাহে তৃতীয়বাৰৰ বাবে বিজয় সাব্যস্ত কৰা এইগৰাকী বিধায়ক সমষ্টিবাসীৰ অতি আপোন। সেয়ে প্রতিটো নির্বাচনতে তেওঁ লাভ কৰা ভোটৰ সংখ্যা বৃদ্ধি পাই আহিছে। শেহতীয়া বিধানসভাৰ নিৰ্বাচনৰ ৪ মে'ত ঘোষণা হোৱা ফলাফল অনুসৰি বৃহৎ ভোটৰ ব্যৱধানত জয়ী হোৱা এইগৰাকী বিধায়ক। নিৰ্বাচনৰ প্ৰচাৰৰ বাবে চাইকেলকে সাৰথি কৰি লোৱা বিধায়কগৰাকীয়ে এদিনত ৩০-৪০ কিল'মিটাৰ দূৰত্ব চাইকেল চলাই প্ৰচাৰ চলাইছিল। অতি শেহতীয়াভাবে বিধানসভাৰ অধিৱেশনৰ বাবে নৈশ বাছত গুৱাহাটীলৈ অহা এইগৰাকী বিধায়ক সুকীয়া জীৱনশৈলীৰ বাবে প্ৰায়ে চর্চাত থাকে।
সমষ্টিবাসীৰ সুখ-দুখৰ প্ৰতিটো মুহূৰ্তত তেওঁ লগত থাকে। বানাক্রান্তক টুলুঙা নাও লৈ গৈ নিজে নাৱত তুলি উদ্ধাৰ কৰা, তেওঁলোকৰ বাবে খাদ্য ৰন্ধা ইত্যাদি কাৰ্য কৰিও তেওঁ জনতাৰ আদৰৰ নেতা হৈ পৰিছে। ইন্ধন ৰাহিৰ বাবে যি সময়ত দেশৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনাইছে, তাৰ বহু পূৰ্বৰে পৰা এইগৰাকী নেতাই অকলে বাছত উঠি নাইবা নিজে বাহন চলাই গুৱাহাটীলৈ অহা-যোৱা কৰে। স্থায়ী চালক নথকাৰ বাবে নিজে বাহন চলাই ঘূৰি ফুৰা জনপ্রতিনিধিগৰাকীয়ে বাছত উঠি বিধানসভাৰ অধিৱেশনৰ বাবে শেহতীয়াভাবে গুৱাহাটীলৈ অহা ঘটনা সর্বত্র চর্চা হৈছে। বহু সময়ত চৰকাৰৰ কাম-কাজত সন্তুষ্ট নহৈ ইয়াৰ বিৰুদ্ধেও মাত মাতি তেওঁ চর্চালৈ আহিছে। শাসকীয় দলৰ বিধায়ক হোৱাৰ পাছতো চৰকাৰক সমালোচনা কৰি তেওঁ এইধৰণৰ মন্তব্যও কৰিছিল- 'এশ শতাংশ হিতাধিকাৰী সৃষ্টিক বিশ্বাস নকৰোঁ, হিতাধিকাৰীৰ সহায়ত হয়তো দুই-এক নির্বাচনত বিজয়ী হ'ব পাৰি, কিন্তু ই এটা প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়ে।' বিধায়ক আৱাসত গছ কটাক লৈও পূর্বে সৰৱ হৈ পৰিছিল শইকীয়া। মিছা প্রতিশ্রুতি দি ভোটাৰক আকৃষ্ট কৰাৰ পৰিৱৰ্তে জনসম্পৰ্কৰ ওপৰত সদায়ে গুৰুত্ব দি অহা এইগৰাকী বিধায়কে খুমটাই সমষ্টিক সেউজীয়া কৰাৰ পণ লোৱা বুলি ক'লে ভুল কোৱা নহ'ব। প্রতিদ্বন্দ্বী প্রার্থীৰ বিৰুদ্ধে কেতিয়াও কটু সমালোচনা নকৰা জনপ্রতিনিধিগৰাকীয়ে সৰ্বস্তৰৰ ৰাইজৰ আস্থাভাজন হোৱা, বিশ্বাসী হোৱাৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ ফলত আজি এই পর্যায়ত উপনীত হৈছে। গছ ভাল পোৱা মানুহ তেওঁ। গছ-গছনি, সেউজীয়া প্ৰকৃতিৰ বুকুত নিজক বিলীন কৰি দিয়া এই বিধায়কগৰাকীৰ সাধাৰণ জীবনশৈলীয়ে আজি কেৱল সমষ্টিবাসী ৰাইজকেই নহয়, ৰাজ্যখনৰ সৰ্বসাধাৰণ ৰাইজক আকৃষ্ট কৰিছে। গ্রাম্য পৰ্যটনৰ ক্ষেত্রতো উল্লেখনীয়ভাবে কাম কৰি অহা বিধায়কগৰাকী থলুৱা শিপিনীৰ গামোচাখনক লৈও যথেষ্ট সচেতন। ক্রমশঃ হেৰাই যাবলৈ ধৰা গাঁওবোৰক লৈ চিন্তিত তেওঁ। খুমটাই সমষ্টিক চাফ-চিকুণ কৰি ৰখাৰ বাবে গ্রীন খুমটাই, ক্লীন খুমটাই প্রতিযোগিতাৰো আয়োজন কৰি আহিছে তেওঁ। গাঁওবোৰৰ নিভাঁজ সৌন্দৰ্যৰ গাত এতিয়া প্রযুক্তিয়ে কিছুমান কৃত্রিম ৰং-ৰহণ সানিবলৈ আৰম্ভ কৰাৰ সময়তে তেওঁ যোগীবাৰী প্ৰকল্পৰ দৰে প্ৰকল্প হাতত লৈ পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিছে। প্ৰচাৰবিমুখ বিধায়কগৰাকীয়ে নিৰাপত্তাৰক্ষী অবিহনে গাড়ীত ঘূৰি ফুৰে, মন গ'লেই গাঁৱৰ বিদ্যালয় এখনত সোমাই খা-খবৰ লয়, ৰাস্তাত পৰি থকা জাবৰ-জোঁথৰ তুলি চাইকেলৰ বাকচত ভৰাই লয়। চাইকেল চলাই সমষ্টিৰ ইফালে-সিফালে নিৰ্বাচনৰ পাছতো ঘূৰি ফুৰি পুৱাৰ চাহকাপৰ পৰা নিশাৰ ভাতসাঁজলৈকে সমষ্টিবাসীৰ ঘৰতে খাই আহে। দেশৰ অৰ্থনৈতিক সংকটৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যয় সংকোচন কৰিবলৈ জনোৱা আহ্বানৰ প্রতি সমর্থন জনাই একাংশ মন্ত্রী-বিধায়ক, ন্যায়াধীশ, আমোলা আদিয়ে চাইকেল চলাই অথবা ৰে'ল যাত্ৰাৰে চৰ্চালৈ অহাৰ সময়তে এই বিধায়কগৰাকীয়ে অসমৰ মন্ত্ৰীসকলৰ কনভয়ৰ পৰিসৰ সীমিত কৰাৰ পোষকতা কৰিছে। কেৱল অর্থনৈতিক সংকটৰ সময়তে নহয়, স্বাভাৱিক অৱস্থাতো ব্যয় হ্রাস কৰাটো পৰম্পৰাত পৰিণত কৰিব লাগে বুলি মত ব্যক্ত কৰে বিধায়কগৰাকীয়ে। তেওঁৰ মতে চৰকাৰে সম্প্ৰতি ছমাহৰ বাবে ব্যয় হ্রাস কৰিছে যদিও অপ্রয়োজনীয় ব্যয় হ্রাস কৰাটো এক পৰম্পৰাত পৰিণত কৰিব লাগে। মুখ্যমন্ত্রীক বাদ দি আন মন্ত্ৰীসকলৰ দীঘলীয় কনভয় অপ্রয়োজনীয় আৰু মন্ত্ৰীসকলৰ কনভয় সৰু কৰাৰ পোষকতা কৰে তেওঁ। ৰাজকোষৰ এনে অপ্রয়োজনীয় ব্যয় হ্রাস কৰাৰ হকে মাত মাতি অহা এইগৰাকী জনপ্রতিনিধি সঁচাকৈয়ে ব্যতিক্রম। ছাত্ৰ অৱস্থাৰ পৰাই ৰাজনীতিৰ সৈতে জড়িত হৈ থাকি অসমত বিজেপিৰ যি সময়ত চালুকীয়া অৱস্থা আছিল, সেই সময়তেই দলটোত যোগদান কৰি আজিৰ এই পর্যায়ত উপনীত হোৱা এইগৰাকী বিধায়কে ১৯৯৮ চনতেই কলিয়াবৰ সমষ্টিৰ পৰা তৰুণ গগৈৰ বিৰুদ্ধে লোক সভাৰ প্রার্থী হিচাপে প্রতিদ্বন্দ্বিতা কৰিছিল।
ৰাজনীতিৰ ক্ষেত্ৰখনত অভিজ্ঞ হৈও কোনোধৰণৰ অহংকাৰৰ ৰেখ ফুটি নুঠা এনে এগৰাকী জনপ্রতিনিধি আজিৰ ৰাজনৈতিক ক্ষেত্ৰখনত বিৰল। যিখন ৰাজ্যত শৰৎ সিংহৰ দৰে ৰাজনীতিবিদৰ জন্ম হৈছিল, তেনে এখন ৰাজ্যত আজিৰ সময়ত মৃণাল শইকীয়াৰ দৰে কৰ্মসংস্কৃতিৰ প্রতি গুৰুত্ব দিয়া ৰাজনীতিবিদৰ যথেষ্ট প্রয়োজন আছে। এপাচি শাকত এটা জলকীয়াৰ দৰে হ'লেও এনে আদর্শ জনপ্রতিনিধিৰ জৰিয়তে নতুন প্রজন্ম অনুপ্রাণিত হৈ এখন নতুন সমাজ গঢ়াত আগভাগ ল'লে নিশ্চয় সমাজ আগুৱাই যাবলৈ সক্ষম হ'ব।