ডিজিটেল ডেস্ক: উজুটিত হেনো গুচি যায় সময়। সময়ৰ বালিঘড়ীক লৈও অনেক কাহিনী। Time and Tide wait for none. এয়াই ধ্রুৱসত্য। সৌ সিদিনা নতুন আশা কঢ়িয়াই এটা নতুন বছৰ আৰম্ভ হৈছিলহে। পাখি লগা সময়ে খৰগতিৰে আহি এই বছৰটোৰো শেষ দিনটোত উপনীত হ'লহি। অনেক ঘটনা-পৰিঘটনা, ভাল-বেয়া সামৰি ২০২৫ বৰ্ষটোৱে অৱশেষত বিদায় মাগিছে।
সন্মুখত এটা নতুন বছৰৰ অযুত আশা। যদিও সময় কাৰো বাবে ৰৈ নাথাকে তথাপি উভতি চালে ২০২৫ বর্ষটো, বিশেষকৈ অসমীয়া মানুহৰ হৃদয়ত এটুকুৰা কেঁচা ঘা হৈ ৰৈ গ'ল চিৰদিনৰ বাবে। আপাতদৃষ্টিত ২০২৫ বর্ষটো এটা ব্যাপক ঘটনাবহুল বছৰ হিচাপেই বিবেচিত হ'ব। ২০২৫ বৰ্ষটোৰ আৰম্ভণিত বিশ্বত এটা নতুন প্ৰজন্মৰ জন্ম হৈছিল যাক নাম দিয়া হৈছিল 'জেনেৰেশ্যন বিটা'।
আশা কৰা হৈছিল ২০২৪ বৰ্ষত 'ব্রেইন ৰ'ট' শব্দটোৰ দৰে এই বৰ্ষটোত গোলকীয় পৃথিৱীক এক অন্য স্তৰলৈ লৈ যাবলৈ সক্ষম এই নতুন প্রজন্মটো অর্থাৎ 'জেন-বিটা'ক লৈহে সর্বাধিক চর্চা হ'ব। কিন্তু ২০২৫ বর্ষটো সর্বাধিক চর্চিত হৈ থাকিল জেড প্রজন্ম বা জেন জিৰ আন্দোলনৰ খবৰেৰেহে। সেয়া লাগিলে পাশ্চাত্যৰ কোনো দেশেই হওক বা ভাৰতৰ চুবুৰীয়া বাংলাদেশ অথবা নেপাল, জেন জিৰ আন্দোলন-প্রতিবাদত গোটেই বিশ্ব আলোড়িত হ'ল বছৰটোৰ অধিকাংশ সময়। প্রতিবাদৰ নামত গণ উন্মাদনা, ধর্মীয় সংকীর্ণতা তথা মৌলবাদে এনে পর্যায়লৈকে গ'ল যে নেপালত ৰাজনৈতিক নেতাক ৰাজহুৱাকৈ প্ৰহাৰ কৰি নলাত পেলাই দিয়া হ'ল, প্রধানমন্ত্রী পলায়ন কৰিব লগা হ'ল। বাংলাদেশত এই উন্মাদনাই সীমা চেৰাই যোৱা দেখা গ'ল। উন্মত্ত প্রতিবাদকাৰীয়ে কেৱল ধৰ্মৰ নামত এজন ব্যক্তিক জীৱন্তে জ্বলাই দিয়াৰ দৰে চৰম লজ্জাজনক ঘটনা সংঘটিত কৰি বাংলাদেশ চিৰকাললৈ কলংকিত হ'ল মানৱতাৰ দৃষ্টিত। আনকি ভাৰতত একেই ধর্মীয় সংকীর্ণতাৰ নামত চিৰবৈৰী পাকিস্তানে সংঘটিত কৰিলে নাৰকীয় ঘটনাৰ।
২২ এপ্ৰিলত জম্মু আৰু কাশ্মীৰৰ পহলগামত সন্ত্রাসবাদীয়ে ধর্ম সুধি হিন্দু পর্যটকক মুকলিত গুলীয়াই হত্যালীলা চলোৱা ঘটনাৰ শোক এই পর্যন্ত পাহৰিব পৰা নাই ভাৰতবাসীয়ে। পহলগামত পাকিস্তানী সন্ত্রাসবাদীৰ হত্যাযজ্ঞৰ মাজত নিহত নৌসেনা বিষয়া বিনয় নাৰৱালৰ মৃতদেহৰ কাষত শোকস্তব্ধ হৈ বহি থকা নববিবাহিত পত্নীৰ হৃদয়ভেদী ছবিখনে ২০২৫ বৰ্ষটোৰ ক'লা সময়খিনি চিৰদিন সোঁৱৰাই থাকিব ভাৰতবাসীক। পাকিস্তানৰ এই সন্ত্রাসবাদীৰ আক্ৰমণক সহজভাৱে নোলোৱা ভাৰতে অপাৰেশ্যন সেন্দূৰেৰে উচিত প্রত্যুত্তৰ দিয়ে যদিও এই ঘা নৌ শুকাওঁতেই ১২ জুনত আহমেদাবাদৰ বিমান দুর্ঘটনাই পুনৰ ভাৰতবাসীলৈ কঢ়িয়াই আনিলে দুখবৰ।
অসমৰ বাবে ২০২৫ যেন এটা ক'লা বছৰ। বৰ্ষটোৰ আৰম্ভণিৰ পৰাই অসমক ইটোৰ পাছত সিটোকৈ বেদনাগধুৰ খবৰে কঁপাই তুলিছে। বছৰৰ আৰম্ভণিতেই ১৩ জানুৱাৰীত তিনিচুকীয়াৰ ফিল'বাৰীত মাঘৰ বিহুৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰি থকা অৱস্থাত জনতাৰ শিল্পীখ্যাত ৰাজীৱ শদিয়াই আকস্মিকভাৱে মৃত্যুক সাবটি লয়। একেই বাটেৰে ২৫ মে'ত গুচি যায় শব্দৰ মায়াজালেৰে ফাগুনৰ ৰং ছটিওৱা সুকণ্ঠী গায়িকা গায়ত্রী হাজৰিকা। আনকি ১১ আগষ্টত অসমৰ সাংস্কৃতিক জগতখনৰ অন্যতম পুৰোধা ব্যক্তি বিশিষ্ট নাট্যকাৰ, সংগীতকাৰ তথা চলচ্চিত্ৰ জগতৰ অন্যতম ভোটাতৰা হেমন্ত দত্তৰ বিয়োগে অসমবাসীক পুনৰ সোঁৱৰাই দিয়ে এক অপুৰণীয় ক্ষতিৰ কথা। কিন্তু যোৱা ১৯ ছেপ্টেম্বৰৰ পাছত যেন সঁচাকৈ অসমীয়া জনতা নিঠৰুৱা হৈ পৰিল। ১৯ ছেপ্টেম্বৰত সুদূৰ ছিংগাপুৰৰ পৰা অহা অসমীয়াৰ উশাহস্বৰূপ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অনাকাংক্ষিত ৰহস্যজনক মৃত্যুৰ খবৰে অসমবাসীক এতিয়াও স্থবিৰ কৰি ৰাখিছে। অসমী আইৰ অতি মৰমৰ পুত্ৰক এতিয়াও যেন বিদায় দিব পৰা নাই অসমৰ জনতাই। আনকি শোকস্তব্ধ হাজাৰ হাজাৰ জনতাই এতিয়াও জুবিন গাৰ্গক শেষ শয়নথলীতো অকলশৰীয়া হ'বলৈ নিদিয়াকৈ মৰম, শ্ৰদ্ধা আৰু আকুলতাৰে আৱৰি আছে। জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত, ন্যায় বিচাৰি কৰা হেছটেগ আন্দোলনে বিশ্বত ৰেকৰ্ড সৃষ্টি কৰিছে। এনে এক আৱেগ বিহ্বল সময়তে বিশিষ্ট সুৰকাৰ, গীতিকাৰ, কণ্ঠশিল্পী তথা ঘোষক চৈয়দ চাদুল্লা, বাঁহীৰ সুৰৰ যাদুকৰ দীপক শৰ্মা, নাগাৰা নামৰ শিল্পী ৰামচৰণ ভৰালীও জুবিন গাৰ্গৰ বাটেৰে সেই নেদেখা দেশলৈ গুচি গৈছে।
একপ্ৰকাৰ অভিশপ্ত হৈ পৰা ২০২৫ চনটোত ৰাজনৈতিকভাৱেও কেতবোৰ বিক্ষিপ্ত ঘটনাই উত্তপ্ত কৰি ৰাখিছে অসমক। আনকি বছৰটো শেষ হ'বলৈ কেইটামান দিন বাকী থকা অৱস্থাত ৰহস্যজনকভাৱে জ্বলি গৈছে অৰণ্য মানৱ যাদৱ পায়েঙৰ তেজ আৰু ঘামেৰে গঢ়ি তোলা মোলাই কাঠনি। এনে বহুত দুখৰ খবৰৰ মাজতো কিছু ইতিবাচক খবৰে অসমীয়াৰ বিষ বেদনাত মলম সানিছে। আচলতে সময় এনেকুৱাই। আশাই জীৱন। অভিশপ্ত হৈ পৰা ২০২৫ বৰ্ষটোৰ শেষত আকৌ এটা নতুন প্রভাত হ'ব। কাৰণ ধৈৰ্যৰ দৰে সময়ো এক শক্তিশালী যোদ্ধা, সময় নিজেই নিজৰ বিষৰ মলম। এদিন এই বেয়া সময় উকলিব, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ বাটো প্রশস্ত হ'ব, আগন্তুক ২০২৬ বৰ্ষৰ প্ৰাককালত মাথোঁ তাৰেই প্রত্যাশা।