আজিৰ সম্পাদকীয়, জনতাৰ প্ৰত্যাশা

dainik janambhumi May 04, 2026

ডিজিটেল ডেস্ক: আজিৰ দিনটো এটা উৎকণ্ঠাৰে ভৰা দিন। বহু প্রত্যাশিত অসম বিধানসভাৰ নিৰ্বাচনৰ হ'ব আজি ফল ঘোষণা- অনাগত পাঁচ বছৰৰ বাবে কোনে ৰাজ্যৰ শাসনৰ দায়িত্ব ল'ব সেই কথাও আজিয়েই হয়তো থিৰাং হ'ব। সেয়ে কেৱল ৰাজনৈতিক নেতাই নহয়, সাধাৰণ নাগৰিকেও উৎকণ্ঠাৰে বাট চাইছে আজিৰ দিনটোৰ বাবেই। মনত ৰাখিব লাগিব গণতান্ত্রিক প্রক্রিয়াত নির্বাচন কেৱল এক সাধাৰণ কাৰ্যসূচী নহয়, বৰঞ্চ ই এক জনজাগৰণৰ উৎসৱ। জনতাৰে নির্মিত প্রজাতন্ত্রক গণতান্ত্রিকভাবে আগুৱাই যোৱাৰ স্বাৰ্থতে ভোট ব্যৱস্থা জৰুৰী। 

নির্বাচনী বতাহে ৰাজ্যখনৰ প্ৰতিটো চুকে-কোণে চুই যোৱাৰ লগে লগে ৰাজনৈতিক দলসমূহৰো প্ৰতিশ্ৰুতিৰ বন্যা নামে। কিন্তু এই প্রতিশ্রুতিৰ জোৱাৰৰ মাজত সাধাৰণ জনতাৰ প্ৰকৃত প্রত্যাশা আৰু মৌলিক সমস্যাসমূহ কিমানদূৰ প্ৰতিফলিত হয় সেয়া এক গভীৰ বিশ্লেষণৰ বিষয়। সেইদৰে থাকে এই প্রতিশ্রুতিসমূহ পৰৱৰ্তী সময়ত কেনেদৰে ৰূপায়িত হ'ল, জনসাধাৰণৰ সামগ্রিক জীৱনযাত্ৰাৰ গুণগত মান কি স্তৰলৈ পৰিৱৰ্তন হ'ল ধৰণৰ কেতবোৰ অতিশয় গুৰুত্বপূৰ্ণ প্রসংগ। দৰাচলতে প্রতিটো নির্বাচনতে ভোটাৰৰ মনত এটা আশা থাকে। সেই আশা পৰিৱৰ্তনৰ আশা। কিন্তু এই পৰিৱৰ্তন কেৱল চৰকাৰ সালসলনিৰ আশা বুলি ভাবিলে ভুল কৰা হ'ব, বৰঞ্চ এয়া হয় জীৱন ধাৰণৰ মানৰ পৰিৱৰ্তনৰ আশা, জীৱন ধাৰণৰ মান উন্নীত হোৱাৰ আশা।

এনে প্রেক্ষাপটত চৰকাৰ গঠনৰ অংকতকৈয়ো সাধাৰণ ভোটাৰৰ বাবে দৈনন্দিন জীৱনৰ সমস্যাসমূহৰ সমাধানহে হৈ পৰে অধিক গুৰুত্বপূৰ্ণ। অসমৰ সাধাৰণ ৰাইজৰ চিন্তা আকাশলংঘী মূল্যবৃদ্ধিত। চাউল, দাইলৰ পৰা আৰম্ভকৰি ইন্ধনৰ মূল্যলৈকে সকলোতে ৰাইজে সকাহ বিচাৰে। চৰকাৰ যি দলেই নকৰক, নতুন চৰকাৰে বজাৰৰ দৰ নিয়ন্ত্ৰণত যাতে কঠোৰ পদক্ষেপ লয় তাকেহে কামনা কৰে সাধাৰণ ৰাইজে। কেৱল চৰকাৰী চাকৰিতেই নহয়, ব্যক্তিগত খণ্ড আৰু উদ্যোগ খণ্ডত কর্ম সংস্থাপনৰ সৃষ্টি কৰাটো ৰাজ্যৰ যুৱপ্ৰজন্মৰ দাবী। সেইদৰে আছে অসমৰ অভিশাপ বান আৰু খহনীয়াৰ চিৰস্থায়ী সমাধানৰ আশা। তেনেদৰে অসমীয়া ভাষা, সংস্কৃতি আৰু ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাটো প্ৰতিজন খিলঞ্জীয়া লোকৰ আৱেগিক তথা ৰাজনৈতিক প্রত্যাশা। 

অসম চুক্তিৰ ৬নং দফাৰ ৰূপায়ণ আৰু খিলঞ্জীয়াৰ ৰাজনৈতিক আধিপত্য অক্ষুণ্ণ ৰখাটো চৰকাৰৰ দায়িত্ব বুলি জনসাধাৰণে গণ্য কৰে। এনে সময়তে ৰাইজে আশা কৰে বিদেশী বহিষ্কাৰৰ বিষয়টো এক নির্বাচনী চমক নহৈ ইয়াৰ এক বাস্তৱভিত্তিক স্থায়ী সমাধান। ইয়াৰ উপৰি ৰাইজৰ প্ৰত্যাশাৰ জোলোঙাত আছে স্বাস্থ্য আৰু শিক্ষা খণ্ডৰ সাৰ্বজনীন উন্নয়ন, আন্তঃগাঁথনিৰ উন্নয়ন, সু-শাসন, সামাজিক ন্যায় আৰু সামাজিক নিৰাপত্তা, স্বচ্ছ আৰু দুর্নীতিমুক্ত প্ৰশাসনৰ দৰে মৌলিক বিষয়সমূহ। 

প্রসংগতে উল্লেখযোগ্য যে যোৱা ৯ এপ্রিলত অনুষ্ঠিত আৰু আজি (৪ মে'ত) ফল ঘোষণা হ'বলগীয়া এই নির্বাচন অসমৰ ৰাজনৈতিক ইতিহাসত কেইবাটাও দিশৰ পৰা গুৰুত্বপূৰ্ণ। ইয়াৰ এটা হ'ল সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত হোৱা এইটো প্রথম বিধানসভাৰ নিৰ্বাচন। সমষ্টি পুনৰ গঠনৰ পাছত বিভিন্ন সমষ্টিৰ জনগাঁথনিত ইয়াৰ প্ৰভাৱ কেনে হ'ব আৰু খিলঞ্জীয়া ৰাজনৈতিক সুৰক্ষা কিমান সুদৃঢ় হ'ব, সেয়া এই ফলৰ পৰাই স্পষ্ট হ'ব।

ৰাইজে আশা কৰে বিধানসভাৰ নিৰ্বাচন কেৱল ক্ষমতা দখলৰ যুঁজ নহওক- ই হওক ৰাজ্যখনৰ সৰ্বাধিক বিকাশৰ এক ব্লু-প্রিন্ট। নতুনকৈ গঠন হ'বলগীয়া চৰকাৰখনেও জনতাৰ এই আস্থা আৰু প্রত্যাশাক মর্যাদা দিয়া উচিত। কাৰণ সুস্থ আৰু সবল গণতন্ত্ৰৰ বাবে নিৰ্বাচন আৰু জনতাৰ প্রত্যাশাৰ মাজত এক সুদৃঢ় সংযোগ থকাটো অত্যন্ত জৰুৰী। অন্যথা গণতন্ত্র ক্ষতিগ্রস্ত হয়, জনতা উত্তেজিত হয়, অসন্তুষ্ট হয়। আমাৰ দেশৰ প্রতিৱেশী ৰাষ্ট্ৰসমূহৰ অৱস্থালৈ চাই এই কথা সকলোৱে মনত ৰখা প্রয়োজন যে ভাৰতৰ গণতন্ত্র সফলভাৱে আগবাঢ়ি যোৱাৰ কাৰণ কেবল নির্বাচন নহয়, বৰঞ্চ নির্বাচন আয়োগ, ন্যায়ালয়, তদন্তকাৰী সংস্থা, ৰিজার্ভ বেংক, সেনা আদিৰ দৰে প্রতিষ্ঠানসমূহৰ প্ৰতি জনসাধাৰণৰ বিশ্বাস আৰু আস্থাইহে দেশৰ গণতন্ত্রক মজবুত কৰিছে। 

নির্বাচন জয়ৰ নামত ক্ষুদ্র স্বার্থ সিদ্ধি, সাময়িক উল্লাস বা উন্মাদনাই যেন জনসাধাৰণৰ এই সাতামপুৰুষীয়া বিশ্বাসত আঘাত নিদিয়ে, সেই ক্ষেত্রত সকলো পক্ষ সচেতন থকা প্রয়োজন। কাৰণ, ক্ষমতাৰ পৰিৱৰ্তন ৰাজনৈতিক নেতাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব পাৰে, সাধাৰণ ৰাইজৰ বাবে কিন্তু ক্ষমতাৰ পৰিৱৰ্তনতকৈয়ো নিজৰ জীৱন ধাৰণৰ মানৰ ইতিবাচক পৰিৱৰ্তনহে অধিক প্ৰাসংগিক আৰু গুৰুত্বপূর্ণ।

Share This