ডিজিটেল ডেস্ক: কাৰো বাবেই বিশেষ অবিশ্বাস্য নাছিল সদ্যঘোষিত অসম বিধানসভাৰ নিৰ্বাচনৰ ফল। নতুন চৰকাৰ যে পুনৰ বিজেপিৰ নেতৃত্বতেই হ'ব সেয়া অসমৰ সৰহসংখ্যক সচেতন লোকেই পূর্বানুমান কৰিব পাৰিছিল। কিন্তু লগতে এই কথাও উল্লেখ কৰিব লাগিব, ধাৰাবাহিকভাৱে তিনিটা কার্যকাল দখল কৰিব পৰাটো কেৱল বিজেপিৰ বাবেই নহয় অসমৰ ৰাজনৈতিক ইতিহাসতো বিশেষ উল্লেখযোগ্য ঘটনা হৈ ৰ'ল। তাতে ১২৬খন আসনৰ ভিতৰত ১০২খন আসন লাভ কৰি বিজেপি মিত্রজোঁটে (ইয়াৰে ৮২খন বিজেপিয়ে অকলেই লাভ কৰিছে) একালত কংগ্ৰেছৰ দুৰ্গৰূপে পৰিচিত অসমক ভাৰতীয় জনতা পাৰ্টিৰ এক সুৰক্ষিত আৰু শক্তিশালী দুৰ্গলৈ ৰূপান্তৰিত কৰিলে।
নিঃসন্দেহে এইবাৰৰ জনাদেশ আছিল শক্তিশালী আৰু স্পষ্ট। অন্যান্য বিষয়ৰ বিপৰীতে অসমৰ জনসাধাৰণে এইবাৰ নেতৃত্বৰ স্থিৰতা, উন্নয়নৰ ধাৰাবাহিকতাক মূলতঃ গুৰুত্ব দিছে বুলি বুজা যায়। কিন্তু এই কথাও পাহৰি গ'লে নহ'ব যে নির্বাচন কেৱল চৰকাৰ গঠনৰ এক প্ৰক্ৰিয়া নহয়, ই জনতাৰ আশা-আকাংক্ষা আৰু শংকা-উদ্বেগৰো প্ৰতিফলন। জনতাই কি বিচাৰে আৰু কি নিবিচাৰে সেই কথাও প্রকাশ হয় নির্বাচনী ফলৰ মাজতেই। এইবাৰ অসমৰ বিধানসভাৰ নিৰ্বাচনৰ ফলত যেন অসমৰ জনসাধাৰণে স্পষ্টকৈ কৈছে তেওঁলোকে স্বভূমিৰ সুৰক্ষাৰ সৈতে উন্নয়ন আৰু ৰাজনৈতিক স্থিৰতা বিচাৰে।
পূৰ্বৰ ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনৰ উল্লেখযোগ্য দুটা সফলতা আছিল বৃহৎ বিত্তীয় সম্প্ৰসাৰণ আৰু অভ্যন্তৰীণ ৰাজহ সংগ্ৰহৰ হাৰ বৃদ্ধি। ২০২১ চনৰ পৰা ২০২৫ চনৰ ভিতৰত দেশৰ দ্রুতগতিত বিকাশ লাভ কৰা ৰাজ্যসমূহৰ অন্যতম হৈ পৰিছিল অসম। ৰাজ্যৰ ঘৰুৱা উৎপাদন ২০২১-২২ বৰ্ষৰ ৪.১০ লাখ কোটি টকাৰ পৰা ২০২৬ বিত্তীয় বৰ্ষৰ আৰম্ভণিলৈ আনুমানিক ৭.৪১ লাখ কোটি টকালৈ বৃদ্ধি পালে। এই উচ্চ, চমকপ্রদ বিকাশৰ হাৰ সত্ত্বেও ৰাজ্যখনৰ স্পষ্ট দুৰ্বলতা হ'ল নিম্ন জনমূৰি আয়, যি এতিয়াও ৰাষ্ট্রীয় গড়তকৈ পাছপৰা। যোৱা পাঁচ বছৰত অসমৰ জনমূৰি আয় প্রায় ৫৪% বৃদ্ধি পাই ১.৫৯ লাখ টকা হৈছে যদিও ই এতিয়াও ৰাষ্ট্ৰৰ প্ৰক্ষেপিত লক্ষ্য ১.৮৫ লাখ টকাতকৈ তলৰ। ইয়াৰ পৰা বুজা যায় যে ৰাজ্যখনৰ সামগ্রিক অর্থনৈতিক বিকাশ হ'লেও ইয়াৰ সুফলসমূহ সৰ্বসাধাৰণ ৰাইজৰ মাজলৈ সুচল গতিত যোৱা নাই বা যোৱাৰ এই প্ৰক্ৰিয়াটোত কিবা কেৰোণ আছে।
এনে প্রেক্ষাপটত নতুনকৈ দায়িত্ব ল'বলৈ আগবঢ়া চৰকাৰখনৰ প্ৰত্যাহ্বান আছে বহু দিশৰ পৰাই। এনেও তিনিটা ধাৰাবাহিক কার্যকালত স্বাভাৱিকতেই চৰকাৰখন প্রতিষ্ঠান বিৰোধী ঢৌৰ সন্মুখীন হোৱাৰ সম্ভাৱনা সৰহ। ৰাইজৰ প্ৰত্যাশা বাঢ়িব আৰু সেই প্রত্যাশা অনুসৰি কাৰ্য সম্পাদন কৰিব নোৱাৰিলেই জনতা আশাহত হ'ব। সেয়ে চতুৰ্থটো কাৰ্যকালৰ বাবে আশা কৰিলে বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বাবে এই তৃতীয় কার্যকাল হ'ব অধিক প্রত্যাহ্বানমূলক, অধিক স্পৰ্শকাতৰ। নতুন চৰকাৰে প্ৰতিটো পদক্ষেপত মনত ৰাখিব লাগিব এইবাৰ জনাদেশ উচ্চাকাংক্ষাৰ জনাদেশ। আগতকৈ আৰু কিবা ভাল লাভ কৰিবলৈহে জনতাই ভোট দিছে- এই কথাক নতুন চৰকাৰে সন্মান জনাবই লাগিব।
কর্ম সংস্থাপন, উদ্যোগ, শিক্ষা, স্বাস্থ্য, সামাজিক ন্যায়, পৰিৱেশ- নতুন চৰকাৰে অগ্ৰাধিকাৰ দিব লগীয়া বিষয় হ'ব একাধিক। পূৰ্বৰ কাম-কাজসমূহৰ সৈতে ধাৰাবাহিকতা বজাই ৰাখি নতুন উদ্যমেৰে কাম কৰিব পাৰিব লাগিব নতুন চৰকাৰে। সাধাৰণ মানুহৰ জীৱনলৈ কিমান ইতিবাচক পৰিৱৰ্তন আনিব পাৰিলে তাৰ লেখেৰেহে হ'ব নতুন চৰকাৰৰ সফলতাৰ বিচাৰ।
ৰাইজে এনে এখন অসম আশা কৰে য'ত জাতি, ভাষা, ধর্ম বা অঞ্চলৰ ভিত্তিত বিভাজনৰ সলনি সমতা, সন্মান, ন্যায় আৰু সহযোগিতাৰ পৰিৱেশ থাকে। য'ত, সমালোচনাক শত্রু বুলি নাভাবি চৰকাৰে সংশোধনৰ সুযোগ বুলি গণ্য কৰে। য'ত দেশপ্রেম মানে হ'ল নিজৰ মাতৃভূমি আৰু সমাজৰ প্ৰতি দায়িত্ববোধহে, কাৰোবাৰ প্রতি বিদ্বেষ নহয়। য'ত উন্নয়ন মানে কেৱল বৃহৎ ভৱন, বৃহৎ প্রকল্প নহয়, উন্নয়ন মানে সাধাৰণ খাতি খোৱা মানুহৰ জীৱনৰ ইতিবাচক পৰিৱৰ্তনহে।
হয়, ধাৰাবাহিক তিনিটা কার্যকাল মামুলি কথা নহয়। বৰঞ্চ তৃতীয়টো কাৰ্যকালৰ বাবে জনতাই চৰকাৰখনক অধিক শক্তিও দিছে। কিন্তু মনত ৰাখিব লাগিব, অধিক শক্তিৰ সৈতে অধিক দায়িত্বও নিহিত হৈ থাকে। বিশ্বৰ ইতিহাসে দেখুৱাই আহিছে জনতাৰ মৰম আৰু জনাদেশ কেতিয়াও চিৰস্থায়ী নহয়। ৰাইজৰ সামগ্রিক মংগল সাধনেৰে কল্যাণকামী চৰিত্ৰৰে চৰকাৰ তথা ৰাজনৈতিক দলে জনতাৰ মৰম আৰু জনাদেশ দীঘলীয়া কৰিবহে পাৰে। কাৰণ জনসাধাৰণে সদায় নিজৰ আশা আৰু হতাশাৰ তৰ্জুত চৰকাৰৰ কাম-কাজৰ বিচাৰ কৰে। এনে পৰিস্থিতিত চতুর্থ কার্যকাল আশা কৰিলে এই নতুন চৰকাৰে জনসাধাৰণৰ হতাশা কমাই আশাক গুৰুত্ব দিবই লাগিব- এনেও এইবাৰ ৰাইজৰ জনাদেশ উচ্চকাংক্ষাৰ জনাদেশ, নতুন চৰকাৰে এই কথা সততে মনত ৰখা ভাল হ'ব।