আজিৰ সম্পাদকীয়, তাৰকাৰ পতন

dainik janambhumi May 06, 2026

ডিজিটেল ডেস্ক: বিচিত্র ফলাফলেৰে সম্পন্ন হৈ যোৱা ৫ ৰাজ্যৰ নিৰ্বাচনক তাৰকাৰ পতনৰ নির্বাচন বুলি ক'লেও হয়তো অত্যুক্তি কৰা নহ'ব। অসম আৰু পুডুচেৰীক বাদ দি বাকী তিনিখন ৰাজা ক্রমে পশ্চিম বংগ, তামিলনাডু আৰু কেৰালাৰ নিৰ্বাচন কেৱল সেই ৰাজ্যকেইখনৰে নহয়, দেশৰ ৰাজনীতিৰ বাবে এক 'টার্নিং পইন্ট' বুলি গণ্য কৰিব পাৰি। 

কিয়নো যোৱা ১২ বছৰত দেশত গেৰুৱা ৰাজনীতিৰ যি ধুমুহা, সেই ধুমুহাই বহু শক্তিশালী নেতাৰ ৰাজনৈতিক ক্ষেত্র তচনচ কৰি পেলাইছে। এসময়ত দেশৰ ৰাজনীতিৰ নিৰ্ণায়ক শক্তি ৰূপে দপদপাই থকা বহু নেতাৰ এতিয়া প্রায় অস্তিত্বহীন অৱস্থা। তেনে অৱস্থাত পূবত মমতা বেনাৰ্জীৰ নেতৃত্বৰ তৃণমূলক কংগ্রেছ, দক্ষিণত এম কে ষ্টালিনৰ নেতৃত্বত ডি এম কে দলে আৰু কেৰালাত পিনাৰায়ী বিজয়নৰ নেতৃত্বত বাওঁমৰ্চাই বিজেপিৰ বিপুল শক্তিৰ বিৰুদ্ধে সগর্বে বিৰোধী শক্তিৰ ধ্বজা উৰুৱাই আহিছিল। 

বিজেপিক সমর্থন কৰিবলৈ নিবিচৰাসকলৰ বাবে এইকেইগৰাকী নেতা তথা দলকেইটা অৱশিষ্ট বিকল্পৰ থল হিচাপে জিলিকি আছিল। কিন্তু সদ্যসমাপ্ত নির্বাচনত তিনি ৰাজ্যৰ শাসনাধিষ্ঠিত এই শক্তিকেইটাৰ পতনৰ লগে লগে বিৰোধী শিবিৰত যি শূন্যতাৰ সৃষ্টি হ'ল, সেই শূন্যতাই বিকল্পৰ সন্ধানত থকা দেশবাসীৰ অংশটোক হতাশ কৰাটো স্বাভাৱিক। সঠিক ৰণ-কৌশলেৰে এতিয়ালৈকে দেশবাসীৰ সন্মুখত শক্তিশালী বিকল্প ৰূপে থিয় হ'বলৈ সক্ষম নহ'লেও 'ইণ্ডিয়া' অর্থাৎ বিজেপি-বিৰোধী ৰাজনৈতিক দলসমূহৰ মঞ্চখনত মমতা বেনার্জী, এম কে ষ্টালিন আৰু পিনাৰায়ী বিজয়ন শক্তিশালী স্তম্ভৰ ৰূপত জিলিকি আছিল এই কাৰণেই যে তেওঁলোকৰ হাতত তিনিখন গুৰুত্বপূৰ্ণ ৰাজ্যৰ চৰকাৰ আছিল। 

নিৰ্বাচনত পৰাজিত হোৱাৰ লগে লগে দেশবাসীৰ সন্মুখত তেওঁলোকৰ নেতৃত্বৰ মূল্য বহুখিনি কমি গ'ল, যিটো অখিলেশ যাদৱ, তেজস্বী যাদৱ, অৰবিন্দ কেজৰিৱাল, শাৰদ পাৱাৰ, উদ্ধৱ থাকৰেৰ দৰে নেতাসকলৰ ক্ষেত্ৰত হৈছে। পিনাৰায়ী বিজয়নৰ নেতৃত্বৰ পতনৰ বিষয়টো কেৱল এই দিশতে নহয়, অন্য এক দিশৰ পৰাও গুৰুত্বপূর্ণ। সেয়া হৈছে বিজয়নৰ নেতৃত্বৰ কেৰালাৰ বাওঁমৰ্চাৰ চৰকাৰখনৰ পতনৰ লগে লগে দেশত বাওঁমৰ্চাৰ চৰকাৰ ইতিহাস হৈ পৰিল। কেৰালাৰ লগতে পশ্চিম বংগ আৰু ত্ৰিপুৰাত এসময়ত বাওঁমৰ্চাৰ চৰকাৰে দপদপাই আছিল। 

জ্যোতি বসু, ই এম এছ নাম্বুদিৰিপাদ, বুদ্ধদেৱ ভট্টাচার্য, প্রমোদ দাশগুপ্ত, চিত্ত বসু, মাণিক সৰকাৰ, সোমনাথ চেটার্জী, ইন্দ্রজিৎ গুপ্তৰ দৰে বাওঁপন্থী নেতাসকল ভাৰতীয় ৰাজনীতিৰ কিংবদন্তি চৰিত্ৰৰ দৰে হৈ পৰিছিল। পশ্চিম বংগ, ত্ৰিপুৰাত চৰকাৰৰ পতনৰ লগে লগে সেই গৌৰৱোজ্জ্বল ইতিহাসো এতিয়া ম্লান হৈ পৰিছে। এইবাৰ কেৰালাত বাওঁমৰ্চাৰ চৰকাৰৰ পতনৰ লগে লগে বাওঁ ৰাজনীতিৰ অবশিষ্ট অৱস্থাটোও ঠুনুকা হৈ পৰাৰ আশংকা আছে। 

কেৰালাত এল ডি এফ আৰু ইউ ডি এফৰ চৰকাৰ সলনা-সলনি হৈ থকাৰ ইতিহাস আছে যদিও পৰিৱৰ্তিত পৰিস্থিতিত বাওঁ শিবিৰত কঁকালৰ জোৰ কমি গৈছে। পশ্চিম বংগ, ত্ৰিপুৰাত বাওঁ শিবিৰৰ প্ৰভুত্ব ঘূৰি অহাৰ যেনেকৈ কোনো লক্ষণ বর্তমান নাই, তেনে পৰিস্থিতি কেৰালাতো হোৱাৰ সম্ভাৱনা আছে। কাৰণ ৰাজ্যখনৰ জনসাধাৰণৰ মানসিকতা সলনি হোৱা দেখা গৈছে। যিখন কেৰালাই বিজেপিক অলপো প্রশ্রয় দিয়া নাছিল, তাতে এইবাৰ তিনিটাকৈ বিধানসভা সমষ্টিত বিজেপিৰ প্রার্থী বিজয়ী হ'ল। অদূৰ ভৱিষ্যতে এই সংখ্যা যে আৰু বৃদ্ধি নহ'ব তাৰ কি মানে আছে? গতিকে, কেৰালাত যদি কেনেবাকৈ বাওঁমৰ্চাৰ প্ৰত্যাৱৰ্তন সম্ভৱ হৈ নুঠে তেতিয়াহ'লে স্বৰাজোত্তৰ দেশত ৰাজনীতিৰ এই বর্ণিল ধাৰাটো কালক্ৰমত এৰাসুঁতিত পৰিণত হ'লেও আচৰিত হ'বলগীয়া নাথাকিব। অন্যহাতে, মমতা বেনাৰ্জীৰ টি এম চি আৰু এম কে ষ্টালিনৰ ডি এম কেই যি ৰাজনীতি কৰিছিল তাত দক্ষিণৰ দ্রাবিড়সকলৰ আৰু পূবৰ বাঙালীসকলৰ আঞ্চলিকতাবাদৰ গোন্ধ আছিল। তামিলনাডুত নতুনকৈ উত্থান ঘটা অভিনেতা বিজয়ৰ নেতৃত্বাধীন দল তামিলাগা ভেট্টি কাজাঘাম (টি ভি কে)ৰ আদৰ্শ ইমান গোড়া নহয়। এই দলটো ধৰ্মনিৰপেক্ষ সামাজিক ন্যায়ৰ শ্ল'গানেৰে নিৰ্বাচনত একক বৃহৎ দল ৰূপে চিহ্নিত হৈছে। গতিকে, টি এম চি, ডি এম কেৰ পতনে ভাষিক অথবা গোষ্ঠীগত আঞ্চলিকতাবাদৰ ৰাজনীতিৰ ভেটিটোক দুৰ্বল কৰি পেলালে বুলি ক'ব পৰা যায়। দুর্নীতি, অপশাসন, স্বজন-তোষণৰ অভিযোগৰ বাবে এই দল দুটা এইবাৰ ক্ষমতাচ্যুত হ'বলগীয়া হ'ল। 

মমতা বা ষ্টালিনে অদূৰ ভৱিষ্যতে পুনৰ মূৰ দাঙি উঠিবলৈ চেষ্টা নিশ্চয় কৰিব। কিন্তু পৰিৱৰ্তিত পৰিৱেশে তেওঁলোকক পুনৰ ক্ষমতা দখলৰ সুযোগ দিব নে নাই সেইটো ক'ব পৰা নাযায়। ক্ষমতা হেৰুওৱাৰ পাছত এ আই এ ডি এম কে, শিৰোমণি আকালি দলৰ দৰে একালৰ অতি প্ৰভাৱশালী দলৰ এতিয়া প্রায় নিস্তেজ অৱস্থা। গতিকে, টি এম চি, ডি এম কেৰো যে এনেকুৱা অৱস্থা নহ'ব কোনে ক'ব। সেয়ে, মমতা বেনার্জী, এম কে ষ্টালিন বা পিনাৰায়ী বিজয়নৰ দৰে ৰাজনীতিক তাৰকাৰ পতন দেশৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰিচিত দৃশ্যপটৰ ৰূপান্তৰৰ এক মোৰ বা 'টার্নি পইন্ট' হোৱাৰ অৱকাশ থকা বুলি ভাবিবৰ থল আছে।

Share This