ডিজিটেল ডেস্ক : পেট্রল-ডিজেল, চিলিণ্ডাৰ, ঔষধ, অত্যাৱশ্যকীয় খাদ্য সামগ্রী, নির্মাণ সামগ্ৰী আদিৰ মূল্যবৃদ্ধিৰ পাছত এইবাৰ পুনৰ এবাৰ বিদ্যুতৰ মাচুল বৃদ্ধিয়ে সাধাৰণ জনতাৰ মূৰত মাধমাৰ শোধাইছে। মুঠতে জীৱন চলাই নিয়াটো এতিয়া খাটি খোৱা লোকসকলৰ লগতে নিম্ন মধ্যবিত্ত, মধ্যবিত্ত শ্ৰেণীৰ বাবে জটিল হৈ পৰিছে। সৰ্বত্রে জুই-ছাই দামে কোঙা কৰিছে জনতাৰ জীবন। মূল্যবৃদ্ধিয়ে জলা-কলা খুওৱা এই সময়তে ইয়াৰ বিপৰীত ছবি এখনহে প্রতিফলিত হৈছে ৰাজ্যৰ গ্রামাঞ্চলত। কৃষি সামগ্ৰীৰ বজাৰ দৰৰ তালিকাখনলৈ লক্ষ্য কৰিলে বৰ্তমান সময়ত অসমৰ কৃষক সমাজ যথেষ্ট লাভান্বিত হোৱা বুলি মনে ধৰে, যদিও প্রকৃতাৰ্থত ইয়াৰ ওলোটাটোহে হৈ আছে। হাড় ভঙা পৰিশ্ৰমেৰে ৰাজ্যৰ কৃষকে বছৰজুৰি ফচল উৎপাদন কৰাৰ পাছতো উচিত মূল্য কিন্তু লাভ নকৰে। প্ৰাপ্য মূল্য নোপোৱাৰ ক্ষোভত সেয়ে আজি ৰাজ্যৰ বিভিন্ন অঞ্চলৰ কৃষক ৰাজপথলৈ ওলাই আহিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। এচাম মধ্যভোগী দালালৰ প্রকোপত হাহাকাৰ কৰিবলগীয়া হৈছে মূৰৰ ঘাম মাটিত পেলাই কষ্ট কৰা কৃষকসকলে। ন্যায্য দাম নোপোৱাৰ লগতে ফচল বিক্ৰীৰ বাবে উপযুক্ত বজাৰৰ অভাৱত এচাম থলুৱা অসমীয়াৰ জীৱন দুর্বিষহ হৈ পৰিছে। ঘামৰ মূল্য লাভৰ পৰা বঞ্চিত হৈছে এই কৃষকসকল। ৰাজ্যৰ ভিন্ন প্রান্তত এতিয়া বিলাহী, আলু, বেঙেনা আদি শাক-পাচলি কৃষকে ৰাজপথ নাইবা পুখুৰীত পেলাই দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। যি সময়ত কৃষিকৰ্মৰ প্রতি পিঠি দি ৰাজ্যৰ একাংশ নিবনুৱাই উপাৰ্জনৰ পথ বিচাৰি বহিঃৰাজ্যলৈ ঢাপলি মেলিছে, তেনে সময়তে এচামে বহু আশা বুকুত বান্ধি কৃষি-কর্মকেই আঁকোৱালি লৈ আগবাঢ়ি যোৱাৰ সপোন দেখিছে, যদিও নানা বাধা-বিঘিনি, সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে এইসকল লোক। বর্তমান সময়ত মাজুলীৰ লগতে গোলাঘাট জিলাৰ দৈয়াং-মেৰাপানী অঞ্চল, বোকাখাত সমষ্টিৰ প্ৰায় প্ৰতিটো অঞ্চলতে কৃষকৰ নাজল-নাথল অৱস্থা।
উৎপাদন মূল্যৰ পৰাও বঞ্চিত কৃষকে কুইণ্টলে কুইণ্টলে বিলাহী গৰু-ছাগলীক খুৱাব লগীয়া হৈছে। উৎপাদিত ফচল সংৰক্ষণৰ বাবে বৃহত্তৰ অঞ্চলটোত নাই এটাও শীতলীকৰণ ভঁৰাল। কৃষিকৰ্মৰ ওপৰত নিৰ্ভৰশীল বহু পৰিয়ালে ব্যাপক পৰিসৰত, অধিক লাভৰ আশাৰে কৰা ফচলৰ বিক্রী মূল্য ইমানেই নিম্নগামী হৈছে যে এটকা বা দুটকা দামতো বহু সময়ত ফচল বিক্রী নহয়। প্রতি কেজি বিলাহী উৎপাদনৰ নামত যি পৰিমাণৰ মূল্য ব্যয় কৰা হৈছে, তাৰ তুলনাত বিক্রী মূল্য অতি নগণ্য। বজাৰলৈ নিয়াৰ পৰিবহণ ব্যয়ো নোলায়। ফলত, উৎপাদন ভাল হোৱা সত্ত্বেও লাভৰ মুখ নেদেখে কৃষকে। উন্নত বীজ, সাৰ, কীটনাশক ঔষধ, শ্ৰমৰ বাবত ব্যয় হোৱা ধন উভতি নাহে কৃষকৰ হাতলৈ। বেংকৰ ঋণ, ব্যক্তিগত ঋণ লৈ নাইবা গাঁঠিৰ ধন খৰচ কৰি বিপৰ্যক্ত হৈ পৰা এইসকল কৃষকে একমাত্ৰ সংৰক্ষণ ব্যৱস্থাৰ অভাৱ নাইবা শীতলীকৰণ ভঁৰাল নথকাৰ বাবেই এতিয়া মূৰে-কপালে হাত দিবলগীয়া হৈছে। যি সময়ত গুৱাহাটীৰ বজাৰত প্ৰতি কেজি বিলাহীৰ দাম ৬০-৭০ টকা, তেনে সময়তে পানীৰ দৰতো নিজৰ উৎপাদিত ফচল বিক্ৰী কৰিব নোৱাৰি ৰাজপথত গৰু-ছাগলীক খাবলৈ দিবলগীয়া হোৱা ঘটনা অতি হৃদয় বিদাৰক। বৰপেটা জিলাৰ বাঘবৰতো বৃহৎ লোকচানৰ সন্মুখীন হোৱা আলু খেতিয়কে ক্ষতিপূৰণৰ দাবীৰে ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে। শীতলীকৰণ ভৱন আৰু ক্ষতিপূৰণৰ দাবীত চক্র বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰিছে শ শ কৃষকে। শস্য চপোৱাৰ প্ৰাকমুহূৰ্তত হোৱা দীর্ঘদিনীয়া বৰষুণ আৰু প্ৰচুৰ শিলাবৃষ্টিৰ বাবে কৃষকৰ উৎপাদিত সামগ্ৰীৰ বেছিভাগেই খেতিপথাৰতে নষ্ট হোৱাৰ ফলত লোকচানৰ সন্মুখীন হৈছে কৃষকসকল। একেদৰে বজাৰ মূল্য অতি নিম্ন হোৱাৰ ফলত চপোৱা শস্য বিক্ৰী কৰিব নোৱাৰাত পচি গৈছে।
ইয়াৰ মূলতে হৈছে পথাৰৰ পৰা বজাৰলৈকে থকা এক বৃহৎ ব্যৱধান। এই ব্যৱধানে ৰাজ্যৰ কৃষি বিপণন ব্যৱস্থাটোৰ ফোঁপোলা স্বৰূপটো উদঙাই দিছে। এচাম মধ্যভোগীৰ বাবেই উৎপাদক আৰু গ্রাহক দুয়োপক্ষই হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে।
কেৱল দলাল চক্রই মুনাফা লুটি ৰাজ্যৰ কৃষি বিপণন ব্যৱস্থাৰ চৰম ব্যৰ্থতা উদঙাই দিছে। হাতী-বান্দৰৰ উপদ্ৰৱ, প্রতিকূল বতৰকো নেওচি নীৰৱে কৃষিকৰ্ম কৰি আগবাঢ়ি যোৱাৰ সপোন দেখা এইসকল কৃষকৰ কথা ভাবিবলৈ আহৰি হ'বনে ৰজাঘৰীয়াৰ। চৰকাৰৰ 'পথাৰ আমাৰ, বজাৰ আমাৰ' আহ্বানৰ প্ৰতি অনুপ্রাণিত হৈ এইদৰে ৰাজ্যৰ ভিন্ন প্রান্তত কৃষিকর্মত নিয়োজিত হৈ থকা উঠি অহা প্রজন্মক একাংশ মধ্যভোগীৰ হাতোৰাৰ পৰা মুক্ত কৰাৰ দায়িত্ব কাৰ? ৰাজ্য চৰকাৰৰ বিয়াগোম কৃষি বিভাগে চকু মুদা কুলিৰ ভাও ধৰি থাকিলে সমস্যাৰ সমাধান নহয়। কেঁচা কৃষিজাত দ্রব্য মজুতকৰণৰ বাবে শীতলীকৰণ ভঁৰাল তথা অসমৰ প্রতিখন জিলা, সমজিলাৰ সদৰত কৃষকৰ দ্বাৰাই নিয়ন্ত্রিত এখন বজাৰ মুকলি কৰি চৰকাৰে এনেবোৰ সমস্যা সমাধান কৰিব নোৱাৰে কিয়?