মাজুলীৰ ফেৰী সেৱা

dainik janambhumi October 06, 2025

ডিজিটেল ডেস্ক : এদিনীয়া মানুহৰ বাবে, পৰ্যটকৰ বাবে যোৰহাট-মাজুলীলৈ ফেৰীযাত্রা হ'ল নিঃসন্দেহে এক ৰোমাঞ্চকৰ, স্মৰণীয় অভিজ্ঞতা। বিশাল ব্রহ্মপুত্র, ৰূপালী বালিচৰ, পৰিভ্ৰমী চৰাই এইবোৰে তেওঁলোকক মোহাচ্ছন্ন কৰে সমগ্র যাত্ৰাত। মনত খন্তেকলৈ হ'লেও ভাব হয় কি সুন্দৰ এই জীৱন! কিন্তু বাস্তৱ জানো এনেকুৱা? মাজুলীবাসী ৰাইজ, যি অতি কমেও সপ্তাহত এবাৰ হ'লেও যোৰহাটলৈ আহিব লাগে বিভিন্ন প্রয়োজনত, তেওঁলোকৰ বাবে এই যাত্রা কোনোপক্ষেই নহয় ৰোমাঞ্চকৰ। হৰেক ৰকমৰ চৰকাৰী প্ৰয়োজন, ঘৰুৱা সা-সামগ্রী, শিক্ষা আদিৰ প্ৰয়োজনত আহিব লগীয়াতো বাদেই, চিকিৎসাৰ বাবে যেতিয়া যোৰহাটলৈ ঢাপলি মেলিব লগীয়া হয় বৰলুইতৰ বুকু ফালি তেতিয়া আৰু সেই যাত্ৰা ৰোমাঞ্চকৰ হৈ নাথাকে। মাজনিশা সন্তানসম্ভৱা পত্নীক নদী পাৰ কৰাব লগা হোৱা স্বামীয়েহে বুজে যোৰহাট-মাজুলী ফেৰীযাত্ৰাৰ 'প্রকৃত ৰোমাঞ্চ'! তেওঁলোকৰ বাবে এই যাত্ৰা আৰু ৰোমাঞ্চ হৈ নাথাকি হৈ পৰে ত্রাস, শংকা, বিৰক্তিৰ আন এটা নাম। দৰাচলতে যোৰহাট-মাজুলীৰ নিয়মীয়া ফেৰীযাত্রী সকলোৱে মনত কঢ়িয়াই ফুৰে এক শংকা। এই শংকা নিৰাপত্তাৰ। বিশেষকৈ ২০২১ চনৰ ৮ ছেপ্টেম্বৰৰ ভয়ংকৰ ফেৰী দুৰ্ঘটনাৰ পাছৰে পৰা এই শংকা অধিক গভীৰ আৰু প্ৰাসংগিক হৈছিল। সেই দুর্ঘটনাত তিনিজনকৈ নিৰীহ যাত্ৰীৰ সলিল সমাধি ঘটিছিল।

দাবী উঠিছিল- ব্যক্তিগত ছিংগল ইঞ্জিনৰ নাওবোৰক নাকী লগোৱাৰ। প্ৰথম অৱস্থাত চৰকাৰ কঠোৰ হৈছিল যদিও সেয়া যে কিছু সময়ৰ বাবে ৰাইজক আশ্বস্ত কৰাৰ এখন 'নাটক'হে আছিল, সেয়া পাছত প্রায় প্রমাণ হ'ল। কিয়নো জলপথটোত চলাচল কৰা ব্যক্তিগত ছিংগল ইঞ্জিনৰ ফেৰীসমূহ দুৰ্ঘটনাৰ পাছত দুই/তিনি মাহমান বন্ধ ৰাখি পুনৰ ছিংগল ইঞ্জিনৰ ফেৰীত চৰকাৰী পৃষ্ঠপোষকতাতে মেৰাইন ইঞ্জিন লগোৱাত ফেৰীসমূহ চলাচলৰ বাবে উপযোগী বুলি ৰিপ'ৰ্ট দি ব্ৰহ্মপুত্ৰত যাত্ৰাৰ বাবে মেলি দিলে। সেই সময়ত এই ফেৰীসমূহত ফিটনেছৰ পৰীক্ষাৰ ব্যৱস্থা হৈছিল যদিও পৰৱৰ্তী সময়ত সেয়া কিমান কঠোৰভাৱে ৰূপায়ণ কৰা হৈছে, তাত সকলোৰে সন্দেহ আছে। যাত্রাপথৰ মাজতে ইঞ্জিন বন্ধ হোৱা, বালিচৰত নাও লাগি ধৰা, ফুটা তলিৰে নাৱত পানী সোমোৱা, আনকি নাৱৰ মুখামুখি সংঘৰ্ষৰ দৰে ঘটনাও যোৰহাট-মাজুলী জলপথৰ ফেৰীসেৱাৰ সঘনে সংঘটিত দুর্ভাগ্যজনক ঘটনা। শেহতীয়াকৈ যোৱা ২ অক্টোবৰৰ দিনাও নিমাতীৰ পৰা মাজুলী অভিমুখী ফেৰী এখনত থকা এটা ফুটাৰে পানী সোমাই এক ভয়ংকৰ বিপদৰ সন্মুখীন হয় ৮৮জন যাত্রী। এনেবোৰ কথাই প্ৰমাণ কৰে ফেৰীসমূহৰ 'ফিটনেছ' পৰীক্ষাৰ ক্ষেত্ৰত কি ধৰণৰ হেমাহি এতিয়াও চলি আছে। কাৰণ এনেদৰে নাৱত পানী সোমোৱাৰ এইটো অকলশৰীয়া উদাহৰণ নহয়, এনে উদাহৰণ অলেখ। এনে ক্ষেত্ৰত এই জলপথৰ সৈতে জড়িত চৰকাৰী বিভাগ আৰু ব্যক্তিগত ফেৰীসমূহৰ মাজত এক অসাধু সম্পর্ক আছে বুলি ৰাইজ পতিয়ন গৈছে। আৰু এইধৰণৰ অসাধু সম্পৰ্কবোৰেই বাৰে বাৰে যাত্ৰীৰ জীৱন বিপদাপন্ন কৰে। এনে ঘটনাই নোহোৱা কৰে যোৰহাট-মাজুলী জলপথৰ যাত্ৰাৰ ৰোমাঞ্চ, যাত্রাপথত সিঁচি দিয়ে শংকা, বিৰক্তি আৰু বিপদৰ বীজ। 

এনেবোৰ ঘটনাৰ পৰিপ্ৰেক্ষিততেই দৰাচলতে ব্ৰহ্মপুত্ৰৰ ওপৰত যোৰহাট-মাজুলী সংযোগী দলংখনৰ প্ৰাসংগিকতা। মাজুলীবাসীয়ে অন্তৰেৰে কামনা কৰে দলংখন নির্মাণ হওক। তেওঁলোকৰে দুখ-দুর্দশাৰ অৱসান হওক। কিন্তু বাস্তৱিকতে দেখা গৈছে নানান মেৰপাকত পৰি দলংখনৰ নিৰ্মাণৰ গতি আশানুৰূপ হোৱা নাই। প্রকৃততে এক গভীৰ অনিশ্চয়তাত যোৰহাট-মাজুলী সংযোগী দলং। আনকি দলংখন ৰাজনীতিৰ মেৰপাকত সোমাল নেকি বুলি ভাবিবলৈও ৰাইজে সুবিধা পাইছে। এনেক্ষেত্রত নিৰুপায় হৈ ৰাইজে ভাবিবলৈ বাধ্য হৈছে অন্ততঃ দলং নোহোৱা পর্যন্ত জলপথটোত চলাচল কৰা ফেৰীকেইখনো যদি নিৰাপদ বুলি চৰকাৰে নিশ্চিতি দিলেহেঁতেন! দলং নোহোৱা পর্যন্ত ছিংগল নাৱৰ ফেৰীসমূহৰ পৰিৱৰ্তে ৰ'পেক্সৰ দৰে নিৰাপদ ফেৰীৰ ব্যৱস্থা চৰকাৰে কৰিব নোৱাৰেনে? নে আকৌ এটা ৮ ছেপ্টেম্বৰলৈ অপেক্ষা কৰিছে চৰকাৰে? চৰকাৰে বিষয়টোত গুৰুত্ব দিয়ক- মাজুলীবাসীৰ জীৱনৰ মূল্য বুজক-বুজক তেওঁলোকৰ অসুবিধা আৰু শংকাক। যাত্ৰাৰ নিৰাপত্তা তেওঁলোকৰ এক অধিকাৰ- এই অধিকাৰৰ পৰা তেওঁলোকক বঞ্চিত নকৰিব।

Share This