ডিজিটেল ডেস্ক : বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ আৰু ব্যাপক সংশোধনৰ বিষয়টোরে ক্রমাৎ অধিক আকর্ষণীয় পর্যায়লৈ গতি কৰিছে। এফালে চলিছে এখন ৰাজনৈতিক যুদ্ধ আৰু আনফালে চলিছে ন্যায়িক যুদ্ধ। সন্মুখত বিহাৰ বিধানসভাৰ নিৰ্বাচন। ২০২০ বৰ্ষৰ নিৰ্বাচনটোত যি তুমুল প্রতিদ্বন্দ্বিতা হৈছিল সেয়া বহুতে পাহৰা নাই। সেই নির্বাচনত সর্বাধিক ২৩.১% ভোট লাভ কৰিও ৰাষ্ট্ৰীয় জনতা দল (আৰ জে ডি) আজি বিৰোধীৰ আসনত। ১৯.৫% ভোট লাভ কৰা বিজেপি আৰু ১৫.৪% ভোট লাভ কৰা জে ডি (ইউ) এ মিলি বর্তমান তাত চৰকাৰ চলাই আছে। ইণ্ডিয়া মৰ্চাৰ অন্যতম প্রধান অংশীদাৰ কংগ্ৰেছৰ ভোট আছিল ৯.৫%। চি পি আই (এম এল) লিবাৰেশ্যন, চি পি আই আৰু চি পি আই (এম) দলেও লাভ কৰিছিল ১৬খনকৈ আসন। সেই নির্বাচনটোত বৰ্তমানৰ শাসকীয় এন ডি এ মৰ্চাতকৈ বিৰোধী মহাগঠবন্ধনৰ মুঠ ভোট কম আছিল মাত্র ১২ হাজাৰ। শাসক আৰু বিৰোধী সমানেই শক্তিশালী হোৱাৰ পৰিপ্ৰেক্ষিততে বর্তমান ৰাজ্যখনত ভোটাৰ তালিকাৰ বিশেষ সংশোধনী কেন্দ্রিক ৰাজনৈতিক যুদ্ধখনৰ দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে তীব্রতা। ইফালে ন্যায়িক যুঁজখনো সমগতিৰে আগবঢ়াৰ পৰিপ্ৰেক্ষিতত কেৱল বিহাৰৰে নহয়, দেশৰ আগ্রহী মানুহৰ কৌতূহল বৃদ্ধি পাবলৈ ধৰিছে যুঁজখনৰ শেষ ক'ত হয় তাক জানিবলৈ। এই বিশেষ সংশোধনীত নির্বাচন আয়োগে বৈধতা প্রদান কৰা ১১বিধ নথিত ভোটাৰ পৰিচয়-পত্ৰ আৰু 'আধাৰ' নথকাত উচ্চতম ন্যায়ালয়ে এই দুবিধ নথিকো বৈধতা দিবলৈ পৰামৰ্শ দিছিল যদিও সেই পৰামৰ্শ নির্বাচন আয়োগে গ্রাহ্য কৰা নাই।
ইতিমধ্যে এই বিশেষ সংশোধনীৰ জৰিয়তে ৰাজ্যখনৰ ৬৫ লাখ ভোটাৰৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হৈছে। এই কৰ্তনৰ যুক্তি দেখুওৱা হৈছে যে বিশাল সংখ্যক মৃত আৰু আন ঠাইলৈ প্ৰব্ৰজন কৰা লোকৰ নাম ভোটাৰ তালিকাত অবৈধভাৱে অন্তর্ভুক্ত হৈ আছিল। কিন্তু, বিভিন্ন পক্ষৰ মাজত সন্দেহৰ উদ্রেক ঘটিছে কৰ্তন কৰা 'ভুৱা ভোটাৰ'ৰ প্ৰকৃতিক লৈ। তাত ৩২ লাখ মহিলাৰ নাম কৰ্তন হোৱাৰ বিপৰীতে পুৰুষৰ নাম কর্তন হৈছে ২৫ লাখ ('দি হিন্দু' কাকতে প্রকাশ কৰা পৰিসংখ্যা মতে)। অথচ ৰাজ্যখনত প্রব্রজন কৰা লোক মহিলাতকৈ পুৰুষ বেছি আৰু মৃত্যুৰ হাৰো মহিলাতকৈ পুৰুষৰ বেছি। গতিকে, স্বাভাবিকভাৱেই প্রশ্ন উঠিছে যে ৰাজ্যখনত ভোটাৰ তালিকাৰ পৰা মহিলাৰ নাম বেছি কর্তন হোৱাৰ কাৰণ কি? বিশেষ সংশোধনীৰ সময়ত ঘৰে ঘৰে গৈ পৰিসংখ্যা সংগ্ৰহ কৰা প্ৰক্ৰিয়াটোও ত্রুটীমুক্ত নাছিল বুলি অভিযোগ উত্থাপিত হৈছে। অন্যহাতে, 'বাংলাদেশী'ৰ নাম কর্তন হোৱা বুলি প্ৰচাৰ চলিছে যদিও কিমান বাংলাদেশীৰ নাম কৰ্তন কৰা হ'ল তাৰ পৰিসংখ্যা প্রকাশ কৰাৰ পৰা নির্বাচন আয়োগ বিৰত আছে। এনেবিলাক বিষয়ক লৈ অভিযোগ-প্রতি অভিযোগ চলি থকাৰ মাজতে উচ্চতম ন্যায়ালয়ে কর্তন কৰা লোকসকলৰ তালিকা জিলা ভিত্তিত প্রকাশ কৰাৰ নিৰ্দেশ দিয়ে। সেই নির্দেশনাৰ ৫৬ ঘণ্টাৰ পাছতে নির্বাচন আয়োগে জিলা ভিত্তিত উক্ত তালিকা প্রকাশ কৰাৰ কথা ঘোষণা কৰিছে। য'ত ভোটাৰে নিজৰ ভোটাৰ পৰিচয় পত্ৰ নম্বৰ (EPIC) দি কি কাৰণে তেওঁৰ নাম কর্তন হ'ল সেই কথা চাব পাৰিব। মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে দেওবাৰে এখন সংবাদমেলত দাবী কৰিছে যে বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্রক্রিয়াটো সম্পূর্ণ স্বচ্ছভাৱে সম্পন্ন কৰা হৈছে। তথাপি কংগ্ৰেছসহ বিৰোধী দলবিলাকে এই বিশেষ সংশোধনী প্রক্ৰিয়াটোৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আছে, সংসদৰ ভিতৰে-বাহিৰেও অবিৰাম প্রতিবাদ হৈ আছে। শাসকীয় এন ডি এৰ এজেণ্টৰ দৰে নিৰ্বাচন আয়োগে কাম কৰা বুলি আৰু কেৱল বিহাৰতে নহয় সমগ্র দেশতে 'ভোট চুৰি' হৈ থকা বুলি ৰাহুল গান্ধীকে ধৰি বিৰোধী নেতাসকলে অভিযোগ তুলি থকাৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ত চলি থকা ন্যায়িক যুদ্ধখনৰ ফলাফল কি হয় সেয়া লক্ষণীয় হ'বই, দেশৰ অন্যান্য ৰাজ্যতো ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ ভৱিষ্যৎ এই ফলাফলৰ ওপৰত বিশেষভাৱে নিৰ্ভৰ কৰিব।
ইফালে, ৰাহুল গান্ধীৰ নেতৃত্বত দেওবাৰৰ পৰা বিহাৰত শুভাৰম্ভ হৈছে ১৬ দিনীয়া 'ভোট অধিকাৰ যাত্রা'। এই 'ভোট অধিকাৰ যাত্রা'ক কংগ্ৰেছে ৰাজনৈতিক বা নির্বাচনমুখী নহয় বুলি কৈছে যদিও ৰাহুল গান্ধীৰ এই যাত্ৰাত কংগ্ৰেছৰ শীর্ষ নেতাসকলৰ লগতে আৰ জে ডি আৰু বাওঁ দলবোৰৰ নেতাসকলো জঁপিয়াই পৰাত নির্বাচনমুখী বাজ্যখনত এয়া এক প্রাক্ নির্বাচনী 'ৰাজনৈতিক যাত্রা'ৰ দৰেই হৈ পৰিছে। ৰাহুল গান্ধীৰ এই 'যাত্রা'ৰ আঁত ধৰি আৰ জে ডি তথা বাওঁ মৰ্চাৰ দলকেইটাই বিহাৰৰ হৃত ক্ষমতা পুনৰ আহৰণৰ প্রচেষ্টা চলাবই। অৱশ্যে, আৰ জে ডিয়ে প্ৰথমৰে পৰাই বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত কৰি আহিছে। কিন্তু এটা প্রশ্ন এইখিনিতে আহে যে ৰাহুল গান্ধীয়ে 'ভোট চুৰি'ৰ বিৰুদ্ধে যি সংগ্ৰাম আৰম্ভ কৰিছে সেয়া বিভিন্ন ৰাজ্যৰ ভোটাৰ তালিকাত থকা 'ভুৱা ভোটাৰ'ৰ বিৰুদ্ধে। গান্ধীয়ে সমগ্র দেশকে 'ভুৱা ভোটাৰ'ৰ পৰা মুক্ত কৰি নিকা ভোটাৰেৰে নিৰ্বাচন দাবী কৰিছে। অন্যহাতে, বিহাৰত নির্বাচন আয়োগৰ বিশেষ অভিযানো 'ভুৱা ভোটাৰ'ৰ বিৰুদ্ধে। তেনেহ'লে সংঘাতটো ক'ত? অলপতে ৰাহুল গান্ধীৰ নেতৃত্বত 'ইণ্ডিয়া'ৰ ব্লকৰ সাংসদসকলে 'নির্বাচন সদন'লৈ এটা সমদল উলিয়াইছিল। নির্বাচন আয়োগে সমদলত অংশগ্রহণ কৰা সকলো সাংসদৰ পৰিৱৰ্তে ৩০গৰাকী প্রতিনিধিক আলোচনাৰ বাবে মাতিছিল। কিন্তু ৩০গৰাকী সাংসদ 'নির্বাচন সদন'লৈ নগ'ল। আনহাতে, ৰাহুল গান্ধীয়ে 'ভুৱা ভোটাৰ'ৰ সন্দৰ্ভত তোলা নির্দিষ্ট অভিযোগবোৰ শপতনামাযোগে আয়োগত দাখিল কৰিবলৈ আয়োগে আহ্বান জনাইছিল। ৰাহুল গান্ধীয়ে সেই আহ্বান গ্রাহ্য নকৰি ক'লে যে তেওঁ এজন সাংসদ, শপতনামা কিয় দিব? এই কথাবোৰে আয়োগ আৰু বিৰোধী পক্ষৰ মাজত সংঘাত বৃদ্ধি কৰিছে। এনেকৈ সমস্যাৰ সমাধান হ'ব জানো? যদি শাসকীয় আৰু বিৰোধী উভয় পক্ষই দেশৰ ভোটাৰ তালিকাসমূহ 'ভুৱা ভোটাৰ'মুক্ত হোৱাটো বিচাৰিছে তেনেহ'লে উভয় পক্ষই নির্বাচন আয়োগৰ লগত সহযোগিতা কৰি এই কাম আগবঢ়াই নিব লাগিব। কিন্তু আমাৰ দেশত এনেবোৰ স্পৰ্শকাতৰ বিষয়ত শাসক-বিৰোধীয়ে সহমতৰ ভিত্তিত কাম কৰা উদাহৰণ বিৰল। গতিকে, এতিয়া উচ্চতম ন্যায়ালয়ে বিষয়টোক কেনেদৰে সমাধানৰ দিশলৈ আগবঢ়াই নিয়ে সেইটোরেই লক্ষণীয় কথা হ'ব।