যুঁজাৰু মানসিকতা

dainik janambhumi March 10, 2026

ডিজিটেল ডেস্ক : প্রতিভা বহুতৰে থাকে; কিন্তু সেই প্রতিভাক উপযুক্ত ক্ষেত্রত, উপযুক্ত সময়ত প্রকট কৰি তুলিব পাৰিলেহে সেই প্রতিভাৰ মূল্যায়ন হয়। অন্যথা তেনে প্রতিভা ব্যক্তিৰ মাজতে গুপ্ত হৈ থাকি এসময়ত ই মূল্যহীন হৈ পৰে। বিভিন্ন ক্ষেত্ৰত সাফল্যৰে উজলি উঠাসকললৈ চালেই দেখা যায় যে তেওঁলোকৰ প্ৰতিভাৰ সমান্তৰালকৈ সাধনা, একাগ্ৰতা আৰু তাৰ উত্তৰণৰ বাবে সীমাহীন কষ্ট অন্তর্নিহিত হৈ থাকে প্ৰতিটো সাফল্যৰ কাহিনীৰ আঁৰত। সাফল্যৰ ক্ষেত্ৰত বহুজনে দি থৈ গৈছে বিভিন্ন উক্তি। সফলতা পাবলৈ হ'লে এটা বিষয়ত দৃঢ় হ'বই লাগিব, সেয়া হৈছে পৰিস্থিতিয়ে যাতে প্রতিভাক অৱৰুদ্ধ কৰি ৰাখিব নোৱাৰে, সেয়া নিশ্চিত কৰিব লাগিব। বাধা আহিবই, কিন্তু যুদ্ধ এৰি দিব নালাগিব। কেতিয়াবা বাগৰি পৰিব লগাও হ'ব পাৰে, কিন্তু ইয়াক সাফল্যৰ আধাৰ কৰি তুলিব পাৰিব লাগিব। সাফল্য মানে হৈছে নিৰৱচ্ছিন্ন প্রচেষ্টা। এই সাফল্যক পাবলৈ বহু বস্তু ত্যাগ কৰিব লগাও হ'ব পাৰে। একোগৰাকী সফল ব্যক্তিৰ আঁৰত থকা শ্রম সাধাৰণ কথা নহয়। নিজৰ মনটোৱেই মূল কথা, ইয়েই খুলিব পাৰে সাফল্যৰ দুৱাৰ। জীৱনৰ অন্তহীন সংঘাতৰ মাজেদিয়ে আগুৱাই গৈ উত্তৰণৰ জখলা বগাই সাফল্যৰ শিখৰত আৰোহণ কৰিবলৈ সফল হোৱাসকলে কৈ যোৱা সাফল্যৰ এই উক্তিবোৰ পঢ়িবলৈ বা শুনিবলৈ সহজ, কিন্তু জীৱনত ইয়াক প্রযোজ্য কৰাত প্ৰদৰ্শন কৰা অনীহাৰ বাবে বহু প্রতিভা সময়ৰ ডাষ্টবিনত সোমাই পৰিছে। দেওবাৰে সামৰণি পৰা টি-২০ বিশ্ব কাপ ক্রিকেট প্রতিযোগিতাত মহানায়কৰ শাৰীলৈ উন্নীত হোৱা সঞ্জু ছেমছন নামৰ ভাৰতীয় ক্রিকেটাৰজনৰ ক্ৰিকেটীয় জীৱনৰ ইতিহাস খুঁজেৰে সাফল্য কঢ়িয়াই অনা এক সমুজ্জ্বল উদাহৰণ। প্রতিশ্রুতিসম্পন্ন উদীয়মানৰ বাবে এই ইতিহাস প্ৰেৰণাৰ সঁফুৰা হ'ব পাৰে। ভাৰতৰ আটাইতকৈ জনপ্রিয় খেল হৈছে ক্রিকেট। গাঁও-ভূঁইৰ পৰা মহানগৰীলৈকে হাজাৰ হাজাৰ ল'ৰা-ছোৱালীয়ে ক্রিকেট খেলি আছে। 

সকলোৰে লক্ষ্য 'টীম'ত অন্তর্ভুক্ত হোৱাৰ সুযোগ পোৱা। নিম্ন পৰ্যায়ৰ কথা বাদেই, বর্তমান ৰঞ্জী টুফী খেলা প্রথম শ্ৰেণীৰ পুৰুষ ক্রিকেটাৰেই দেশত আছে ৩৫০ৰো অধিক। এই সকলোৱেই প্রতিভাধৰ, কিন্তু জাতীয় দলত স্থান পায় কেইজনে? বেটে-বলে চমক দেখুওৱা বহু প্রতিভাই শাৰী পাতি থাকে জাতীয় দলত স্থান পাবলৈ। এনেকুৱা সময়তে নিজৰ প্ৰতিভাক উপযুক্ত সময়ত প্রকট কৰি তুলিব পৰাৰ প্ৰশ্নটো আহে। সঞ্জু ছেমছনৰ উদাহৰণটো এনে অৱস্থাত উল্লেখনীয় এইবাবেই যে এইবাৰ টি-২০ বিশ্ব কাপত মহানায়কৰ ৰূপত উজলি উঠা এই ক্রিকেটাৰগৰাকীয়ে শেষৰ মেচকেইখনত নিজৰ সফলতাক সর্বোচ্চ পৰ্যায়ত ব্যৱহাৰ কৰি দেশক বিজয়ীৰ মুকুট পৰিধান কৰোৱাৰ পৰ্যায়লৈ লৈ যাবলৈ সক্ষম হৈছিল। নিঃসন্দেহে সঞ্জু ছেমছন এজন অতি প্রতিভাশালী ক্রিকেটাৰ। কিন্তু সেই প্রতিভাক সময়ত প্রতিষ্ঠা কৰাত, প্ৰদৰ্শন কৰাত বিফলতাৰ বাবে তেওঁৰ নাম কেইবাবাৰো জাতীয় দলৰ পৰা বাদ পৰিছিল। আনকি দেশৰ অনূর্ধ্ব-১৩ দলতো তেওঁ বাদ পৰিবলগা হৈছিল সময়ত উজলি উঠিব নোৱৰাৰ দোষতে। এইবাৰৰ টি-২০ বিশ্ব কাপতো তেওঁৰ কাহিনী লিপিবদ্ধ হৈছে উত্থান-পতনৰ সমাহাৰেৰেই। কিন্তু শেষ মুহূৰ্তত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত (ছুপাৰ-৮), ইংলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেলত আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে ফাইনেলত তেওঁ এনেকুৱা বিস্ফোৰক ইনিংছ খেলি দেখুৱালে, যাৰ বাবে তেওঁৰ নাম ক্রিকেটৰ ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ ৰ'ব। প্রতিযোগিতাৰ ফাইনেলত ৮৯ (৪৬ বল) ৰান কৰা সঞ্জুৱেই বিশ্বৰ প্ৰথমগৰাকী খেলুৱৈ। 'ছুপাৰ-৮' মেচত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শ্বাসৰুদ্ধকৰ মেচখনত কৰা ৯৭ (৫০ বল) ৰান আক্ষৰিক অৰ্থতে বিস্ফোৰক। প্রতিযোগিতাৰ তিনিখন মেচত একেধাৰে ৮০-ৰ ওপৰত ৰান কৰা তেওঁ বিশ্বৰ দ্বিতীয়গৰাকী খেলুৱৈ। 'ছয়'ৰ সংখ্যাৰেও তেওঁ ৰচিলে অভিলেখ। তদুপৰি এখন টুর্নামেন্টত ১৯৯.৩৭ স্ট্রাইক ৰেটেৰে তেওঁ কৰা ২৫০ৰো অধিক ৰানো অন্য এক অভিলেখ। 

ফাইনেলত অভিষেক শৰ্মাৰ সৈতে প্রথম যুটিত কৰা ৯৮ ৰানো টি-২০ৰ ইতিহাসত সর্বশ্রেষ্ঠ ইনিংছ। এনেকুৱা আৰু বহু অভিলেখ সঞ্জু ছেমছনে গঢ়িলে এই প্রতিযোগিতাখনত। এই সকলোবোৰ সম্ভৱ হ'ল একমাত্র সঞ্জুৰ ধৈৰ্য আৰু একাগ্ৰতাৰ বাবে। ক্রিকেট জীৱনৰ প্ৰথমৰে পৰা বহুবাৰ ব্যৰ্থ হৈ, বহুবাৰ দলত আসন হেৰুৱায়ো ভাগি পৰা নাছিল এইগৰাকী ক্রিকেটাৰ। পৰাৰ পৰা উঠি তেওঁ আকৌ নামিছিল যুঁজত। 'ব্যর্থতা সাফল্যৰ স্তম্ভ'- এই উক্তিক তেওঁ প্ৰমাণ কৰিছিল নিজৰ অনবদ্য যুঁজাৰু মানসিকতাৰে। সঞ্জু ছেমছনৰ দৰে আমাৰ ৰিয়ান পৰাগো অতি প্রতিভাশালী ক্রিকেটাৰ। এই প্রতিভাৰ বাবেই তেওঁ টি-২০ জাতীয় দলতো স্থান পাইছিল। কিন্তু তেওঁ এতিয়ালৈকে নিজৰ প্রতিভাক সঠিক স্থানত, সঠিক সময়ত প্রতিষ্ঠা কৰিব পৰা নাই। ব্যর্থতা আহিব পাৰে, ডাঙৰ কথা নহয়; কিন্তু এই ব্যর্থতাক সাফল্যলৈ ৰূপান্তৰ কৰাৰ ধৈর্য, একাগ্রতা ৰিয়ানৰ আছে নে নাই তাৰ ওপৰত নিৰ্ভৰ কৰিব তেওঁৰ ভৱিষ্যৎ। প্রতিভা থাকিলেই নহ'ব, সঞ্জু ছেমছনৰ দৰে সময়ত উজলি উঠিব পৰাৰ সক্ষমতা অৰ্জন কৰিব পাৰিব লাগিব আৰু তাৰবাবে সাধনাত ব্রতী হ'ব লাগিব।

Share This