ডিজিটেল ডেস্কঃ ফিনলেণ্ড। বিশ্বৰ এখন সৰু দেশ। জনসংখ্যা মাত্র ৯৭ লাখ। এই সৰু দেশখনত এনে কি আছে যাৰ বাবে প্ৰতিবাৰেই বিশ্বৰ সুখী দেশৰ তালিকাৰ প্ৰথমত অৱস্থান কৰেহি? ৰাষ্ট্ৰসংঘৰ শেহতীয়া 'ৱৰ্ল্ড হেপীনেছ ৰিপ'ৰ্ট'ত একেৰাহে সপ্তমবাৰলৈ (২০২৪ বৰ্ষৰ বাবে) ফিনলেণ্ড বিশ্বৰ সুখী দেশ হিচাপে স্বীকৃত হৈছে। এইবাৰ দেশখনে মুঠ ১০ নম্বৰৰ ভিতৰত ৭.৭৪১ নম্বৰ লাভ কৰি এই স্বীকৃতিৰ অধিকাৰী হয়। সি যি নহওক, প্রশ্ন হয়- এখন দেশ সুখী হ'বলৈ হ'লে ইয়াৰ মানুহবোৰ সুখী হ'বই লাগিব নেকি?
আৰু এখন দেশ, দেশৰ জনসমষ্টি সুখী হ'বলৈ এখন দেশত থকা ধন-সম্পদ, ঐশ্বর্য-বিভূতিয়েই যথেষ্ট নে? অৱশ্যে ফিনলেণ্ডত সুখ সম্পৰ্কীয় এটা পুৰণি প্রবাদ বর্তমানেও প্রচলিত। প্রবাদটো হ'ল- Happiness is a place between too little and too much. অর্থাৎ সুখ হৈছে অতি সামান্য আৰু অত্যধিকৰ মাজৰ ঠাই। এই কথাষাৰ দেশখনৰ সকলোৱে মানে আৰু ইয়াক সন্মুখত ৰাখিয়েই কাম-কাজ কৰে। সেয়ে দেশখনে প্রবাদৰ সেই সুখৰ ঠাইখন আৱিষ্কাৰ কৰি ল'ব পাৰিছে আৰু নিজকে বিশ্বৰ আটাইতকৈ সুখী দেশৰ স্বীকৃতিও আৰ্জিব পাৰিছে। প্রকৃতপক্ষে আমি ধাৰণা কৰিব নোৱাৰিম যে এনে এখন দেশ সঁচায়ে থাকিব পাৰেনে- য'ত দুর্নীতি নাই, বৈষম্য নাই, বিবাদ নাই, অহৈতুক উত্তেজনা নাই? য'ত ত্যাগ আছে, বুজা-পৰা আছে, স্বাধীনতা আছে আৰু আছে এখন নিৰহংকাৰী চৰকাৰ?
কিন্তু আচৰিত যেন লাগিলেও এয়াই সত্য। এইখন পৃথিৱীৰে ফিনলেণ্ডত এই সকলোবোৰ বৰ্তি আছে, যাৰ বাবে দীর্ঘদিন ধৰি দেশখনে সুখৰ পথত আগৰণুৱা হৈয়ে নিদর্শন দেখুৱাই আহিছে। অলপতে প্রকাশ পোৱা বিশ্বৰ সুখী দেশৰ তালিকাত প্রথম স্থানত থকা ফিনলেণ্ডৰ পাছতে আছে ডেনমার্ক। সেইদৰে তৃতীয় স্থানত আইচলেণ্ড। আনহাতে, এই তালিকাত আমাৰ ভাৰতবৰ্ষৰ স্থান শুনিলে যিকোনো মানুহ আশ্চর্যচকিত হ'ব। ধাৰণা হ'ব যে এনে এখন দেশতো মানুহ জীয়াই থাকিব পাৰেনে?
ইমান অসুখী মানুহৰ মাজতো সৃষ্টি-উদ্ভাৱন-সম্ভাৱনা সম্ভৱনে? এইবাৰ মুঠ ১৪৩খন দেশৰ ভিতৰত ভাৰতবৰ্ষৰ স্থান ১২৬ নম্বৰত। ২০২৩ চনতো ভাৰতৰ স্থান ১২৬ এই আছিল। সেই বছৰ বিশ্বৰ ১৩৬খন দেশক লৈ এই সমীক্ষা চলোৱা হৈছিল। তাৰো এবছৰ পূৰ্বে, অর্থাৎ ২০২২ চনত মুঠ ১৪৬খন দেশৰ তালিকাত ভাৰতৰ স্থান আছিল ১৩৬।
ওলোটাকৈ চালে দেখা যাব বিশ্বৰ ১৩৬খন অসুখী দেশৰ তালিকাত ভাৰতৰ স্থান ১০। বিশ্বৰ সুখী ৰাষ্ট্ৰৰ সমীক্ষাত মুঠ ছটা বিষয়ক প্রধান হিচাপে লৈ পৰ্যবেক্ষণ আৰম্ভ কৰা হয়। সেইকেইটা হ'ল- সামাজিক সহযোগিতা, উপার্জন, স্বাস্থ্য, স্বাধীনতা, উদাৰতা আৰু দুর্নীতি-শূন্যতা। এই আটাইকেইটাতে ফিনলেণ্ড আগবঢ়া। তাত বসবাস কৰা অকলশৰীয়া অথবা স্থায়ী বাসিন্দাৰ বাবে যদি নিজা আয় আৰু সম্পত্তিৰ দ্বাৰা প্ৰয়োজন পূৰণ সম্ভৱ নহয়, তেন্তে তেওঁ সামাজিক সহযোগিতা লাভ কৰিব পাৰে। বিশেষকৈ খাদ্য-সামগ্ৰীৰ যোগাৰ মৰা আৰু গৃহ নিৰ্মাণৰ ক্ষেত্ৰত তাৎক্ষণিকভাৱে এনে সহযোগিতা লাভ কৰিব পাৰে।
সেইদৰে দেশখনৰ প্রায় ৭০ শতাংশ লোকেই উপযুক্তভাৱে নিযুক্তিক্ষেত্ৰত জড়িত। দেশখনৰ সৰ্বাধিক দৰমহা পাওঁতা লোকৰ দহ শতাংশই উপাৰ্জনৰ মাত্র ৩৩ শতাংশহে ঘৰলৈ নিয়ে। বাকীখিনি দেশৰ বাবে-দহৰ বাবে এৰি যায়। ইয়াৰ বিপৰীতে আকৌ আমেৰিকাত সম শতাংশ লোকে ঘৰলৈ নিয়ে উপাৰ্জনৰ ৪৬ শতাংশ ধন আৰু ব্রিটেইনত নিয়ে ৩৬ শতাংশ। দেশখনত এক অতি বিকেন্দ্রীকৃত ৰাজহুৱা পুঁজিৰে স্বাস্থ্য সেৱা ব্যৱস্থা চলি আছে, যিটো আন দেশৰ কিছুমান বিকল্পতকৈ বহুত বেছি ফলপ্রসূ আৰু কাৰ্যক্ষম। বিস্ময়জনক কথাটো হ'ল- তৈলজাত সম্পদ নোহোৱাকৈও অর্থনৈতিক আৰু সামাজিক সফলতাৰ ক্ষেত্ৰত শতাধিক পদক্ষেপত ফিনলেণ্ড বিশ্বৰ প্ৰথম স্থানত। ইয়াত ব্যক্তিগত স্বাস্থ্য খণ্ড তেনেই সীমিত। তদুপৰি দুর্লভচিকিৎসা সেবা লাভ ইয়াত কঠিন নহয়। আটাইতকৈ প্রয়োজনীয় নাগৰিকৰ 'স্বাধীনতা'
দেশখনত ভালদৰেই উপলব্ধ।
অর্থাৎ নাৰী-পুৰুষ নির্বিশেষে সকলো নাগৰিকে স্বাধীনভাবে, মুক্তভাৱে আৰু নিৰ্ভয়ে ফুৰা-চকা কৰিব পাৰে, বজাৰ-সমাৰ কৰিব পাৰে, কাম-কাজ কৰিব পাৰে। সেইদৰে মানুহবোৰৰ উদাৰতা গুণো অধিক। যাৰ বাবে দেশত দুর্নীতি খুবেই কম। কথাতে কোৱা হয়- য'ত দুর্নীতি নাই, তাত বৈষম্যও নাই, কন্দলো নাই। ফিনলেগুতো তেনেকুৱাই। উদাৰচিতীয়া মানুহবোৰ ত্যাগী আৰু কৰ্মঠ। ঠগ-প্ৰৱঞ্চনা কম, দেশখনত অপৰাধৰ সংখ্যাও কম। যোৱা ২০১২ চনৰ পৰা ২০২২ চনলৈ এটা দশকত মাত্র ১৮৯টাহে দুর্ঘটনা সংঘটিত হৈছে। সেইদৰে ২০২১ চনত ১০৫টা হত্যাৰ দৰে অপৰাধ সংঘটিত হৈছে। এয়া তাকো বর্ধিত ৰূপহে। তদুপৰি দেশখনত প্রচলিত আন এটা অলিখিত বিধি হ'ল- সেৱা আগত, ব্যৱসায় পাছত। ইয়াৰ শিক্ষাৰ মান উন্নত। প্রতিখন বিদ্যালয়তে উন্নত শিক্ষা লাভ কৰিব পাৰি। ইয়াত ভাল শিক্ষাৰ বাবে ভাল শিক্ষানুষ্ঠান বিচাৰি ঢপলিয়াই ফুৰাৰ প্ৰয়োজন নাই। সকলোবোৰেই ভাল শিক্ষানুষ্ঠান, সকলোতে ভাল শিক্ষা।
আনহাতে,আমাৰ ভাৰতবৰ্ষত? অপ্রিয় হ'লেও সত্য- সেৱা বুলি কোনো কথাই নাই, সকলোতে ব্যৱসায়ৰ উপৰি ব্যৱসায়, প্রতিযোগিতাৰ উপৰি প্ৰতিযোগিতা। অনীতিয়েই নীতি, স্বজন তোষণ-প্রীতি। তাতে দৈত্যকায় ৰূপত অহিষ্ণুতা, প্রতিদিনে বলাৎকাৰ-লুণ্ঠন-হত্যা। আটাইতকৈ প্রয়োজনীয় কথাটো হ'ল- ভাৰতবৰ্ষত এনে এখন চৰকাৰ নাই, যাৰ দ্বাৰা সমতা স্থাপন সম্ভৱ হৈ উঠিব পাৰে, দ্বন্দ্ব-খৰিয়ালৰ অন্ত পৰিব পাৰে। এইখন দেশত দৰিদ্ৰ শ্ৰেণীটো অধিক দৰিদ্ৰ হৈ গৈ আছে আৰু ধনীক শ্ৰেণী ভয়ংকৰভাৱে ধনী হৈ গৈ আছে। সেইদৰে বাঢ়ি গৈ আছে জনসংখ্যাৰ বোজা, সমস্যাৰ বোজা, ঋণৰ বোজা। যিখন দেশত প্রতিনিয়ত জনগণে উৎকণ্ঠা-ভীতিৰ মাজত দিন কটাব লাগে, যিখন দেশত ঘণ্টাত চাৰিগৰাকীকৈ বাই-ভনীক বলাৎকাৰ কৰা হয়, ৮২জনক হত্যা কৰা হয় তেনে এখন দেশত জনগণ সুখী হৈ থাকিব পাৰেনো কেনেকৈ!