ডিজিটেল ডেস্ক: কাৰ্বি আংলঙৰ পশ্চিমাঞ্চলৰ খেৰণিত যোৱা সোমবাৰে যি অগ্নিবর্ষী পৰিস্থিতিৰ সৃষ্টি হ'ল সেয়া প্ৰকৃতাৰ্থত অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীয়ে সম্মুখীন হোৱা অস্তিত্বৰ সংকট আৰু ইয়াক কেন্দ্ৰ কৰি সৃষ্টি হোৱা ক্ষোভৰ প্রতিফলন মাত্র। ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ হোৱাৰ দৰে উমি উমি জ্বলি থকা ক্ষোভৰ বিস্ফোৰণ ঘটাত উত্তেজিত লোকে তাত এক ধ্বংসলীলাৰ সৃষ্টি কৰি জ্বলাই দিলে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ঘৰ, লণ্ডভণ্ড কৰিলে স্বায়ত্তশাসিত পৰিষদৰ এগৰাকী সদস্যৰ ঘৰো।
খেৰণিৰ ফেলাংপীত যোৱা ৮ ডিচেম্বৰৰ পৰা অনির্দিষ্টকালীন অনশন কাৰ্যসূচী ৰূপায়ণ কৰি আছিল কাৰ্বি জনগোষ্ঠীৰ একাংশ লোকে। যোৱা দুবছৰ ধৰি চলি আছে তেওঁলোকৰ আন্দোলন। ষষ্ঠ অনুসূচীভুক্ত কার্বি আংলঙত বসবাস কৰি থকা বাঙালী, বিহাৰী, নেপালীকে ধৰি অ-কাৰ্বি লোকসকলক অঞ্চলটোৰ পৰা উৎখাত কৰাৰ দাবী জনাই আহিছে এই আন্দোলনকাৰীসকলে। খেৰণিৰ পি জি আৰ (প্রফেশ্যনেল গ্রেজিং ৰিজার্ভ) আৰু ভি জি আৰ (ভিলেজ গ্রেজিং ৰিজার্ভ)ত বসবাস কৰি থকা বিহাৰী আৰু নেপালী সম্প্ৰদায়ৰ প্ৰায় দহ হাজাৰ বাসিন্দাক তাৰ পৰা উচ্ছেদ কৰাৰ দাবীত ফেলাংপীত অনির্দিষ্ট কালৰ অনশনত বহিছিল লোকসকল। হঠাৎ পুৱতি নিশা আৰক্ষীৰ দলে আহি তাৰ পৰা ৭গৰাকী অনশনকাৰীক উঠাই গুৱাহাটীলৈ লৈ যোৱাৰ পাছতে অঞ্চলটোৰ পৰিস্থিতি উত্তপ্ত হৈ পৰে। প্ৰতিবাদকাৰীকেইগৰাকীক 'গ্ৰেপ্তাৰ কৰি লৈ যোৱা' বুলি 'বাতৰি' প্ৰচাৰ হোৱাৰ পাছত জাকে জাকে লোক ওলাই আহি ধ্বংসলীলা আৰম্ভ কৰে।
স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাং আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই 'গ্ৰেপ্তাৰ কৰা' বুলি ওলোৱা খবৰ 'উৰা বাতৰি' বুলি পাছত স্পষ্টীকৰণ দিলেও আৰু তেওঁলোকক চিকিৎসাৰ বাবেহে গুৱাহাটীলৈ নিয়া হৈছিল বুলি ক'লেও তেতিয়ালৈ বহুত পলম হৈ গৈছিল আৰু উত্তেজিত লোকৰ ধ্বংসলীলাই গুৰুতৰ ৰূপ ধাৰণ কৰি ইতিমধ্যেই ব্যাপক ক্ষতি সাধন কৰি পেলাইছিল। যি নহওক, কার্বি আংলঙৰ এই পৰিস্থিতি আকস্মিক নহয়। যোৱা দুবছৰ ধৰি তাৰ কাৰ্বি জনগোষ্ঠীৰ জনসাধাৰণ অ-কাৰ্বি লোকক স্বায়ত্তশাসিত পৰিষদৰ এলেকাৰ পৰা বিতাৰণ কৰাৰ দাবীত কৰি অহা আন্দোলনৰ ফলত পৰস্পৰৰ মাজত অবিশ্বাসৰ এক বাতাৱৰণ ইতিমধ্যেই সৃষ্টি হৈছে। খেৰণিৰ অনশনস্থলীৰ অধ্যায়টো উপলক্ষ্যহে মাত্র। যিকোনো সময়তে তাত অনাকাংক্ষিত ঘটনা সংঘটিত হ'ব পৰাৰ পৰিস্থিতি এটা অন্তঃস্রোতৰ দৰে ৰচনা হৈয়ে আছিল। মূৰকত ক্ষোভৰ মাত্ৰাই চৰমসীমাত উপনীত হোৱাত উত্তেজিত লোকে মুখ্য কার্যবাহী সদস্যগৰাকীৰ ঘৰটোকে জ্বলাই দিলে যদিও বৰ্তমানৰ স্বায়ত্তশাসিত পৰিষদৰ নেতৃত্বও কিন্তু উচ্ছেদৰ বিৰোধী নাছিল।
স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা খেৰণিৰ পি জি আৰ, ভি জি আৰত দীর্ঘদিন ধৰি বসবাস কৰি থকা বিহাৰী আৰু নেপালী সম্প্ৰদায়ৰ লোকসকললৈ ইতিমধ্যে উচ্ছেদৰ জাননী দিয়া হৈছিল। কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া অন্তৰ্ৱর্তী স্থগিতাদেশৰ বাবে উচ্ছেদ বন্ধ ৰখা হৈছে। অসম বিধানসভাতো বিষয়টো উত্থাপিত হৈছিল। তেতিয়া সদনত ৰাজহ মন্ত্ৰীয়ে কৈছিল যে খেৰণিৰ পি জি আৰৰ ভূমিত ১৯৮৯টা পৰিয়ালে বাস কৰি আছে। তেওঁলোকৰ জনসংখ্যা প্রায় ৯ হাজাৰ। পকীঘৰ আছে ৮৩৪টা। এই বেদখলকৃত ভূমিত লোকসকলক সংস্থাপিত কৰাৰ অভিযোগত ১০জন গাঁওবুঢ়াক স্বায়ত্ত শাসিত পৰিষদে নিলম্বন কৰিছে। এইটো স্বায়ত্তশাসিত পৰিষদৰ এক্তিয়াৰৰ বিষয়। ইয়াত ৰাজ্য চৰকাৰে হস্তক্ষেপ কৰিব নোৱাৰে। উল্লেখ কৰা উচিত যে ১৯৪০ চনৰ পৰা তাত বসবাস কৰা লোকসকলে ইমান দিনে তাত চৰকাৰী বহু সা-সুবিধা ভোগ কৰিয়ে বসবাস কৰি আহিছে। সেই এলেকাত বহু চৰকাৰী কাৰ্যালয়, ১১টাকৈ অংগনৱাড়ী কেন্দ্ৰ, ৩০খন বিদ্যালয়, ২৭টা মন্দিৰ, ১টা মছজিদ থকাৰ লগতে বহু লোকে প্রধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ পোৱাৰ তথ্য বিধানসভাৰ মজিয়াত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই প্রকাশ কৰিছিল। সেই লোকসকলকে এতিয়া উচ্ছেদৰ দাবী উঠিছে আৰু তাত সমর্থন আছে বৰ্তমানৰ স্বায়ত্তশাসিত পৰিষদখনৰ। সেই বাবেই কিছুদিন পূর্বে সেই লোকসকলক পৰিষদে উচ্ছেদৰ জাননী দিছিল আৰু লোকসকলক সংস্থাপন দিয়াৰ অপৰাধত ১০জন গাঁওবুঢ়াক নিলম্বন কৰিছিল। কিন্তু উচ্ছেদৰ জাননী দিলেও বা মনেৰে সেই লোকসকলক তাৰ পৰা আঁতৰাই পঠিয়াব বিচাৰিলেও বৰ্তমানৰ বিজেপি শাসিত পৰিষদখনৰ বাবে এই লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাটো ইমান সহজো নহয়। কাৰণ সেই লোকসকল 'বাংলাদেশী মুছলমান' নহয়, ভাৰতীয়। বাঙালী, বিহাৰী, নেপালীক উচ্ছেদ কৰাটো আজিৰ তাৰিখত সহজ কথা নহয়। উচ্চ ন্যায়ালয়ৰ অন্তৰ্ৱর্তী নির্দেশ নাথাকিলেও ৰাজনৈতিক বাধ্য বাধকতাৰ বাবেও পৰিষদে হয়তো বিষয়টোত মূৰকত আপোচ কৰিব লগা হ'লহেঁতেন। এনেধৰণৰ সংঘাতবিলাকৰ বাবেই ভিতৰি ভিতৰি পৰিস্থিতিবোৰ জটিল হ'বলৈ লৈছে। জাতি-মাটি ভেটিৰ শ্ল'গান দি খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ কথা কোৱা সহজ, কিন্তু যেতিয়া 'এক ভাৰতীয়'ৰ কথা আহে তেতিয়া বিষয়টো জটিল হৈ পৰে। কিছুমান জনগোষ্ঠীয়ে নতুনকৈ অনুসূচিত জাতিৰ মৰ্যাদা বিচাৰিছে, ষষ্ঠ অনুসূচীভুক্ত হোৱাৰ দাবী তুলিছে।
অন্যহাতে, ষষ্ঠ অনুসূচীভুক্ত হৈ থকাসকলে নিজৰ সেই অধিকাৰ, মৰ্যাদা ৰক্ষাৰ বাবে সংগ্রাম কৰিব লগা হৈছে। এনেকুৱা দাবীবোৰ প্ৰবল হৈ গৈ থকাৰ লগে লগে সংঘাতৰ মাত্রা বৃদ্ধি পাই গৈ আছে। বহু দিন কাষতে থকা মানুহবোৰ নতুনকৈ শত্রু হৈ পৰিছে। কাৰ্বি আংলঙৰ পৰিস্থিতি এনেকুৱা সংঘাতৰে এক অৱশ্যম্ভাৱী পৰিণতি। কেৱল কাৰ্বি আংলঙতে নহয়, ৰাজ্যৰ অন্যান্য স্থানতো বিশাল পৰিমাণৰ পি জি আৰ, ভি জি আৰৰ ভূমিত একে ধৰণেই বেদখল হৈ আছে। কাৰ্বি আংলঙৰ ঘটনাই এটা সকীয়নি দিছে। এই বেদখল সন্দৰ্ভত চৰকাৰে এটা স্পষ্ট নীতি নির্ধাৰণ কৰিব লাগিব। খেনোক দেখি ৰন্ধা বঢ়া, খেনোক দেখি দুৱাৰ মৰা নীতি চৰকাৰে ল'ব নোৱাৰে। চৰকাৰে বিষয়টোৰ কেনেকৈ সমাধান কৰে সেইটো লক্ষণীয় হ'ব।