আজিৰ সম্পাদকীয় বজাৰত জুই

dainik janambhumi December 04, 2025

ডিজিটেল ডেস্ক : আঘোণ মাহৰ সময়। ফচল চপাই চহা অসমীয়াৰ ন-খোৱাৰ বতৰ এয়া। কাজেই বজাৰতো খৰালিৰ বিবিধ পাচলি, মাছ-মাংসৰে উভৈনদী হোৱাৰে সময়। পিছে আত্মনিৰ্ভৰ ভাৰত, আত্মনিৰ্ভৰ অসম ইত্যাদি চৰকাৰী শ্ল'গানক ধোঁৱাচাঙত উঠাই এতিয়া বজাৰত জ্বলিছে চৰা দামৰ জুই। বিশেষকৈ দাম বৃদ্ধিৰ হাতোৰাত বন্দী খাটিখোৱা জনতাৰ মূৰত মাধমাৰ শোধাই এইবাৰ কণীৰ অস্বাভাৱিক চৰা দামে চকু কপালত তুলিছে সকলোৰে। মাত্র এটা মাহতে কণীৰ দৰ আচৰিত ধৰণে বৃদ্ধি পোৱাক লৈ শেহতীয়াকৈ সৃষ্টি হৈছে ৰহস্যৰ। ব্যৱসায়ীয়ে চাহিদা অনুসৰি যোগান কম হোৱাৰ অজুহাত দেখুৱাই উৎসতে দাম বৃদ্ধি হোৱা বুলি কণীৰ দাম হোৰাহোৰে বৃদ্ধি কৰিছে। কিন্তু এনে ব্যবসায়ীক নাকী লগাবলৈয়ো অসমত যোগান বিভাগ নামৰ এটা বিভাগ যে আছে তাক লৈ সন্দেহহে প্রকাশ হয়। উল্লেখযোগ্য যে অসমত বছৰি কণীৰ চাহিদা ৫৬০ কোটিৰ। কিন্তু ঘৰুৱা উৎপাদন হয় মাত্র ৪৭.৫০ কোটিৰ।

তেনে প্রেক্ষাপটত অসমে যোগাৰ কৰিব নোৱৰা ৫১২.৫ কোটিৰ কণী আহে বহিঃৰাজ্যৰ পৰা। কণীৰ যোগান আৰু চাহিদাৰ মাজত এক বৃহৎ ব্যৱধান থকাৰ বাবেই সময়ে সময়ে কণীৰ দাম বৃদ্ধি হয় বুলি ব্যবসায়ীয়ে অজুহাত দেখুৱালেও আচলতে কণীৰ দামৰ ক্ষেত্ৰত এক বৃহৎ ছিণ্ডিকেট চলি থকাৰ কথা সকলোৱেই জানে। উল্লেখযোগ্য যে অন্ধ্র প্রদেশ আৰু পশ্চিম বংগৰ পৰাই মূলতঃ অসমলৈ কণীৰ আমদানি হয়। এমাহ পূর্বে অন্ধৰ পৰা অহা প্রতিপ্লেট কণীৰ খুচুৰা দাম আছিল ১৮০ টকা। কিন্তু আজিৰ দিনটোত ঠাইভেদে প্রতিপ্লেট কণীৰ খুচুৰা দাম ২৬০ টকালৈ ঊর্ধ্বমুখী হৈছে। চিৰাঙত উৎপাদিত প্রতিপ্লেট কণীৰ দাম এমাহত ২০০ টকাৰ পৰা হঠাতে ২৭০ টকা হৈছেগৈ। ইফালে জনপ্রিয় হৈ পৰা যোৰহাটৰ বাহুবলী কণীৰ দাম প্রতিপ্লেটত এমাহ পূর্বে ২৫০ টকা আছিল যদিও বর্তমান বাহুবলী কণী প্রতি প্লেটত তিনিশ টকাকৈ ক্ৰয় কৰিব লগা হৈছে খুচুৰা বজাৰত। আনকি বর্ধিত দামৰ বাবেই খুচুৰা বজাৰত বাহুবলী কণী বিক্ৰীৰ বাবে আনিব নোৱৰা হৈছে ব্যবসায়ীয়ে। সাত টকাৰ একোটা কণী হঠাতে দহ টকাৰ হোৱাক লৈ গ্রাহকে মূৰে-কপালে হাত দিবলগীয়া হোৱাই নহয়, খুচুৰা ব্যৱসায়ীয়েও অভিলেখ সৃষ্টি কৰা এই দাম বৃদ্ধিক লৈ সংকটৰ সন্মুখীন হৈছে। ১৪০০ টকাৰ কণীৰ কাৰ্টন ১৬০০ টকাত কিনিবলগীয়া হোৱা খুচুৰা ব্যৱসায়ীৰ বাবেও এয়া লোকচানৰ সময়। সততে আত্মনিৰ্ভৰশীলতাৰ কথা কোৱা চৰকাৰখনৰ আমোলত পশুপালন বিভাগটোৰ গুৰুত্বক লৈ এনে সময়তে প্রশ্ন উত্থাপন হয়। চৰকাৰে নামত অনেক আঁচনি ঘোষণা কৰে যদিও পশুপালন, হাঁহ-কুকুৰা পালনৰ ক্ষেত্ৰত এতিয়াও অসম বহিঃৰাজ্যৰ ওপৰতে নিৰ্ভৰ্বশীল। আনকি নিবনুৱাক পশুপালন, হাঁহ-কুকুৰা পালনৰ ক্ষেত্ৰত উৎসাহিত কৰিব পৰাকৈ কোনো বিশেষ পদক্ষেপ গ্ৰহণ কৰিব নোৱৰা সংশ্লিষ্ট বিভাগটোৰ অদক্ষতা বা অৱহেলাৰ বাবে হাঁহ, কুকুৰা, ছাগলী পালন তথা কণী উৎপাদনৰ বাবে আগবাঢ়ি অহা নানা আত্মসহায়ক গোট, নিবনুৱা যুৱকে পিছহোঁহকিবলগীয়া হৈছে একমাত্র অর্থাভাৱত। পশু খাদ্যৰ বৰ্ধিত মূল্যই এইসকল থলুৱা উদ্যমীক জলা-কলা খুওৱাৰ বিপৰীতে পশু খাদ্যৰ নামতো কোটি কোটি টকা বহিঃৰাজ্যলৈহে গৈ আছে। বন্ধ হৈ গৈছে বহু 'হেচাৰী'। ফলত থলুৱা উৎপাদনৰ হাৰ তেনেই নিম্ন হৈয়েই আছে। অসমত যোৱা এটা দশকত মাংস উৎপাদনৰ হাৰ কেৱল ২.৯ শতাংশহে বৃদ্ধি পাইছে। কণী উৎপাদনৰ হাৰ বৃদ্ধি পাইছে যোৱা দহ বছৰত মাত্র ২.১৪ শতাংশ। অত্যাৱশ্যকীয় খাদ্য সামগ্রী তথা শাক-পাচলিৰ ক্ষেত্ৰতো একেই পৰিস্থিতি। বজাৰলৈ যোৱাৰ পূৰ্বে দহবাৰ চিন্তা কৰিব লগা হৈছে খাটিখোৱা সাধাৰণ জনতাই। জুই লগা বজাৰত এতিয়া যিকোনো সামগ্রী ক্রয় কৰোঁতে পূৰ্বতকৈ ৪ গুণ দাম বেছি ভৰিব লগা হৈছে। সেয়া কোনো এখন নির্দিষ্ট বজাৰৰে কথা নহয়। সমগ্ৰ ৰাজ্যতে এতিয়া একেই পৰিৱেশে। খৰালি শাক-পাচলি সাধাৰণতে উভৈনদী হয় বজাৰত। দামো সন্তোষজনক হয়। 

কিন্তু বর্তমান এই আঘোণ মহীয়া পাচলিৰ বজাৰত এতিয়াও বতৰৰ পাচলি ফুলকবি, বিলাহী, বন্ধাকবি ইত্যাদিৰ দাম প্রতিকিল'ত ৭০-৮০ টকা হৈ আছে। যোৱা বছৰ এনে সময়ত এই পাচলিৰ দাম প্রতিকিল'ত ৪০ টকালৈ নামিছিল। আন পাচলিৰ ক্ষেত্ৰতো একেই। এই পৰিস্থিতিৰ অনুসন্ধান কৰিলে মাছ, কণী, পাচলিৰ ক্ষেত্ৰত চলি থকা বৃহৎ ছিণ্ডিকেটৰাজৰ তথ্যই পোহৰলৈ আহে যদিও যোগান বিভাগটোরে এইক্ষেত্রত সদায় চকু মুদা কুলিৰ ভাওরেই লৈ আহিছে। মূল উৎসত উচিত মূল্য নাপাই কৃষকে পাচলি পেলাই দিবলগীয়া হোৱা ঘটনাৰ বিপৰীতে বজাৰত সেই একেই পাচলি ক্রয় কৰিবলৈ গৈ জনসাধাৰণে মুৰে-কপালে হাত দিবলগীয়া হোৱা পৰিৱেশে প্রমাণ কৰে চৰকাৰৰ যোগান বিভাগটোৰ নিষ্ক্রিয়তাৰ কথা। উল্লেখযোগ্য যে ৰাজ্যত কণী উৎপাদনৰ সম্পূৰ্ণ সম্ভাৱনা আছে। ৰাজ্য চৰকাৰে সক্রিয়ভাৱে উদ্যোগ ল'লে নিবনুৱা কৃষকসকলে এইক্ষেত্রত ভাল ফলাফল দেখুৱাব পাৰিব। অন্যথা চৰকাৰৰ 'আমাৰ পথাৰ, আমাৰ বজাৰ'ৰ দৰে শ্ল'গান কাগজতে আবদ্ধ হৈ থাকিব, পথাৰ বা বজাৰত কোনোদিনেই শুনা নাযাব এই শ্ল'গান।

Share This