ডিজিটেল ডেস্কঃ কোনো এক কবিয়ে অসমৰ বানক উৎসৱৰ সৈতে তুলনা কৰিছিল। কবিগৰাকীৰ মতে বছৰি যিদৰে অসমীয়া ৰাইজে জাতীয় উৎসৱ পালন কৰে, ঠিক সেইদৰে বান-উৎসৱো বছৰি আহে। নদ-নদীত বানে মাদল বজায়। পথাৰত মাছৰ উজান উঠে। আৰু তাত ব্যস্ত থাকি মানুহে ক্ষণিকৰ বাবে পাহৰি যায় জীৱনৰ সংশয়-সংগ্ৰাম আৰু প্ৰত্যাহ্বান। কোনো কোনোৱে আকৌ বানক অসুৰ বুলি অর্থাৎ 'বানাসুৰ' আখ্যা দিছে।
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই লুইতৰ বানক 'বলীয়া' বুলি অভিহিত কৰিছে। তেওঁ লুইতক লুইতৰ শক্তিৰেই বশ কৰিব বুলিও সকীয়নি দিছে। তদুপৰি বানক লৈ অসমীয়া সাহিত্যত আছে অসংখ্য গল্প, বহু উপন্যাস। সাহিত্য-গীত-কবিতাৰ অমল উৎস অসমৰ বান এতিয়া অসমীয়া ৰাইজৰ বাবে কোনো নতুন বিষয় নহয়। অতীতৰ পৰাই প্ৰতিগৰাকী অসমীয়াই বানৰ সৈতে সহাৱস্থান কৰি আহিছে। বহুতৰ মতে, পূর্বতে ই কেৱল 'বান' আছিল। লাহে লাহেহে ই সমস্যালৈ পৰিৱৰ্তিত হয়। 'বান'ৰ পৰা 'বান-সমস্যা' হোৱাৰ ক্ষেত্ৰত ভৌগোলিক কাৰণৰ লগতে মানুহৰ কেতবোৰ অবিবেচকী কাম-কাজো চামিল হৈছে। সাধাৰণতে অসমীয়া 'বান' শব্দটো আহিছে সংস্কৃত 'বন্যা'ৰ পৰা। বন (জল) আ (প্রত্যয়)= বন্যা।
ইয়াত 'আ' প্রত্যয়ে বৈ যোৱা বুজায়। সেইফালৰ পৰা ইয়াৰ অৰ্থ পানীৰে উপচি পৰা, প্লাৱন বা জলচ্ছাস। অসমীয়াত হুৰহুৰাই বেগেৰে বৈ আহি তথা বৰকৈ বাঢ়ি নৈৰ পাৰ বুৰাই পেলোৱা পানীৰ ধলেই হৈছে বানপানী। বানৰ এই গতি-প্রকৃতিৰ ওপৰত ভিত্তি কৰি ইয়াক কেইবাপ্ৰকাৰতো ভাগ কৰা হৈছে। সেই অনুসৰি 'নদী বানপানী' (River Flood, অতিপাত বৰষুণৰ ফলত নদী উপচি বিস্তৰ ক্ষতি কৰা বান), 'উপকূলীয় বানপানী' (Coastal flood, উপকূলীয় অঞ্চলসমূহত তীব্র বতাহ-ধুমুহাৰ ফলত উচ্চ জোৱাৰৰ বাবে হোৱা বান), 'নগৰীয়া বানপানী' (Ur-ban Flood, চহৰ বা নগৰ অঞ্চলত পানী নিষ্কাশন ব্যৱস্থাই চম্ভালিব নোৱৰাত উপচি পৰা বান), 'ক্ষন্তেকীয়া বানপানী' (Flash Flood, প্রবল বৰষুণত ঠেক ভূখণ্ডত হঠাৎ আৰু দ্রুতগতিত হোৱা বান), 'গ্লুভিয়াল বান' (Pluvial flood, অত্যধিক বৰষুণৰ ফলত চহৰ অঞ্চলত হোৱা বানপানী), 'বান্ধ ভঙা বান' (Dam breaking floods, বান্ধ ভাঙি জলাশয় আদিৰ পৰা হঠাৎ ওলাই অহা বান), 'বিপর্যয়জনক বানপানী' (Catastrophic flooding, প্রচণ্ড বৰষুণ, ভূমিস্খলন, নদীবান্ধ আদিৰ পৰিপ্ৰেক্ষিতত ব্যাপক ধ্বংসলীলা চলোৱা তথা মানুহ, জীৱ-জন্তুৰ জীৱন পর্যন্ত কাঢ়ি নিয়া বান) আদি।
কোৱা হয়- ১৯৫০ চনৰ বৰভূঁইকপৰ আগলৈকে অসমৰ বান ইমান প্রাণনাশী নাছিল। কিন্তু বৰভূঁইকঁপত ব্ৰহ্মপুত্ৰকে ধৰি বহু নদীৰ বুকু বাম হৈ পৰাৰ পাছত বৰষুণৰ পানীৰে নদীবোৰ উপচি পৰাই নহয়, দুয়োপাৰৰ বিস্তীর্ণ অঞ্চল বুৰাই সংহাৰ চলাবলৈ ল'লে। মানুহৰ ঘৰ-দুৱাৰ, জীৱ-জন্তু, খেতি-পথাৰ আদি উটুৱাই নি সীমাহীন সমস্যাৰ সৃষ্টি কৰিলে। অর্থাৎ বান মানুহৰ এৰাব নোৱৰা 'সমস্যা' হৈ পৰিল। ১৯৫০ চনৰ পাছত অসমত প্রায় বছৰি প্রলয়ংকৰী বানে তাণ্ডৱ চলাই আহিছে। বিশেষকৈ ১৯৫৪, ১৯৬২, ১৯৭২, ১৯৭৭, ১৯৮৪, ১৯৮৮, ১৯৯৮, ২০০২, ২০০৪, ২০১২, ২০১৩, ২০১৫, ২০১৬, ২০১৭, ২০১৮, ২০১৯ আৰু ২০২০ চনত বানে ধনে-জনে অধিক ক্ষতিসাধন কৰে। ২০২২ চনত ৰাজ্যখনৰ প্ৰায় ৩২খন জিলাত ৫.৫ মিলিয়ন লোক বানত ক্ষতিগ্রস্ত হৈছিল। ২০২৩ চনতো প্রায় ২২খন জিলাৰ লোক বানৰ কবলত পৰিছিল। ৰাষ্ট্ৰীয় বান আয়োগৰ তথ্য মতে, অসমৰ ৪০ শতাংশ অঞ্চলতেই (৩১.০৫ লাখ হেক্টৰ ভূমি) বছৰি বানৰ সংহাৰ চলে। সেই অনুসৰি ৰাজ্যৰ মুঠ ৭৮.৫২৩ লাখ হেক্টৰ ভূমিৰ ৩৯.৫৮ শতাংশ অর্থাৎ ৩১.০৫ লাখ হেক্টৰ বানৰ কবলত পৰে। সৰ্বভাৰতীয় পৰ্যায়ত দেশৰ মুঠ বানপ্ৰৱণ অঞ্চলৰ ৯.৪০ শতাংশ ভূমি হ'ল অসমৰ আনহাতে ইছৰ'ৰ তথ্য মতে, ১৯৯৮ৰ পৰা ২০১৫ চনলৈ অসমৰ ভূ-খণ্ডৰ প্ৰায় ৩০ শতাংশ অঞ্চল (২২.৫৪ লাখ হেক্টৰ ভূমি) বানৰ কবলত পৰিছে। তদুপৰি বছৰি বানত গড়ে ৯.৩১ লাখ হেক্টৰ ভূমি প্ৰভাৱিত হয়। সি যি নহওক, লক্ষণীয় কথাটো হ'ল- অসমত বছৰি ৩/৪ বাৰকৈ বানে সংহাৰ চলায়, যি ৰাজ্যখনৰ অর্থনৈতিক ক্ষেত্ৰখনত যথেষ্ট প্রভাৱ পেলায়। বিশেষকৈ অসমৰ প্ৰধান নদী ব্ৰহ্মপুত্র, বৰাক আৰু ইয়াৰ ৫০খনতকৈও অধিক উপনৈৰ বাঢ়নী পানীয়ে ধ্বংসলীলাৰ সৃষ্টি কৰি আহিছে। প্রশ্ন হয়- এই বান সমস্যাৰ পৰা অসমবাসীয়ে পৰিত্ৰাণ পাব কেতিয়া? ইয়াৰ উত্তৰ বিচাৰিয়েই অসমৰ জাতীয়তাবাদী দল-সংগঠনে দীর্ঘদিন ধৰি অসমৰ বান-সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দি ব্যৱস্থা ল'বৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছে। কিন্তু কেন্দ্ৰই ডাঙৰ পুখুৰী খান্দি অসমৰ বান সমস্যাৰ সমাধান কৰিব বুলি যেতিয়া কয়, তেতিয়া সমগ্র বিষয়টোৱেই পাতল হৈ পৰে। কিয়নো অসমৰ বান সমস্যাৰ প্ৰকৃত কাৰণ উদ্ভাৱন নকৰাকৈ ইয়াৰ সমাধানৰ উপায় ঘপহকৰে কৈ দিয়াটো বাতুলতা মাত্র। বর্তমান লাহে লাহে অসমৰ বান সমস্যাটো অধিক জটিল হৈ আহি আছে। বিশেষকৈ জলবায়ুৰ পৰিৱৰ্তন, নদীবান্ধ-মথাউৰিৰ নিৰ্মাণ আদিয়ে এই জটিলতা বৃদ্ধি কৰি গৈ আছে। অলপতে প্রকাশিত এক গৱেষণাৰ প্ৰতিবেদন মতে, জলবায়ুৰ পৰিৱৰ্তনৰ ফলত ব্ৰহ্মপুত্ৰৰ উৎপত্তিস্থলত হিমবাহ বেছিকৈ গলিবলৈ ধৰিছে। ফলত তিব্বতত মাটিও খহিবলৈ লৈছে।
এই মাটিক সামৰি ব্ৰহ্মপুত্ৰই ২,৯০০ কিল'মিটাৰজুৰি কঢ়িয়াই আনে বৃহৎ পৰিমাণৰ পলস। ভৈয়ামত এই পলস নদীখনৰ বুকুত জমা হোৱাৰ উপৰি ইয়াৰ আন আন উপনৈসমূহলৈও প্ৰসাৰিত হয়। ফলত সকলো নদীৰ বুকু বাম হৈ পৰে আৰু প্ৰায় সকলো নদীতে খহনীয়াৰ সৃষ্টি হয়। বর্তমান এই খহনীয়াও এক প্রধান সমস্যা হৈ পৰিছে ৰাজ্যবাসীৰ বাবে। ২০১৫ চনত অসম চৰকাৰে প্ৰকাশ কৰা তথ্য মতে, ৰাজ্যখনত বছৰি প্ৰায় ৮ হাজাৰ হেক্টৰ ভূমি খহনীয়াত জাহ গৈছে। ১৯৫৪ চনৰ পৰা খহনীয়াত জাহ গৈছে ৩৮০০ বর্গ কিল'মিটাৰতকৈও অধিক কৃষিভূমি। এই বান-খহনীয়াৰ ধ্বংসলীলাত নদীবান্ধসমূহেও প্রভূত অৰিহণা যোগাইছে। নীপকো, কাৰ্বি লাংপি, খাংদং, উমৰং, ভূটানৰ কুৰিষ্ণু আদি বান্ধৰ দ্বাৰা অসমত কেনেধৰণৰ প্ৰভাৱ পৰে সেয়া সকলোৱে দেখি আহিছে। যোৱাকেইদিনত অসমত সংহাৰ আৰম্ভ কৰা বছৰৰ প্ৰথমটো বানৰ উৎসও কুৰিশ্বক বাদ দি এই বান্ধকেইটাই। এতিয়া শেহতীয়াকৈ নির্মাণ প্রায় সম্পূর্ণ হোৱা নামনি সোৱণশিৰি বান্ধো এক বৃহৎ আশংকা আৰু দুর্ভাবনা হিচাপে থিয় দি ৰৈছে। নীপকোৰ তিনিখন মাত্র গে'টেৰে পানী এৰি দিওঁতেই ৰঙানদীপৰীয়াৰ জীৱন তচনচ হৈ পৰিল। কাৰ্বি লাংপিৰ পানীয়ে গোটেই কপিলীপৰীয়াৰ মাজত আজিও তাণ্ডৱ অব্যাহত ৰাখিছে। তেনেক্ষেত্রত বৃহৎ নদীবান্ধ নামনি সোৱণশিৰি প্ৰকল্পৰ ৯খন গে'টেৰে পানী এৰি দিবলৈ হ'লে কি অৱস্থা হ'ব সেয়া এবাৰ কল্পনা কৰকচোন...!