বৈদেশিক নীতিৰ পুনৰীক্ষণৰ প্ৰয়োজন

dainik janambhumi March 13, 2026

ডিজিটেল ডেস্ক : যুদ্ধকালীন পৰিস্থিতিত বয়বস্তুৰ মূল্য বৃদ্ধি হোৱাটো নতুন কথা নহয়। কিন্তু এনে মূল্য বৃদ্ধি যদিহে এৰাই চলাৰ উপায় থাকে তেন্তে তেনে কৌশল অৱলম্বন কৰিলে দেশৰ সৰ্বসাধাৰণ উপকৃত হয়। কিন্তু সাম্প্রতিক ভাৰতবৰ্ষত পেট্রল-ডিজেল-বন্ধন গেছ আদিৰ সাম্প্রতিক যি নাটনি আৰু মূল্য বৃদ্ধি তাৰ কাৰণে ভাৰতৰ পৰিৱৰ্তিত বৈদেশিক নীতি বহুলাংশে দায়ী। এই কথা স্পষ্ট হৈ পৰিছে যে ভাৰতে ইজৰাইল আৰু মধ্যপ্রাচ্য সম্পর্কীয় নীতি আমেৰিকাৰ হেঁচাত পৰি সলনি কৰিব লগা হৈছে। ঠিক যুদ্ধ আৰম্ভ হোৱাৰ আগে আগে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইল ভ্ৰমণ কৰা, তাৰ ৰাষ্ট্ৰীয় বঁটা গ্রহণ কৰা কাৰ্য এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমালোচিত হৈছে। আমেৰিকা-ইজৰাইলৰ যৌথ ইৰান আক্ৰমণৰ ফলাফল এই দুয়ো দেশে আশা কৰাৰ বিপৰীতে গৈছে। এখন দেশৰ ৰাষ্ট্ৰ প্রধানক হত্যা, বালিকা বিদ্যালয়ত বিস্ফোৰণ ঘটাই শতাধিক কিশোৰী ছাত্ৰীক হত্যা কৰা, চিকিৎসালয়ত আক্রমণ কৰা আদি ঘটনাই আজি ইজৰাইল আৰু আমেৰিকাক বিশ্ববাসীৰ ঘৃণাৰ পাত্ৰ কৰি তুলিছে। ইউৰোপৰ কোনো ৰাষ্ট্ৰই আমেৰিকা-ইজৰাইলৰ যুদ্ধ প্রচেষ্টাত সহযোগ কৰা নাই, বৰঞ্চ বিৰোধিতাহে কৰিছে।

নিজ দেশৰ ভিতৰতে ড'নাল্ড ট্রাম্প গৰিহণাৰ পাত্ৰ হৈছে। আমেৰিকাৰ মহানগৰসমূহত যুদ্ধবিৰোধী প্রদর্শন অব্যাহত আছে। একে দশাই হৈছে ইজৰাইলবো। ইজৰাইলৰ নাগৰিকে প্রধানমন্ত্রী নেতান্যাহুক তীব্র সমালোচনা কৰিছে। অধিকাংশ ইজৰাইলী নাগৰিক দেশ এৰি পলাবলৈ বাধ্য হৈছে। ইজৰাইলৰ যি গতি হৈছে সেয়া পূৰাবলৈ বহু বছৰ লাগিব। ইৰানে এনে উগ্র ৰূপ ধাৰণ কৰিব; সেই কথা আমেৰিকা-ইজৰাইল কোনেও যুদ্ধ আৰম্ভ কৰাৰ আগতে ধাৰণা কৰা নাছিল। ইৰানেও দীর্ঘকালীন গোপন প্রস্তুতিৰে 'মৰিলে স্বৰ্গ তৰিলে দেশ' বাণী স্মৰণ কৰি মৰণপণ সংগ্ৰামত নামিছে। আমেৰিকা-ইজৰাইলৰ সকলো দুৰ্বলতাৰ সুযোগ গ্রহণ কৰি মোক্ষম আঘাত হানিছে। আমেৰিকাৰ সবাতোকৈ ডাঙৰ ক্ষতি হ'ল মধ্যপ্রাচ্যত থকা সামৰিক ঘাটিবোৰ ধ্বংস হোৱাটো। অতদিনে মধ্যপ্রাচ্যৰ তেল উৎপাদক দেশসমূহক নিজাকৈ প্ৰতিৰক্ষা ব্যৱস্থা গঢ়িবলৈ নিদি আমেৰিকাই সেই দেশসমূহৰ সুৰক্ষাৰ দায়িত্ব লৈ নিজৰ সামৰিক ঘাটি স্থাপন কৰিছিল। ইৰানে সেই ঘাটিবোৰ ভাঙি দিয়াত নিজৰ সুৰক্ষা সম্পৰ্কত আৰব দেশসমূহে নতুনকৈ চিন্তা কৰিব লগাত পৰিল। এয়া আমেৰিকাৰ বাবে এটা নতুন প্রত্যাহ্বান। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পক বন্ধু বুলি গণ্য কৰে। কিন্তু ড'নাল্ড ট্রাম্পৰ ভাৰত সম্পৰ্কীয় আৰু প্রধানমন্ত্রী মোদী বিষয়ক কেতবোৰ মন্তব্য অত্যন্ত স্পৰ্শকাতৰ আৰু গর্হিত। এখন বিদেশী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিয়ে আন এখন দেশৰ প্ৰধানমন্ত্ৰীৰ বিষয়ে এনে অসৌজন্যমূলক আৰু নিম্ন কচিৰ মন্তব্য কৰিব নালাগে। ভাৰতে আমেৰিকাৰ প্রতি কোনো শত্রুতামূলক আচৰণ নকৰা সত্ত্বেও ট্রাম্পে অত্যধিক পৰিমাণে ভাৰতীয় সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰিছে। ভাৰতীয় বৈদেশিক বাণিজ্য আৰু সম্পৰ্কৰ অৱনতি হ'ব পৰা ধৰণৰ কেতবোৰ চৰ্ত আৰোপ কৰি বাণিজ্য চুক্তি কৰিবলৈ বাধ্য কৰিছে। ইয়াৰ ফলত ভাৰতীয় অর্থনীতিলৈ সংকট আহিছে, চেয়াৰ বজাৰৰ পতন হৈছে, টকাৰ মূল্য অধিক হ্রাস পাইছে। অৱশ্যে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে ট্রাম্পৰ শুল্ক নীতি নাকচ কৰিছে। এনে এক পৰিস্থিতি ট্রাম্পৰ ভাৰত নীতি সম্পৰ্কত এটা পুনৰ পৰ্যালোচনা কৰি ভাৰতে সিদ্ধান্ত ল'ব লাগিছিল।

পৰিতাপৰ কথা এয়ে যে এই ক্ষেত্রত ভাৰত চৰকাৰ এতিয়াও তৎপৰ হৈ উঠা নাই। ইৰানে হৰমুজ প্রণালী বন্ধ কৰি দিয়াত ইউৰোপ-এছিয়াৰ বিভিন্ন দেশত তৈল সম্পদৰ তীব্র সংকট হৈছে। ভাৰতে পুনৰ ৰাছিয়াৰ পৰা তেল ল'ব লগা হৈছে। যিটো কিছুদিনৰ আগতে ট্রাম্পৰ চৰ্তমতে বন্ধ কৰা হৈছিল। এই ক্ষেত্ৰত ৰাছিয়াৰ পৰা তেল আমদানি কৰাৰ বাবে আমেৰিকাৰ অনুমতি ল'ব লগা হোৱাটো ভাৰতৰ পক্ষে অপমানজনক বিবেচিত হৈছে আৰু তাকে কৰা বাবে বৰ্তমানৰ চৰকাৰ আৰু প্ৰধানমন্ত্ৰী দেশৰ ভিতৰত কটু সমালোচনাৰ সন্মুখীন হ'ব লগা হৈছে। যি বৈদেশিক নীতিয়ে দেশৰ স্বাধীনতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি সৃষ্টি কৰে তেনে বৈদেশিক নীতিক দেশৰ জনসাধাৰণে অনুমোদন কৰিব নোৱাৰে। ক্ষমতাধিষ্ঠ চৰকাৰে যদি তেনে নীতি অবলম্বন কৰে আৰু ৰাইজৰ ওপৰত জাপি দিব খোজে তেন্তে তেনে ব্যৱস্থাৰ প্ৰতিবাদ হ'বই। ৰাছিয়াই আগতে ৰেহাই মূল্যত ভাৰতক খাৰুৱা তেল দিছিল কিন্তু ট্রাম্পৰ হেঁচাত ভাৰতে বৈদেশিক নীতি আকস্মিকভাৱে পৰিৱৰ্তন কৰাত ৰাছিয়াই পূৰ্বৰ ৰেহাই প্রত্যাহাৰ কৰাই নহয় নতুনকৈ শুল্কও আৰোপ কৰিছে। এই বর্ধিত মূল্যৰ বোজা ব'ব লাগিব দেশৰ সাধাৰণ ক্রেতা-জনতাই। ভাৰতৰ দুৰ্বল অর্থনীতিৰ ওপৰত অতিৰিক্ত হেঁচা পৰিব। এনে আন আৰু বহু সমস্যাৰ উদ্ভৱ হ'ব যদিহে ভাৰত চৰকাৰে ট্রাম্পৰ বৈষম্যমূলক ভাৰত নীতিৰ বিৰোধিতা নকৰে। যদি আমেৰিকাৰ বাবে আমেৰিকা ফাৰ্ষ্ট বা প্রথম হ'ব পাৰে তেন্তে ভাৰতৰ বাবে বৈদেশিক নীতিৰ ক্ষেত্ৰত ভাৰতৰ স্বার্থই অগ্রাধিকাৰ পাব লাগিব।

Share This