বন্ধু-ভাষা

Dainik Janambhumi December 23, 2024

‘অসমীয়া ভাষাক মৰম কৰিলেও ইংৰাজী ভাষাক শত্ৰু হিচাপে গণ্য কৰিব নালাগে৷ ইংৰাজী আমাৰ শত্ৰু নহয়, অন্য কিছুমান আঞ্চলিক ভাষাহে অসমীয়া ভাষাৰ শত্ৰু’– যোৱা শনিবাৰে [২১ ডিচেম্বৰ, ২০২৪] কটন বিশ্ববিদ্যালয়ত এখন গ্ৰন্থ উন্মোচন সভাত প্ৰাক্তন অধ্যাপক, বিশিষ্ট সাহিত্যিক অৰূপ কুমাৰ দত্তই দিয়া ভাষণত উল্লেখ কৰা উক্ত কথাখিনি আমাৰ জাতীয় জীৱনৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ক’ব পাৰি৷

বহুতেই জানে যদিও নজনাসকলক জনাই থোৱা উচিত হ’ব যে অসমক মনে-প্ৰাণে ভাল পোৱা অৰূপ কুমাৰ দত্ত যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ইংৰাজী বিষয়ৰ অধ্যাপক আছিল৷ বিখ্যাত ‘দ্য ব্ৰহ্মপুত্ৰ’, ‘চা গৰম’, ‘ দ্য কাজিৰঙা ট্ৰেইল’, ‘ইউনিকৰ্নিষ্ট’কে ধৰি ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় স্তৰত প্ৰসিদ্ধি লভা ভালেমান গ্ৰন্থৰ লেখক অৰূপ কুমাৰ দত্ত সংবাদ ক্ষেত্ৰখনৰ লগতো ওতপ্ৰোতভাৱে জড়িত এগৰাকী ব্যক্তি আৰু লেখক হিচাপে অৱদানৰ স্বীকৃতি হিচাপে একাধিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান তেখেতে লাভ কৰিছে৷

তেনে এগৰাকী ব্যক্তিয়ে আমাৰ জাতীয় জীৱনত ভাষাৰ প্ৰভাৱ সম্পৰ্কে দিয়া মন্তব্যৰ বিশেষ গুৰুত্ব থাকে৷ ‘শিক্ষাৰ মাধ্যম’ক লৈ অন্তহীন বিতৰ্কই আমাৰ জাতীয় জীৱনক সময়ে সময়ে উত্তাল কৰি আহিছে৷ ১৯৬০ আৰু ১৯৭২ চনত দুটা প্ৰবল গণ আন্দোলন হৈছিল ভাষাৰ মাধ্যমক লৈ৷ তাৰ যিবিলাক সুপ্ৰভাৱ আৰু কুপ্ৰভাৱ জাতীয় জীৱনত পৰিল, সেই বিষয়ৰ আলোচনা বহুত হৈছে, ইয়াত তাৰ পুনৰুল্লেখ¸ কৰিব খোজা হোৱা নাই, কিন্তু দেখা গৈছে যে আজিও ভাষাৰ মাধ্যম বিষয়ৰ আলোচনা হ’লে কিছুমানে ইংৰাজীক পোনপটীয়াকৈ আক্ৰমণৰ চেষ্টা কৰে আৰু ইংৰাজী ভাষাক অসমীয়া ভাষাৰ শত্ৰু হিচাপে চিহ্নিত কৰিব খোজে৷ আচলতে কোনো ভাষাই কাৰো শত্ৰু নহয়৷ যিমানেই বেছি ভাষা জনা যায়, সিমানেই জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰাৰ সুযোগ ওলায়৷ মহাপুৰুষ শংকৰদেৱে সংস্কৃত ভাষা আয়ত্ত কৰা বাবে ভাৰতীয় বিখ্যাত আধ্যাত্মিক গ্ৰন্থসমূহ বিস্তৃতভাৱে অধ্যয়ন কৰি সিবিলাকৰ মন্থনেৰে কীৰ্তন-দশম সৃষ্টি কৰি জাতীয় জীৱনৰ মণিকূটত সেই অপূৰ্ব সৃষ্টি স্থাপন কৰি থৈ গ’ল৷

ৰাজ্যৰ চৌদিশে কাঠফুলাৰ দৰে গঢ় লৈ উঠা ইংৰাজী মাধ্যমৰ বিদ্যালয়বোৰৰ প্ৰসাৰ বৃদ্ধি হৈ অহাৰ লগে লগে মাধ্যম-কেন্দ্ৰিক বিতৰ্কও বৃদ্ধি পাই গৈ আছে৷ এই বিতৰ্কৰ সময়ত বিচক্ষণ ব্যক্তিসকলে এটা মতেই দি আহিছে যে আইৰ মুখৰ ভাষাটোৰেই শিশুসকলক আনুষ্ঠানিক শিক্ষাৰ আদিপাঠ দিব লাগে৷ সেই অনুসৰি বৈচিত্ৰ্যপূৰ্ণ আমাৰ ৰাজ্যখনত বিভিন্ন জাতি-জনগোষ্ঠীৰ শিশুসকলৰ আনুষ্ঠানিক শিক্ষা নিজস্ব মাতৃভাষাসমূহেৰে হ’ব লাগিছিল৷ কিন্তু সেই শৈক্ষিক পৰিৱেশ সকলো জাতি-জনগোষ্ঠীয়ে সমানে গঢ়ি ল’ব নোৱৰা বাবে বৰ অসমৰ আনুষ্ঠানিক আধুনিক শিক্ষাৰ মূল ভেটিটো অসমীয়া, বাংলা আৰু ইংৰাজী ভাষাৰে আৰম্ভ হৈছিল৷ পিছলৈ হিন্দী আহিল৷ কিন্তু বিভিন্ন কাৰণত বৰ অসমৰ অন্য বহু জনগোষ্ঠীয়ে অসমীয়া এৰি ইংৰাজী আৰু হিন্দীক আঁকোৱালি ল’লে৷ অসমৰ বৰ্তমানৰ ভূ-খণ্ডৰ মুষ্টিমেয় জাতি-জনগোষ্ঠীৰ মাজত শিক্ষাৰ মাধ্যম ৰূপে অসমীয়া বৰ্তমান বৰ্তি আছে৷ এতিয়া ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাই অহাৰ পৰিপ্ৰেক্ষিতত স্বাভাৱিকভাৱেই অসমীয়া ভাষাৰ ভৱিষ্যতক লৈ শংকাৰ সৃষ্টি হোৱা বাবে শিক্ষাৰ মাধ্যমৰ বিতৰ্কটো অধিক প্ৰবল হৈ আহিবলৈ ধৰিছে৷

১৯৬০ চনৰ ভাষা আন্দোলন বা ১৯৭২ চনৰ মাধ্যম আন্দোলনৰ সময়ত ইমান ইংৰাজী মাধ্যমৰ বিদ্যালয় নাছিল, সেই পটভূমি বেলেগ আছিল, কিন্তু এতিয়া ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠানবিলাক ‘অসমীয়া’ৰ ‘শত্ৰু’ৰ দৰে হৈ পৰা দেখা গৈছে৷ এই পৰিৱেশ ভাষাপ্ৰীতিৰ বাবে হৈছে নে অন্য কাৰণত হৈছে তাৰ অৰ্থৱহ পৰ্যালোচনা কিন্তু মাধ্যমকেন্দ্ৰিক বিতৰ্কবিলাকত দেখা পোৱা নাযায়৷ গ্ৰন্থ উন্মোচনৰ অনুষ্ঠানটোত অৰূপ কুমাৰ দত্তই এটা উদাহৰণ উল্লেখ কৰিছিল৷ তেখেতে কৈছিল যে ভাৰতীয়সকলে ইংৰাজী শিক্ষাত গুৰুত্ব আৰোপ কৰিলে, কিন্তু আমাৰ প্ৰতিৱেশী ৰাষ্ট্ৰ চীনে ইংৰাজী শিক্ষাক প্ৰশ্ৰয় নিদিলে৷ এতিয়া ইংৰাজী নজনা বাবে তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰখনত চীন পিছপৰি গৈছে, তাৰ বিপৰীতে ইংৰাজী জনা বাবে ভাৰতীয়সকলে সম্প্ৰতি বিশ্বৰ তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰখন নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে৷ এইটো এটা সৰু উদাহৰণ হ’লেও অসম তথা আমাৰ দেশৰ পৰিয়ালবিলাকে ইংৰাজী মাধ্যমত সন্তানক পঢ়ুওৱাত এনেকুৱা ধৰণৰ কিছুমান বাস্তৱসন্মত বিষয়ৰ বাবেও গুৰুত্ব দিয়ে৷

মূল কথাটো হৈছে, আমাৰ মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়বিলাকৰ শৈক্ষিক পৰিৱেশ৷ যোৱাটো শতিকাৰ শেষ দশকলৈকে আমাৰ এই বিদ্যালয়বিলাকৰ পৰিৱেশে ইংৰাজীৰ প্ৰতি এটা ভীতিগ্ৰস্ততাৰ জন্ম দিছিল৷ জীৱনত প্ৰত্যাশা অনুসৰি আগবাঢ়ি যাব নোৱৰাৰ কাৰণ ইংৰাজীৰ প্ৰতি এনে ভীতিগ্ৰস্ততা বুলিয়েই বহুতে ধাৰণা কৰে আৰু নিজৰ সন্তানসকল যাতে সেই ভীতিগ্ৰস্ততাৰ পৰা মুক্ত হয় আৰু বহল পৰিসৰৰ বাবে শিশুক উপযুক্ত কৰি গঢ়ি তুলিব পাৰে, অভিভাৱকৰ তেনে এটা মনোভাবেই ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ প্ৰসাৰৰ ভেটিটো টনকিয়াল কৰি তুলিছে৷ সেই দিশটোক অস্বীকাৰ কৰি থাকি মাতৃভাষাক শক্তিশালী কৰাৰ চিন্তা কিমান ফলপ্ৰসূ হ’ব সেয়া ক’ব পৰা নাযায়৷

বাস্তৱ সত্যটো হৈছে আমাৰ খিলঞ্জীয়া ভাষাৰ মাধ্যমৰ বিদ্যালয়বোৰত ইংৰাজীৰ লিখিত আৰু কথিত ভাষা শিক্ষাৰ পৰিৱেশ উন্নত কৰিব লাগিব আৰু ইংৰাজী মাধ্যমৰ ল’ৰা-ছোৱালীবিলাককো অসমীয়া বা অন্যান্য স্থানীয় খিলঞ্জীয়া ভাষা জনাটো বাধ্যতামূলক কৰি ইয়াৰ বাবে প্ৰয়োজনীয় পৰিৱেশ গঢ়ি তুলিব লাগিব৷ মাতৃভাষা আৰু ইংৰাজীৰ বন্ধুত্বমূলক সহাৱস্থানেৰে আগবঢ়াৰ পৰিৱেশ ৰচনা কৰিলেহে বৰ্তমানৰ প্ৰজন্ম আগবাঢ়ি যাব পাৰিব আৰু মাতৃভাষা চৰ্চাৰ ভেটিটোও অধিক শক্তিশালী হ’ব পাৰে

Share This