শোকাহত অনুৰাগী

dainik janambhumi September 27, 2025

ডিজিটেল ডেস্ক : জুবিন গাৰ্গ। দুটি আখৰৰ এটি সুৰীয়া নাম। যি নাম প্ৰতিগৰাকী অসমীয়াৰ বুকুৰ নিভৃত কোণত অহৰহ বাজি আছে। অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ, জনতাৰ শিল্পী এইগৰাকী শিল্পীৰ ৰহস্যজনক মৃত্যুত শোকস্তব্ধ এতিয়া সমগ্র দেশ। সংগীত ভালপোৱা কোনো এনে এগৰাকী ব্যক্তি হয়তো নোলাব, যিয়ে এবাৰলৈ হ'লেও এইগৰাকী শিল্পীৰ কণ্ঠৰ যাদুৰ প্ৰেমত পৰা নাই, যাৰ গীতৰ সুৰ আৰু কথাই অগণিত শ্রোতাক মন্ত্রমুগ্ধ কৰা নাই। সংগীতৰ ক্ষেত্ৰখনৰ উজ্জ্বল জোতিষ্ক এনে এগৰাকী শিল্পী, যাৰ কণ্ঠত প্ৰতিটো গীতেই প্রাণ পাইছিল, 'অমৰত্ব' লাভ কৰিছিল। তিনি দশকৰ অধিক সময় ধৰি কণ্ঠৰ যাদুৰে প্ৰজন্মৰ পাছত প্ৰজন্মক মোহাচ্ছন্ন কৰা এইগৰাকী শিল্পীৰ মহাপ্রয়াণে কেৱল অসমবাসীকেই নহয়, বিশ্বৰ অগণিত জনতাক কন্দুৱাই তুলিলে। ৩৮তকৈও অধিক ভাষাত গীত গাই জীৱন্ত কিংবদন্তি হৈ পৰা এইগৰাকী শিল্পীক হেৰুৱাই সেয়ে আজি দিকভ্ৰান্ত হৈ পৰিছে অসমীয়া জাতি। কাৰণ জুবিন গাৰ্গ কেৱল এগৰাকী গায়ক, সংগীত পৰিচালক, গীতিকাৰ, অভিনেতাই নাছিল, এইবোৰৰ ঊর্ধ্বত আছিল তেওঁ। মহান আত্মাৰ গৰাকী এই শিল্পীগৰাকীৰ মৃত্যুত সেয়ে আজি শোকত ম্রিয়মাণ প্ৰতিগৰাকী অসমীয়া। ১৯৯২ চনত মুক্তিলাভ কৰা 'অনামিকা' এলবামটিৰ জৰিয়তে সংগীতপ্রেমীৰ নয়নৰ মণি হৈ পৰা জুবিনে প্ৰথমটো এলবাম মুক্তিৰ দিনাৰ পৰাই পিছলৈ উভতি চাবলগীয়া নহ'ল। শাৰদীয় বতৰত মুক্তিলাভ কৰিছিল এলবামটিয়ে। দুর্গা পূজাৰ ষষ্ঠীৰ দিনা মুক্তিলাভ কৰা কেছেটটোৰ জৰিয়তে দেৱী বিসৰ্জনৰ দিনালৈকে সমগ্ৰ অসমজুৰি ছুপাৰহিট হৈ পৰিল 'অনামিকা'। 

জুবিনে গঢ় দিলে অসমীয়া সংগীতৰ এক নতুন ধাৰা। যি সময়ত বলিউডী গান তথা পাশ্চাত্যৰ গীতৰ প্ৰতি অসমৰ ৰাইজৰ আগ্রহ বৃদ্ধি পাইছিল, যি সময়ত বিহুৰ মঞ্চতো হিন্দী গীত শুনিবলৈহে মানুহে ভাল পাইছিল সেই সময়খিনিতেই এক বৃহৎ জোকাৰণিৰ সৃষ্টি কৰি অসমীয়া সংগীতৰ এক 'ছেনচেশ্যন'ত পৰিণত হোৱা শিল্পীগৰাকীয়েই আছিল জুবিন গাৰ্গ। প্রতিটো বিষয়তে অগাধ দখল থকা জুবিন আছিল এগৰাকী অতি দয়ালু আৰু সমাজৰ বাবে, দহৰ বাবে কাম কৰিবলৈ ওলাই অহা ব্যক্তি, যাৰ বাবে তেওঁ ৰাইজৰ হৃদয়ত এক সুকীয়া স্থান দখল কবিবলৈ সক্ষম হৈছিল। তেনে এগৰাকী মহান শিল্পীৰ মৃত্যুত সমগ্ৰ জাতিটো শোকস্তব্ধ হোৱাটো অতি স্বাভাৱিক কথা। শিল্পীগৰাকীৰ মৃত্যুৱে অসমীয়া জাতিটোৰ গুণী শিল্পীৰ প্ৰতি থকা নিভাঁজ মৰম, আদৰ কিধৰণৰ সেয়া সমগ্র বিশ্ববাসীক প্রত্যক্ষ কৰাৰ সুযোগ দিলে। জনতাৰ হৃদয়ত চিৰকাল থাকিব বিচৰা শিল্পীগৰাকীয়ে সংগীতৰ বিশাল ক্ষেত্ৰখনত একেৰাহে তিনি দশকৰো অধিক কাল ধাৰাবাহিকভাৱে শ্ৰোতাৰ প্রিয়ভাজন হৈ থাকিব পৰাটোৱে তেওঁৰ সংগীতৰ প্রতি থকা প্রেম, সাধনা আৰু পৰিশ্ৰম প্ৰতিফলিত কৰে। দিন-ৰাতি একাকাৰ কৰি এইগৰাকী শিল্পীয়ে সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে কেৱল কাম কৰি গৈছিল। বিহুৰ সময়তো অলপো জিৰণি নোলোৱাকৈ কেৱল গান গাই গৈছিল তেওঁ। একেৰাহে ত্রিশ চল্লিশ দিন নিশা উজাগৰে থাকি গান গাই যোৱা শিল্পীগৰাকীয়ে তেওঁৰ মৰমৰ শ্রোতা-দর্শকক কাহানিও নিৰাশ কৰিব নিবিচৰাৰ ফলস্বৰূপেই হয়তো স্বাস্থ্যও ভাগি পৰিছিল। ঘৰত থকা সময়খিনিতো জুবিনক মানুহে ঘেৰি ধৰি আছিল। দুখীয়া-নিচলা, ৰুগীয়া ব্যক্তিৰ লানি ধৰিছিল শিল্পীগৰাকীৰ বাসগৃহলৈ। কাৰণ এই সকলো লোকক জুবিনে শুদা হাতে ঘূৰাই পঠোৱা নাছিল। সকলোৰে সাহ হৈ থিয় দিছিল তেওঁ। মুঠতে কাৰ বাবে কি কৰা নাছিল তেওঁ। সেইবাবে হয়তো কেৱল শিল্পীৰ অভিধাৰে তেওঁক বেৰি ৰাখিব নোৱাৰি। যাৰ বাবে আজি মৃত্যুৰ এসপ্তাহ পাছতো কেৱল অসমতেই নহয়, দেশৰ বিভিন্ন প্রান্ততো কেৱল প্রিয় শিল্পীক হেৰুৱাই উন্মাদৰ দৰে হৈ পৰিছে বহু লোক। 

তীর্থভূমিত পৰিণত হৈছে তেওঁৰ সমাধি ক্ষেত্র। বহু স্থানত শিল্পীগৰাকীৰ অনুৰাগীয়ে শোকত দগ্ধ হৈ নিজকে নিঃশেষ কৰিবলৈ আত্মহননৰ দৰে চৰম পন্থা বাছি লৈছে, যি অতি দুর্ভাগ্যজনক কথা। শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰাৰ প্ৰথম দিনাই এছ আই টি আৰু চি আই ডিৰ দলে অনুৰাগীৰ তীব্র ক্ষোভৰ সন্মুখীন হ'বলগীয়া হয়। ৰাজ্যৰ ভিন্ন প্রান্তত শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায় বিচাৰি অব্যাহত আছে প্রতিবাদী কাৰ্যসূচী। তদন্তকাৰী দলক আক্ৰমণ কৰা ঘটনাও সংঘটিত হৈছে। এই সময়খিনিত সকলো পক্ষই ধৈৰ্য আৰু সংযমেৰে আগ নাবাঢ়িলে ন্যায় প্রক্রিয়াত বাধা জন্মিব পাৰে। জুবিন গাৰ্গৰ মৃত্যু অসমীয়া জাতিৰ এক অপূৰণীয় ক্ষতি, সেই কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে, কিন্তু সেইবুলি তেওঁৰ মৃত্যুত শোকাহত হৈ আত্মহননৰ পথ বাছি লোৱাটো জানো উপযুক্ত হ'ব। তেনে কৰিলে জুবিনৰ আত্মাই শান্তি জানো পাব। শিল্পীগৰাকীয়ে জানো এনে এক পৰিৱেশ হোৱাটো কামনা কৰিছিল?

Share This