ডিজিটেল ডেস্ক : উন্নয়নশীল আৰু কল্যাণকামী ৰাষ্ট্ৰ হিচাপে আমাৰ দেশৰ নেতৃত্বই বিকাশৰ দিশত আগবাঢ়োতে দেশবাসীৰ কল্যাণৰ দিশটোক গুৰুত্ব দিয়াটো প্রাথমিক দায়িত্ব হোৱা উচিত। এইক্ষেত্রত 'বহনক্ষম উন্নয়ন' অভিধাটো বিশেষভাৱে বিচার্য। বহনক্ষম উন্নয়ন হ'ল উন্নয়নমূলক প্রকল্প বা অন্য কোনো ব্যৱস্থাপনা গ্রহণ কৰা লগতে একে সময়তে পৰিৱেশ আৰু পাৰিপাৰ্শ্বিকতা সম্পৰ্কীয় দিশসমূহৰ প্ৰতি লক্ষ্য ৰখা। অর্থাৎ প্ৰদূষণৰ মাত্রা যতদূৰ সম্ভৱ কমাই ৰখা। অৰণ্য অঞ্চল, গছ-গছনি আৰু কৃষিক্ষেত্ৰক সুৰক্ষা দিয়া। নদী-পাহাৰ-পৰ্বত আদিৰ স্থিতিস্থাপকতা নষ্ট নকৰাকৈ বা ন্যূনতম ক্ষতি হোৱাকৈ নির্মাণ কার্য চলোৱা। বিশ্বত গোলকীষ উষ্ণতা বৃদ্ধি আৰু তাৰ লগত অৱধাৰিতভাৱে জড়িত বায়ুমণ্ডলত কাৰ্বন গেছৰ পৰিমাণ বৃদ্ধি তথা তাৰ প্ৰতিৰোধৰ উপায় সম্পর্কত ইতিমধ্যে বহু কেইখন আন্তর্জাতিক শীর্ষ সন্মিলন অনুষ্ঠিত হৈ গৈছে। উন্নত দেশসমূহে এই ক্ষেত্ৰত নিজৰ স্বাৰ্থৰ পৰিপন্থী কোনো ধৰণৰ চুক্তি স্বাক্ষৰ কৰা নাই। কাৰ্বনৰ মাত্রা সামান্য হ্রাস কৰিছে। আন দায়িত্ববোৰ উন্নয়নশীল ৰাষ্ট্ৰসমূহলৈ ঠেলি দিছে। এনে এটা পৰিস্থিতিত সমগ্র বিশ্বতে জলবায়ু পৰিৱৰ্তন আৰু প্ৰদূষণ সম্পর্কীয় বিষয়সমূহক লৈ বিশ্বত নানা সমস্যাৰ সৃষ্টি হৈ আহিছে।
ভাৰতবৰ্ষত বিশেষকৈ শীত কালৰ নৱেম্বৰৰ শেষ অংশৰ পৰা জানুৱাৰীলৈ প্ৰদূষণৰ ক্ষেত্ৰত দুর্দিন আৰম্ভ হয়। সমগ্ৰ উত্তৰ ভাৰতত চলে শীত লহৰ আৰু ভয়াবহ প্রদূষণ। দিল্লীত ইয়াৰ মাত্ৰা আৰু তীব্রতা আন ঠাইতকৈ অধিক। দিনে-ৰাতিয়ে কুঁৱলী। ভয়াৱহ প্রদূষণত মুখত মাস্ক নোলোৱাকৈ বাহিৰলৈ ওলাব নোৱাৰি। বহুলোক অসুস্থ হৈ পৰে। ৰোগীসকলৰ ৰোগৰ জটিলতা বাঢ়ে। শেহতীয়াকৈ দিল্লীৰ প্ৰদূষণৰ মাত্রাই সর্বকালৰ অভিলেখ ভাঙিছে। কিন্তু চৰকাৰে বিষয়টোৰ গভীৰলৈ গৈ বিবেচনা নকৰি তাৰ বাবে তণ্ডুৰী ৰন্ধন-পৰিৱেশনত বাধা আৰোপ কৰিছে। এনে ব্যৱস্থাই সাধাৰণ লোকৰ জীৱন-জীৱিকাত বিৰূপ প্রভাৱ পেলাইছে। প্রদূষণ নিয়ন্ত্রণ সম্পর্কে অধ্যয়নৰ বিষয়টো গুৰুত্বহীন হৈ পৰিছে। যোৱা কিছু বছৰত প্ৰদূষণৰ মাত্ৰাৰ যি বৃদ্ধি সেই বৃদ্ধি যদি অব্যাহত থাকে তেন্তে উত্তৰ-পশ্চিম ভাৰতত বিপর্যয় আৰু বাঢ়িব। এটা সময়ত ই প্রলয়ৰ সৃষ্টি কৰিব। হিমালয়ৰ নামনি অঞ্চলত উন্নয়ন আৰু শিল্পায়নৰ নামত চাৰি, ছয় শাখা যুক্ত পথ নিৰ্মাণৰ নামত বহু পাহাৰ ধ্বংস হৈছে। পাহাৰৰ মাজেদি সুৰংগ খান্দি সমগ্র এলেকাৰ ভূ-প্রাকৃতিক ভাৰসাম্যৰ ওপৰত আঘাত কৰা হৈছে। ফলস্বৰূপে বাৰিষা অতি বর্ষণ আৰু ডাৱৰ বিস্ফোৰণে বাটপথ, ঘৰ-দুৱাৰ খহাই আনি নামনি অঞ্চলত মহাপ্রলয়ৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ এই মাত্ৰা বাঢ়িছে। উন্নয়নৰ যি মডেলে প্রকৃতি ধ্বংস কৰে, মানুহ আৰু জৈৱ-বৈচিত্র্যৰ বিপৰ্যয় সৃষ্টি কৰে, তেনে মডেলৰ বিকল্প বিচৰাটো জৰুৰী হৈ পৰে। কিন্তু ব্যক্তিগতকৰণ আৰু একচেতিয়া পুঁজিৰ ক্রমবর্ধিত আধিপত্য অব্যাহত থাকিলে প্রকৃতিৰ বিপৰ্যয়, প্ৰদূষণৰ মাত্রা বৃদ্ধি পাবই। অসম আৰু উত্তৰ-পূৰ্বাঞ্চলো প্রদূষণ আৰু ভূ-প্রাকৃতিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত এটা যেন অনিশ্চিত আৰু ভয়াৱহ ভৱিষ্যতৰ ফালে ক্রমাগতভাৱে আগবাঢ়ি গৈছে।
পৰিৱেশ সম্পর্কীয় আইন সংশোধন কৰি বৰ্তমানৰ চৰকাৰে পুঁজিপতিসকলক অধিক মুনাফা দিব পৰা ধৰণৰ উন্নয়নৰ মডেল ঠিক কৰি ল'বলৈ এৰি দিছে। আন্তঃৰাষ্ট্ৰীয় সীমাৰ পৰা এশ কিল'মিটাৰ আঁতৰত বৃহৎ উদ্যোগ স্থাপন, জলসিঞ্চন, বিদ্যুৎ উৎপাদন প্রকল্প, ৰাষ্ট্ৰীয় পথ সম্প্ৰসাৰণত ৰাইজে আপত্তি কৰিব নোৱাৰিব। ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা আৰু সুৰক্ষাজনিত প্ৰকল্পৰ ক্ষেত্ৰত ৰাইজৰ মতামত প্রয়োজন নহ'ব। পৰিৱেশ আইন উলংঘা কৰিলেও একো কৰিব নোৱাৰিব। বনাঞ্চলতো কয়লা-তেল খনন প্রকল্প হ'ব পাৰিব। ক্রমবর্ধমান জনসংখ্যা, বর্ধিত জনসংখ্যাৰ চাহিদা, সময়ৰ প্ৰয়োজন, দেশৰ অর্থনীতিৰ বিকাশ সাধন কৰা আদি বিষয়বিলাকলৈ চালে উৎপাদন বৃদ্ধি হ'বই লাগিব। অন্যথা দেশৰ অগ্রগতি স্থবিৰ হৈ পৰিব। কিন্তু বিকাশ জনসাধাৰণৰ কল্যাণৰ সৈতে আপোচ কৰি হ'ব নালাগে। উন্নয়নৰ বাবে প্ৰকৃতি ধ্বংস কৰাৰ ফল ভুগিবলৈ আমি আৰম্ভ কৰিছোঁ। দেশত চৰকাৰী-বেচৰকাৰী নির্মাণকার্য ক্ষিপ্রগতিত বাঢ়িছে। ফলত চিমেণ্ট, ৰড আদি নিৰ্মাণ সামগ্ৰীৰ বজাৰ বাঢ়িছে। পাহাৰ ভাঙি শিল-বালি আনিছে, প্রকল্প নির্মাণৰ নামত-পথনির্মাণ সম্প্ৰসাৰণৰ নামত অৰণ্য আৰু আন ঠাইৰো, আনকি নগৰ-মহানগৰৰ গছ-গছনিও কাটি তহিলং কৰিছে। শেহতীয়াকৈ অসমত পথ নির্মাণ আৰু ফ্লাই অ'ভাৰ নিৰ্মাণৰ জোৱাৰ উঠিছে। দীঘলীপুখুৰী অঞ্চলৰ পুৰণা ঐতিহাসিক গছবোৰো কাটিব লগা হৈছে। আনফালে ৰাজ্যত উদ্যোগ প্রকল্প নিৰ্মাণৰ বাবে কাৰ্বি আংলং-উত্তৰ কাছাৰৰ হাজাৰ বিঘা মাটি পুঁজিপতি গোষ্ঠীক এৰি দিয়া হৈছে। ইয়াৰ পৰিণতিত প্ৰকৃতিৰ ভাৰসাম্য নস্ত হৈছে। মানৱসৃষ্ট প্রদূষণ বাঢ়িছে। গুৱাহাটী ইতিমধ্যেই বিশ্বৰ অতি প্ৰদূষিত চহৰসমূহৰ তালিকাভুক্ত হৈছে। প্ৰদূষণ আৰু পৰিৱেশতন্ত্ৰৰ ক্ষতিসাধনৰ যি অসুৰ, সেই অসুৰৰ ভাবুকি আমাৰ জীৱনলৈও আহিব। যি পৰিৱেশ প্ৰদূষণ আৰু পৰিৱেশতন্ত্ৰৰ স্বকীয়তা ৰক্ষাৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰিছে, ৰাইজ সেই বিষয়ত সজাগ হ'ব লাগিব। পৰিৱেশতন্ত্ৰৰ সুৰক্ষাৰ কোনো বিকল্প নাই। প্রকৃতি মাতৃস্বৰূপা। দেশকো আমি মাতৃৰূপত কল্পনা কৰোঁ, বন্দনা কৰোঁ। সেয়েহে পৰিৱেশ আৰু প্ৰদূষণ পোষকতা কৰা শক্তিসমূহক প্ৰতিৰোধ কৰাটো দেশমাতৃ সেৱাৰ সমতুল্য।