ডিজিটেল ডেস্ক : বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিল (বি টি চি)ৰ নতুন চৰকাৰৰ মুৰব্বী ৰূপে হাগ্রামা মহিলাৰীয়ে দেওবাৰে শপতগ্ৰহণ কৰি পুনৰবাৰ বড়োলেণ্ড পীপলছ ফ্রন্ট (বি পি এফ)ৰ শাসনৰ নেতৃত্ব দিবলৈ আগবঢ়া অধ্যায়টো কেৱল বি টি চি এলেকাৰে নহয়, ৰাজ্যৰ ৰাজনীতিৰ বাবেও এক গুৰুত্বপূৰ্ণ ঘটনা। যোৱা এটা দশকত ৰাজ্যৰ ৰাজনীতিৰ পৰিৱেশ ব্যাপকভাৱে সলনি হৈ কিছুমান গুৰুত্বপূৰ্ণ ৰাজনৈতিক শক্তিৰ অস্তিত্বলৈকে সংকট নমাই আনিছে। দুই দশকৰ পূৰ্বে ৰাজ্যত দপদপাই থকা ভাৰতীয় জাতীয় কংগ্ৰেছ দলে জনসাধাৰণৰ মাজত নিজৰ হৃত প্ৰভাৱ পুনৰুদ্ধাৰৰ বাবে মৰণপণ সংগ্ৰামত লিপ্ত হ'ব লগা হৈছে। তাচপাতৰ ঘৰৰ দৰে খহি পৰা দলটোৱে পুনৰ ৰাজ্যৰ ক্ষমতা পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হ'ব নে নাই, সেয়া এতিয়াও নিশ্চিত নহয়। ৰাজ্যৰ ৰাজনৈতিক-সামাজিক পৰিৱেশত ১৯৭০-৮০ দশকত ব্যাপক প্রভাৱ থকা কমিউনিষ্ট দলবোৰৰ আজি প্রায় অস্তিত্বহীন অৱস্থা। ছবছৰীয়া এটা বিশাল জাতীয় আন্দোলনৰ ভেটিৰ পৰা জন্মলাভ কৰা অসম গণ পৰিষদ দলে বিজেপিৰ বোকোচাত উঠি কথমপি ক্ষমতাৰ সোৱাদ লৈ আছে। ধর্মীয় সংখ্যালঘু এলেকাত ৰাজনৈতিক ভূমিকম্পৰ সৃষ্টি কৰি উত্থান হোৱা এ আই ইউ ডি এফ দলৰ নাওখনৰো টুলুংভুটুং অৱস্থা। এনে অৱস্থাত পাঁচ বছৰৰ পূৰ্বে ক্ষমতাৰ পৰা অপসাৰিত হোৱা আৰু মাজতে অভ্যন্তৰীণ সংঘাতত জৰ্জৰিত হোৱা, প্রতিষ্ঠা কালৰ বহুকেইজন শীর্ষ নেতাই দল ত্যাগ কৰাৰ পাছতো হাগ্রামা মহিলাৰীৰ নেতৃত্বত বি পি এফ দলটোৱে সম্মুখৰ দুটাকৈ অতি শক্তিশালী প্রতিদ্বন্দ্বী দল বিজেপি আৰু ইউ পি পি এলক প্রায় ধূলিসাৎ কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে পুনৰ বি টি চিত ক্ষমতাসীন হ'বলৈ সক্ষম হোৱাটো কম কথা নহয়। সেয়েহে, এইবাৰৰ এই ৰাজনৈতিক চমকে হাগ্রামা মহিলাৰীক এজন বিচক্ষণ ৰাজনীতিক ৰূপে প্রতিষ্ঠা কৰিলে। অৱশ্যে, ইয়াৰ আগৰটো নিৰ্বাচনতো একক বৃহৎ দল বি পি এফেই আছিল। সেইবাৰ ১৭খন আসনত জয়লাভ কৰা বি পি এফক বি টি চিত চৰকাৰ গঠন কৰাৰ পৰা বিৰত ৰাখিবলৈ ইউ পি পি এল-বিজেপিৰ মিত্ৰজোঁট গঠন হৈছিল আৰু সামান্য সংখ্যাগৰিষ্ঠতাৰে দল দুটাই চৰকাৰ গঠন কৰিছিল। এইবাৰ বিশাল বিজয়েৰে হাগ্রামা' নেতৃত্বাধীন দলটোৱে বিজেপি-ইউ পি পি এলৰ সেই ৰাজনীতিৰ মধুৰ প্রতিশোধ ল'লে।
২০০৩ চনত কেন্দ্ৰৰ তদানীন্তন এন ডি এ চৰকাৰৰ উদ্যোগত বড়োলেণ্ড লিবাৰেশ্যন টাইগাৰ্ছ (বি এল টি)ৰ সৈতে হোৱা ত্ৰিপাক্ষিক শান্তি চুক্তিৰ ভেটিত গঠন হৈছিল বি পি এফ দল। বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নেতৃত্বত সূচনা হোৱা পৃথক বড়োলেণ্ড ৰাজ্য দাবীৰ আন্দোলনটো বি এল টিৰ উত্থানৰ লগে লগে হৈ পৰিছিল অধিক ৰক্তক্ষয়ী। সেই আন্দোলনে কেনেকৈ বড়ো আৰু অবড়োৰ মাজত এখন বিশাল দেৱালৰ সৃষ্টি কৰিছিল সেই ইতিহাস ৰাজ্যবাসীৰ বহুতৰে মনত সজীৱ হৈ আছে। সেই পটভূমিত জন্ম হোৱা বি পি এফৰ প্ৰতি বিশেষকৈ বড়ো জনতাৰ যে এক আৱেগিক আকর্ষণ আছে সেয়া বি টি চি গঠনৰ পৰৱৰ্তী নিৰ্বাচনবোৰত প্ৰতিপন্ন হৈ আহিছিল। ২০১০ চনৰ নির্বাচনত দলটোৱে মুঠ ৪০খন নির্বাচিত আসনৰ ৩১খনেই লাভ কৰিছিল। কিন্তু পাছত এবছু আৰু এন ডি এফ বিৰ সৈতে হোৱা সংঘাত তথা অবড়ো ৰাজনৈতিক শক্তিৰ আত্মপ্ৰকাশৰ লগতে অভ্যন্তৰীণ সংঘাতে দলটোৰ শক্তি কিছু পৰিমাণে হ্রাস কৰিলেও বড়ো জনতাৰ মোহ দলটোৰ প্রতি একেবাৰে কমি যোৱা নাছিল। যোৱা পাঁচ বছৰ ক্ষমতাৰ পৰা আঁতৰি থাকিবলগীয়া হোৱাটোৱে দলটোক বেছ ক্ষতি কৰিছিল। চন্দন ব্রহ্ম, খাম্পা বৰগায়াবীৰ উপৰি বি পি এফৰ বহু 'হেভীবেইট' নেতাই যোগদান কৰিছিল ইউ পি পি এলত। কিন্তু এনেকুৱা বহু দুর্যোগ হেলাৰঙে অতিক্ৰম কৰি এইবাৰৰ বি টি চিৰ নিৰ্বাচনত চমকপ্রদ বিজয় সাব্যস্ত কৰিলে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলে। এটা কথা স্বীকাৰ কৰিবই লাগিব যে 'বড়োলেণ্ড'ৰ দাবীৰ ৰক্তক্ষয়ী আন্দোলনে বড়ো- অবড়োৰ মাজত ব্যাপক তিক্ততাৰ পৰিৱেশ সৃষ্টি কৰিলেও, একাধিক গোষ্ঠীগত সংঘর্ষই বি টি চি এলেকাক এসময়ত অতি স্পর্শকাতৰ কৰি ৰাখিলেও, হাগ্রামা মহিলাৰীৰ ওপৰত বড়ো জনসাধাৰণৰ সমানেই অবড়ো জনসাধাৰণৰো যথেষ্ট বিশ্বাস আছে। সেইবাবে বহু দুর্যোগৰ মাজতো বি পি এফৰ শিপাডাল যোৱা ২০ বছৰে মজবুত হৈ আছে। হাগ্রামা মহিলাৰীৰ খুহুতীয়া মন্তব্যবোৰেও জনসাধাৰণক বেছ আমোদ দিয়ে, যাৰ বাবে ক্ষমতাত নথকা অৱস্থাতো কমা নাছিল তেওঁৰ জনপ্রিয়তা।
এসময়ৰ উগ্রপন্থী এই নেতাজন পাছলৈ সংঘাতৰ পৰা লোৱা শিক্ষাৰে এজন বিচক্ষণ ৰাজনীতিজ্ঞত পৰিণত হ'ল। এবছুৰ সভাপতি হৈ থকাৰ সময়ত প্রমোদ বড়োৰ জনপ্রিয়তাও কম নাছিল। ছাত্র সংগ্ৰামৰ পৰা ৰাজনীতিলৈ আহি এন ডি এফ বিৰ গোটসমূহক লৈ ২০২০-ৰ প্ৰথমটো নির্বাচনতে তেওঁ চমক দেখুৱাই বি টি চিৰ মুখ্য কাৰ্যবাহীলৈ তেওঁৰ উত্তৰণ ঘটিছিল যদিও বিজেপিৰ সৈতে হোৱা মিত্রতাই তেওঁৰ ৰাজনৈতিক 'কেৰিয়াৰ'ক উজ্জ্বল কৰাৰ পৰিৱৰ্তে অনিষ্টহে কৰিলে। শেষত বিজেপিয়েও তেওঁক একাষৰীয়া কৰিলে। যোৱা নিৰ্বাচনতকৈ ইউ পি পি এলৰ আসন ৪খন হ্রাস পোৱাটো এই অৱস্থাৰে অৱধাৰিত পৰিণতি। হাগ্রামা নেতৃত্বাধীন বি পি এফৰ এইবাৰৰ বিজয়ে অহা দিনবোৰত ৰাজ্যৰ ৰাজনীতিকো নিশ্চিতভাৱে প্ৰভাৱিত কৰিব। অনাগত দিনত দেখা তথা ৰাজ্যৰ শাসনাধিষ্ঠিত বিজেপি দলে বি পি এফৰ লগত মিত্ৰতাত আৱদ্ধ হোৱাৰ সম্ভাৱনাই অধিক। তেনে হ'লে এইবাৰ বি টি চি এলেকাত এই পৰিৱৰ্তিত মিত্ৰজোঁটত বৰককাইৰ ভূমিকা নিশ্চিতভাৱে ল'ব বি পি এফে। সেই সূত্ৰে ৰাজ্যৰ ৰাজনীতিতো হাগ্ৰামাৰ প্ৰভাৱ বৃদ্ধি পাব। আনহাতে, বিজেপিক অপ্ৰতিৰোধ্য বুলি ভবা ধাৰণাটো এইবাৰৰ নিৰ্বাচনে সলনি কৰিলে। বিৰোধী দলবোৰৰ মনলৈ বি টি চিৰ নির্বাচনে আশাৰ ৰেঙনি আনিছে।