আজিৰ সম্পাদকীয়, সুখ 

dainik janambhumi March 23, 2026

ডিজিটেল ডেস্ক: ক'ত আছে সুখ- আধুনিক মানুহৰ অন্তহীন অন্বেষণৰ বিষয়। সদায় বিচাৰি ফুৰে, কিন্তু কাচিৎহে লগ পায় এই বিৰল মানসিক সম্পদক। কবিয়ে তাহানিত কৈ গৈছে সুখ বিচাৰোঁতে মানুহ বোলে পাই দুখৰ উপৰি দুখহে। এনেবোৰ কথাৰ ওপৰত ভিত্তি কৰিয়েই বিগত কিছু বছৰৰ পৰা বেছ চৰ্চিত হ'বলৈ লৈছে ৰাষ্ট্ৰসংঘই প্ৰতিবছৰে প্ৰকাশ কৰা ৱৰ্ল্ড হেপিনেছ ৰিপ'ৰ্ট বা বিশ্ব সুখী সূচাংক শীৰ্ষক বিশেষ পৰিসংখ্যাৰ প্ৰতিবেদনখন।


যোৱা ১৮ মার্চত প্রকাশ হয় এই বছৰৰ (২০২৬) বৰ্ল্ড হেপীনেছ ৰিপ'ৰ্ট। প্রতিবেদন অনুসৰি, বিশ্বৰ সবাতোকৈ সুখী দেশ ফিনলেণ্ড। ১৪৭খন দেশক লৈ কৰা এই প্রতিবেদনৰ শেষত অর্থাৎ সবাতোকৈ অসুখী দেশৰূপে আছে আফগানিস্তান। চিন্তাকর্ষকভাৱে এই তালিকাত ভাৰতৰ স্থান মুঠেই সন্তোষজনক নহয়। ১৪৭খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১১৬সংখ্যক। এই স্থান চুবুৰীয়া নেপাল (৯৯সংখ্যক) পাকিস্তানতকৈও (১০৪) পাছত। সামান্য সন্তুষ্টি এটাই যোৱা বছৰৰ (১১৮ সংখ্যক) স্থানতকৈ এই বছৰ সামান্য উন্নতি হৈছে।

প্রশ্ন হয়, ভাৰতৰ জনসাধাৰণৰ সামগ্রিক সুখ-হীনতা বা অসুখী হোৱাৰ কাৰণ কি? কিহত আমাৰ দুখ? তথাকথিত বহু উন্নয়ন আৰু বিকাশৰ পাছতো দেশখনৰ মানুহখিনি সুখী হোৱা নাই কিয়? আমাতকৈ উন্নয়নৰ দিশত বহু পিছ পৰি থকা দেশতকৈও সুখৰ দিশত আমাৰ স্থান পাছত কিয়? নিঃসন্দেহে এয়া এক গভীৰ বিশ্লেষণৰ বিষয়। বিশেষকৈ আধুনিক বহু চিন্তাবিদে আর্থিক বিকাশ আৰু আন্তঃগাঁথনিমূলক উন্নয়নতকৈ দেশখনৰ মানুহৰ সুখৰ হাৰ অধিক গুৰুত্বপূৰ্ণ বুলি মত দিবলৈ লোৱাৰ পাছৰে পৰা এই হেপীনেছ ৰিপ'ৰ্টৰ প্রতিবেদনে বিশেষ প্রাসংগিকতা আৰু গুৰুত্ব লাভ কৰিছে।

মন কৰিবলগীয়া কথা হ'ল ভাৰতবৰ্ষৰ ক্ষেত্ৰত মুঠ ঘৰুৱা উৎপাদন (জি ডি পি) বৃদ্ধি পালেও জনমূৰি আয়ৰ ক্ষেত্ৰত ভাৰত ৮৯সংখ্যক স্থানতহে আছে। ইয়াৰ পাছতো দেশখনত সম্পদৰ বিতৰণ সমান নহয়- দেশৰ প্ৰায় ১০ শতাংশ চহকী শ্ৰেণীৰ লোকৰ হাততেই মুঠ ঘৰুৱা আয়ৰ ৫৮ শতাংশ পুঞ্জীভূত হৈ আছে, যাৰ ফলত সাধাৰণ জনতাই সদায়েই এক আর্থিক নিৰাপত্তাহীনতাত ভোগে। অনেক বিশেষজ্ঞৰ মতে ভাৰতবৰ্ষৰ মানুহ 'কম সুখী' হোৱাৰ ইয়ো ইটা প্রধান কাৰণ। সেইদৰে দেশখনত দ্রুত নগৰীকৰণে মানুহৰ মাজৰ সামাজিক দূৰত্ব বৃদ্ধিত ইন্ধন যোগাইছে। বিশেষকৈ যুৱপ্ৰজন্মৰ মাজত তীব্র প্রতিযোগিতামূলক পৰিৱেশ, জীৱিকা, সংস্থাপন আৰু কেৰিয়াৰৰ চিন্তা আৰু সর্বোপৰি সামাজিক মাধ্যমৰ অত্যধিক ব্যৱহাৰে মানুহৰ মাজত এফালে অত্যধিক চাপ আৰু আনফালে নিঃসংগতা বৃদ্ধি কৰিছে, যিবোৰ কথাই মানুহখিনিক অসুখী কৰি তুলিছে। একে সময়তে এই নিঃসংগ মানুহখিনিয়ে মনৰ গহ্বৰত এটা শংকা কঢ়িয়াই ফুৰে 'বিপদৰ সময়ত সহায় কৰিবলৈ কোনোবা আছেনে?' ধৰণৰ এক প্রশ্ন, যিটো সুখৰ সূচাংক নিৰ্ধাৰণৰ দিশতো বিশেষ গুৰুত্বপূৰ্ণ। 

নগৰীকৰণ আৰু তথাকথিত আধুনিক জীৱনে পৰম্পৰাগত যৌথ পৰিয়াল ব্যৱস্থা ক্ৰমশঃ ভাঙি পেলোৱাত মানুহৰ মাজত পাৰস্পৰিক বিশ্বাস আৰু সামাজিক সহযোগিতাৰ অভাৱ দেখা গৈছে। আনহাতে, স্বাস্থ্যখণ্ডত দেশখনত বহুত বিকাশ হ'লেও 'হেল্থী লাইফ এক্সপেকটেন্সি' বা সুস্থ জীৱনকালৰ ক্ষেত্ৰত ভাৰতৰ গড় আয়ুস (প্রায় ৫৮ বছৰ) বহু দেশতকৈ এতিয়াও কম। মৃত্যুৰ ভয়, প্রিয়জনৰ অকাল বিয়োগ দেশখনৰ মানুহক অসুখী কৰাৰ আন এটা কাৰক বুলি বিবেচনা কৰে অনেকেই। চৰকাৰী আৰু ব্যক্তিগতখণ্ডত পর্বতসম দুর্নীতিও সুখৰ মাত্রা হ্রাস কৰাৰ এখন এক কাৰক বুলি বিবেচনা কৰা হয়। অৱশ্যে পূৰ্বৰ বছৰৰ তুলনাত এই বছৰ এই প্ৰতিবেনত দুর্নীতিৰ প্ৰসংগটোৱে ভাৰতীয় মানুহক সামান্য সকাহ দিছে বুলি প্রকাশ। আন এটা সুকীয়া প্রসংগয়ো ভাৰতীয় মানুহৰ সুখৰ মাত্রা হ্রাস কৰাৰ এক কাৰণ। সেয়া হ'ল- নিজৰ জীৱনৰ সিদ্ধান্ত নিজে লোৱাৰ স্বাধীনতা। সমাজৰ নিয়ম, পাৰিবাৰিক চাপৰ বাবে বহু সময়ত অনেক ভাৰতীয়ই নিজৰ ইচ্ছা অনুসৰি কাম কৰিব নোৱাৰে। এই প্ৰসংগয়ো তেওঁলোকক অসুখী কৰে।

দৰাচলতে সুখৰ প্ৰসংগটোৱেই এক বিমূর্ত ধাৰণা। ই একান্তই অনুভূতিৰ বিষয়। বহুতেই আকৌ সুখ আৰু আৰামক একাকাৰ কৰে। কিন্তু মনত ৰখা ভাল আৰাম ধন ভৰি ক্ৰয় কৰিব পাৰি, কিন্তু সুখ কিনিব পৰা সম্পদ নহয়। ই একান্তই আনুভূতিক। সেয়ে আমেৰিকাৰ দৰে বৰ্ণাঢ্য দেশো উল্লিখিত সুখৰ প্রতিবেদনত আছে ২৩সংখ্যক স্থানতহে। কিন্তু ফিনলেণ্ড একেৰাহে নৱমবাৰৰ বাবে আছে প্রথম স্থানত। এনেক্ষেত্রত ধন-সম্পদ আহৰণেৰেহে সুখ লাভকৰিব পাৰি বুলি ভবাসকলেও এই শেহতীয়া সুখ সূচাংক লৈ কিছু নতুন চিন্তা কৰিব পৰাৰ অৱকাশ আছে।

Share This