ডিজিটেল ডেস্ক : ভাৰতবৰ্ষৰ জনসাধাৰণৰ সামগ্রিক স্বাস্থ্যৰ ছবিখনত এক নীৰৱ কিন্তু ব্যাপক আৰু গভীৰ পৰিৱৰ্তনৰ ইংগিত ক্রমশঃ স্পষ্ট হৈ উঠিছে। যাৰ ফলস্বৰূপে জীৱনশৈলীজনিত ৰোগ-ব্যাধি এতিয়া কেৱল বয়স্ক লোকৰ মাজতে সীমাবদ্ধ হৈ নাথাকি কম বয়সীয়া লোকৰ মাজতো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। তাতোকৈ ভয়ংকৰ কথা এই ৰোগসমূহত তৰুণসকল আক্রান্ত বুলি প্রায়েই আগতে ঠাৱৰ কৰিব নোৱাৰি, ৰোগ গুৰুতৰ পৰ্যায় পালেহে এইবোৰৰ উমান ৰোগী আৰু চিকিৎসকে লাভ কৰে। ২০২৫ চনত দেশৰ ১০খন বৃহৎ চহৰৰ ৩০ লাখৰো অধিক প্রিভেনটিভ হেল্থ চেক্ আপৰ বাবে অহা ৰোগীৰ তথ্য বিশ্লেষণ কৰি যোৱা ৭ এপ্ৰিলত দেশৰ অন্যতম বৃহৎ বেচৰকাৰী হস্পিটেল গোষ্ঠী এপ'ল'ই 'হেল্থ অব্ দ্য নেশ্যন-২০২৬' প্রকাশ কৰে। তেওঁলোকৰ এই প্রতিবেদনত প্রকাশ হৈছে কেতবোৰ ভয়ংকৰ তথা চিন্তা উদ্রেককাৰী তথ্য। এই প্রতিবেদনৰ মতে, ডায়েবেটিছৰ হাৰ সকলোতকৈ বেছি মাদুৰাইত (৩৬%), উচ্চ ৰক্তচাপ মহীশূৰত (৪৪%), এনিমিয়া বা ৰক্তহীনতা গুৱাহাটীত (৩৯%) আৰু স্থূলতা বা অ'বেচিটি তিৰুচিৰাপল্লীত (৮৪%) সর্বাধিক দেখা গৈছে। প্রতিবেদনত প্রকাশ পোৱা এক উদ্বেগজনক তথ্য হ'ল, ৩০ বছৰৰ তলৰ প্ৰতি ৫জনৰ এজন প্রি-ডায়েবেটিছত আক্রান্ত। লগতে প্রকাশ হৈছে বয়স্কসকলৰ মাজতো আৰু দুই-তৃতীয়াংশৰ মাজত এটা 'নীৰৱ' শাৰীৰিক সমস্যা সোমাই আছে। প্রতিবেদন অনুসৰি, কর্মজীৱী তথা শ্রমজীৱী মানুহৰ প্রায় ৮০% মানুহ স্থূলতা, ৫০ শতাংশ ডায়েবেটিছ বা প্রি-ডায়েবেটিছ আৰু ২৫% উচ্চ ৰক্তচাপৰ সমস্যাত ভুগিছে। কর্মক্ষম বয়সতেই এইধৰণৰ জীৱনশৈলীজনিত ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা দ্রুত গতিত বাঢ়িছে, যিটো অনাগত সময়ৰ বাবে বিশেষ চিন্তাৰ বিষয়।
আনহাতে, গুৱাহাটীকে ধৰি পূব তথা উত্তৰ-পূব ভাৰতত এনিমিয়াৰ হাৰ দেশৰ অন্যান্য অঞ্চলৰ তুলনাত প্রায় দুগুণ। ভয়ংকৰ কথাটো হৈছে এইবোৰ ৰোগৰ ক্ষেত্ৰত অধিকাংশ ৰোগীৰ ক্ষেত্ৰতে কোনো পূর্ব লক্ষণ নাই। দেখা গৈছে ফেটিলিভাৰত আক্রান্ত ৭৪ শতাংশ ৰোগীৰ তেজৰ পৰীক্ষাত ৰিপ'ৰ্ট স্বাভাৱিক, কিন্তু আলট্রা ছাউণ্ডতহে ধৰা পৰিছে সমস্যাটো। আপাতত সুস্থ ৪৫ শতাংশ ৰোগীৰ ক্ষেত্ৰতে হৃদৰোগৰ প্ৰাথমিক লক্ষণ ধৰা পৰিছে। আকৌ প্রতি ১০জনৰ এজন উদ্বেগ আৰু ১৫জনৰ এজন অৱসাদৰ চিকাৰ হৈছে।
এইসমূহ ৰোগৰ কাৰণ, প্ৰতিকাৰ নিঃসন্দেহে দীঘলীয়া আলোচনাৰ বিষয়। তথাপি বিশেষজ্ঞসকলে চমুকৈ কয়- খাদ্যাভ্যাস, জীৱন-যাপন শৈলী আৰু স্বাস্থ্য সেৱাৰ বৈষম্যই এইবোৰ ৰোগৰ মূল কাৰণ।
একে সময়তে প্রকাশ হৈছে 'দ্য গ্রেট ইণ্ডিয়ান শ্লিপ স্কোৰকাৰ্ড ২০২৫' শীর্ষক এক প্রতিবেদন। ভাল স্বাস্থ্যৰ বাবে টোপনি অতি প্রয়োজনীয় যদিও দেশৰ আধাতকৈও বেছি মানুহ নিশা অকাৰণতে সাৰ পাই থাকে। উল্লিখিত সমীক্ষাত প্রকাশ হৈছে স্বাস্থ্যকৰ জীৱনৰ অন্যতম প্রধান ভিত্তি এই টোপনিক লৈয়েই কিন্তু সবাতোকৈ বেছি আপোচ কৰিছে মানুহে। প্রতিবেদন মতে, দেশৰ ৫৮ শতাংশ মানুহ ৰাতি ১১টাৰ আগতে শুবলৈ নাযায়। এই প্রৱণতা অত্যন্ত উদ্বেগজনক। কাৰণ পর্যাপ্ত আৰু সময়মতে শোৱা কেৱল বিশ্রাম নহয়, শৰীৰৰ জৈৱ-ঘড়ী স্বাভাৱিক ৰাখিবৰ বাবে অপৰিহাৰ্য। পলমকৈ শুবলৈ গ'লে এই স্বাভাৱিক ঘড়ীৰ ছন্দত বিঘিনি ঘটে, যাৰ ফলত দেখা দিয়ে ক্লান্তি, আলস্য আৰু মনঃসংযোগৰ সমস্যা। চিকিৎসকৰ সতর্কবাণী এইক্ষেত্রত স্পষ্ট-টোপনিৰ সৈতে আপোচ কৰাৰ ফল মাৰাত্মক হ'ব পাৰে। উচ্চ ৰক্তচাপ, ডায়েবেটিছ, স্থূলতা, উদ্বেগ- এই সকলোৰে সম্পর্ক অনিয়মীয়া টোপনিৰ সৈতে। লগতে প্রকাশ হৈছে আৰু এক তথ্য। এ লেট শ্লিপিঙৰ অন্যতম মূল কাৰণ ডিজিটেল ডিভাইচৰ অতিৰিক্ত ব্যৱহাৰ। বুজাত অসুবিধা নহয়, শুবৰ সময়ত বিছনালৈ লগত নিয়া ম'বাইল ফ'নটো টোপনি খতিৰ অন্যতম কাৰণ-টোপনিৰ ঘোৰ শত্রু, স্বাস্থ্য নষ্টৰ কাৰক।
মূলতঃ অস্বাস্থ্যসন্মত জীৱন শৈলী, খাদ্যাভ্যাস আৰু অত্যধিক ডিজিটেল মিডিয়াৰ আসক্তিয়ে যে আমাৰ সকলোৰে সামগ্রিক স্বাস্থ্যৰ ক্ষতি কৰিছে, সি ধুৰুপ। দেশৰ যুৱ প্ৰজন্ম এইবোৰৰ কবলত বেছিকৈ পৰিছে, যাৰ বাবে সমগ্র দেশত ডায়েবেটিছ, উচ্চ ৰক্তচাপ, মেদবহুলতাৰ দৰে ৰোগ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। দৰাচলতে এইবোৰ ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ বাটো প্ৰতিজনৰ নিজৰ হাততে আছে। ৰোগৰ কাৰকসমূহৰ পৰা আঁতৰি থাকিব পাৰিলেই নিৰোগী জীৱন লাভ কৰিব পাৰি। কিন্তু প্রশ্ন হ'ল- সকলো জানিও এইবোৰ আসক্তিৰ পৰা আঁতৰত থাকি নিৰোগী জীৱনৰ সাধনা কৰিব পাৰিছে কেইজনে?