উত্তপ্ত ম্যানমাৰ

Dainik Janambhumi December 25, 2024

আমাৰ প্ৰতিবেশী ৰাষ্ট্ৰ ম্যানমাৰ সম্প্ৰতি অতি উত্তপ্ত৷ তাত বিদ্ৰোহী বাহিনী আৰু জুণ্টা চৰকাৰৰ সেনা বাহিনীৰ মাজত হোৱা সংঘৰ্ষই লাহে লাহে অধিক গুৰুতৰ ৰূপ ধাৰণ কৰিছে৷ দেশখনৰ সীমামূৰীয়া  ৰাখাইন প্ৰদেশ আপাততঃ বিদ্ৰোহী আৰাকান আৰ্মিৰ দখললৈ গৈছে৷ তাৰ জুণ্টা সেনা বাহিনীৰ পশ্চিমৰ মুখ্য কাৰ্যালয়টো আৰাকান আৰ্মিয়ে দখল কৰিছে আৰু কেইবাশ চৰকাৰী সৈন্যই বিদ্ৰোহী বাহিনীৰ ওচৰত আত্মসমৰ্পণ কৰিছে৷

বিদ্ৰোহী আৰু জুণ্টা সামৰিক চৰকাৰৰ মাজত শেহতীয়া যুদ্ধখন দেশখনৰ ইতিহাসৰ অন্যতম ভয়াৱহ সংঘাত হিচাপে চিহ্নিত হৈছে আৰু এই সংঘাতৰ পৰিণতিত ২০  লাখ নাগৰিক গৃহহাৰা হ’ব লগা হৈছে তথা¸ ইয়াৰ বুজন অংশ এটাই ভাৰতত প্ৰৱেশ কৰিছে৷ ২০২১ চনত দেশখনত আং ছান ছ্যু কীৰ নিৰ্বাচিত চৰকাৰ উৎখাত হোৱাৰ পাছত বিদ্ৰোহীৰ এই  উত্থানে দেশখনৰ পূব-পশ্চিম আৰু উত্তৰ সীমান্তত জুণ্টা চৰকাৰৰ নিয়ন্ত্ৰণ প্ৰায় নোহোৱা কৰি পেলাইছে৷ বিদ্ৰোহী  বাহিনীসমূহে ড্ৰ’ন ব্যৱহাৰ কৰি সামৰিক আৰু পুলিচৰ ঘাটিবিলাকত আক্ৰমণ চলোৱাৰ পৰিণতিত চৰকাৰী বাহিনী ব্যাপক ক্ষয়-ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে৷

থাইলেণ্ডৰ সীমান্তৱৰ্তী কায়াহ প্ৰদেশ, ভাৰতৰ সীমান্তৱৰ্তী পশ্চিমৰ ৰাখাইন প্ৰদেশ আৰু চীনৰ সীমান্তৱৰ্তী উত্তৰৰ শ্বান প্ৰদেশত শাসকীয় বাহিনী সাংঘাতিক দুৰ্যোগৰ সন্মুখীন হৈছে৷ অৱশ্যে ম্যানমাৰত সশস্ত্ৰ বিদ্ৰোহ নতুন কথা নহয়৷ স্বাধীনতাৰ পূৰ্বৰ ১৯৪০ চনৰ পৰাই তাত সশস্ত্ৰ বিদ্ৰোহৰ উক্‌মুকনি ঘটিছিল যেতিয়া এদল বাৰ্মিজ যুৱকে জাপানত সশস্ত্ৰ সংগ্ৰামৰ প্ৰশিক্ষণ ল’বলৈ গৈছিল৷ ১৯৪৮ চনত দেশখনে স্বাধীনতা লাভ কৰাৰ পাছত সেই ধাৰাটোৰ অন্ত নপৰিল, বৰঞ্চ তেতিয়াৰ পৰা এতিয়ালৈকে নতুন নতুন সশস্ত্ৰ বিদ্ৰোহী সংগঠনৰ জন্ম হৈ চৰকাৰৰ সৈতে সংঘাতত লিপ্ত হৈ আহিছে৷ ১৯৬২ চনত ঘটা সামৰিক অভ্যুত্থানৰ জৰিয়তে তাৰ শাসন জুণ্টা চৰকাৰৰ নিয়ন্ত্ৰণলৈ যোৱাৰ পাছত স্বাধিকাৰ বিচাৰি প্ৰান্তে প্ৰান্তে গঠিত বিদ্ৰোহী সংগঠনবিলাকৰ সৈতে সামৰিক শাসকৰ অবিৰাম সংঘাতে দেশখনৰ প্ৰান্তীয় অঞ্চলবিলাকত পৰিস্থিতি সদায়েই অস্থিৰ কৰি ৰাখিছিল৷ আমাৰ উত্তৰ-পূবৰ সীমান্তৰে সংলগ্ন ম্যানমাৰৰ সীমান্তত কাছিন ইণ্ডিপেণ্ডেণ্ট আৰ্মি নামৰ বিদ্ৰোহী সংগঠনটোৰ দখলত থকা  এলেকাত সময়ে সময়ে চৰকাৰী বাহিনীৰে হোৱা সংঘৰ্ষবিলাক আৰু সেই সংঘৰ্ষত তাত গৈ ঘাটি পতা আলফাকে ধৰি উঃ-পূবৰ বিদ্ৰোহী সংগঠনবিলাকো জড়িত হৈ পৰাৰ খবৰবিলাক আমাৰ জনসাধাৰণৰ বাবে অজানা নহয়৷ মাজত আং ছান ছ্যু কীৰ গণতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ সময়ত দেশখনৰ পৰিস্থিতি কিছু শান্ত হৈ থাকিলেও ২০২১ চনত পুনৰ সামৰিক জুণ্টাই দেশখনৰ ক্ষমতা কুক্ষিগত কৰাৰ পাছত বিভিন্ন জনগোষ্ঠীয় বিদ্ৰোহী সংগঠনবিলাক মূৰ দাঙি উঠি সামৰিক চৰকাৰৰ বিৰুদ্ধে প্ৰবল যুদ্ধত অৱতীৰ্ণ হৈছে৷

এই ভয়ানক যুদ্ধত দেশখনৰ সেনা বাহিনীৰ অৱস্থান থকা প্ত,২৮০খন স্থানৰ অৰ্ধেকৰে নিয়ন্ত্ৰণ বিদ্ৰোহীবিলাকে নিজৰ দখললৈ নিবলৈ সক্ষম হৈছে৷ অহা ছমাহৰ ভিতৰত সামৰিক শাসকসকলে বাংলাদেশ, চীন, ভাৰত আৰু থাইলেণ্ডৰ সীমাত থকা সকলো অঞ্চলৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলাব বুলি আশংকা কৰা হৈছে৷ উল্লেখ কৰা উচিত হ’ব যে যোৱা বছৰৰ অক্টোবৰ মাহৰ পৰা তিনিটা জনগোষ্ঠীয় সশস্ত্ৰ গোষ্ঠী ক্ৰমে ম্যানমাৰ নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্স আৰ্মি, আৰাকান আৰ্মি আৰু তাংগ নেশ্যনেল লিবাৰেশ্যন আৰ্মিয়ে ঐক্যবদ্ধ হৈ শ্বান প্ৰদেশত সামৰিক জুণ্টাৰ বিৰুদ্ধে শেহতীয়া আক্ৰমণৰ সূচনা কৰে৷ এই সংঘৰ্ষ তথা বিদ্ৰোহী বাহিনীৰ ক্ৰমবৰ্ধমান অগ্ৰগতিক লৈ ভাৰতকে ধৰি ম্যানমাৰৰ সীমান্তৱৰ্তী কেউখন দেশ উদ্বিগ্ন সেই কথা প্ৰমাণ কৰিছে অলপতে বেংককত অনুষ্ঠিত  এখন বৈঠকে৷ এই বৈঠকত লাওছ, চীন, ভাৰত, বাংলাদেশ আৰু থাইলেণ্ডৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে৷ ম্যানমাৰৰ সামৰিক চৰকাৰৰ বিদেশ মন্ত্ৰীগৰাকীও ইয়াত উপস্থিত আছিল৷

ভাৰতৰ কাৰণে ম্যানমাৰৰ সংঘাতৰ পোনপটীয়া প্ৰভাৱ পৰিছে শৰণাৰ্থীৰ ক্ষেত্ৰত৷ তদুপৰি ভাৰতৰ সীমান্তৰ প্ৰতি নিৰাপত্তাৰ ভাবুকিও সৃষ্টি কৰিছে এই সংঘাতে৷ ইফালে, চীনে ম্যানমাৰত নিজৰ উপস্থিতি অধিক শক্তিশালী কৰিব খুজি আছে, যাতে ভাৰতমহাসাগৰত তেওঁলোকৰ অৱস্থান অধিক শক্তিশালী কৰিব পাৰে৷ তদুপৰি সোণালী ত্ৰিভুজৰ পৰা ভাৰতৰ মাজেদি নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ বিশাল আৰু ভয়াৱহ নেটৱৰ্ক ম্যানমাৰৰ একাংশ বিদ্ৰোহীৰ নিয়ন্ত্ৰণত আছে৷ গতিকে সেই দেশখনৰ পৰিস্থিতিৰ পোনপটীয়া প্ৰভাৱ ভাৰতত পৰে৷ অগ্নিগৰ্ভ মণিপুৰৰ হিংসাৰ জুইকুৰা ইমান ব্যাপক হোৱাৰ অন্তৰালতো ম্যানমাৰৰ বিদ্ৰোহীৰ সৈতে মণিপুৰৰ বিদ্ৰোহীৰ সংযোগৰ দিশটো জড়িত হৈ আছে৷ বিদ্ৰোহী- সেনাৰ সংঘৰ্ষৰ বাবে ইতিমধ্যে মিজোৰামত ম্যানমাৰ সেনাৰ কিছু দল আৰু নাগৰিকৰ প্ৰৱেশৰ বাতৰিবোৰ ইতিমধ্যে প্ৰকাশ পাইছেই৷ সকলো দিশ বিশ্লেষণ কৰিলেই ধাৰণা কৰিব পাৰি সাম্প্ৰতিক পৰিস্থিতিত ম্যানমাৰৰ এই পৰিস্থিতি ভাৰতৰ বাবে কিমান স্পৰ্শকাতৰ৷ যিহেতুকে ম্যানমাৰৰ পৰিস্থিতিয়ে আমাৰ উত্তৰ-পূবক পোনপটীয়াকৈ প্ৰভাৱিত কৰে, সেয়েহে কেন্দ্ৰীয় চৰকাৰে শেহতীয়া পৰিস্থিতিক লৈ সীমান্ত সুৰক্ষিত ৰখাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়৷

Share This