ঐতিহ্যৰ স্মাৰক

dainik janambhumi December 02, 2025

আব্রাহাম লিংকনে কৈ থৈ গৈছে, 'The philosophy of the school room in one generation will be the philosophy of government in the next.' অর্থাৎ, শ্রেণীকোঠা এটাৰ পৰিৱেশৰ পৰা এটা প্ৰজন্মৰ বিবেকত যি চিন্তাৰ আমঠু নির্মাণ হয় তাৰ আধাৰতে পৰৱৰ্তী সময়ত এখন সমাজ, এটা জাতি পৰিচালিত হয়। কাৰণ শ্ৰেণীকোঠা বা এনেধৰণৰ প্ৰতিষ্ঠান একোটাই ইয়াৰ সৈতে জড়িতসকলৰ চিন্তা-চৰ্চাৰ ভিত্তিত একোটা ধাৰাৰ জন্ম দিয়ে। নিঃসন্দেহে এটা কথা ক'ব পাৰি যে এনেকুৱা প্রাতিষ্ঠানিক পৰিৱেশৰ পৰা যেতিয়া নিষ্ঠাপূর্ণ, দায়বদ্ধ ব্যক্তিৰ গোট একোটাৰ জন্ম হয়, সেই গোটে পৃথিৱীখনেই সলাই পেলাব পাৰে। 

'তেনেকুৱা ধৰণৰ প্ৰতিষ্ঠানৰ দুৱাৰ খোল খালে এখন কাৰাগাৰৰ দুৱাৰ বন্ধ হৈ যায়' বুলি দার্শনিক ভিক্টৰ হিউগোৱে কৈ গৈছে। এই কথাখিনিৰ প্ৰতিফলন আমি আমাৰ চৌদিশতে বহু দেখা পাওঁ, ইতিহাসতো আছে এই সত্যক প্রতিফলিত কৰা বহু অধ্যায়। ভাৰতীয় সনাতন সংস্কৃতিৰ যিটো ধাৰা, তাৰ প্ৰৱাহ ঘটিছিল প্রসিদ্ধ ঋষিসকলৰ আশ্ৰমৰ পৰাই। মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ আধ্যাত্মিক প্রতিষ্ঠান 'সত্ৰ'ৰ পৰাই অসমীয়া জাতীয় জীৱনৰ কেনেকৈ বৈপ্লৱিক পৰিৱৰ্তন সাধন হ'ল সেই ইতিহাস অসমীয়াৰ হৃদয়ে হৃদয়ে। এইবিলাকেই একোখন 'স্কুল' বা শ্ৰেণীকোঠা। ইয়াৰ দৰ্শনেৰে প্রবুদ্ধ আৰু উদ্বুদ্ধ হৈ সমাজৰ ৰূপান্তৰৰ বাহক হৈছে প্রাতঃস্মৰণীয় কোনো কোনো ব্যক্তি বা ব্যক্তি সমষ্টি। 

যোৰহাটৰ 'চন্দ্ৰকান্ত সন্দিকৈ ভবন' তেনে এক ঐতিহ্যবে স্মাৰক, য'ত অসমীয়া ভাষিক-সাংস্কৃতিক জাতীয়তাবাদী ভাবাদর্শৰে উদ্দীপিত হোৱা এচাম নিষ্ঠাৱান, দায়বদ্ধ অসমপ্রেমীয়ে ভাষা জননীৰ সেৱাত নিজক উৎসৰ্গা কৰি নিজেও জিলিকি উঠাৰ লগে লগে উদ্দীপিত কৰি তুলিছিল জাতীয় জীৱনকো। আধুনিক অসমীয়া জাতি নিৰ্মাণৰ ইতিহাস যেনেকৈ অসম সাহিত্য সভাক বাদ দি সম্পূর্ণ নহয়, তেনেকৈ চন্দ্রকান্ত সন্দিকৈ ভৱনক বাদ দিও চর্চা নহয় অসম সাহিত্য সভাৰ ইতিহাস। ১৯১৭ চনত শিৱসাগৰৰ প্ৰথম অধিৱেশনেৰে অসম সাহিত্য সভাৰ যাত্ৰা আৰম্ভ হৈছিল আৰু ইয়াৰ ৯ বছৰৰ পাছত ১৯২৬ চনত এই 'চন্দ্রকান্ত সন্দিকৈ ভৱন'ত সাহিত্য সভাৰ মুখ্য কাৰ্যালয় স্থাপন হোৱাৰ পাছত জাতীয় জীৱনৰ বটবৃক্ষৰ ৰূপত স্থিত আৰু ব্যাপ্ত হোৱাৰ সভাৰ পৰিক্ৰমাৰ অভিকেন্দ্ৰ আছিল এই ঐতিহাসিক ভৱনটোৱেই। এই 'ভৱন'ৰ সৃষ্টিত যেনেকৈ সভাৰ প্ৰতিষ্ঠাপক প্রধান সম্পাদক শৰৎ চন্দ্ৰ গোস্বামীৰ উদ্যোগ জড়িত হৈ আছে, উদাৰমনা ৰাধাকান্ত সন্দিকৈৰ দানৰ ইতিহাস বিজড়িত হৈ আছে তেনেকৈ ইয়াত সাঙোৰ খাই আছে যোৰহাটৰ আভিজাত্যপূর্ণ ইতিহাসো। অসমৰ শেষ ৰাজধানী হোৱাৰ সূত্রে যোৰহাটত সৃষ্টি হোৱা অভিজাত সমাজখনে ব্ৰিটিছৰ আমোলত নতুন ৰূপ পৰিগ্ৰহ কৰিছিল। 

সেই সময়ৰ চাহ খেতিয়ক হোৱা একাংশই অর্থনৈতিক সংগ্ৰামৰ সমান্তৰালকৈ সামাজিক জীৱনতো লৈছিল গুৰুত্বপূর্ণ ভূমিকা। তেনে এগৰাকী ব্যক্তি হ'ল উজনি অসমৰ প্ৰথম স্নাতক জগন্নাথ বৰুৱা। তেৱেঁই যোৰহাট সার্বজনিক সভাৰ জন্ম দি যোৰহাটবাসীৰ সামাজিক সচেতনতাৰো এক নতুন পটভূমি ৰচনা কৰিছিল। অসমীয়া জাতীয়তাবাদৰ উত্থানত এই যোৰহাট সার্বজনিক সভাৰ কি ভূমিকা আছিল সেয়া ইতিহাসৰ পাতত লিপিবদ্ধ আছে। উনৈশ শতিকাৰ দোকমোকালিত এচাম মানুহে মৃতপ্রায় অসমীয়া জাতিৰ পুনৰুত্থানৰ সংগ্ৰামখনত লোৱা ভূমিকাৰ বাবে যোৰহাটত ৰচনা হৈছিল এক সুকীয়া সামাজিক পৰিৱেশ। এনে পৰিৱেশ সমৃদ্ধ কৰিছিল ৰাধাকান্ত সন্দিকৈৰ দৰে ব্যক্তিয়েও। ব্ৰিটিছ প্রশাসনৰ এগৰাকী আমোলা হৈও অসমীয়া ভাষা-সাহিত্যৰ বিকাশৰ প্ৰতি তেওঁৰ আছিল গভীৰ ধাউতি। দানবীৰ অভিধাৰে খ্যাত ৰাধাকান্ত সন্দিকৈয়ে শৰৎ চন্দ্ৰ গোস্বামীৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই পুত্ৰ চন্দ্ৰকান্ত সন্দিকৈৰ স্মৃতি বক্ষার্থে তেতিয়াৰ দিনতে বৃহৎ পৰিমাণৰ ধনৰ অনুদান দি নিৰ্মাণ কৰোৱাইছিল অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়। কেৱল সেই ভৱন নির্মাণেই নহয়, চন্দ্রকান্ত অভিধান প্রণয়নৰ বাবেও হেনো তেখেতে তাতোকৈও বেছি ধন আগবঢ়াইছিল। ৰাজনৈতিক স্বাধীনতা হেৰাই যোৱা জাতি এটাই ভাষা-সাহিত্য নতুনকৈ প্রতিষ্ঠা কৰিবলগীয়া হোৱা অৱস্থাত এগৰাকী ব্যক্তিয়ে ভাষা-সাহিত্যৰ বিকাশৰ বাবে ইমান বৃহৎ অৱদান আগবঢ়াবলৈ ইচ্ছা প্রকাশ কৰাটো কম ডাঙৰ কথা নহয়। যোৰহাটৰ সেই সময়ৰ উন্নত চিন্তা-চৰ্চাৰ পৰিৱেশটোৰ বাবেই এয়া সম্ভৱ হৈছিল বুলি ভাবিবৰ থল আছে। শিৱসাগৰত মিছনেৰীৰ 'মিছন প্ৰেছ'ত 'অৰুণোদয়'ৰ জন্মৰে ভাষা-সাহিত্য চৰ্চাৰ এক বুদ্ধিজীৱী চক্ৰৰ জন্ম হৈছিল যদিও সেই ঐতিহ্যৰ স্মৃতি বাচি নাথাকিল। লক্ষ্মীনাথ বেজবৰুৱাৰ 'বাঁহী'ৰ স্মৃতিও ৰক্ষা নহ'ল। কিন্তু যোৰহাটত শতিকা পুৰণি 'চন্দ্ৰকান্ত সন্দিকৈ' ভৱন যোৰহটীয়াই ৰক্ষা কৰাই নহয়, ইয়াক ভাষা-জননীৰ সেৱাৰ অভিকেন্দ্ৰ ৰূপে আজিলৈকে প্রাণৱন্ত কৰি ৰাখিবলৈ সক্ষম হোৱাটো কম গুৰুত্বপূৰ্ণ কথা নহয়। সাহিত্যাচার্য মিত্রদের মহন্ত, যতীন্দ্র নাথ গোস্বামী, উপন্যাস সম্রাট চৈয়দ আব্দুল মালিক, ধ্বনি কবি বিনন্দ বৰুৱা আদিৰ এই দিশত থকা অৱদান চিৰস্মৰণীয়। সেই চন্দ্রকান্ত সন্দিকৈ ভৱনৰে আজি শতবর্ষ অনুষ্ঠান অসম সাহিত্য সভাই যোৰহাটত অনুষ্ঠিত কৰিব পৰাটো যোৰহাটৰ সাংস্কৃতিক ঐতিহ্যৰে এক গৰিমাময় অধ্যায় ৰূপে চিহ্নিত হৈছে। চন্দ্রকান্ত সন্দিকৈ ভৱন প্রাণৱন্ত হৈ থকা মানেই অসমীয়া জাতি প্রাণৱন্ত হৈ থকা।

Share This