বাংলাদেশত হিন্দু হত্যা

dainik janambhumi January 07, 2026

ডিজিটেল ডেস্ক : ৰাণাপ্রতাপ বৈৰাগী, শৰৎমণি চক্ৰৱৰ্তী, দীপু কুমাৰ দাস, অমৃত মণ্ডল, খোকন চন্দ্র দাস, ব্রজেন্দ্র বিশ্বাস- এনেকৈ নামৰ তালিকাখন দীঘল হৈ গৈ আছে। এই তালিকাখন হৈছে যোৱা ১৯ দিনত বাংলাদেশত অজ্ঞাত ঘাতকৰ চৰম নৃশংসতাৰ বলি হোৱা হিন্দু লোকৰ। এওঁলোকৰ কাৰোবাক যদি গুলীয়াই হত্যা কৰা হৈছে, কোনোবাজনক হত্যা কৰা হৈছে উপর্যুপৰি ঘপিয়াই, আন কোনোবাজনক গছত বান্ধি লৈ জ্বলাই দি ঘাতকে প্রদর্শন কৰিছে বন্য উল্লাস। কোনোবাজনক হত্যা কৰাৰ সময়ত 'নাৰা-এ-তকবীৰ আল্লাহু আকবৰ' ধ্বনি দিয়া হৈছে। কাৰোবাৰ হত্যাৰে সমগ্র দৃশ্য ভাইৰেল কৰা হৈছে সামাজিক মাধ্যমত। ইমানেই নহয়, এগৰাকী হিন্দু মহিলাক গছত বান্ধি, চুলি কাটি, নির্যাতন চলাই, বলাৎকাৰ কৰাৰ দৃশ্যও ভাইৰেল কৰিছে জিঘাংসু দুর্বৃত্তৰ দলে। 

এইকেইটা দিনৰ এই চৰম বৰ্বৰ ঘটনাপ্রবাহলৈ চাই এটা কথা ধাৰণা কৰা কঠিন নহয় যে এইবিলাক কোনো বিক্ষিপ্ত ঘটনা নহয়, নহয় কোনো ব্যক্তিগত সংঘাতজনিত ঘটনা। এয়া সাম্প্রদায়িক উদ্দেশ্যপ্রণোদিত ঘটনা হয় নে নহয়, সেয়া প্রকাশ হোৱা নাই যদিও গোটেইকেইটা ঘটনা যে এক পৰিকল্পিত ষড়যন্ত্ৰৰ প্ৰতিফলন তাক সন্দেহ কৰিব পৰাৰ থল আছে। এই হিন্দু তথা ভাৰতবিৰোধী কর্মকাণ্ড দেশখনত সংঘটিত হৈছে এক আকস্মিক ছাত্র আন্দোলন ভয়াৱহ গণ বিক্ষোভত পৰিণত হৈ অভাৱনীয় ধ্বংসলীলাৰে চৰম অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰি পূৰ্বৰ শ্বেখ হাছিনা চৰকাৰক উৎখাত কৰি নোবেল বঁটাপ্রাপক অর্থনীতিবিদ মহম্মদ ইউনুছক মুখ্য উপদেষ্টাৰূপে অন্তৰ্ৱৰ্তী চৰকাৰ গঠন হোৱাৰ পাছত। এই অন্তৰ্ৱৰ্তী চৰকাৰৰ আমোলত ভাৰতক একপ্ৰকাৰ বাংলাদেশৰ শত্রু ৰূপে চিহ্নিত কৰা পৰিলক্ষিত হৈছে। যি পাকিস্তানে নৰসংহাৰ চলাই, অগণন নাৰীৰ সতীত্ব হৰণ কৰি পূব পাকিস্তানক এসময়ত মানৱতাৰ বধ্যভূমিত পৰিণত কৰিছিল, সেই পাকিস্তানেই এতিয়া মহম্মদ ইউনুছৰ অন্তৰ্ৱৰ্তী চৰকাৰৰ আমোলত বাংলাদেশৰ বন্ধু তথা মূল মন্ত্রণাদাতা হৈ পৰিছে। পাকিস্তানৰ সৈতে সুদীর্ঘদিন বিচ্ছিন্ন হৈ থকা সম্পৰ্ক পুনৰ প্ৰতিষ্ঠা হৈছে। বাংলাদেশৰ ভূমিত এতিয়া আই এছ আইৰ ৰাজত্ব চলিছে। বিভিন্ন মাধ্যমত প্রকাশিত বাতৰিৰ মতে, বাংলাদেশৰ মৌলবাদী শক্তিবোৰ এতিয়া সক্ৰিয় হৈ পৰিছে আৰু সেই মৌলবাদী-জেহাদী শক্তিবোৰক লৈ আই এছ আয়ে ভাৰতক, বিশেষকৈ পূব আৰু উত্তৰ-পূব ভাৰতক অস্থিৰ কৰাৰ 'ব্লু-প্রিন্ট' ৰচনা কৰিছে। এনে অৱস্থাত তাত ধাৰাবাহিকভাৱে ঘটি থকা হিন্দু হত্যাৰ ঘটনাবোৰত আই এছ আই নিয়ন্ত্রিত এই মৌলবাদী শক্তিবোৰ জড়িত থকাৰ সন্দেহ কৰাৰ থল পুৰামাত্ৰাই আছে। লক্ষণীয় কথাটো হ'ল বাংলাদেশৰ এজন অতি জনপ্রিয় ছাত্র নেতা শ্বৰীফ ওছমান হাদীক কিছুদিন পূর্বে অচিনাক্ত দুর্বৃত্তই ঢাকাত আক্ৰমণ কৰা আৰু কেইদিনমানৰ পাছত হাদীৰ মৃত্যু ঘটাৰ পাছতে দেশখন পুনৰ ভয়াৱহ ৰূপত অশান্ত হৈ পৰিছে। হাদীৰ হত্যাত ভাৰতৰ হাত থকা বুলি আৰু হাদীৰ হত্যাকাৰী ভাৰতলৈ পলাই অহা বুলি কিছুমান উৰাবাতৰি ওলাই আছে যদিও তাৰ কোনো প্রমাণ এতিয়ালৈকে ওলোৱা নাই। গতিকে ভাৰতৰ বিৰুদ্ধে বিদ্বেষৰ জুই একুৰা জ্বলাবৰ বাবেই কোনোবাই জনপ্রিয় ছাত্রনেতাজনক হত্যা কৰাব পাৰে বুলি সন্দেহ কৰাৰ অৱকাশ আছে। কাৰণ তাৰ পাছৰ পৰাই দেশখনত ভাৰতীয়ৰ ওপৰত আক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে। 

উত্তেজিত বাংলাদেশীয়ে ভাৰতীয় উচ্চাযুক্তৰ সন্মুখত উগ্র প্রতিবাদ সাব্যস্ত কৰিছে, চট্টগ্রামত থকা ভাৰতৰ সহকাৰী উচ্চায়ুক্তৰ বাসভৱনলৈ শিলগুটি দলিয়াই প্রতিবাদকাৰীয়ে এক নিৰাপত্তাহীন পৰিৱেশ ৰচনা কৰিছে। এনে প্রেক্ষাপটতে দুয়োখন দেশৰ বহুকেইটা ভিছা কার্যালয়ো বন্ধ কৰি দিয়া হৈছে। তাৰ পাছৰ পৰাই চলিছে ধাৰাবাহিক হিন্দু হত্যা, হিন্দু নিগ্ৰহৰ ঘটনাবোৰ। তাৰ প্রশাসনে হিন্দুৱেই হিন্দুক হত্যা কৰা বুলি প্ৰচাৰ চলোৱা দেখা গৈছে। সেয়াও মৌলবাদীসকলৰ 'ব্লু-প্রিন্ট' অনুসৰিয়েই হ'ব পাৰে বুলি সন্দেহ কৰিব পাৰি। স্বাভাৱিকতেই প্রশ্ন উঠিব ধাৰাবাহিকভাৱে হিন্দুৱে হিন্দুক কিয় হত্যা কৰিব! শৰৎমণি চক্ৰৱৰ্তী নামৰ যিজন ব্যক্তিক যোৱা সোমবাৰে নিশা ঢাকাৰ উপকণ্ঠৰ নৰছিংদিৰ নিজৰ গেলামালৰ দোকানতে নৃশংসভাবে হত্যা কৰা হ'ল, তেওঁ আছিল অতি অমায়িক ব্যক্তি। কোনো শত্রু নাছিল ৪০ বছৰীয়া শৰৎমণিৰ। 

এই শেহতীয়া ৰহস্যজনক হত্যাযজ্ঞৰ বলি হ'বলগা হ'ল এই নিমাখিত মানুহজন। পৰিস্থিতিৰ ৰেহৰূপ দেখি ধাৰণা কৰিব পাৰি হিন্দু নিগ্ৰহৰ এই ঘটনা হয়তো চলাই ৰাখিব সেই ভাৰত বিৰোধী চক্রটোৱে। তেনেস্থলত অৱধাৰিতভাৱে প্রশ্ন উঠিব তাত থকা ১৩.১৩ লাখ হিন্দুৱে এতিয়া কি কৰিব? তেওঁলোকক নিৰাপত্তা কোনে দিব? দেশখনত ১২ ফেব্ৰুৱাৰীত নির্বাচন অনুষ্ঠিত হ'ব। গতিকে মৌলবাদী শক্তিবোৰে ভাৰত বিৰোধী কাৰ্যকলাপৰ মাত্রা বৃদ্ধি কৰাৰ পূৰ্ণ আশংকা আছে। ফলত তাত আৰু বহু হিন্দু মৌলবাদীৰ লক্ষ্য হৈ পৰিব পাৰে। এই সকলৰ নিৰাপত্তাৰ বাবে ভাৰত চৰকাৰে কি ব্যৱস্থা লয়, ৰাষ্ট্ৰসংঘই বিষয়টো কেনেকৈ গ্ৰহণ কৰে, সেইটো লক্ষণীয় হ'ব। হিন্দু জাতীয়তাবাদৰ প্ৰবক্তা বিজেপিৰ নেতৃত্বাধীন ভাৰত চৰকাৰৰ বাংলাদেশৰ হিন্দুসকলক নিৰাপত্তা দিয়াটো নৈতিক দায়িত্ব।

Share This