ডিজিটেল ডেস্ক : 'বাৰিষাৰে বৰষুণ/শিহৰণ আছে গঁথা/এঙেৰুৱা ডাৱৰৰ/বিজুলী পোহৰ খেলা...' বাৰিষাৰ বৰষুণ, যেন এক সুকীয়া অনুভৱ। বর্ষা ঋতুৰ সৌন্দৰ্য নাইবা বৰষুণৰ অনুভূতিক লৈ ৰচনা হোৱা এনে বহু বিখ্যাত গীত, কবিতা আছে। কিন্তু বৰষুণক লৈ এতিয়া গীত ৰচা পৰিৱেশ নাইকিয়া হ'ল বুলি ক'লে ভুল কোৱা নহ'ব। বৰষুণ মানেই যেন এতিয়া আতংক, বিশেষকৈ গুৱাহাটীবাসীৰ বাবে। এজাক মুষলধাৰ বৰষুণেই বিভীষিকা কঢ়িয়াই আনে গুৱাহাটী মহানগৰবাসীলৈ। সেয়ে এতিয়া এজাক বৰষুণত কোনো শিহৰণ অনুভৱ কৰা নহয়, কাৰণ এজাক বৰষুণে এতিয়া নিমিষতে মহানাগৰিকৰ জীৱন তছনছ কৰি পেলাব পাৰে। সংবাদ মাধ্যমত পাছদিনা বৰ বৰ হৰফেৰে প্ৰকাশ পায়- পুনৰ গুৱাহাটী মহানগৰীৰ আভিজাত্য বুৰ গ'ল কৃত্রিম বানত। ৰাজ্যৰ ৰাজধানী মহানগৰী কৃত্রিম বানত বুৰ যোৱাৰ লগতে স্বাভাৱিক জীবনযাত্রা অচল হৈ পৰাক লৈ প্ৰতিবছৰে নানা আলোচনা-সমালোচনা হয় যদিও একো ফল নধৰে। ৰজাঘৰীয়াই সাৰ নাপায়। কৃত্রিম বানত উন্মুক্ত নলাত পৰি সাধাৰণ নাগৰিকৰ প্ৰাণ যায়, ভূমিস্খলনে ভয়াৱহ ৰূপ ধাৰণ কৰে। প্ৰতিবছৰে কৃত্রিম বানত বহু ব্যস্ত পথ আৰু অঞ্চল বুৰ যোৱাৰ ফলত মহানগৰবাসী জলবন্দী হৈ পৰাটো এতিয়া যেন সহজ কথা। জলমগ্ন পথ অতিক্ৰম কৰিব নোৱৰাৰ ফলত ৰাজপথত ঘণ্টাৰ পাছত ঘণ্টা ধৰি বাহনসমূহ আবদ্ধ হৈ পৰে আৰু প্ৰায় পুৱতি নিশালৈকে দীঘলীয়া যান-জটৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ দৃশ্যও এতিয়া সুলভ। গুৱাহাটী উন্নয়ন মন্ত্রী আহে-যায়, বান নিয়ন্ত্ৰণৰ বাবে পেকেজ আহে-যায়, কিন্তু সমস্যা সমস্যা হৈয়ে ৰয়। চৰকাৰ আৰু পৌৰ নিগমৰ উন্নয়নৰ ঢাক-ঢোলৰ স্বৰূপ উদঙাই দি পুনৰ এবাৰ বহাগ মাহতেই ৰাজধানী মহানগৰী গুৱাহাটীত কৃত্রিম বানে প্রাণ কাঢ়িলে এজন-দুজন নহয়, চাৰিজনকৈ লোকৰ। ৪৮ ঘণ্টাত উদ্ধাৰ হৈছে চাৰিটাকৈ মৃতদেহ।
বৰষুণৰ তিনিদিন পাছতো ঠায়ে ঠায়ে পানী আবদ্ধ হৈ আছে। তিনিদিনলৈকে পাঠদান বন্ধ ৰাখিবলগীয়া হৈছে দিছপুৰৰ পৰা মাত্ৰ চাৰি কিল'মিটাৰ নিলগৰ সিজুবাৰী প্রাথমিক বিদ্যালয় আৰু ৰুক্মিণীগাঁও হাইস্কুলৰ। পানীৰে উপচি আছে শিক্ষানুষ্ঠান দুখনৰ শ্ৰেণীকোঠা। ৰুক্মিণীগাঁৱৰ বহু পৰিয়ালে এতিয়াও বোকা-পানীৰ বাবে ঘৰত প্ৰৱেশ কৰিব পৰা নাই। কৃত্রিম বান বা যি বুলিয়েই অভিহিত নকৰক কিয়, গুৱাহাটীৰ আবদ্ধ পানীয়ে ইয়াৰ বাসিন্দাক বছৰ বছৰ ধৰি জলাকলা খুৱাইছে। দশক দশক ধৰি ইয়াৰ পৰিত্ৰাণ বিচাৰি গুৱাহাটীবাসী হাইৰাণ হৈছে। ব্যর্থতা ঢাকিবলৈ নানা অজুহাতৰ আশ্রয় লোৱা চৰকাৰ, সংশ্লিষ্ট কর্তৃপক্ষৰ নির্লজ্জ আত্মসমর্পণ দৃষ্টিকটুভারে ওলাই পৰিছে। নেৰানেপেৰা বৰষুণে প্ৰতিবছৰে অনুৰূপ পৰিৱেশৰ সূচনা কৰে আৰু নলাৰ পানীৰ সৈতে সহাৱস্থান কৰিবলৈ মহানগৰীৰ অধিকাংশ লোক বাধ্য হৈ পৰে। কৃত্রিম বানৰ এই সমস্যাৰ কোনো সমাধান নাই নেকি? আজিৰ তাৰিখত এয়া সবাতোকৈ ডাঙৰ প্রশ্ন। বিভিন্ন সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে গুৱাহাটী পৌৰ নিগমৰ পৌৰপতি আৰু বিভিন্নজনে যুক্তি দিয়ে যে বৰষুণৰ পৰিমাণ বেছি হোৱা বাবে মহানগৰীত কৃত্রিম বানৰ প্রকোপ বাঢ়িছে। এইদৰে তেওঁলোকে হাত দাঙি বিষয়টোৰ পৰা ফালৰি কাটে। গুৱাহাটীত কৃত্রিম বান সৃষ্টি হোৱাৰ মূল কাৰণ হৈছে প্ৰাকৃতিকভাৱে গুৱাহাটীৰ পানী ওলাই গৈ ব্ৰহ্মপুত্ৰ আৰু বিলসমূহত পৰাৰ বাটবোৰ ৰুদ্ধ হৈ পৰিছে। তদুপৰি ভৰলু, বাহিনী, বশিষ্ঠ আদিয়ে বহনক্ষমতা হেৰুৱাই পেলাইছে। ইয়াৰ উপৰি নলা-নর্দমাবোৰ প্লাষ্টিক, বটল, নানা আৱৰ্জনা আৰু পাহাৰৰ মাটিৰে পূৰ হৈ থাকে। পৰিকল্পনাহীন নির্মাণকার্য, বেদখল আদিও কাৰক। তাৰ মাজতে আছে আকৌ গুৱাহাটী পৌৰ নিগম, গুৱাহাটী উন্নয়ন নিগম কর্তৃপক্ষ আদিৰ দায়িত্বজ্ঞানহীনতা। ইয়াৰ বাসিন্দাৰ উদাসীনতা, অতিমাত্রা ব্যক্তিকেন্দ্রিকতাও সমস্যা বৃদ্ধিৰ আন এটা কাৰণ।
কথা হ'ল এই সমস্যাৰ নিৰাময় নহ'বই নেকি? গুৱাহাটী স্মার্ট চিটি প্ৰকল্পৰ বাবে আবণ্টিত ৭৫০ কোটি টকাৰ সুফল গুৱাহাটী মহানগৰবাসীয়ে এয়াই পালে নেকি? স্মার্ট চিটি প্রকল্পসমূহৰ ভিতৰত অন্যতম আছিল বৰচলা বিল, মৰাভৰলু, ভৰলু আৰু দিপৰ বিলেৰে পানী বোৱাই নিয়া, নলা-নর্দমাৰ মান উন্নত কৰা আৰু মহানগৰৰ জাবৰ নিষ্কাশন কৰা। কিন্তু সকলো ফুটুকাৰ ফেন হ'ল। সমস্যাৰ সমাধানৰ পথ শশ কোটি টকা ব্যয় কৰিও চৰকাৰে উলিয়াব পৰা নাই, নলাত জাবৰ-জোঁথৰ পেলোৱা অসভ্য মানুহৰ মানসিকতা সলনি হোৱা নাই, অবিজ্ঞানসন্মত পাহাৰ খনন ৰোধ হোৱা নাই আৰু তাৰ পাছতো আমি প্রকৃতিকেই দোষাৰোপ কৰি আহিছোঁ। জীৱশ্রেষ্ঠ মানুহৰ চিন্তাৰ দীনতা আৰু কি হ'ব পাৰে? পাহাৰৰ মাটি নামি আহি নলা-পথ একাকাৰ হয় আৰু পানী যোৱা পথ ৰুদ্ধ হয়। এইখিনি কাম কৰিবলৈ চৰকাৰ কঠোৰ হ'ব লাগিব আৰু বদ্ধপৰিকৰ হ'ব লাগিব গুৱাহাটীবাসী। গুৱাহাটীক উত্তৰ-পূবৰ দুৱাৰমুখ নহয়, দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গঢ়ি তোলাৰ কথা কোৱা হয়। মানুহৰ ঘনত্ব যিমানেই বাঢ়িছে, সিমানেই গুৱাহাটী ধ্বংসৰ গৰাহলৈ গতি কৰিছে। আপোন গুৱাহাটীৰ এই ভয়াবহ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ সকলোৱে দায়বদ্ধ হ'ব লাগিব। পৰস্পৰ্ক দোষাৰোপ দি লাভ নাই। অন্যথা আৰু কত উপামণি চৌধুৰী, পায়েল নাথৰ অকাল মৃত্যু হ'ব তাৰ হিচাপ নাই।