যুদ্ধ আৰু মূল্য বৃদ্ধিৰ বিভীষিকা

dainik janambhumi April 03, 2026

ডিজিটেল ডেস্ক : তথাকথিত বিশ্বশক্তি আমেৰিকা আৰু সহযোগী ইজৰাইলৰ প্ৰৰোচনাত ইৰান আক্রমণেৰে যোৱা ২৮ ফেব্ৰুৱাৰীৰ পৰা চলি থকা যুদ্ধই এমাহ অতিক্ৰম কৰিলে। ইৰানে আত্মমর্যাদা ৰক্ষাৰ শেষ যুদ্ধ আখ্যা দি আত্মপ্রত্যয়েৰে এনেকৈ উভতি ধৰিলে যে আমেৰিকা-ইজৰাইল পিছুৱাই যাবলৈ বাধ্য হ'ল। বিশ্ব পুঁজিবাদৰ শীর্ষ নেতা আমেৰিকাৰ বাবে যুদ্ধ হ'ল বাণিজ্যিক সাম্রাজ্য বিস্তাৰৰ এটা উপায়। মধ্যপ্রাচ্যৰ তেল উৎপাদনকাৰী ৰাষ্ট্ৰসমূহক চাপত ৰাখি ব্যাৱসায়িক স্বার্থ, অধিক মুনাফাৰ খেলখন অব্যাহত ৰখাৰ স্বাৰ্থতে আমেৰিকাই ইজৰাইলক সকলো ধৰণে সহায় কৰি আহিছে। ইজৰাইলে গাজা-লেবানন-ছিৰিয়া-পেলেষ্টাইনত অতি নৃশংসতাৰে গণহত্যা চলাই সমগ্র মধ্যপ্রাচ্যত আৰব ৰাষ্ট্ৰসমূহক আমেৰিকাৰ কবলৰ পৰা ওলাই আহিব নোৱৰাকৈ ৰাখিছে। সেই ৰাষ্ট্ৰসমূহৰ নিজৰ কোনো প্ৰতিৰক্ষা ব্যৱস্থা নাই, আমেৰিকাই সুৰক্ষা দি আহিছে। তেলৰ সৰবৰাহৰ বাবে হৰমুজ প্রণালীক তেল অৰ্থনীতিৰ জীৱনৰেখা বুলি গণ্য কৰা হয়। সেই প্রণালী এতিয়া সম্পূৰ্ণ ইৰানৰ দখলত। খনিজ তেল সৰবৰাহ বাধাগ্ৰস্ত হৈ পৰাৰ লগে লগে সমগ্র বিশ্বতে শক্তি সংকটৰ সৃষ্টি হৈছে। স্বাভাৱিকতে ভাৰতবৰ্ষও সেই সর্বগ্রাসী প্ৰভাৱৰ কবলত পৰিছে। ভাৰতৰ উত্তৰ-পূবৰ সীমামূৰীয়া ৰাজ্য অসমত তাৰ প্রভাৱ অধিক তীব্র। যোৱা এক এপ্ৰিলৰ পৰা অসমত ৰন্ধন গেছ, পেট্রল-ডিজেল, টোল কৰ আদি পুনৰ বৃদ্ধি পাইছে। মূল্য বৃদ্ধিৰ এই ধাৰা যুদ্ধকালীন পৰিস্থিতিত যে অব্যাহত থাকিব, সেই কথা ঠিক। ইয়াৰ ফলত সাধাৰণ জনতাৰ দুর্দশাও বৃদ্ধি পাব।

অসমৰ মানুহৰ ক্রয়ক্ষমতা যে ক্রমহ্রাসমান, সেই কথা হিতাধিকাৰীৰ সংখ্যা বৃদ্ধিয়েই প্রতিপন্ন কৰে। নিৰ্বাচনৰ সময়ত চৰকাৰে বেংক একাউণ্টত ধন দি হিতাধিকাৰীসকল, বিশেষকৈ মহিলাসকলক উৎফুল্লিত কৰা দেখা গৈছে। কিন্তু মূল্য বৃদ্ধিৰ অসুৰে এতিয়া যি বিভীষিকাৰ সৃষ্টি কৰিব, এই পৰিমাণৰ ধন হাতৰ পৰা ওলাই যাবলৈ বেছি সময় নালাগিব। আনহাতে, নির্বাচনৰ পাছত নতুন চৰকাৰ হিতাধিকাৰীক লৈ ব্যস্ত নাথাকিব। আকৌ যেতিয়া আন এটা নির্বাচন আহিব, হয়তো ঋণত ডুবি থকা অসমৰ চৰকাৰৰ আকৌ হিতাধিকাৰীলৈ মনত পৰিব। বর্তমান উৎপাদনবিমুখ হৈ পৰা অসমলৈ নিত্যব্যৱহাৰ্য সামগ্ৰীৰ সিংহভাগেই আহে বাহিৰৰ পৰা। ইন্ধনৰ মূল্য বৃদ্ধিৰ লগে লগে নিত্যব্যবহার্য, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যও বৃদ্ধি পাব। সেই বাবেই আহি থকা সংকটৰ বাবে দেশৰ জনতা আৰু চৰকাৰ উভয়েই সতর্ক হ'ব লাগিব। আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতি আৰু পৰিৱৰ্তিত বৈদেশিক নীতিৰ ফলতো আমাৰ অৰ্থনীতিত নেতিবাচক প্রভাৱ পৰিব। ভাৰতৰ আমদানি-ৰপ্তানি বাণিজ্যত ইতিমধ্যে সেই প্ৰভাৱ পৰিলক্ষিত হৈছে। অসমৰ উৎপাদিত চাহৰ এটা গুৰুত্বপূৰ্ণ অংশ মধ্যপ্রাচ্যৰ দেশলৈ ৰপ্তানি হয়। পঞ্জাব-হাৰিয়ানাৰ বাচমতি চাউল মধ্যপ্রাচ্যলৈ যায়। ভাৰতৰ বিভিন্ন গাড়ী, বিলাসী গাড়ী মধ্যপ্রাচ্যৰ দেশলৈ ৰপ্তানি হয়। এই ৰপ্তানি প্রক্রিয়া বন্ধ হৈ পৰিলে ভাৰতৰ দেশীয় বজাৰত তাৰ প্ৰভাৱ পৰিব। আনকি কাটাৰ, ওমান আদি কেইখনমান ৰাষ্ট্ৰলৈ ভাৰতৰ পৰা তেওঁলোকে বিচৰা ধৰণৰ মাংস ৰপ্তানি কৰা হয়, যিটো বর্তমানে বন্ধ হৈ পৰিছে। এই যুদ্ধ যিমানেই দীঘলীয়া হৈ গৈ থাকিব, সিমানেই ভাৰতৰ দৰে অৰ্থনৈতিক দিশত দুৰ্বল দেশৰ বাবে সমস্যা আৰু সংকট বৃদ্ধি পাব। অবাঞ্ছিত এখন যুদ্ধত জড়িত হৈ পৰি দেশলৈ অর্থনৈতিক সংকট মাতি অনা আদি নানা অভিযোগত আজি আমেৰিকাৰ বিভিন্ন মহানগৰত ৰাষ্ট্ৰপতি ট্রাম্পৰ বিৰুদ্ধে তীব্র গণবিক্ষোভ সৃষ্টি হৈছে। অর্থনৈতিক আৰু বৈদেশিক নীতিৰ ক্ষেত্ৰত ভাৰতক যথাযথভাবে নেতৃত্ব দি আগুৱাই নিব নোৱাৰিলে চৰকাৰৰ বিৰুদ্ধেও বিক্ষোভ সৃষ্টি হ'ব। মুঠতে যুদ্ধ মানইে হ'ল নানা বিপৰ্যয়ৰ কাৰণ। যুদ্ধত জড়িত হোৱা বা নোহোৱা সকলো দেশই ইয়াৰ বাবে ভুগিব লগা হয়।

বিশ্বত যিকোনো প্ৰকাৰে নিজৰ বাণিজ্যিক আধিপত্য বৰ্তাই ৰখাৰ আমেৰিকাৰ সামৰিক প্ৰচেষ্টাৰ পৰা ভাৰতে দূৰত্ব ৰাখি চলি আহিছে। ড° মনমোহন সিঙৰ প্রধানমন্ত্ৰিত্বৰ কালত তৎকালীন মার্কিন ৰাষ্ট্ৰপতি বাৰাক ওবামাই ইৰানৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাৰ বাবে ইৰানৰ পৰা তেল ক্ৰয় কৰাত আপত্তি কৰাত প্রধানমন্ত্রী সিঙে 'আন্তঃৰাষ্ট্ৰীয় পটভূমিত ভাৰতৰ কিনা-বেচা ভাৰতীয় সুবিধা-অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কৰা হয় আৰু এই ক্ষেত্ৰত আন ৰাষ্ট্ৰৰ হস্তক্ষেপ অবাঞ্ছনীয়' বুলি স্পষ্টকৈ জনাইছিল। ভাৰতৰ লগত ইৰানৰ বিবাদ হোৱাৰ কোনো কাৰণ নাছিল। আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্যতকৈ বহু কম দৰত ইৰানে ভাৰতক তৈল সামগ্রী দিছিল। ড'নাল্ড ট্রাম্প দ্বিতীয়বাৰ ৰাষ্ট্ৰপতি হোৱাৰ লগে লগে ভাৰতৰ ওপৰত নানা চাপ প্রয়োগ কৰি বাণিজ্যিক চুক্তি কৰে, ৰাছিয়াৰ পৰা তৈল সামগ্রী ক্ৰয় কৰা বন্ধ কৰে। ফলস্বৰূপে অধিক মূল্যত ভাৰতে তৈল সামগ্রী কিনিব লগা হয়। যুদ্ধৰ পৰিস্থিতি উদ্ভৱ হোৱাত ড'নাল্ড ট্রাম্পে ভাৰতক এমাহৰ বাবে ৰাছিয়াৰ পৰা তৈল সামগ্রী কিনাৰ অনুমতি দিয়াক লৈ ভাৰতত তীব্র প্রতিক্রিয়া হয়। হৰমুজ প্রণালী বন্ধ হোৱাত ক্ষতিগ্রস্ত হোৱা আমেৰিকাই এইবাৰ ইৰানৰ ওপৰত থকা নিষেধাজ্ঞা শিথিল কৰিবলৈ বাধ্য হয়। আকস্মিকভাৱে যুদ্ধকালীন পৰিস্থিতিত ভাৰতৰ প্রধানমন্ত্রীয়ে ইজৰাইল ভ্ৰমণ কৰাক লৈও ভাৰত-ইৰান সম্পৰ্কত জটিলতা বাঢ়ে। কিন্তু তৎসত্ত্বেও ইৰানে ভাৰতৰ জনসাধাৰণৰ অসুবিধালৈ লক্ষ্য ৰাখি তেলৰ জাহাজৰ চলাচলত অনুমতি দিছে।

স্বাভাৱিক পৰিস্থিতি অবিহনে বজাৰ ব্যৱস্থাই পূৰ্বৰ অৱস্থালৈ আহিব নোৱাৰিব। যুদ্ধ বন্ধ হ'লেহে এই অস্থিৰতা দূৰ হ'ব। অসমত বর্ধিত কৰ-কাটলৰ বোজা আছেই। তাৰ পাছতো ভূতৰ ওপৰত দানহ পৰাদি যুদ্ধৰ পৰিস্থিতিয়ে যদি সামগ্ৰীৰ চাহিদা আৰু যোগানক প্রভাৱিত কৰে, তেন্তে সাধাৰণ গ্ৰাহকৰ দুৰ্যোগ বাঢ়িব। নিৰ্বাচনৰ প্ৰচাৰ চলি থাকোঁতেও যিহেতু মূল্য বৃদ্ধি ব্যাপক হাৰত চলিয়েই আছে, তাৰ পৰা এই কথা অনুমান কৰিব পাৰি যে ভোটদানৰ তাৰিখৰ পাছত মূল্য বৃদ্ধিৰ তীব্রতা বাঢ়িবহে। যুদ্ধৰ অন্ত হওক-সকলোৰে এয়ে কামনা আৰু প্ৰাৰ্থনা।

Share This