ডিজিটেল ডেস্ক : অসম আন্দোলনৰ সময়ত বহু জনপ্রিয় শ্ল'গান আৰু জাতীয় জীৱনৰ আৱেগ বিজড়িত শ্ল'গানৰ দ্রুত প্রচলন হৈছিল। তেনে ধৰণৰ বাক্য আৰু শ্ল'গানৰ মাজৰে এটা আছিল 'অসম মৰিলে আমিও মৰিম।' অসমৰ জাতীয় অস্তিত্ব বিপন্ন হোৱাৰ আশংকা ব্যক্ত কৰি অসম আন্দোলন পৰিচালনা কৰা বিভিন্ন ব্যক্তি আৰু অনুষ্ঠান-সংগঠন আদিয়ে তেনে ধ্বনি দিছিল। অৱশ্যে অসম আন্দোলনৰ নেতাসকলে অসমীয়াৰ অস্তিত্ব বিপন্ন হোৱাৰ অশংকাৰ মূল কাৰণ ৰূপে প্ৰতিষ্ঠা কৰিব খুজিছিল- চুবুৰীয়া দেশ, বিশেষকৈ বাংলাদেশৰ পৰা অসমলৈ হোৱা অবৈধ প্রব্রজন। সেইবাবেই সন্দেহযুক্ত বিদেশী বিতাৰণৰ চন-তাৰিখক লৈ বহুদিন আলাপ-আলোচনাৰ মুৰত অৱশেষত অসম চুক্তি মর্মে অসম আন্দোলনৰ অন্ত পৰিছিল। তাৰ পাছত আন্দোলনৰ নেতৃবর্গ তথা নৱগঠিত আঞ্চলিক দল অসম গণ পৰিষদে অসমত চৰকাৰ গঠন কৰিছিল। সন্দেহযুক্ত নাগৰিকক বিচৰা আৰু চিনাক্তকৰণত আই এম ডি টি আইন প্রধান বাধা বুলি কৈ অসমৰ প্ৰথমখন আঞ্চলিক দলৰ চৰকাৰে কাৰ্যকাল শেষ কৰিলে। তেনেকৈ বহু বছৰ পাৰ হোৱাৰ পাছত আই এম ডি টি আইন বাতিলৰ বাবে উচ্চতম ন্যায়ালয়ত গোচৰ তৰা হ'ল। কেইটামান বছৰ এই গোচৰ চলাৰ পাছত অৱশেষত ২০০৫-ত উচ্চতম ন্যায়ালয়ে এই আইন বাতিল কৰে।
গুচৰীয়া ৰূপে সাংসদ সর্বানন্দ সোণোৱাল জাতীয় নায়ক হ'ল। যিহেতু আঞ্চলিক দলৰ নেতা তথা ছবছৰীয়া অসম আন্দোলনৰ নেতাই আই এম ডি টি আইনৰ বাবেই সমস্যা সমাধান হোৱা নাই বুলি দাবী কৰি আহিছিল, সেই ফালৰ পৰা চাবলৈ গ'লে আই এম ডি টি বাতিল হোৱাৰ পাছত স্বাভাৱিকতে বিদেশী চিনাক্তকৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব লাগিছিল। কিন্তু তেনে একো নহ'ল। পুনৰ প্ৰায় দহ বছৰ কাল তেনেদৰেই পাৰ হ'ল। তাৰ পাছত আহিল এন আৰ চিৰ, অৰ্থাৎ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ যোগেদি অনুপ্ৰৱেশকাৰী চিনাক্তকৰণৰ প্ৰসংগ। উচ্চতম ন্যায়ালয়ৰ পর্যবেক্ষণত নানা জটিলতাৰ মাজেৰে আহি অৱশেষত নাগৰিকপঞ্জীৰ উন্নীতকৰণ প্রক্রিয়া শেষ হ'ল। ফলাফল অসম আন্দোলনৰ হর্তাকর্তা আৰু তথাকথিত জাতীয় সংগঠনসমূহৰ প্ৰত্যাশা অনুসৰি নহ'ল। কিছুদিন আপত্তি কৰিলে। অসমৰ জনজাতি-জনগোষ্ঠীসমূহৰ যিহেতু অসম চুক্তিৰ লগত কোনো ধৰণৰ সম্বন্ধই নাছিল, গতিকে সেই ফালৰ পৰাও বিশেষ আপত্তি নাহিল। এনেদৰেই অসম আন্দোলনে আৰম্ভ কৰা এটা বিষয় ক্ৰমাৎ আলোচনাৰ পৰা আঁতৰি গ'ল। অৱশ্যে নাগৰিকত্ব সংশোধনী আইনো বিষয় চৰ্চাৰ পৰা আঁতৰাই নিয়াৰ এটা অন্যতম কাৰণ।
কেৱল অনুপ্ৰৱেশৰ প্ৰসংগই এটা জাতৰি অস্তিত্ব লোপ হোৱাৰ কাৰণ হ'ব নোৱাৰে, যদিহে অন্যান্য আর্থ-সামাজিক আৰু ৰাজনৈতিক বিষয়বোৰ তাত জড়িত হৈ নাথাকে। অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে সীমান্তত থাকে সীমান্তৰক্ষী বাহিনীৰ আৰু দেশত থাকে নানা চৰকাৰী তথা প্রশাসনীয় প্ৰতিৰোধ ব্যৱস্থা। সাধাৰণতে অসমৰ জাতীয় নেতৃবর্গই অনুপ্ৰৱেশৰ কাৰণে চৰকাৰ বা সীমান্ত সুৰক্ষা ব্যৱস্থাক প্রত্যক্ষভাৱে দায়ী কৰা দেখা নাযায়। অর্থাৎ অনুপ্রৱেশ ৰোধ কৰিব পাৰি। জাতীয়
অস্তিত্ব নিৰ্ভৰ কৰিব পৰা আন কেইটামান অত্যন্ত গুৰুত্বপূর্ণ বিষয় হ'ল, যুক্তৰাষ্ট্ৰীয় গাঁথনিৰ ভিতৰত একোখন প্রদেশে বা একোটা জাতিয়ে সাংবিধানিকভাবে পাব লগা অধিকাৰখিনি সাব্যস্ত কৰা, সংৰক্ষণ কৰা। ৰাজ্য চৰকাৰে তৎপৰতা চলালে ৰাজ্যখনৰ প্ৰাকৃতিক সম্পদ, ভূমি, কৃষিজাত-খনিজাত সম্পদৰ ওপৰত ৰাজ্য চৰকাৰৰ প্ৰাপ্য অংশ আদায় কৰিব পাৰে। বিশেষকৈ ভূমি হৈছে ৰাজ্য চৰকাৰৰ অধীনৰ এটা বিষয়। বর্তমান উত্তৰ ভাৰতৰ হিন্দী-হিন্দু অধ্যুষিত অঞ্চলসমূহত খালী মাটি নাই। পুঁজিপতি গোষ্ঠী, কর্প'ৰেট তথা আন বিত্তমানসকলে আনকি জনজাতি এলেকাৰ মাটিও গ্রাস কৰিছে। ইয়াৰ বিপৰীতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত কিছু পৰিমাণৰ ভূমি এতিয়াও আছে। অৰুণাচল প্রদেশ ইতিমধ্যেই কৰ্প'ৰেটৰ গ্ৰাসত। বাকী ৰাজ্যসমূহতো উত্তৰ ভাৰতীয় বৃহৎ শিল্পপতিসমুহে চকু দিছে। অসমৰ কথাই সুকীয়া। উজনি-নামনিৰ প্ৰধান পথৰ দাঁতিৰ মূল্যবান মাটি ইতিমধ্যেই উত্তৰ ভাৰতীয় মূলৰ বণিক গোষ্ঠীৰ লোকে ক্ৰয় কৰিলে। বাকী পাহাৰ-ভৈয়ামৰ বৃহৎ পৰিমাণৰ মাটি, আনকি জনজাতি বেল্টৰো মাটি বৰ্তমানৰ চৰকাৰে বণিক গোষ্ঠীক 'বিনিয়োগ'ৰ অজুহাতত সমর্পণ কৰিছে। অলপতে কাৰ্বি আংলঙৰ বৃহৎ পৰিমাণৰ ভূমি আদানি গোষ্ঠীক হস্তান্তৰ কৰাৰ এটা প্রচেষ্টা কার্বি আংলঙৰ ৰাইজ আৰু সংগঠনে সংগ্রাম কৰি বন্ধ কৰিছে, সেই প্রকল্পৰ বাবে এছিয়ান ডেভেলপমেন্ট বেংকৰ ঋণো বন্ধ কৰি দিয়া হৈছে। পলাশবাৰী, বৰঝাৰ, জাগীৰোড, কোকৰাঝাৰ আদি অসমৰ আন বহু অঞ্চলৰ মাটি ক্রমে আম্বানি-আদানি, ৰামদেৱ আদিক দিয়াৰ উদ্দেশ্যেই অসম চৰকাৰে
অসমৰ ভূমি আইনকে সংশোধন কৰিব খুজিছে। এই অভিযোগ তথ্যসহ ফাদিল কৰিছে অসমৰ এজন প্রাক্তন অতিৰিক্ত মুখ্য সচিব তথা অসমৰ ভূমি বিষয়ৰ এজন বিশেষজ্ঞই। এয়া এটা সাধাৰণ অভিযোগ নহয়। মাটি-ভেটি-জাতিৰ স্বাৰ্থৰ সুৰক্ষাৰ প্ৰতিশ্ৰুতিৰ লগত এনে সিদ্ধান্তৰ কোনো সংগতি নাই। আজিৰ অসমৰ জনমত তথা ৰাইজৰ আশা-আকাংক্ষাক বলপূর্বক দমন কৰি, বৰ্তমানৰ চৰকাৰখনে বলপূর্বক নানা সিদ্ধান্ত গ্রহণ কৰিছে। আচৰিত কথা যে জাতিৰ অস্তিত্ব বিপন্ন কৰাৰ ভাবুকি আৰু চক্রান্ত নিহিত থকা এনে কাৰ্যৰ বিৰুদ্ধে অসম-অসমীয়াৰ অভিভাৱক স্বৰূপে জাতীয় সংগঠনো ৰহস্যজনকভাবে নিমাত। আনহে নালাগে, অসম চুক্তিৰ ষষ্ঠ দফা ৰূপায়ণ শীৰ্ষক বিষয়ৰ পৰাও এই সংগঠনবোৰ লাহে লাহে আঁতৰি আহিছে। অসম আন্দোলনৰ সময়ত নেতৃত্বই তুলি ধৰা দাবীবোৰে দেখোন 'ইউ টার্ন' ল'লে। এসময়ত কোৱা হৈছিল- অসম মৰিলে আমিও মৰিম বুলি। অসমক মৰাৰ চক্রান্ত দেখোন মুকলিকৈয়ে চলি আছে।