নিষিদ্ধ ড্ৰাগছৰ বেহাৰ ৰৌ-বৰালি

dainik janambhumi December 01, 2025

ডিজিটেল ডেস্ক : নিষিদ্ধ ড্ৰাগছৰ প্ৰতি আজিৰ প্ৰজন্মৰ আসক্তি ভয়ংকৰ গতিত বাঢ়িব লাগিছে। সেই অনুপাতে বাঢ়িছে ড্রাগছ সৰবৰাহকাৰী চক্ৰৰ জাল। দেশৰ কথা বাদেই, অসমৰ অধিকাংশ চহৰৰে চাৰিআলি, তিনিআলিৰ চুকত এতিয়া নিষিদ্ধ ড্রাগ্‌ছ সুলভ বুলি ক'লেও বৰ এটা বঢ়াই কোৱা নহয়। দৰাচলতে অবৈধ ড্রাগ্‌ছ সৰবৰাহৰ অন্যতম কেন্দ্ৰভূমি হৈ পৰিছে অসম। বিগত পাঁচ বছৰত জব্দ হোৱা ড্ৰাগছৰ পৰিমাণ আৰু ৰুজু হোৱা গোচৰৰ সংখ্যাই ভয়াৱহ তথ্য স্পষ্ট কৰিছে। গভীৰ দুশ্চিন্তাৰ কথা এইটোৱেই যে এই নিষিদ্ধ ড্রাগছে আজিৰ উঠি অহা প্রজন্মটোৰ একাংশক শাৰীৰিক-মানসিকভাৱে ধ্বংস কৰি আনিছে। গতি যদি এইটোৱেই থাকে, তেনেহ'লে অনাগত সময়ত ডেকা ল'ৰাবোৰ 'লাচিত দেশৰ ডেকা' হৈ নাথাকি নিচাগ্রস্ত এটা প্রজন্মহে হয়তো হ'বগৈ।

অৱশ্যে ইয়াৰ মাজতো এটা কথা মন কৰিব লগীয়া যে বিগত কিছু বছৰত ড্রাগ্‌ছৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে ব্যাপক অভিযান চলাইছে। এই অভিযানৰ কিছু ফলো পোৱা হৈছে। যোৱা ২৬ নৱেম্বৰত অসম বিধানসভাত সংসদীয় পৰিক্ৰমা মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে দাখিল কৰা তথ্য অনুসৰি, ৰাজ্যত বিগত পাঁচ বছৰত ১৪ সহস্রাধিক ড্রাগছ বিৰোধী গোচৰ পঞ্জীয়ন হোৱাৰ লগতে ২৩ হাজাৰতকৈও অধিক সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। একে সময়তে এই ড্রাগছ-বিৰোধী অভিযানৰ ফলত ৰাজ্যত প্রায় ২,৮৮২ কোটি টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰা হৈছে। মন্ত্রীজনে লগতে কয় যে ২০২১ চনৰ পৰা চলিত বৰ্ষৰ ৩১ অক্টোবৰ পৰ্যন্ত পাঁচ বছৰত ড্ৰাগছ সৰবৰাহকাৰী সম্পর্কীয় মুঠ ১৪,২৩৯টা গোচৰ ৰুজু কৰা হৈছে। এই তথ্যখিনিয়ে দুটা দিশ প্ৰকট কৰে। এটা দিশ হ'ল ৰাজ্যত নিষিদ্ধ ড্ৰাগছৰ চক্ৰটোৰ ভয়াৱহতা কিমান তাৰ এখন ছবি ই দাঙি ধৰে। বুজাত অসুবিধা নহয় প্রশাসনৰ হাতোৰাত বন্দী হোৱাবোৰৰ উপৰি যে এটা বৃহৎ চক্র এই ড্ৰাগছৰ সৰবৰাহৰ ক্ষেত্রত এতিয়াও সক্রিয় হৈ আছে। তথ্যখিনিয়ে দিয়া আনখন ছবি হ'ল অবৈধ ড্ৰাগছৰ ক্ষেত্ৰত প্ৰশাসনৰ কঠোৰ স্থিতি, চৰকাৰৰ দৃঢ় পদক্ষেপ।

এইখিনিতে মন কৰিব লগীয়া এক গুৰুতৰ প্ৰসংগ আছে। চৰকাৰে তথ্য দিছে বিগত পাঁচ বছৰত ১৪ হাজাৰতকৈও অধিক ড্ৰাগছ-বিৰোধী গোচৰ পঞ্জীয়ন হৈছে, ২৩ হাজাৰতকৈও অধিক সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। বাতৰিকাকততো সততে 'ড্ৰাগছ সৰবৰাহকাৰী আটক' ধৰণৰ খুচুৰা খবৰ প্ৰকাশ হয়। বুজাত অসুবিধা নহয়, এইবোৰ সমগ্র চক্ৰটোৰ পুঠি-খলিহনাহে। কিন্তু নিষিদ্ধ ড্রাগছ প্রচলনত জড়িত থকা ৰৌ-বৰালিবোৰ জালত পৰাৰ খবৰ কিন্তু প্রায়ে পোৱা নাযায়। এনেকুৱা ক্ষেত্রত এই সন্দেহ ঘনীভূত হয়, পুঠি-খলিহনাবোৰ কৰায়ত্ত কৰাতেই আৰক্ষীয়ে ব্যাপক সফলতা বুলি ভাবিছে নেকি? ৰৌ-বৰালিবোৰ নিৰাপদ দূৰত্বত অৱস্থান গ্রহণ কৰি ৰিম'ট কন্ট্রলেৰে সমগ্র চক্ৰটো নিয়ন্ত্ৰণ কৰি আছে নেকি? কাৰণ, একোটা একোটা সৰবৰাহকাৰীৰ হাতৰ পৰা যি পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ হয় সেই কথাৰ পৰা সহজেই বুজিব পাৰি যে মূল 'বিতৰক' আন ক'ৰবাত আছে। সকলো দেখি-শুনি সচেতন লোকৰ মাজত এই প্রশ্নৰো উদ্ভৱ হয় এই ড্রাগছৰ চক্ৰটোৰ লগত কোনোবা প্রভাৱশালী লোক জড়িত আছে নেকি, যাৰ বাবে আৰক্ষীৰ জালত সততে নোসোমায় কোনো ৰৌ-বৰালি। কাৰণ এই কথাও ঠিক নিষিদ্ধ ড্ৰাগছৰ সমগ্ৰ ব্যৱসায় এতিয়া আমাৰ কল্পনাই ঢুকি পোৱা টকাৰ অংকতকৈ হয়তো কেইবা গুণো বেছি। এনেকুৱা বৃহৎ অংকৰ ধনৰ লেনদেনত যে বিভিন্ন দিশৰ বহুবোৰ কথাই জড়িত হৈ থাকিব, সি ধুৰুপ। একাংশই আকৌ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ এই বৃহৎ চক্ৰটো কোনোবা কোনোবা উগ্রপন্থী গোটৰ পৃষ্ঠপোষকতাত অথবা সহযোগিতাত পৰিচালিত বুলিও সন্দেহ কৰে।

মুঠতে এই কথা ঠিক যে ড্ৰাগছ সৰবৰাহৰ এই চক্রটো অতি বিশাল আৰু ইয়াৰ ওপৰ স্তৰৰ অংশগ্ৰহণকাৰীবোৰ সততেই আৰক্ষীৰ হাতোৰাৰ পৰা আঁতৰত থাকি যায়। আৰক্ষীৰ জালত প্ৰায়ে পুঠি-খলিহনা উঠাৰ খবৰ ওলায় যদিও ৰৌ-বৰালিৰ উঠাৰ খবৰ নোলায়েই বুলিব পাৰি। ৰাইজে আশা কৰে আৰক্ষী আৰু অনুসন্ধানকাৰী সংস্থাসমূহ অধিক সক্রিয় হওক, ড্রাগছ সৰবৰাহকাৰীৰ পুঠি-খলিহনাৰ লগতে ৰৌ-বৰালিকো জালত পেলাই তেওঁলোকৰ পাৰদৰ্শিতা প্রদর্শন কৰক কাৰণ এয়া আমাৰ উঠি অহা প্ৰজন্মৰ বাবে, ৰাজ্য, দেশৰ ভৱিষ্যতৰ বাবে জৰুৰী। ৰাইজেও কেৱল আৰক্ষীৰ অভিযানলৈ বাট নাচাই সাধ্য অনুসৰি উঠি অহা প্রজন্মটোক নিষিদ্ধ ড্ৰাগছৰ কবলত পৰাৰ পৰা ৰক্ষা কৰিবলৈ সচেতনভাৱে যত্নপৰ হওক। দেশ, জাতি আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে এইবোৰ পদক্ষেপ এতিয়া অতি প্রয়োজনীয়।

Share This