আজিৰ সম্পাদকীয়, বাঁহৰ গুৰুত্ব

dainik janambhumi December 27, 2025

ডিজিটেল ডেস্ক: অসমৰ সাংস্কৃতিক, সামাজিক আৰু অর্থনৈতিক দিশত এক গুৰুত্বপূর্ণ স্থান অধিকাৰ কৰি আহিছে বাঁহে। অসমৰ জন-জীৱনত অতীজৰে পৰা বাঁহৰ ভূমিকাৰ কথা কৈ শেষ কৰিব নোৱাৰি। আমাৰ সমাজত জন্মৰ পৰা মৃত্যুলৈকে একোটা বাঁহ অপৰিহাৰ্য। সেয়ে এসময়ত কোৱা হৈছিল- 'যাৰ নাই বাঁহ, তাৰ নাই সাহ'। ঘৰৰ নঙলামুখৰ পৰা আৰম্ভ কৰি ঘৰ বনোৱা, খেতিৰ নাঙল-যুঁৱলিৰ পৰা মাছ মৰাত ব্যৱহৃত জাকৈ, খালৈ, পল, বৰশী, চেপা, বিচনী, বাদ্যযন্ত্র, বৰষুণৰ পৰা ৰক্ষা পাবলৈকে প্রস্তুত কৰা জাপিলৈকে বাঁহৰ ব্যৱহাৰ আচৰিত ধৰণৰ। তাঁতশালখন আৰু ইয়াৰ সঁজুলিসমূহো বাঁহেৰেই নিৰ্মাণ কৰা হয়। বাঁহগছৰ ভিন্ন অংশ ভিন্ন ৰূপত ব্যৱহৃত হয়। খাদ্য হিচাপেও ব্যৱহাৰ হয় বাঁহ। কিছু প্রজাতিৰ বাঁহৰ গাজ ভক্ষণ কৰিব পাৰি আৰু এইসমূহ অতি পুষ্টিকৰ খাদ্য। 

কিন্তু সাম্প্রতিক দ্রুত উন্নয়নৰ যুগত বাঁহ যেন লাহে লাহে এলাগী হ'বলৈ ধৰিলে। ক্রমশঃ কমি আহিল বাঁহৰ ব্যৱহাৰ। ৰাজ্যখনৰ দুটাকৈ বাঁহভিত্তিক উদ্যোগ ক্রমে জাগীৰোড কাগজ কল আৰু কাছাৰ কাগজ কলৰ অপমৃত্যুৰ পাছতো বাঁহ খেতিয়কসকল হতাশ হৈ পৰে। কিন্তু এনে সময়তে অতি শেহতীয়াভাৱে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নতুন টার্মিনেলে পুনৰবাৰ বাঁহক চৰ্চালৈ আনিছে। থলুৱাভাৱে উপলব্ধ বাঁহেৰে কলাত্মক আর্হিত নির্মিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নতুন টার্মিনেলে দেশবাসীৰ দৃষ্টি নিবদ্ধ কৰিছে। পৰ্যটনৰ প্ৰসাৰ আৰু আঞ্চলিক উন্নয়নৰ অংগীকাৰেৰে মুকলি কৰা নতুন টার্মিনেলটোৰ বাটচ'ৰাত জিলিকি উঠিছে উত্তৰ-পূবৰ বৈচিত্র্যময় সংস্কৃতি, ঐতিহ্য আৰু আধুনিকতাৰ এক সুন্দৰ সংমিশ্রণ। ১.৪ লাখ বর্গমিটাৰ এলেকাৰ টার্মিনেলটো আটকধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে। বাঁহ আৰু অর্কিডৰ বিনন্দীয়া প্রাকৃতিক শোভাৰ প্রতিফলন ঘটিছে টার্মিনেলটোত। টার্মিনেলটোত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ পৰা আহৰণ কৰা ১৪০ মেট্রিক টন বাঁহ ব্যৱহাৰ কৰা হৈছে। থলুৱাভাৱে উপলব্ধ বাঁহেৰে কলাত্মক আর্হিত নির্মিত গুৱাহাটী বিমান বন্দৰৰ নতুন টার্মিনেলত ভলুকা আৰু আপতানি বাঁহ ব্যৱহাৰ কৰা হৈছে। 

একেদৰে চলিত বৰ্ষত নুমলীগড়ত প্রধানমন্ত্রী মোদীয়ে বাঁহৰ পৰা ইথানল প্রস্তুত কৰিব পৰা এক উদ্যোগ উদ্বোধন কৰা কাৰ্যই ৰাজ্যখনৰ বাঁহ খেতিয়কসকলৰ বাবে আশাৰ বাতৰি কঢ়িয়াই আনিছে। নুমলীগড় শোধনাগাৰৰ অধীনত প্রায় ৫ হাজাৰ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা বিশ্বৰ প্ৰথমটো বাঁহ ভিত্তিক ইথানল প্রকল্প উদ্বোধন কৰিছিল প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। কাগজ কল বন্ধ হৈ যোৱাৰ পাছত বাঁহ খেতিৰ জৰিয়তে জীৱিকা নির্বাহ কৰাসকলৰ মনত যি দুশ্চিন্তা হৈছিল, সেয়া এই প্রকল্পই দূৰ কৰাৰ লগতে অসমৰ উন্নয়নত যুগান্তকাৰী প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে। খাৰুৱা তেল আৰু প্রাকৃতিক গেছৰ বিকল্প হিচাপে বাৰীৰ বাঁহগছেও কেনেদৰে মানৱ সমাজৰ বাবে আশাৰ বাৰ্তা কঢ়িয়াই আনিব পাৰে সেয়া এই উদ্যোগৰ জৰিয়তে অসমে বিশ্বৰ সন্মুখত প্ৰমাণ কৰি দেখুওৱাৰ এক সুযোগ এয়া। এসময়ত বিশেষ গুৰুত্ব নোপোৱা তথা ঘৰুৱা কাম-কাজ আৰু দৈনন্দিন জীৱনত ব্যৱহৃত বাঁহে এতিয়া অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ গ্ৰামাঞ্চলৰ বনজ সম্পদভিত্তিক অর্থনীতিয়েই সলনি কৰি দিবলৈ সক্ষম হ'ব। এতিয়াও ইন্ধনৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে আত্মনিৰ্ভৰশীল হৈ উঠিব নোৱৰা দেশ এখনৰ বাবে এনে পদক্ষেপ নিঃসন্দেহে প্রশংসনীয়। বাঁহ ব্যৱহৃত বায়'-ইথানল প্রকল্পই নিবনুৱা যুৱকক পৰোক্ষ আৰু প্রত্যক্ষভাৱে স্ব-নিৰ্ভৰ হোৱাৰ সুযোগ দিয়াৰ লগতে অসমৰ কৃষি ভিত্তিক গ্রাম্য অর্থনীতি সবল কৰাতো ই সহায়ক হ'ব আৰু এই প্রকল্পত ব্যৱহৃত বাঁহৰ পৰাই বছৰি কমেও ২০০ কোটি টকাৰ গ্ৰাম্য অর্থনীতিয়ে গঢ় লৈ উঠিব। এই প্রকল্পই সেউজ শক্তিৰ বাবেও বৰঙনি আগবঢ়োৱাৰ সমান্তৰালভাৱে প্ৰকল্পত ব্যৱহৃত বাঁহৰ যেতিয়া বাণিজ্যিক ভিত্তিত খেতি কৰিবলৈ গাঁওবাসী সংগঠিত ৰূপত আগবাঢ়ি আহিব, তেতিয়া ভিন্ন কাৰণত দূষিত হ'বলৈ ধৰা পৰিৱেশ শোধনতো ই উল্লেখনীয় ভূমিকা আগবঢ়াব।

ৰাজ্যখনত নিবনুৱাৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাবলৈ ধৰা সময়তে এনেবোৰ আশাৰ বাতৰিয়ে নতুন প্ৰজন্মক কাম কৰি যাবলৈ উৎসাহ যোগায়। অতীতৰ পৰা সমগ্ৰ ৰাজ্যখনৰ গাঁৱে-ভূঞে, নগৰে-চহৰে বেছিভাগ পৰিয়ালত হস্ততাঁত শিল্প, কাঁহ শিল্প, মৃৎ শিল্প, কাঠৰ আচবাব প্ৰস্তুত কৰাকে ধৰি অনেক শিল্পৰ পয়োভৰ আছিল। কিন্তু সাম্প্রতিক সময়ত ৰাজ্যখনত এইসমূহৰ সমাদৰ নাই। বহুতো সম্পদ লোপ পাবলৈ ধৰিছে। বৰ্তমান বজাৰত উভৈনদী হৈ পৰা প্লাষ্টিকৰ সামগ্ৰীয়ে এই দ্রব্যসমূহক মূৰ দাঙিবলৈ নিদিয়া হৈছে। খনিজ, বনজ, কৃষিজাত আৰু জলজ- এই চাৰিওটা সম্পদ একেলগে থকা ৰাজ্য ভাৰতবৰ্ষত অতি কমহে আছে। অসমত যিহেতু যথেষ্ট পৰিমাণৰ প্ৰাকৃতিক সম্পদ আছে, এইবোৰৰ সদ্ব্যৱহাৰ কৰিয়েই ৰাজ্যৰ বিভিন্ন স্থানত এইদৰে উদ্যোগ গঢ়ি তুলিব পাৰিলে অনাগত সময়ত অসমৰ চেহেৰাই সলনি হৈ পৰাটো খাটাং।

Share This