ডিজিটেল ডেস্ক : ১৯৭৩ চনৰ পৰা ২০২৫লৈ এই ৫২ বছৰীয়া ইতিহাসৰ আটাইতকৈ গৌৰৱময় আৰু চমৎকাৰ অধ্যায় ৰচনা হ'ল দেওবাৰে নিশা নৱী মুম্বাইৰ ডি ৱাই পাটিল ক্রিকেট ষ্টেডিয়ামত ৪৫ হাজাৰ দৰ্শকৰ সন্মুখত। মিড অনত ফিল্ডিং কৰি থকা অধিনায়িকা হৰমনপ্ৰীত সিঙে প্রতিপক্ষৰ অন্তিমগৰাকী বেটছমেনৰ কেচটো দৌৰি গৈ শূন্যলৈ জঁপিয়াই আয়ত্ত কৰাৰ লগে লগে সমগ্র ষ্টেডিয়াম উল্লাসত ফাটি পৰিল আৰু সেই মুহূৰ্ততে ৰচনা হ'ল সেই স্বর্ণিল অধ্যায়- আই চি চি এদিনীয়া আন্তর্জাতিক মহিলা ক্রিকেট প্রতিযোগিতাত প্ৰথমবাৰৰ বাবে চেম্পিয়ন হৈ ভাৰতীয় নাৰী বাহিনীয়ে তুলি ল'লে বিশ্ব কাপ। ১৯৭৩ চনত আৰম্ভ হোৱা এই এদিনীয়া বিশ্ব কাপ ক্রিকেট প্রতিযোগিতাত ১৯৭৮ চনত প্রথম অংশগ্ৰহণ কৰা ভাৰতে মুঠ এঘাৰখন প্রতিযোগিতাত ভাগ লৈ দুবাৰ ফাইনেলত উপনীত হৈছিল যদিও চূড়ান্ত বিজয়ীৰ খিতাপ লাভ কৰাৰ সৌভাগ্য হোৱা নাছিল। কেতিয়াবা ভাৰতীয় মহিলা ক্রিকেটৰ এই বিশ্ব কাপ জিকিবলৈ সক্ষম হ'ব পাৰিব বুলিও আশা কোনেও কৰা নাছিল এই কাৰণেই যে এই প্রতিযোগিতাত যোৱা অর্ধ শতিকাৰ ইতিহাসত অষ্ট্ৰেলিয়া আৰু ইংলেণ্ড দলেই প্রভুত্ব বিস্তাৰ কৰি আহিছিল। অষ্ট্ৰেলিয়া দলে ৭ বাৰ মহিলা বিশ্ব কাপ জিকাৰ বিপৰীতে ইংলেণ্ডে জিনিছে ৪ বাৰ। এইবাৰো 'হট ফেভাৰিট' আছিল অষ্ট্ৰেলিয়া আৰু অন্যতম দাবীদাৰ আছিল ইংলেণ্ড।
কিন্তু শ্বাহৰুখ খানৰ 'চক দে ইণ্ডিয়া' ছবিখনৰ দৰেই তুলনামূলকভাৱে নিষ্প্রভ ভাৰতীয় দলটোৱে শেষ মুহূর্তত দেখুৱাই দিলে নিজৰ চমৎকাৰিতা। প্রতিযোগিতাৰ ৯ অক্টোবৰ, ১২ অক্টোবৰ আৰু ১৯ অক্টোবৰত একেৰাহে তিনিখন মেচত প্রতিপক্ষ দক্ষিণ আফ্রিকা, অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ হাতত পৰাস্ত হৈছিল ভাৰতীয় মহিলা দলটো। শ্রীলংকা, পাকিস্তান আৰু নিউজিলেণ্ডক হৰুৱাবলৈ সক্ষম হোৱা সূত্রে কোনোমতেহে দলটো উপনীত হৈছিল ছেমি ফাইনেলত। ফলত ছেমি ফাইনেলত অতি শক্তিশালী অষ্ট্ৰেলিয়া দলৰ সন্মুখীন হ'বলগীয়া হোৱা ভাৰতক লৈ বিশেষ আশা কৰিব নোৱাৰাটোৱেই আছিল স্বাভাৱিক। কিন্তু সেইখন ছেমি ফাইনেলত হৰমনপ্রীত সিঙৰ নেতৃত্বাধীন মহিলা দলটোৱে অবিস্মৰণীয় বিজয় সাব্যস্ত কৰাই নহয় পঁচিছ বছৰৰ মূৰত ভাৰতক আই চি চি বিশ্ব কাপ প্রতিযোগিতাৰ ফাইনেলত উপনীত কাৰোৱাৰ সোণালী অধ্যায়ো ৰচনা কৰিবলৈ সক্ষম হয়। ইয়াক ভাৰতীয় নাৰী বাহিনীৰ মহাকাব্যিক বিজয় বুলি ক'ব লাগিব এইবাবেই যে সেই মেচত অষ্ট্ৰেলিয়াই প্রথমে বেট ধৰি বান্ধি দিয়া ৩৩৯ ৰানৰ বিশাল লক্ষ্য অনুসৰণ কৰাটো ভাৰতৰ বাবে সহজ কাম নাছিল। কিন্তু ভাৰতীয় নাৰী বাহিনীয়ে সেই সাংঘাতিক প্রত্যাহ্বান গ্রহণ কৰাৰ বাবে প্রয়োজন হোৱা স্নায়ৱিক শক্তি প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল আৰু জেমিমা ৰড্রিগুৱেজৰ অবিজিত ১২৭ ৰান আৰু হৰমনপ্রীতৰ ৮৯ ৰানৰ ইনিংছে সেই অসম্ভৱকো সম্ভৱ কৰি তুলিছিল আৰু তাতেই আচলতে ৰচনা হৈছিল ভাৰতৰ বিশ্ব কাপ বিজয়ৰ প্রথমটো স্তৱক। ইফালে, গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়ামত আনখন ছেমি ফাইনেলত অতি শক্তিশালী ইংলেণ্ড দলক দক্ষিণ আফ্রিকাই পৰাজিত কৰাটোও আছিল অন্য এক অপ্রত্যাশিত ঘটনা। সেইবাবেই সকলো পূর্বানুমান আৰু পৰিসংখ্যা-কেন্দ্রিক অংকৰ ওলট-পালট কৰি ফাইনেলত মুখামুখি হয় ভাৰত-দক্ষিণ আফ্রিকা। ফাইনেলত ভাৰতৰ বিজয়ৰ মহানায়িকা আছিল শেফালী বার্মা। শেফালীয়ে দলৰ বেটিং মুকলি কৰি কৰা বিস্ফোৰক ৮৭ ৰান আৰু প্ৰতিপক্ষৰ দুটা শক্তিশালী উইকেটৰ পতন ঘটোৱাটো আছিল ভাৰতৰ বিজয়ৰ নিৰ্ণায়ক দিশ। কিন্তু এইগৰাকী শ্বেফালীয়ে প্রথমতে ভাৰতীয় দলত স্থানেই লাভ কৰা নাছিল।
অ'পেনাৰ প্রতীকা ৰাৱালে বাংলাদেশৰ বিৰুদ্ধে মেচত ভৰিৰ গাঁঠিত পোৱা আঘাতৰ বাবেহে ছেমি ফাইনেলৰ আগে আগে ভাৰতীয় দলত স্থান পাইছিল শ্বেফালীয়ে। অৱশেষত তেৱেঁই হৈ পৰিল ভাৰতীয় মহিলাৰ বিশ্ব কাপ জয়ৰ চমকপ্রদ অধ্যায়ৰ মহানায়িকা। ভাৰতীয় দলৰ অলৰাউণ্ডাৰ দীপ্তি শৰ্মাই বেটে-বলে কৰা শক্তিশালী প্রদর্শনো আছিল ভাৰতৰ বিজয়ৰ অন্যতম আধাৰ যাৰ বাবে যথোচিতভাৱেই দীপ্তিক দিয়া হয় 'ৱ'মেন অব দ্য টুর্নামেন্ট' সন্মান। যি নহওক, এদিনীয়া মহিলা বিশ্ব কাপৰ অৰ্ধ শতিকাজোৰা ইতিহাসত প্ৰথমবাৰলৈ চূড়ান্ত বিজয়ীৰ হাঁহি মাৰি হৰমনপ্ৰীতৰ নেতৃত্বাধীন দলটোৱে নিজকে বিশ্বৰ সন্মুখত নৱ উজ্জীৱিত ভাৰতীয় নাৰী শক্তি ৰূপে প্রতিষ্ঠা কৰিবলৈ সক্ষম হ'ল। নিশ্চিতভাৱে এই সাফল্যই কেৱল ক্রিকেটতে নহয়, ক্রীড়াৰ সকলো ক্ষেত্রতে তথা সামগ্রিকভাৱে ভাৰতীয় নাৰীক দুঃসাধ্য সাধনৰ বাবে অনুপ্ৰেৰণা যোগাব। অসমবাসীৰ বাবে এই বিজয়ক লৈ এক সুকীয়া অনুভৱ আছে এইবাবেই যে এই বিশ্ব কাপজয়ী ভাৰতীয় দলটোৰ অন্যতম সদস্য হিচাপে আছে অসম কন্যা উমা চেত্রী। বাংলাদেশৰ বিৰুদ্ধে মেচত উমা মূল একাদশত আছিল। দেওবাৰে নিশা ডি ৱাই পাটিল ষ্টেডিয়ামৰ পডিয়ামত উঠি যেতিয়া অন্য সদস্যসকলৰ লগতে উমায়ো বিজয়ী দলৰ মেডেল পৰিধান কৰিছিল, সেই দৃশ্য দেখা প্রত্যেকগৰাকী ৰাজ্যবাসীয়ে গর্ববোধ কৰিছিল। উমা চেত্ৰীৰ এই সাফল্যই ৰাজ্যৰ নৱ প্ৰজন্মৰ প্ৰতিগৰাকী খেলুৱৈকে এই স্তৰলৈ নিজক উত্তৰণ ঘটোৱাৰ বাবে নিশ্চিতভাৱে উদ্দীপনা যোগাব। সপোনৰ এক বিজয় দেশক উপহাৰ দিয়াৰ বাবে ভাৰতীয় মহিলা ক্রিকেট দলক অভিনন্দন জনালোঁ।