ডিজিটেল ডেস্কঃ এসময়ত অসমৰ বহু গাঁৱে-ভূঞে, নগৰে-চহৰে আছিল কাবুলিৱালা। বিশেষ কোনো নথি-পত্র নোহোৱাকৈ টকা ধাৰে দিয়ে। বিপদত পৰিলে সহজ ঋণৰ আশাত বহুতেই কাবুলিৱালাৰ কাষ চাপে। ঋণহে সহজ, কিন্তু ঋণমুক্ত হোৱা টান। কাৰণ টকাত লাগে ভয়ংকৰ সুত- সেয়ে ঋণ পৰিশোধ কৰোঁতে অনেকৰ হাহাকাৰ অৱস্থা হয়।
একেধৰণৰ কাহিনী আছিল গাঁৱৰ বহু তথাকথিত মহাজনৰ ক্ষেত্রত। এতিয়া সেইবোৰ দেখাত নাই। কিন্তু সহজ ঋণ দি ভয়ংকৰ মাত্ৰাত সুত লোৱাৰ কাৰবাৰ এটা আধুনিক অর্থ ব্যৱস্থাত ব্যাপক ৰূপত সক্রিয় হৈছে-ক্রেডিট কার্ড ইয়াৰে জনপ্রিয় নাম। প্রকৃততে ক'বলৈ গ'লে প্রায় ৪৫ বর্গ চেন্টিমিটাৰৰ এই সৰু প্লাষ্টিকৰ কাৰ্ডখনে আধুনিক মানৱ জীৱনৰ ব্যয় আৰু ক্ৰয় ক্ষমতাৰ ওপৰত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিছে, সলনি কৰিছে উপার্জন, সঞ্চয় আৰু ক্রয় ক্ষমতাৰ বহু পুৰণিকলীয়া ধ্যান-ধাৰণা। সেই তাহানিৰ কাবুলিৱালা, মহাজনৰ যেন আধুনিক সংস্কৰণ এই ক্রেডিট কার্ড। কাৰণ নানান বেংক আৰু বিত্তীয় প্রতিষ্ঠানৰ নাম জড়িত হৈ থাকিলেও এই ক্রেডিট কাৰ্ডৰ সুতৰ হাৰ ভয়ানককাবুলিৱালা-সদৃশ।
পৃথিৱীজুৰি এতিয়া ক্রেডিট কাৰ্ডৰ ব্যৱসায়ৰ বিস্তৰ জাল। ঋণ লোৱাৰ জালত বন্দী অজস্র। বিশেষ নথি-পত্র নোহোৱাকৈয়ে ঋণ লাভ কৰে সহজে, কিন্তু ঋণ পৰিশোধ কৰোঁতে ভৰে বিশাল মাত্ৰাৰ সুত, ঋণৰ যেন এক ভয়ংকৰ ফান্দ। কেনেবাকৈ ঋণ পৰিশোধ কৰিব নোৱাৰিলেহট চক্রবৃদ্ধি হাৰত বৃদ্ধি হয় সুত। আমেৰিকাত ক্রেডিট কাৰ্ডৰ বকেয়াৰ পৰিমাণ বোলে প্রায় ১ কোটি ডলাৰ! ভাৰতো বৰ পিছ পৰি থকা নাই এইক্ষেত্ৰত। ভাৰতবৰ্ষত এই বৰ্ষত ক্রেডিট কাৰ্ডৰ মুঠ বকেয়াৰ পৰিমাণ প্রায় তিনি লাখ কোটি টকা।
ক্রেডিট কার্ডত কিয় ঋণৰ বকেয়াৰ পাহাৰ হয়? উত্তৰ সহজ, এবাৰ যদি কোনোবাই সময়ত ঋণ পৰিশোধ কৰিব নোৱাৰে, তেনেহ'লে সুতৰ ওপৰত সুত জমা হয়, চক্রবৃদ্ধি হাৰত বৃদ্ধি হয় সুত। কিন্তু প্রশ্ন হয়- পৰিশোধ কৰাৰ সামর্থ্য নথকাৰ পাছতো মানুহে ক্রেডিট কার্ড ব্যৱহাৰ কৰে কিয়? কিয় ফান্দত পৰে ঋণৰ? বিভিন্ন মনোবিজ্ঞানীয়ে কয়- ক্রেডিট কার্ড ব্যৱহাৰ আৰু ইয়াৰ সুতৰ ফান্দত পৰাৰ অন্তৰালত এক অদ্ভুত মানসিকতাই ক্রিয়া কৰে। মানুহে যেতিয়া খমখমীয়া নগদ ধন দি কিবা এটা বস্তু ক্রয় কৰে, তেতিয়া মানুহৰ মনত ধন ব্যয়ৰ বাবে সামান্য হ'লেও চিন্তা হয়, দুবাৰ হয়তো ভাবে এই খৰচ প্রয়োজনীয়নে? ক্রেডিট কাৰ্ডত টকা গন্তি কৰাৰ অৱকাশ নাই, আনকি এতিয়া বহু ক্ষেত্রত পিনটোও দিব নালাগে- সকলো স্বয়ংক্রিয়ভাৱে সমাধা হয়। মামুলি এটা অ' টি পি আহে, সি আৰু খমখমীয়া নগদ ধন পৰিশোধ কৰাৰ দৰে মানসিক চাপ ক'ত দিব পাৰে। অতএব মানুহে ক্রেডিট কার্ড ব্যৱহাৰ কৰি কোনো দ্রব্য বা সেৱা ক্ৰয় কৰাৰ ক্ষেত্রত কম ভাবে বা কেতিয়াবা একেবাৰেই
নাভাবে।
যিহেতু বৰ বেছি ভাবিব লগীয়া নহয়, এনেক্ষেত্রত অপ্রয়োজনীয়, বে-হিচাপী খৰচৰ মাত্রা বাড়ে। আজিকালি আকৌ ক্রেডিট কাৰ্ডৰ পৰিশোধ কৰিব লগীয়া ধন ই এম আই, অর্থাৎ মাহেকীয়া কিস্তি কৰি পৰিশোধ কৰিব পৰাৰ সুবিধা দি ঋণৰ ফান্দটো আৰু গভীৰ আৰু বিশাল কৰি তুলিছে। 'অহা মাহত দি দিম হ'ব, নহ'লে ই এম আই কৰি দিম'- এই মানসিকতাৰে পৰিচালিত আজি অনেকজন। আৰু এই মানসিকতাৰে তেওঁলোকে হয়তো পূর্ব পৰিকল্পনা নোহোৱাকৈ ক্ৰয় কৰিছে হঠাৎ পচন্দ হোৱা দামী পোছাক, ম'বাইল, ঘড়ী, অলংকাৰ, কোনোবাই পৰিশোধ কৰিছে বিলাসী ৰেস্তোৰাঁৰ বিল। মুঠতে অলেখ খৰচ, ভালকৈ নিৰীক্ষণ কৰিলে দেখা যায় ইয়াৰে অধিকাংশই অপ্রয়োজনীয়। সুতত ধন লৈ এইবোৰ ক্ৰয় নকৰিলেও হয়তো হ'লহেঁতেন। তেনেহ'লে কিয় কৰিলে খৰচ? দেখা যায় ক্রেডিট কার্ড সম্পর্কীয় ব্যয়ৰ অন্যতম প্রধান কাৰণ হ'ল অবিবেচনা। অর্থাৎ, বিশেষ চিন্তা-ভাৱনা, বিচাৰ-বিবেচনা নকৰাকৈয়ে ক্রেডিট কার্ডত দ্রব্য বা সেৱা ক্ৰয় কৰা হয়। আন এটা দিশ হ'ল- আনৰ প্ৰৰোচনাত পৰি বা ঈর্ষান্বিত হৈ কৰা ক্ৰয়। প্রকৃত সামাজিক-আর্থিক অৱস্থাতকৈ নিজকে সমাজৰ ওচৰত ওপৰত দেখুৱাবলৈ, সচ্ছল আর্থিক অৱস্থা প্রতিপন্ন কৰিবলৈ অনেকেই এনেদৰে ক্রেডিট কার্ডৰ আশ্ৰয় লৈ ঘৰত বয়-বস্তুৰ পোহাৰ মেলে। 'ষ্টেটাছ' মিলোৱাৰ দৌৰত ক্রেডিট কার্ড হৈ পৰে সহজ উপায়। 'তেওঁৰ আছে, মোৰ কিয় নাথাকিব' ধৰণৰ মানসিকতাই এইক্ষেত্রত যথেষ্ট ক্রিয়া কৰে।
আচলতে ক্রেডিট কার্ড ভোগবাদী সমাজৰ প্ৰতিভূস্বৰূপ। এতিয়াৰ সমাজ জীৱনত ভালে থকা, সুখত থকাৰ যেন অৰ্থ হৈ পৰিছে 'তুমি কিমান কিনিব পাৰিছা, তোমাৰ কি কি পাৰ্থিৱ সম্পদ আছে' তাৰ ওপৰত- আৰু এজন লোকৰ প্ৰকৃত আৰ্থিক অৱস্থাই সমর্থন নজনোৱা সপোনবোৰ সাকাৰ কৰাৰ নামেই হৈ পৰিছে ক্রেডিট কার্ড। এই কথাও ঠিক ক্রেডিট কাৰ্ডৰ উপযুক্ত সঠিক ব্যৱহাৰে বহু সময়ত আর্থিক অনাটনৰ জোৰা মাৰে, সাময়িক সকাহ পাব পাৰি, কিন্তু ক্রেডিট কার্ড আছে মানেই মোৰ হাতত এসোপা টকা মজুত আছে বুলি বাছ-বিচাৰ নকৰাকৈ ব্যয় কৰিবলৈ ল'লেই মানুহ পৰে ঋণ আৰু সুতৰ ফান্দত। এতিয়া বহু লোকে এই ফান্দত পৰি ককাই আছে। আধুনিক মানুহৰ আৰ্থিক বিপৰ্যয়ৰ ই এক আধুনিক কাৰণ।