ডিজিটেল ডেস্কঃ সাম্প্রতিক দেশৰ ৰাজনীতিত বর্তি থকাৰ একমাত্ৰ অৱলম্বনটোৱেই হৈছে 'ইছ্যু' বা বিষয়। একোটা বিষয়ক এনেকুৱা ৰূপত তুলি ধৰা হয় যেন সেই বিষয়টোৱেই জনসাধাৰণৰ মূল সমস্যা, সেই বিশেষ বিষয়টোৰ সমাধান হৈ গ'লেই দেশ বা ৰাজ্য একোখন শান্তিপূর্ণ, নদন-বদন হৈ পৰিব! ১৯৮০-ৰ দশকলৈকে দেশত মতাদৰ্শৰ ৰাজনীতিৰ গুৰুত্ব আছিল।
নিজ নিজ দলীয় মতাদর্শক জনসাধাৰণৰ মাজত প্ৰচাৰ কৰি সেই মতাদৰ্শৰ প্ৰতি আনুগত্য বৃদ্ধি কৰাটো আছিল ৰাজনৈতিক দলবিলাকৰ লক্ষ্য। সেই সময়ত যিবোৰ 'ইছ্যু' বা বিষয় উত্থাপন হৈছিল সেয়া আছিল মূলতঃ মতাদর্শ-ভিত্তিক। প্রগতিশীল বাওঁপন্থী দলবোৰে শোষক-শোষিত, সৰ্বহাৰা-বুৰ্জোৱা আদি শব্দ ব্যৱহাৰ কৰি সমাজৰ উপেক্ষিত, বঞ্চিত, নিম্ন আয়ৰ জনসাধাৰণৰ মাজত ৰাজনৈতিক ভেটি বিস্তাৰত প্ৰধানকৈ গুৰুত্ব আৰোপ কৰিছিল। স্বাধীনতা সংগ্ৰামৰ পাছত সমাজবাদী মতাদর্শত বিশ্বাসী এচাম বিখ্যাত স্বাধীনতা সংগ্রামীয়ে কংগ্ৰেছৰ মঞ্চৰ পৰা ওলাই আহি পৃথক ৰাজনৈতিক মঞ্চ গঠন কৰিছিল। জয়প্রকাশ নাৰায়ণ, জে বি কৃপালিনী আছিল এই ধাৰাৰ নেতা। জে বি কৃপালিনীয়ে গঠন কৰা কিষাণ মজদুৰ প্ৰজা পার্টি পাছত অন্য একাংশ সমাজবাদী মতাদৰ্শৰ নেতাই গঠন কৰা প্ৰজা ছ'চিয়েলিষ্ট পার্টিত বিলীন হৈছিল। ৰাম মনোহৰ লোহিয়াই গঠন কৰিছিল সমাজবাদী পার্টি। ১৯৬৭ চনত জর্জ ফার্নাণ্ডেজৰ নেতৃত্বত গঠন হৈছিল সংযুক্ত সমাজবাদী পার্টি।
পাছত এই সমাজবাদী মতাদৰ্শৰ নেতাসকলেই ইন্দিৰা গান্ধীৰ অপশাসনৰ বিৰুদ্ধে 'সম্পূর্ণ ক্রান্তি' আন্দোলন আৰম্ভ কৰি, জৰুৰী অৱস্থাৰ প্ৰতিবাদত গণ আন্দোলন কৰি সন্মিলিত ৰাজনৈতিক মঞ্চ 'জনতা পার্টি'ৰ জন্ম দিছিল, য'ত চামিল হৈছিল অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানিৰ নেতৃত্বাধীন হিন্দুত্ববাদী ভাৰতীয় জনসংঘ, মোৰাৰজী দেশাই নেতৃত্বাধীন ভাৰতীয় জাতীয় সাংগঠনিক কংগ্রেছ, সমাজবাদী গণতান্ত্রিক মতাদৰ্শৰ চৌধুৰী চৰণ সিং নেতৃত্বাধীন ভাৰতীয় লোক দল আৰু বাবু জগজীৱন ৰাম নেতৃত্বাধীন 'কংগ্ৰেছ ফৰ ডেম'ক্রেচি' দল। ভাৰতীয় কমিউনিষ্ট পার্টি (মার্ক্সবাদী)য়ে সেই জনতা পাৰ্টিৰ চৰকাৰক বাহিৰৰ পৰা সমর্থন দিছিল। কংগ্ৰেছৰ বিৰুদ্ধে মতাদর্শগত ৰাজনৈতিক সংগ্ৰামৰ আপাততঃ তেতিয়াই সর্বোচ্চ পর্যায়ত উপনীত হোৱা আৰু তেতিয়াই শেষ হোৱা বুলি ক'ব পাৰি। তাৰ পাছৰ পৰা সময় সাপেক্ষ একো একোটা 'ইছ্যু' বা বিষয়ে দেশ তথা ৰাজ্যসমূহৰ ৰাজনীতি নিয়ন্ত্ৰণ কৰি আহিছে। ব'ফৰ্ছ কেলেংকাৰিক কেন্দ্ৰ কৰি বিশ্বনাথ প্রতাপ সিঙৰ নেতৃত্বত দ্বিতীয়বাৰৰ বাবে কংগ্ৰেছ কেন্দ্ৰৰ শাসনৰ পৰা অপসাৰিত হৈছিল।
ৰাম মন্দিৰ-বাবৰি মছজিদ 'ইছ্যু'ক লৈ হিন্দুত্ববাদী ভাৰতীয় জনতা পার্টি (পূৰ্বৰ জনসংঘ)ৰ ৰাজনীতিত উত্থান ঘটিছিল। বিদেশী নাগৰিকৰ ইছ্যুৱে অসমত অসম গণ পৰিষদৰ উত্থান ঘটাইছিল। ২ জি কেলেংকাৰি, কয়লা কেলেংকাৰি, ব্যাপম কেলেংকাৰি, কমনৱেলথ গে'মছ কেলেংকাৰি আদি ইছ্যুৱে ড° মনমোহন সিঙৰ নেতৃত্বাধীন ইউ পি এ চৰকাৰৰ পতনৰ পথ প্রশস্ত কৰি বিজেপিৰ পুনৰুত্থানৰ বাট মুকলি কৰি দিছিল। এইবিলাকৰ মাজত ভাৰতীয় ৰাজনীতিৰ মতাদৰ্শৰ বৈচিত্র্যৰ যি সৌন্দর্য সেইটো অন্তর্ধান হৈ পৰিল। অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনলৈ চালেই দেখা যায় যে এসময়ত কেইবাটাও বাওঁপন্থী সংগ্রামেৰে জনজীৱনক প্ৰভাৱিত কৰা, হেম বৰুৱা, লক্ষ্যধৰ চৌধুৰী, গোলাপ বৰবৰা, গৌৰীশংকৰ ভট্টাচার্য, খগেন বৰবৰুৱা, বিষ্ণু ৰাভাৰ দৰে সমাজবাদী, বিপ্লৱী কমিউনিষ্ট নেতাৰ বর্ণাঢ্য ৰাজনীতিৰে উজ্জীৱিত কৰি ৰখা ৰাজ্যখনত আজি সেইবোৰ মতাদৰ্শৰ কোনো মূল্যই নোহোৱাৰ দৰে হৈ পৰিছে। এতিয়াৰ ৰাজনীতিয়ে এটা কথাই কৈছে যে 'ইছ্যু' প্রতিষ্ঠা কৰিব পৰিলে আৰু সেই 'ইছ্যু'ৰ প্ৰতি জনাসাধাৰণক
আকৃষ্ট কৰিব পাৰিলেহে দল বা নেতাৰ ৰাজনৈতিক অস্তিত্ব বর্তি থাকিব। এতিয়া দেশতেই হওক বা ৰাজ্যবিলাকতে হওক বেছিভাগ ক্ষেত্রতে দেখা যায় যে বিজেপিক বিপাঙত পেলাব পৰা 'ইছ্যু' প্রতিষ্ঠা কৰাত বিৰোধী দলবোৰ ব্যর্থ হৈছে। তাৰ বিপৰীতে গেৰুৱা শিবিৰে নিজস্ব 'ইছ্যু 'বিলাকক এনেকুৱাকৈ প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছে যে তাৰ সন্মুখত বিৰোধীৰ একপ্ৰকাৰ নিষ্প্রভ হৈ পৰা অৱস্থা হৈছে। 'ৰাম মন্দিৰ নিৰ্মাণ', 'মহাকুম্ভ'ৰ দৰে বিষয় কিছুমান বিজেপিৰ উপস্থাপনৰ দক্ষতাৰ জোৰত একোটা গণ আন্দোলনলৈ ৰূপান্তৰিত হৈ পৰাটো গেৰুৱা শিবিৰৰ ৰাজনৈতিক দক্ষতাৰে পৰিচায়ক বুলি ক'ব লাগিব। তাৰ বিপৰীতে ৰাজনৈতিক উদ্দেশ্যত ই ডি, চি বি আই, আয়কৰৰ ব্যৱহাৰৰ বিষয়টো এটা ৰাষ্ট্ৰীয় 'ইছ্যু' কৰাৰ সুযোগ থকাৰ পাছতো, বিশেষকৈ উচ্চতম ন্যায়ালয়ে এই বিষয়ত কেইটামান শক্তিশালী ৰায় প্ৰদান কৰাৰ পাছতো ইয়াক এটা 'ইছ্যু'ত পৰিণত কৰাত বিৰোধী ব্যৰ্থ হ'ল। অসমৰ ক্ষেত্ৰতো দেখা যায় বহু ভুৱা কৃষকে 'কৃষক সন্মান' আঁচনিৰ ধন লাভ কৰা, বিদ্যুৎ মাচুল বৃদ্ধি, স্মার্ট মিটাৰৰ দৰে স্পৰ্শকাতৰ বিষয় কিছুমানৰ ক্ষেত্ৰতো বিৰোধীৰ ভূমিকা কেৱল সামান্য প্রতিবাদতে সীমাবদ্ধ হৈ থাকিল।
ইয়াক 'ইছ্যু 'লৈ ৰূপান্তৰিত কৰাৰ দক্ষতা তেওঁলোকে প্রদর্শন কৰিব নোৱাৰিলে। কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰি এচাম বণিয়াৰ হাতত এই ভূমি গতোৱাৰ বিষয়টোক 'ইছ্যু' কৰাতো বিৰোধীয়ে প্ৰদৰ্শন কৰিছে ব্যৰ্থতা। ইউ এছ টি এম, এনকাউন্টাৰ, বুলডজাৰ উচ্ছেদ আদি বিষয়ক 'ইছ্যু' কৰাৰ সামৰ্থ্যও প্ৰদৰ্শন কৰিব নোৱাৰিলে আমাৰ ৰাজ্যৰ বিৰোধী দলবিলাকে। অথচ এই প্রতিটো বিষয়ক চৰকাৰে নিজৰ 'ইছ্যু'লৈ ৰূপান্তৰ কৰি বিজেপিৰ সক্ষমতাহে প্রতিপন্ন কৰি আহিছে বাৰে বাৰে। শাসকীয় নেতাসকল শীৰ্ষৰ পৰা তৃণমূললৈ একে সুৰত সৰৱ হৈ বিৰোধীক একপ্ৰকাৰ নিশ্চুপ কৰি পেলাইছে। আপাততঃ বিৰোধী 'ইছ্যু'ৰ সংকটত ভোগাৰ দৰে হৈছে। এটা কথা মনত ৰখা উচিত যে 'ইছ্যু' কোনেও সন্মুখলৈ আনি নিদিয়ে। নিজৰ বুদ্ধিমত্তা, কর্ম কুশলতাৰে ইয়াক সৃষ্টি তথা প্রতিষ্ঠা কৰিব পাৰিব লাগিব। নহ'লে ৰাজনীতি হাতচাড়া হৈ গৈ থাকিব।