নাৰীৰ অধিকাৰৰ প্ৰসংগ

dainik janambhumi April 23, 2026

ডিজিটেল ডেস্ক : ভারতবর্ষৰ দবে দেশত ঈশ্বদর এটা ৰূপ নাৰী বুলি বিশ্বাস করা হয়। নাৰী পূজিত, বন্দিত। অথচ ভাৰতবর্ষতেই হয়তো সর্বাধিক লাঞ্ছনা, গঞ্জনা আৰু নির্যাতনৰ বলি হ'ব লগা হয় নাৰী। আনকি নির্যাতনৰ বলি হ'ব লগা হয় খোদ নিজৰ ঘৰখনতেই। নাৰী সংৰক্ষণকেন্দ্রিক বিধেয়কৰ তীব্র বিতৰ্কৰ মাজত যি সময়ত শাসক-বিৰোধীয়ে ৰাজনৈতিক বাতাৱৰণ অস্থিৰ কৰি তুলিছে, সেই সময়তে দেশৰ নাৰীসকলৰ সাম্প্রতিক অৱস্থাৰ পুতৌজনক ছবি প্রতিদিনে পোহৰলৈ আহিছে। ধর্ষণ, নির্যাতন, গার্হস্থ্য হিংসাৰ দৰে এশ এবুৰি নির্যাতনত বিপর্যস্ত নাৰী। প্রতিখন চৰকাৰ, প্রতিটো বাজনৈতিক দলে দশক দশক ধৰি সূতা, কম্বল, ঋণ মাফ ইত্যাদি নানা মহিলাকেন্দ্রিক আঁচনিৰে সবলীকৰণৰ ভাষণ দি আহিছে যদিও, কার্যতঃ এই সকলোবোৰ ৰাজনৈতিক প্রবঞ্চনালৈহে পর্যৱসিত হৈছে। পশ্চিম বংগৰ 'লক্ষ্মী ভাণ্ডাৰ' অথবা 'সবুজ সাথী', তামিলনাডুৰ 'আম্মা টু হুইলাৰ', 'বিডিয়াল পায়ানম' ইত্যাদি আঁচনিও একেই। কি অসম, কি তামিলনাড়ু, পশ্চিম বংগ- সকলোতে মহিলা বা নাৰীক লৈ এনে কেতবোৰ আঁচনি মেলি দিয়া হৈছে, য'ত মহিলা সবলীকৰণৰ নামত ন্যায়, সামাজিক, আর্থিক নিৰাপত্তাৰ সলনি দিয়া হয় নগদ ধন, স্কুটী আদিৰ অনুদান। কিন্তু তাৰ পাছতো আৰ জি কৰ-কাণ্ডৰ ভুক্তভোগীয়ে এই পর্যন্ত ন্যায়ৰ অপেক্ষাত ৰ'ব লগা হৈছে, ৰাজনৈতিক নেতাৰ প্ৰৱঞ্চনাৰ বলি হৈ এসময়ত দেশলৈ গৌৰৱ কঢ়িয়াই অনা ক্রীড়াবিদে খেল এৰি প্রতিবাদত বহিব লগা হৈছে। অসমততো এইক্ষেত্রত এখোপ চৰা যেন হৈছে নাৰীৰ সামগ্রিক অৱস্থিতি। বাজ্য কপোৱা অর্ণমাই বৰাৰ হত্যাৰ অভিযুক্তই কেৱল আৰক্ষীৰ গাফিলতিৰ বাবেই ন্যায়ালয়ত দোষমুক্ত ঘোষিত হোৱাৰ দৰে দুর্ভাগ্যজনক ঘটনা সংঘটিত হোৱাৰ পাছতো দল-সংগঠন আনকি সততে মহিলা সবলীকৰণ, ন্যায় আদিৰ উদাত্ত ভাষণ দিয়া বাজনৈতিক দলৰ নেতায়ো মৌনতা ধাৰণ কৰাটোৱে সূচায় মহিলা পূজাৰ বেদীত বন্দিত হ'লেও, বাস্তৱত মহিলা বাজনৈতিক আহিলাহে। উল্লেখযোগ্য বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ তথা অনুসৰি সমগ্র বিশ্বব ৩০ শতাংশ মহিলাই নিজৰ জীবনকালত ঘৰুৱা হিংসাৰ বলি হয়। ভাৰতত ২৮ শতাংশ মহিলা শাৰীৰিক নির্যাতনৰ বলি হোৱাৰ উপৰি ১৪ শতাংশই মানসিক নির্যাতন আৰু ৬ শতাংশই যৌন নির্যাতনৰ বলি হয়। তথ্য অনুসৰি, নির্যাতিতসকলৰ অর্ধেকেই শাৰীৰিক আঘাতপ্রাপ্ত হৈ চিকিৎসাধীন পর্যন্ত হ'ব লগা হয়। ঘৰুৱা হিংসাই এগৰাকী মহিলাক আত্মহননৰ দবে পর্যায়লৈকে লৈ যোৱাৰ উদাহৰণ অনেক।

ঘৰুৱা হিংসা আচলতে জনস্বাস্থ্যৰ লগত জড়িত এটা গুৰুতৰ সমস্যা হোৱাৰ উপৰি ই নাৰীৰ মানৱ অধিকাৰৰ ওপৰতো এক প্রচণ্ড আঘাত। ঘৰুৱা হিংসাক বাদ দিও কর্মবত মহিলাই কর্মক্ষেত্রত সম্মুখীন হোৱা নির্যাতনো ফোনোগুণে কম নহয়। পুৰুষতান্ত্রিক ধাৰণাৰে পৰিৱেষ্টিত একোখন কর্মক্ষেত্রত কেৱল নাৰী হোৱাৰ বাবেই সম উপাৰ্জনৰ ভিন্নতাৰ পৰা মানসিক আৰু যৌন নির্যাতনৰো সম্মুখীন হ'ব লগা হোৱাটো আধুনিক যুগত আচৰিত হ'বলগীয়া যদিও, এয়া প্রতিনিয়ত ঘটি থকা ঘটনা। আনহাতে, নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ'ৰ তথ্য অনুসৰি, ২০১২ চনৰ নতুন দিল্লীৰ নির্ভয়া-কাণ্ডৰ সময়ত সেই বর্ষত তেতিয়ালৈকে আবক্ষীয়ে ২৫ হাজাৰ ধৰ্ষণৰ গোচৰ পঞ্জীয়ন কৰিছিল। লক্ষণীয়ভাৱে, এই গোচৰৰ সংখ্যা ক্রমবর্ধিত হৈ ২০১৬ চনত প্রায় ৩৯,০০০ হৈছিলগৈ, যি অত্যন্ত ভয়াৱহ। ২০২০ চনৰ কভিড-১৯-ৰ জৰুৰীকালীন সময়ছোৱাত ধর্ষণৰ গোচৰ তেনেই নিম্ন হোৱাৰ বাহিৰে বাকী সময়ছোৱাত আৰক্ষীৰ ওচৰত ধর্ষণকেন্দ্রিক গোচৰৰ হাৰ প্রতি বছৰে ত্রিশ হাজাৰৰ ওপৰত আছে। চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ২০১৮ চনত গোটেই দেশত আৰক্ষীয়ে প্রতি পোন্ধৰ মিনিটত একোটা ধৰ্ষণৰ গোচৰ ৰুজু কৰিব লগা হৈছিল। এয়া কেৱল চৰকাৰী পৰিসংখ্যাহে। বাস্তৱত বহু ঘটনা আৰক্ষীৰ ওচৰ নচপাকৈয়ে ৰৈ যায়। ধর্ষণকাৰীৰ বিৰুদ্ধে শাস্তিৰ পৰিসংখ্যা ভাৰতত তেনেই কম আৰু বিচাৰৰ গতিও লেহেম বাবেই এই অপবায় ব্যাপক বুলি সন্দেহ কৰা হয়। ভাৰতত প্রতি বছৰে হোৱা ধর্ষণ-কাণ্ডৰ বিপৰীতে ধর্ষণকাৰীৰ বিৰুদ্ধে হোৱা শাক্তিৰ হাৰ মাথোঁ ২৭-২৮ শতাংশহে, যিটো ইংলেণ্ডত ২০২২ চনত ৬০ শতাংশ হোৱাৰ বিপৰীতে বিগত ২০২৩-২৪ বর্ষত ৬৩.৫ শতাংশ হৈছে। অসমত নির্যাতন আৰু ধর্ষণৰ তথ্যও অনুৰূপ। প্রায় দহ বছৰ পূর্বে গুৱাহাটী উচ্চ ন্যায়ালয়ে ধর্ষণৰ গোচৰৰ আধিক্যত আশ্চর্য প্রকাশ কৰি নিজাববীয়াকৈ বিচাৰপীঠ গঠন কৰিছিল আৰু প্রতি বুধবাৰে বিশ বছৰ পর্যন্ত পুৰণি গোচৰৰ মীমাংসা কৰাৰ দিহা কৰিছিল। ধৰ্ষণৰ গোচৰৰ ক্ষিপ্ৰ বিচাৰ প্রক্রিয়াৰে ভুক্তভোগীক ন্যায় প্রদানৰ লক্ষ্যৰে এই গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰা হৈছিল যদিও কার্যতঃ চৰকাৰী গাফিলতি আৰু আৰক্ষীৰ তদন্ত প্রক্রিয়াত খুঁত থকাৰ বাবেই এই পদক্ষেপ পাছলৈ থমকি ৰ'ব লগা হ'ল।

আঁচনিৰ টকাৰে মহিলাৰ গৌৰৱ অক্ষুণ্ণ ৰাখিব খোজা কোনো বাজনৈতিক দলেই যে নাৰীক অধিকাৰক লৈ 'ছিৰিয়াছ' নহয়, সেয়া শেহতীয়া বিধানসভাৰ নির্বাচনৰ ১২৬টা সমষ্টিত মুঠ ৭২২গৰাকী প্রার্থীৰ মাজত মাথোঁ ৫৯গৰাকী মহিলা প্রার্থীৰ সংখ্যাই স্পষ্ট কৰে। মহিলা সংৰক্ষণ বিধেয়কক লৈ সদনৰ ভিতৰত বা বাহিবত হোৱা শেহতীয়া হুলস্থূলবোৰো আচলতে যে এক বাজনৈতিক গিমিক, সেয়া সকলোকে বুজিব পৰাকৈ এতিয়া জলজল-পটপট।

Share This