উচ্চ শিক্ষাৰ অশনি সংকেত

dainik janambhumi January 16, 2026

ডিজিটেল ডেস্ক : মুক্ত চিন্তা আৰু মত প্রকাশৰ স্বাধীনতা অবিহনে শিক্ষা মৌলবাদী হৈ পৰিবলৈ বাধ্য। কাৰণ শিক্ষাত সদায়েই পৰীক্ষা-নিৰীক্ষা, নতুন উদ্ভাৱন আৰু নতুনত্বৰ সন্ধান থাকিব লাগিব। আমি যাক 'পশ্চিমীয়া' আদর্শ বা শিক্ষা-প্রশিক্ষণৰ পদ্ধতি বুলি কওঁ, বিচাৰ-বিশ্লেষণ কৰি চালে দেখা যাব সেয়া আচলতে সত্য অন্বেষণৰ নতুন ৰূপ। চিন্তা মুক্তিনিষ্ঠ আৰু সংস্কাৰমুক্ত নহ'লে সত্যৰ সন্ধান বাধাগ্রস্ত হয়। ইউৰোপত আধুনিক বিজ্ঞান চৰ্চাৰ অগ্ৰগতিৰ প্ৰধান কাৰণ আছিল শিক্ষাক ধৰ্মীয় সংস্কাৰৰ পৰা মুক্ত কৰা। জাৰ্মানিত মার্কিন লুথাৰে আৰম্ভ কৰিছিল খ্ৰীষ্ট ধৰ্মৰ কিছুমান কু-সংস্কাৰৰ বিৰুদ্ধে আন্দোলন।

এসময়ত ৰাষ্ট্ৰ আৰু ধর্মগুৰু পোপ কোন অধিক ক্ষমতাশালী হ'ব, সেই কথাও জনআন্দোলন তথা সজাগ জনতাই নির্ধাৰণ কৰি দিছিল। কাৰণ খ্ৰীষ্টান ধর্মগুৰুৱে তেওঁলোকে পোষণ কৰা মতৰ বিপৰীতে যোৱা বাবে কপাৰনিকাছ-গেলিলিও আদিক শাস্তি বিহিছিল। কিন্তু ইউৰোপৰ বৌদ্ধিক মণ্ডলীয়ে বিশ্বাস-সংস্কাৰ আৰু সত্য-এই দুটাৰ ভিতৰত এটাক প্রাথমিকতা দিয়াৰ বেলিকা সত্য সন্ধানকহে অধিক গুৰুত্ব দিছিল। সেইবাবেই ইউৰোপে ছাৰ আইজাক নিউটন, ডাৰউইন প্ৰমুখ্যে কৃতবিদ্য বিজ্ঞানী আৰু ইউৰোপৰ পৰা গৈ আমেৰিকাত বসবাস কৰাসকলৰ মাজৰ পৰা টমাছ আলভা এডিছনৰ দৰে বিজ্ঞান সাধকৰ সৃষ্টি হৈছিল। বিজ্ঞান-প্রযুক্তিৰ নতুন যুগৰ সূচনা হৈছিল। আচার্য প্রফুল্ল চন্দ্ৰ ৰায়ে তেওঁৰ ১৯০২ চনতে প্রকাশিত 'হিন্দু কেমেষ্ট্ৰি' নামৰ গ্ৰন্থত আপেক্ষ কৰিছে যে যেতিয়া মনুস্মৃতিয়ে নানা সংস্কাৰ মানুহৰ ওপৰত আৰোপ কৰিলে আৰু তাৰ লংঘন শাস্তিযোগ্য অপৰাধ ঘোষণা কৰিলে, তেতিয়াৰ পৰাই ভাৰতত বিজ্ঞান শিক্ষা আৰু গৱেষণা বাধাগ্রস্ত হ'ল। বিশেষকৈ শ ব্যৱচ্ছেদ পাপকার্য বুলি বিবেচিত হোৱাত ইতিমধ্যে শুশ্রুতৰ দিনৰ পৰা চিকিৎসা বিজ্ঞান আৰু অস্ত্রোপচাৰৰ যি গৱেষণা আগবাঢ়িছিল, সেয়া বন্ধ হৈ পৰিল। আদি শংকৰাচাৰ্যই মায়াবাদৰ যোগেদি 'ব্রহ্মসত্য জগত মিথ্যা' ঘোষণা কৰাত বাহ্যিক জগত, প্রকৃতিৰ মূল নীতিৰ সন্ধান আদি গুৰুত্বহীন হৈ পৰিল। যি আপেল গছৰ পৰা সৰি পৰা ঘটনাৰ আলম লৈ নিউটনে মধ্যাকর্ষণ বলৰ তত্ত্ব উদ্ভাৱন কৰিছিল, ভাৰতত সেয়া সম্ভর নহ'লহেঁতেন। কাৰণ আপেল গছসহ জগতখনকে মায়া বা মিথ্যা বুলি কোৱাৰ পাছত প্ৰকৃতিৰ ঘটনাৱলীৰ প্ৰতি কৌতূহল কেনেকৈ জন্মিব।

ভাৰতত বিজেপি চৰকাৰে ঘোষণা কৰা নতুন শিক্ষা নীতি-২০২০-এ আমাৰ শিক্ষা জীৱনলৈ নতুনত্ব অনা এতিয়ালৈকে পৰিলক্ষিত হোৱা নাই। উচ্চ শিক্ষাৰ অনুষ্ঠানবিলাকত অবাঞ্ছিত ৰাজনৈতিক হস্তক্ষেপ বাঢ়িছে। তদুপৰি কেতবোৰ শিক্ষানুষ্ঠানত মৌলবাদী আৰু সাম্প্রদায়িক শক্তিবোৰে আড্ডা পাতিছে। সাধাৰণ ছাত্র-ছাত্রী বা ৰাইজে এই ক্ষেত্ৰত উৎসাহ দেখুওৱা নাই যদিও চৰকাৰসমূহে প্রশাসনিক ক্ষমতাৰে সেয়া আৰোপ কৰিছে। এই অৱস্থা অব্যাহত থাকিলে ভাৰতৰ উচ্চ শিক্ষাৰ মান নিম্নগামী হৈ গৈ থাকিব। অলপতে এটা সমীক্ষাত বিশ্বৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান তথা বিশ্ববিদ্যালয়ৰ তালিকাত ভাৰতৰ এখনো শিক্ষানুষ্ঠান অন্তর্ভুক্ত নোহোৱাৰ কথাই আমাৰ উচ্চ শিক্ষাৰ ভৱিষ্যৎ সম্পৰ্কত উদ্বিগ্নতাৰ সৃষ্টি কৰিছে। তদুপৰি চৰকাৰে শিক্ষানুষ্ঠানসমূহক নিজৰ ৰাজনৈতিক এজেণ্ডা প্ৰচাৰৰ কামত ব্যৱহাৰ কৰাৰো অভিযোগ উঠিছে। অলপতে ভাৰতৰ শিক্ষাৰ ইতিহাসত কাহানিও নোহোৱা-নোপোজা ঘটনা এটা ঘটিল। এই ঘটনাই চিন্তাশীল আৰু শুভবুদ্ধিসম্পন্ন লোকৰ উদ্বেগ বঢ়াইছে। কাশ্মীৰৰ বৈষ্ণুদেৱী চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ প্ৰসংগত ঘটা এই ঘটনাৰ বাবে চিকিৎসা মহাবিদ্যালয়খনৰ স্বীকৃতি বাতিল কৰি দিয়া হয়। কাৰণ হ'ল নামভৰ্তিৰ বাছনী পৰীক্ষাত পাৰদৰ্শিতা প্ৰদৰ্শন কৰি উত্তীৰ্ণ হোৱাসকলৰ গৰিষ্ঠসংখ্যকেই হ'ল ধর্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ। প্ৰভাৱশালী বর্ণবাদী-সাম্প্রদায়িক গোষ্ঠীয়ে এই কথা মানি ল'ব নোৱাৰিলে। কোনো সংৰক্ষণ নাইবা কাৰোবাৰ অনুগ্ৰহত নহয়, নিজৰ মেধা আৰু প্ৰতিভাৰ বলত প্রতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতা লাভ কৰা ছাত্র-ছাত্রীসকলৰ দোষ হ'ল তেওঁলোক এটা বিশেষ ধৰ্মৰ সম্প্রদায়ত জন্ম লাভ কৰাটো। তাতোকৈ আচৰিত কথা- একালত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰা এই চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিলত একাংশই কৰা আনন্দ উৎসৱ। যি সময়ত একোখন চিকিৎসা মহাবিদ্যালয়ে স্বীকৃতি পোৱাই অতি কষ্টসাধ্য হৈ পৰিছে, তেনে সময়তে স্বীকৃতি লাভ কৰি সূচাৰুভাৱে চলি থকা এখন মহাবিদ্যালয় বন্ধ কৰি দিয়া হৈছে। কেনে সংকীর্ণতা। অন্ততঃ শিক্ষা জগতত যদি এনে ধৰণৰ অসুস্থ সংস্কৃতি তথা অসুস্থ আৰু সংকীৰ্ণ বাতৱৰণে বিৰাজ কৰে, তেন্তে আমাৰ শিক্ষা নিম্নগামী হোৱাটো নিশ্চিত।

নির্বাচনত যিকোনো উপায়েৰে জয়লাভ কৰা আৰু ক্ষমতা ধৰি ৰখা যি অবাঞ্ছিত ৰাজনৈতিক খেল চলি আছে, তাৰ বাবেও মূল্য দিব লগা হৈছে শিক্ষা আৰু শিক্ষানুষ্ঠানে। প্রধানমন্ত্রী আৰু মুখ্যমন্ত্ৰীৰ বিভিন্ন আঁচনি, বক্তৃতানুষ্ঠান আদি শিক্ষানুষ্ঠানত পৰিৱেশন কৰা হৈছে। শ্ৰেণী এৰি আহি তেনে অনুষ্ঠানত অংশ ল'ব লগা হৈছে ছাত্র-ছাত্রীয়ে। পৰীক্ষাৰ পদ্ধতিসমূহ পূৰ্বতকৈ শিথিল কৰি দিয়া হৈছে। অনলাইন ব্যৱস্থা আৰু ম'বাইল ফ'নৰ অধিক ব্যৱহাৰে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ মনত চাপ পেলাইছে। ইতিমধ্যে প্রকাশিত বিভিন্ন চৰকাৰী পৰিসংখ্যাই অসমৰ শিক্ষাৰ ক্ষেত্ৰত স্থান যে ক্রমশঃ নিম্নগামী হৈ গৈ আছে- সেই কথা স্পষ্ট কৰি দিছে। সেয়েহে শিক্ষাৰ ক্ষেত্ৰত সামগ্রিকভারে হোৱা মানৰ অধোগমন সম্পর্কত আমি সজাগ হ'ব লাগে। ৰাজনীতি নহয়, শিক্ষাহে জাতিৰ মেৰুদণ্ড- সেই কথা পাহৰিব নালাগিব।

Share This