লাচিত সেনা

dainik janambhumi October 29, 2025

ডিজিটেল ডেস্কঃ নিজকে জাতীয় সংগঠন বুলি দাবী কৰা কেতবোৰ সংগঠনৰ লক্ষ্য আৰু উদ্দেশ্য, আচৰণ, কাম-কাজৰ ধৰণ-কৰণক লৈ ৰাজ্যবাসী যে অতি উদ্বিগ্ন, সেই কথা বহু দিনৰ পৰাই জনসাধাৰণৰ মাজত হোৱা চৰ্চাত প্রকট হৈ আহিছে। জাতীয় সামুহিক বিষয়ক লৈ 'সংগ্রাম' কৰা বুলি দেখুৱাই বহু সংগঠনে কেৱল ধন ঘটাৰ এখন জালহে যে মেলি দিছে আৰু সুযোগ উলিয়াই কাৰোবাক কাৰোবাক টেটুচেপা দি কোৰোণাৰে ধন চপোৱাকহে মূল উদ্দেশ্য কৰি লৈছে, সেই কথা লুকাই থকা নাই

এনেকুৱা তথাকথিত 'জাতীয় সংগঠন'ৰ নেতা কিছুমানৰ চাল-চলনতে তেওঁলোকৰ বৈষয়িক প্ৰাচুৰ্যৰ উমান পোৱা যায়। ব্যক্তিগতভাবে অপমানিত, নিগৃহীত হোৱাৰ ভয়ত সাধাৰণ মানুহে মুকলিকৈ কথাবোৰ নকয় যদিও এই তথাকথিত 'নেতা'সকলক লৈ যে জনসাধাৰণ অতিশয় ক্ষুব্ধ, সেইকথা ঘনিষ্ঠভাৱে কথা পাতিলেই গম পোৱা যায়। এনে নেতাগিৰিৰ নামত সন্ত্রাস চলি থকাৰ মাজতে গুৱাহাটীত ধনদাবী আৰু অপহৰণ-কাণ্ডত জড়িত হৈ 'বীৰ লাচিত সেনা, অসম' নামৰ সংগঠনৰ কেইবাজনো নেতাসহ ১১জনকৈ যুৱক গ্ৰেপ্তাৰ হ'বলগীয়া হোৱা আৰু তেওঁলোকৰ জিম্মাৰ পৰা বহু আপত্তিজনক সামগ্রী জব্দ কৰা ঘটনাই ৰাজ্যজুৰি প্ৰবল চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাটো কি ঘটিছিল আৰু কেনে পৰিস্থিতিত তেওঁলোক গ্রেপ্তাৰ হ'ব লগা হ'ল, সেই বিষয়ে বিতং বাতৰি সংবাদ মাধ্যমত প্রকাশ হৈ গৈছে; গতিকে তাৰ পুনৰুল্লেখৰ প্ৰয়োজন নাই। কিন্তু 'জাতীয় সংগঠন'ৰ নামত সন্ত্রাসবাদীৰ দৰে কাম কৰা এই নেতা-কর্মীকেইজনে কেৱল আইন ভংগৰ অপৰাধেই কৰা নাই, লগে লগে অসম-অসমীয়াৰ জাতীয় বীৰগৰাকীকো অপমান কৰিলে। বীৰ লাচিত বৰফুকনৰ নাম লৈ সৃষ্টি কৰা সংগঠন এটাৰ নীতি-আদর্শ কেনেকুৱা হ'ব লাগে, ইয়াত জড়িত থকাসকলৰ সামাজিক ভাবমূর্তি কেনেকুৱা হ'ব লাগে সেই দিশবিলাক সন্দৰ্ভত সংগঠনটোৰ মঞ্চত কেনেধৰণে পৰ্যালোচনা হয়, সেইটো অসমবাসীয়ে নাজানে।

স্থানীয় যুৱ সংগঠন এটাৰ বিষয়েও সংশ্লিষ্ট এলেকাৰ মানুহৰ ধাৰণা থাকে, অন্য কিছুমান ৰাজ্যিক ভিত্তিৰ সংগঠনৰো সংবিধান বা ইয়াৰ বিষয়ববীয়াৰ বাছনী প্রক্রিয়া সম্পর্কে বহুতৰে জ্ঞান আছে, কিন্তু 'বীৰ লাচিত সেনা' বা তেনেধৰণৰ কেতবোৰ সংগঠনৰ সংবিধানখন কেনেকুৱা, বিষয়ববীয়া বাছনিৰ পদ্ধতি কি ধৰণৰ, সেই বিষয়ে ৰাজ্যবাসী অন্ধকাৰত। কিন্তু সামাজিক ক্ষেত্রত তেওঁলোকে অসমীয়া জাতিৰ প্ৰতিনিধিত্ব কৰা সংগঠনৰ দৰে কাম-কাজ কৰা দেখুৱায়। স্থান বিশেষে কোনো কোনো ব্যৱসায়ীৰ বিৰুদ্ধে আৰু ব্যাৱসায়িক প্রতিষ্ঠানত এই সংগঠনে 'জাতীয় স্বার্থ'ত অভিযান চলায়। 'দোষী ব্যৱসায়ী'ক এওঁলোকে 'শাস্তি'ও দিয়ে। এনেকৈয়ে এওঁলোক অসমীয়াৰ স্বাভিমান ৰক্ষাকাৰী সংগঠন হৈ পৰিছে। কিন্তু অসমীয়া জাতিৰ স্বাভিমান ৰক্ষা এইধৰণৰ সংগঠনবিলাকে কৰিছে জানো? চল্লিশ-পঞ্চাশ বছৰৰ পূৰ্বে যেতিয়া ৰাজ্যত এনেকুরা তথাকথিত 'জাতীয় সংগঠন'র প্রযোজর ঘটা নাছিল । থাকে, অন্য কিছুমান ৰাজ্যিক ভিত্তিৰ সংগঠনৰো সংবিধান বা ইয়াৰ বিষয়ববীয়াৰ বাছনী প্রক্রিয়া সম্পর্কে বহুতৰে জ্ঞান আছে, কিন্তু 'বীৰ লাচিত সেনা' বা তেনেধৰণৰ কেতবোৰ সংগঠনৰ সংবিধানখন কেনেকুৱা, বিষয়ববীয়া বাছনিৰ পদ্ধতি কি ধৰণৰ, সেই বিষয়ে ৰাজ্যবাসী অন্ধকাৰত। কিন্তু সামাজিক ক্ষেত্রত তেওঁলোকে অসমীয়া জাতিৰ প্ৰতিনিধিত্ব কৰা সংগঠনৰ দৰে কাম-কাজ কৰা দেখুৱায়। স্থান বিশেষে কোনো কোনো ব্যৱসায়ীৰ বিৰুদ্ধে আৰু ব্যাৱসায়িক প্রতিষ্ঠানত এই সংগঠনে 'জাতীয় স্বার্থ'ত অভিযান চলায়। 'দোষী ব্যবসায়ী'ক এওঁলোকে 'শাস্তি'ও দিয়ে। এনেকৈয়ে এওঁলোক অসমীয়াৰ স্বাভিমান ৰক্ষাকাৰী সংগঠন হৈ পৰিছে। কিন্তু অসমীয়া জাতিৰ স্বাভিমান ৰক্ষা এইধৰণৰ সংগঠনবিলাকে কৰিছে জানো? চল্লিশ-পঞ্চাশ বছৰৰ পূৰ্বে যেতিয়া ৰাজ্যত এনেকুৱা তথাকথিত 'জাতীয় সংগঠন'ৰ পয়োভৰ ঘটা নাছিল, তেতিয়া অসমীয়াৰ স্বাভিমান ৰক্ষা পৰা নাছিল নেকি? এই ধৰণৰ সংগঠনবোৰৰ সমান্তৰাল শাসন ৰাজ্যত চলি থকা অৱস্থাত এওঁলোকৰ পৃষ্ঠপোষকতাত ৰাজ্যত থলুৱা ব্যৱসায়-বাণিজ্য বাঢ়ি গৈছে নেকি?

এওঁলোকৰ ভয়ত ৰাজ্যৰ পৰা অবৈধ বিদেশী পলাই ফাট মাৰিছে নেকি? এওঁলোকৰ উত্থানৰ কালত ৰাজ্যত চোৰাং কাৰবাৰ, দুর্নীতি, ড্ৰাগছৰ ব্যৱসায়, ধর্ষণ, হত্যা, নিচা সেৱন, নাৰীৰ ওপৰত উৎপীড়নৰ দৰে অপকৰ্মবোৰ কমি গৈছে নেকি? লগতে এনে প্রশ্নও মানুহৰ মনলৈ নহাকৈ নাথাকে যে কেৰালাই শিক্ষিতৰ হাৰেৰে দেশৰ ভিতৰত শীর্ষস্থান দখল কৰিছে, গুজৰাটত থলুৱা ব্যৱসায়ীয়ে সেই ৰাজ্যৰ অৰ্থনীতি দোপতদোপে আগুৱাই নিছে, বেংগালুৰু, হায়দৰাবাদ তথ্য-প্রযুক্তিৰ হাবত পৰিণত হৈছে, পঞ্জাবীয়ে সেই ৰাজ্যক কৃষিপ্রধান ৰাজ্য ৰূপে গঢ়ি তুলিছে, উঃ প্রদেশ-দিল্লী-বিহাৰৰ ল'ৰা-ছোৱালীয়ে নিৰন্তৰ ইউ পি এছ চিৰ পৰীক্ষাত শ্রেষ্ঠত্ব অর্জন কৰি আহিছে- সেই ৰাজ্যবোৰত অসমৰ দৰে অসংখ্য 'জাতীয় সংগঠন' আছেনে? যদি জাতিটোৰ প্ৰগতিত একো অৱদানেই আগবঢ়াব পৰা নাই বা নেতিবাচক দিশবোৰৰো শুধৰণি কৰিব পৰা নাই, তেনেহ'লে ইমানবোৰ সংগঠনৰ প্ৰয়োজন ক'ত? আটাইতকৈ হাস্যাস্পদ, লগতে উদ্বেগৰো কথা হ'ল- বেছিভাগ সংগঠনেই ৰাজপথত আন্দোলন কৰে, অসমীয়াৰ স্বাভিমানৰ কথা কয়, কিন্তু অর্থনৈতিক কার্যসূচী বেছিভাগ সংগঠনৰে নাই। জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাই ৰাজ্যত এক 'গণ হতাশা'ৰ পৰিৱেশ আনি দিছে। জুবিন গাৰ্গক ন্যায়ৰ দাবী তুলিছে দল-সংগঠন- ব্যক্তি নির্বিশেষে সমগ্র ৰাজ্যবাসীয়ে।

সেই জুবিন গার্গে দুটা কথাত বিশেষ গুৰুত্ব দিছিল- 'গামোচাই জাতি নবচায়' আৰু 'পথাৰো আমাৰ বজাৰো আমাৰ'। জুবিন গাৰ্গ কেনেকুৱা এক আপোচবিহীন স্বাভিমানী অসমীয়া আছিল সেয়া হাতে-কামে প্রমাণ কৰি থৈ গৈছে আৰু অকলেই অসমীয়া জাতিক বিশ্বৰ সন্মুখত জিলিকাই তুলিছে। চান্দা তুলি, হৈ-হাল্লা কৰি তেনেধৰণৰ স্বাভিমানী অসমীয়া হ'ব নোৱাৰি। বীৰ লাচিত সেনাৰ গুৱাহাটীৰ কাণ্ডটোৱে এক উদ্বেগজনক দিশ উন্মোচিত কৰি দিছে। এনে সংগঠনে জাতিক পৰিচালনা কৰিবলৈ হ'লে জাতিৰ ভৱিষ্যৎ কি- সেয়া সহজেই অনুমেয়।

Share This