ডিজিটেল ডেস্কঃ কৰ'নাৰ পূৰ্বৰ এটা দশকত পৃথিৱীৰ অধিকাংশ উন্নত দেশতে জীৱনশৈলীৰ সৈতে জড়িত অসংক্রামক অসুখত মৃত্যুৰ হাৰ কমিছে। প্রায় ১৮৫খন দেশত চলোৱা এক সমীক্ষাত এই কথা প্রকাশ। লণ্ডনৰ ইম্পেৰিয়েল কলেজৰ এই গৱেষণাৰ তথ্য বিশ্বৰ সন্মানীয় বিজ্ঞান পত্রিকা 'ল্যান্সেট'ত প্রকাশ হৈছে। এই গৱেষণাত কিন্তু ভাৰত সম্পর্কে প্রকাশ হৈছে গুৰুত্বপূৰ্ণ প্রসংগও। প্রতিবেদন মতে, উক্ত সময়ছোৱাত পৃথিৱীৰ অধিকাংশ দেশতে জীৱনশৈলীৰ সৈতে জড়িত অসংক্রামক অসুখত মৃত্যুৰ হাৰ কমিছে যদিও সেই সময়ছোৱাত ভাৰতত প্ৰেছাৰ, ছুগাৰ, কলেষ্টৰেলৰ লগতে হার্ট আৰু কিডনীৰ অসুখ তথা কেঞ্চাৰৰ দৰে নন-কমিউনিকেবল ৰোগ (এন চি ডি) বা লাইফষ্টাইলজনিত ৰোগত এই দশকত মৃত্যুৰ হাৰ বাঢ়িছেহে। ২০১০ চনৰ পৰা ২০১৯ চন পর্যন্ত বিশ্বৰ ১৮৫খন দেশৰ অসংক্ৰামক ৰোগজনিত মৃত্যুৰ প্ৰৱণতা পর্যালোচনা কৰি গৱেষকসকলে জনাইছে পুৰুষৰ ক্ষেত্ৰত ৭৯% আৰু মহিলাৰ ক্ষেত্ৰত ৮২% দেশত এই মৃত্যুৰ হাৰ কমিছে। কিন্তু ভাৰত, দক্ষিণ আফ্রিকা, উগাণ্ডা, মেক্সিকো, ৰাছিয়া আৰু আফগানিস্তানৰ দৰে দেশত এন চি ডিত মৃত্যুৰ হাৰ বিপৰীত ক্রমে বাঢ়িছেহে। বিশেষজ্ঞসকলৰ দাবী-এই অতিমাৰীৰ পৰৱৰ্তী সময়ত এই পৰিস্থিতি আৰু অৱনতিহে ঘটিছে।
নেশ্যনেল ফেমেলী হেল্থ ছাৰ্ভেৰ দৰে চৰকাৰী সমীক্ষাৰ পৰিসংখ্যাৰ বিশ্লেষণেৰে ইম্পেৰিয়েল কলেজৰ গৱেষকসকলে দেখুৱাইছে এন চি ডিজনিত এই মৃত্যুৰ প্ৰৱণতা মূলতঃ বাঢ়িছে ৪০ বছৰৰ অধিক বয়সৰ মহিলা আৰু ৫৫ বছৰৰ বেছি বয়সৰ পুৰুষসকলৰ মাজত। মন কৰিবলগীয়া কথাটো হ'ল বিশ্ব স্বাস্থ্য সংস্থাই ২০৪০ চনৰ ভিতৰত এন চি ডিৰ মৃত্যুৰ হাৰ ৩০ শতাংশ কমোৱাৰ লক্ষ্য গ্রহণ কৰিলেও 'ল্যান্সেট'ৰ সেই প্রতিবেদনত জনাইছে এই লক্ষ্য স্পর্শ কৰা অধিকাংশ দেশৰ বাবেই কঠিন। ভাৰতৰ বাবে এই লক্ষ্য আৰু কঠিন, যদিহে কোনো তাৎপর্যপূর্ণ দ্রুত সামাজিক-ৰাজনৈতিক হস্তক্ষেপ নঘটে।
গৱেষণাত প্রকাশ পোৱা মতেই ভাৰতৰ মহিলাৰ ক্ষেত্ৰত অসংক্ৰামক ৰোগত মৃত্যুৰ হাৰ ২০১১ চনত ৪৬.৬% থাকিলেও ২০১৯ চনত সেয়া যথেষ্ট বৃদ্ধি হৈ ৪৮.৭% হৈছেহি। পুৰুষৰো প্রায় একেই পৰিসংখ্যা। ইফালে এই একে যোৱা সময়ত বিশ্বৰ অধিকাংশ দেশতে এন চি ডিজনিত মৃত্যুৰ হাৰ কমিছেহে। এইক্ষেত্ৰত পশ্চিমৰ দেশসমূহৰ ভিতৰত ডেনমার্কৰ অৱস্থা যথেষ্ট ভাল। তাৰ পাছতে আছে ব্রিটেইন। ডাঙৰ দেশসমূহৰ ভিতৰত চীন, মিছৰ, নাইজেৰিয়া আৰু ব্রাজিলতো পুৰুষ-নাৰী উভয়ৰে ক্ষেত্ৰতে ফল ভাল। কিন্তু ভাৰত, পাপুৱা-নিউগিনিৰ দৰে দুখনমান দেশত পুৰুষ-মহিলা উভয়ৰে মৃত্যুৰ হাৰ বাঢ়িছে।
ইয়াৰ কাৰণ কি? উন্নত দেশসমূহত এনে মৃত্যুৰ হাৰ কমিছে কিয় আৰু আমাৰ আজিও বাঢ়ি আছে কিয়? বিশেষজ্ঞসকলে মতপোষণ কৰিছে বিশ্বৰ উন্নত দেশসমূহে যথেষ্ট আগতেই অর্থাৎ এই শতিকাৰ আৰম্ভণি সময়ৰ পৰাই লাইফষ্টাইল ডিজিজ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এটাৰ পাছত এটা কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিছে। উদাহৰণস্বৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰত অনেক শিক্ষানুষ্ঠানৰ প্রাংগণত জাংকফুড নিষিদ্ধ, জাপানত অধিক শকত ছাত্র-ছাত্রী স্কুললৈ আহিব লাগে নির্ধাৰিত সময়তকৈ ৪৫ মিনিটৰ আগতে, যাতে তেওঁলোকে জিম কৰিহে ক্লাছত সোমাব পাৰে। ইউৰোপৰ অনেক শিক্ষানুষ্ঠানত আছে 'শ্লিম এণ্ড ফিট' প্রকল্প। এইবোৰৰ ফল ধীৰে ধীৰে তেওঁলোকে পাবলৈ আৰম্ভ কৰিছে। ভাৰতত কিন্তু শেহতীয়া 'অইল ব'ৰ্ড'ক বাদ দি এনেকুৱা কোনো উল্লেখযোগ্য কাৰ্যকৰী প্রকল্প নাই।
আনহাতে, শেহতীয়া আন এক তথ্য মতে, আমাৰ ৰাজ্যতো কেঞ্চাৰ আৰু ডায়েবেটিছৰ দৰে ৰোগ ভয়ংকৰ ধৰণেৰে বৃদ্ধি পাইছে। লোক সভাত অসমৰ স্বাস্থ্যখণ্ডৰ এই উদ্বেগজনক তথ্য ব্যক্ত কৰিছে খোদ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্য মন্ত্রী প্রতাপ ৰাও যাদৱে। তেওঁ প্ৰকাশ কৰা তথ্য মতে, যোৱা তিনি বছৰত ৰাজ্যখনত মুঠ ১,২২,২২১জন লোক কেঞ্চাৰত আক্রান্ত হৈছে। আনহাতে, কেঞ্চাৰৰ দৰেই ৰাজ্যখনত ডায়েবেটিছ ৰোগত বিগত দুটা বিত্তীয় বর্ষত আক্রান্ত হৈছে মুঠ ৪,২১,৬২৫জন লোক। এক কথাত অসম কেঞ্চাৰ আৰু ডায়েবেটিছৰ 'হটস্পট'ৰ দৰে হৈ পৰিছে বুলি ক'লেও বঢ়াই কোৱা নহয়।
নিঃসন্দেহে নাগৰিকৰ স্বাস্থ্যৰ সৈতে জড়িত এই কথাবোৰ বৰ চিন্তনীয়। শৰীৰ-স্বাস্থ্য, জীৱনশৈলী ইত্যাদি প্ৰসংগবোৰত মানুহৰ মাজত কিছু সজাগতা সৃষ্টি হৈছে যদিও এয়া মূলতঃ জ্যেষ্ঠসকলৰ মাজতহে বুলি গৱেষকসকলে মন্তব্য কৰে। এই ধৰণৰ সচেতনতা শৈশৱতেই আৰম্ভ কৰিব নোৱাৰিলে ই বিশেষ কার্যকৰী নহয়। জীৱনশৈলীজনিত ৰোগসমূহৰ চৰিত্ৰ আৰু প্ৰসাৰ অনুধাৱন কৰি ইয়াৰ বিৰুদ্ধে শৈশৱৰ পৰা সচেতনতা বৃদ্ধি কৰিব পাৰিলেহে এনে ৰোগসমূহৰ পৰা কিছু নিস্তাৰ পোৱা যাব পাৰে। চৰকাৰ আৰু ৰাইজে এই দিশবোৰ বিচাৰ কৰি চোৱা প্ৰয়োজন।