ডিজিটেল ডেস্ক : Football is like life. It requires perseverance, self-denial, hard work, sacrifice, dedication, and respect for authority, ভিনচেপ্ট থ'মাছ ল'ম্বার্ড নামৰ আমেৰিকাৰ ফুটবল প্রশিক্ষক এগৰাকীৰ ভাষ্য এয়া। জয়া। ভিন্স ভিন্স থ থ'মাছ নামেৰে প্রখ্যাত এই ব্যক্তিগৰাকীক আমেৰিকাৰ ক্ৰীড়াক্ষেত্ৰৰ আটাইতকৈ মহান প্রশিক্ষক তথা নেতা ৰূপে গণ্য কৰা হয়। ষাঠিৰ দশকৰ পৰা এইগৰাকী ব্যক্তিয়ে আমেৰিকাৰ ফুটবলক অভাবনীয় এক উচ্চতালৈ লৈ যাবলৈ সক্ষম হৈছিল। তেনে এগৰাকী ব্যক্তিৰ ফুটবল সম্পর্কে এনে এক উক্তিক তেওঁৰ খেলুৱৈ তথা প্রশিক্ষক জীবনত আর্জিত অভিজ্ঞতাৰ সাৰমর্ম বুলি গণ্য কৰিব পৰা যায়। তেওঁৰ উক্তিটোৱে ফুটবলৰ সৈতে জীৱনৰ সম্পৰ্ক, প্রকৃত ফুটবল খেলুৱৈ এজনৰ চাৰিত্ৰিক বৈশিষ্ট্যক সুন্দৰভাৱে প্রতিফলিত কৰিছে। ফুটবলটোক গ'লপ'ষ্টলৈ আগুৱাই নিবলৈ এজন খেলুৱৈৰ যিখিনি গুণৰ প্ৰয়োজন হয়, জীৱনক লক্ষ্যলৈ আগুৱাই নিবলৈও তেনে গুণৰেই প্রয়োজন। ফুটবল খেলুবৈজনক দৃঢ়তা লাগিব, তেওঁ আপোনপেটীয়া হ'ব নোৱাৰিব, কষ্টশীল হ'ব লাগিব, তেওঁৰ ত্যাগৰ মানসিকতা থাকিব লাগিব। দেহে-কেহে খাটিব পৰা আৰু কৰ্তৃপক্ষৰ প্রতি সম্মান প্রদর্শন কৰা চৰিত্ৰৰ অধিকাৰী হ'ব লাগিব। এই সকলোবিলাক চৰিত্ৰ বা গুণ ফুটবল খেলুবৈজনে জন্মতে লগত লৈ নানে। ফুটবলটোৰ সৈতে আৰু দল এটাৰ সৈতে যেতিয়া তেওঁৰ জীৱন সংপৃক্ত হৈ পৰে আৰু এগৰাকী ভাল খেলুৱৈ হ'বলৈ তেওঁৰ হৃদয়ৰ তাগিদা থাকে তেতিয়া তেওঁ খেলৰ অভিজ্ঞতাৰ মাজেদি এই গুণবিলাক আহৰণ কৰি গৈ থাকে।
ভিন্স থ'মাছ ফুটবলৰ সৈতে জড়িত হোৱা সূত্রে তেওঁ ফুটবলক কেন্দ্ৰ কৰি উক্ত মন্তব্য কৰিলেও প্রতিবিধ ক্রীড়াতে চূড়ান্ত লক্ষ্যত উপনীত হ'বলৈ হ'লে খেলুৱৈ একোগৰাকীক এই গুণবিলাক লাগিবই। ফুটবলৰ ক্ষেত্ৰত কথাখিনি প্রযোজ্য এইবাবেই যে ই এবিধ দলীয় খেল আৰু এই খেলত লক্ষ্যত উপনীত হ'বলৈ সংঘবদ্ধ প্রচেষ্টা তথা সাফল্যৰ গত্যন্তৰ নাথাকে। এনেকুৱা বৈশিষ্ট্য থকা বাবেই যুগ যুগ ধৰি সমগ্র বিশ্বত ফুটবলে যি স্থান অধিকাৰ কৰি আছে অন্য কোনো খেলে তেনে জনপ্রিয়তা অর্জন কৰিব পৰা নাই আৰু হয়তো নোৱাৰেও। ফুটবলক লৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে যোৱা দেওবাৰে আকাশবাণীযোগে প্ৰচাৰ কৰা 'মন কী বাত'ত আমাৰ বাবে অতি প্ৰেৰণাদায়ক কিছু কথা ক'লে। প্রধানমন্ত্রীগৰাকীয়ে সম্প্রতি বড়োলেও টেৰিটৰিয়েল কাউন্সিল এলেকাত নতুন ৰূপত প্রাণ পাই উঠা ফুটবল খেলৰ পৰিৱেশৰ এক জীবন্ত বর্ণনা দিলে 'মন কী বাত'ত। তেখেতে অঞ্চলটোৰ সঠিক ছবি এখন তুলি ধৰি ক'লে যে এটা সময়ত সংঘর্ষ অঞ্চলটোৰ পৰিচয় হৈ পৰিছিল, কিন্তু ফুটবলে এতিয়া তাৰ পৰিৱেশেই সলনি কৰি পেলাইছে। এতিয়া তেওঁলোকৰ চকুত নতুন সপোন, আৰু অন্তৰত আত্মনিৰ্ভৰশীলতাৰ সাহস বিদ্যমান। বি টি চি এলেকাৰ এই চিত্ৰখন তুলি ধৰিবলৈ প্ৰধানমন্ত্ৰীয়ে তাত অনুষ্ঠিত চি'ই এম কাপ ফুটবলৰ উদাহৰণ দাঙি ধৰি কয়- ৩ হেজাৰ ৭০০টাতকৈও অধিক দল আৰু ৭০ হাজাৰতকৈও অধিক খেলুৱৈয়ে সেই প্রতিযোগিতাত অংশগ্রহণ কৰিছে। প্রধানমন্ত্ৰীৰ মন্তব্য- যদি আমি আমাৰ সামৰ্থ্য বৃদ্ধি কৰিব লাগে তেনেহ'লে আমাৰ ফিটনেছ আৰু সুস্থতাৰ ওপৰত গুৰুত্ব দিব লাগিব। প্রধানমন্ত্রীয়ে কোৱা কথাখিনিয়ে আমাৰ সকলোকে আনন্দ দিছে আৰু উৎসাহিত কৰিছে এইবাবেই যে সেই কথাখিনিৰ মাজত আমি প্রত্যেকেই নিজক বিচাৰি পাইছোঁ। এতিয়া আমাৰ ৰাজ্যৰ খেলৰ পৰিৱেশ সলনি হ'লেও আজিৰ পৰা তিনি-চাৰি দশকৰ আগৰ পৰিৱেশটোলৈ বহুতকে লৈ গৈ স্মৃতিকাতৰ কৰি পেলায় কেনেকৈ প্রত্যক্ষ বা পৰোক্ষভাবে প্রায় প্রত্যেকৰে ফুটবলৰ সৈতে গঢ় লৈ উঠিছিল এক নিবিড় সম্পর্ক।
বি টি চি এলেকাত সেই পৰিৱেশটোৱেই এতিয়া পুনৰ জীৱন লাভ কৰিছে আৰু ৰাজ্যৰ অন্য অংশত গাঁও-নগৰ নির্বিশেষে বেছিভাগ ঠাইতে ফুটবলৰ লগত মানুহৰ সম্পৰ্ক নোহোৱা হৈ পৰিছে। বি টি চি এলেকাৰ কেৱল খেলুৱৈৰেই নহয় জনসাধাৰণৰো ফুটবলৰ সৈতে কেনে এক আত্মীয়তা গঢ়ি উঠিছে সেয়া নেদেখিলে অনুভৱ কৰিব পৰা নাযায়। গুৱাহাটীৰ নেহৰু ষ্টডিয়ামত বৰদলৈ ট্রফী ফুটবলৰ খেল চাবলৈ দর্শক নাথাকে, সৰুসজাই ষ্টেডিয়ামত ইণ্ডিয়ান ছুপাৰ লীগৰ তাৰকাসমৃদ্ধ দলৰ খেল চাবলৈ মানুহ গোট নাখায়, কিন্তু সেই বৰদলৈ ট্ৰফীৰে খেল ডিমাকুছিত হ'লে মানুহৰ পাৰ ভঙা সোঁত বয়, কোকৰাঝাৰত ডুৰাণ্ড কাপ ফুটবল মেচ চাবলৈ দর্শকৰ তোলপাৰ লাগে। প্রধানমন্ত্রীয়ে সঠিকভাৱেই সেই ছবিখন 'মন কী বাত'ত তুলি ধৰিছে। বি টি চিবাসীয়ে এতিয়া ফুটবলক তেওঁলোকৰ সামাজিক-সংস্কৃতিৰ এটা অংশলৈ ৰূপান্তৰ কৰিছে। ব্রাজিলৰ জনসাধাৰণে ফুটবলক তেওঁলোকৰ পৰিচয় ৰূপে গণ্য কৰে, তেওঁলোকে এই ক্রীড়াবিধক কলালৈ উত্তৰণ ঘটাইছে। ইয়াক জাতীয় গৌৰৱৰ উৎস ৰূপে মান্যতা প্রদান কৰিছে। প্ৰতিগৰাকী ব্রাজিলিয়ানে ফুটবলৰ মাজত নিজক বিচাৰি পায়। সেই সংস্কৃতিৰ সমতুল্য নহ'লেও বি টি চি এলেকাতো তেনে এটা পৰিৱেশ গঢ় দিবলৈ চেষ্টা কৰি আছে খেলৰ সৈতে জড়িতসকলে। প্রধানমন্ত্রীয়ে উল্লেখ কৰা চি ই এম কাপ ফুটবল তাৰেই এটা অংশ। এই পৰিৱেশটোরে সামাজিক জীৱনলৈও লক্ষ্যণীয় ৰূপান্তৰ আনিছে। এসময়ত বন্দুকৰ সংস্কৃতিক আদৰি লোৱা বড়ো যুৱ সমাজে এতিয়া ফুটবলক আঁকোৱালি লৈছে, ফুটবলৰ মাজেদি জীৱনক এক লক্ষ্যলৈ আগুৱাই নিয়াৰ সপোন দেখিবলৈ আৰম্ভ কৰিছে। এই ফুটবল সংস্কৃতিৰ আচলতে আকৌ আমাৰ ৰাজ্যত সকলো গাঁও-নগৰলৈ প্ৰসাৰৰ এক সামুহিক পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজন আহিছে। কিয়নো সস্তীয়া ৰাজনৈতিক চিন্তাৰ পয়োভৰ, ড্ৰাগছ-সুৰাৰ প্ৰসাৰ, ম'বাইল-কেন্দ্রিক জীবন-যাত্রাই অনা টুলুঙা পৰিৱেশ, হত্যা-হিংসা-লুণ্ঠন-ধৰ্ষণৰ অবাঞ্ছিত পৰিৱেশে গাঁও আৰু মফচলীয়া অঞ্চলবোৰৰ পৰিৱেশ কলুষিত কৰি পেলাইছে। মহাত্মা গান্ধীয়ে স্বাধীনতা সংগ্ৰামত যতৰটোক পৰিৱৰ্তনৰ প্ৰতীকী অস্ত্ৰ ৰূপে গণ্য কৰাৰ দৰে সমাজক এই কলুষিত পৰিৱেশৰ পৰা উদ্ধাৰ কৰিবলৈ হ'লে ফুটবলটোক অস্ত্র হিচাপে ল'ব পৰা যায়। গাঁৱে গাঁৱে যুৱচামৰ ভৰিত ফুটবলটো তুলি দি, দল গঠন কৰি, প্ৰতিযোগিতাৰ এক নতুন পৰিৱেশ গঢ়ি গাঁও-নগৰৰ মানুহেও সেই খেললৈ জাকে জাকে ওলাই আহি যুৱচামক উৎসাহিত কৰাৰ এক পৰিৱেশ যদি ৰচনা কৰিব পাৰে তেনেহ'লে হয়তো নতুন প্রজন্মক আক্রান্ত কৰা বেয়া চিন্তা-কর্মবোৰ বহুলাংশে দূৰ হৈ যাব, বি টি চি এলেকাত যিটো আজি সম্ভৱ হৈ উঠিছে আৰু প্ৰধানমন্ত্ৰীয়েও যিটো পৰিৱেশক 'মন কী বাত'ত আগ্রহেৰে প্ৰকাশ কৰিবলৈ উদ্বুদ্ধ হৈছে। ভিন্স থ'মাছে কোৱাৰ দৰে ফুটবলক যদি জীৱন ৰূপে ল'ব পৰা যায় তেনেহ'লে ই আমাৰ নতুন প্ৰজন্মৰ মনলৈও নতুন দৃঢ়তা অনাৰ, আত্মকেন্দ্রিকতাৰ বিপৰীতে উদাৰতাৰ পৰিৱেশ ৰচনা কৰাৰ, সমাজক শ্রদ্ধা কৰাৰ এক নতুন পৰিৱেশ আনি দিব পাৰে।