লাভ জেহাদ

dainik janambhumi June 05, 2026

ডিজিটেল ডেস্ক : 'লাভ জেহাদ' শব্দটোৰ আমাৰ সমাজত ব্যৱহাৰ হোৱা বেছি দিন হোৱা নাই। অসবর্ণ সম্পর্ক বা বিবাহ, বিভিন্ন ধর্ম-সম্প্রদায়ৰ মাজত পাৰিবাৰিক সম্পৰ্ক, প্ৰেমৰ সম্পৰ্ক বা বিবাহ ভাৰতত সামাজিকভাৱে এতিয়াও সম্পূর্ণ গ্রহণযোগ্য হৈ নুঠিলেও এনেকুৱা সম্পর্ক গঢ় লৈ নুঠাকৈও থকা নাই। সপ্তম শতিকাত আৰব বণিক কিছুমান অহাৰ পৰাই আমাৰ দেশত মুছলমানৰ উপস্থিতি আৰম্ভ হয় আৰু পৰৱৰ্তী সময়ত বিভিন্ন আক্ৰমণৰ জৰিয়তে সম্প্রদায়টোৰ প্ৰসাৰ ঘটি ত্রয়োদশ শতিকাৰ আৰম্ভণিত দিল্লীত ছুলতানৰ ৰাজত্ব আৰম্ভ হোৱাৰ পাছত মুছলমানৰ সামাজিক আৰু ৰাজনৈতিক বিস্তাৰ ঘটাৰ পৰিপ্ৰেক্ষিতত হিন্দু-মুছলমানৰ মাজতো প্রেম-বিবাহৰ সম্পৰ্কবোৰ আৰম্ভহয়। একালৰ হিন্দু সৰ্বস্ব ভাৰতত পর্যায়ক্রমে অন্য ধৰ্মৰ উত্থান ঘটাৰ ফলত 'কছমোপলিটান' সমাজ ব্যৱস্থা এটা গঢ়ি উঠিলেও বা প্ৰেমৰ সম্পর্ক, বৈবাহিক সম্পর্ক স্থাপন হ'লেও সমাজে বা পৰিয়ালবোৰে এনে সম্পর্কক মান্যতা দিবলৈ কুণ্ঠাবোধ কৰে।

এনে সামাজিক ধ্যান-ধাৰণাৰ বাবেই সমাজে এনেধৰণৰ সম্পৰ্কৰ বিৰোধিতা কৰি আহিলেও সমাজক সংকীর্ণমনা বুলিও ক'ব নোৱাৰি। তাৰ মাজতো অসবর্ণ বিবাহ বা বিপৰীত ধৰ্মৰ পুৰুষ-মহিলাৰ মাজত বিবাহ হৈ আছে। মনে নিবিচাৰিলেও সংশ্লিষ্ট পৰিয়ালে এনে বিবাহক মান্যতা দিবলগীয়া হৈছে। মুক্ত চিন্তাৰ মানুহে এনেকুৱা সম্পর্কক লৈ মূৰ নঘমায় যদিও সামাজিক স্বকীয়তাবিলাককো অগ্রাহ্য কৰিব নোৱাৰে। মূলতঃ বৃহত্তৰ হিন্দু সমাজখনৰ উদাৰতা থকা বাবে বিপৰীত ধৰ্মৰ মাজৰ বিবাহক মনে নিবিচাৰিলেও ইয়াক লৈ তিক্ততাৰ বাতাৱৰণ সৃষ্টি কৰা নাছিল। কিন্তু হিন্দু বা সনাতনী লোকসকলৰ অস্তিত্বলৈ অহা সংকট বা প্রত্যাহ্বানৰ বাবে হিন্দুত্ববাদী সোঁপন্থী চিন্তাধাৰাৰ লোকসকলে এতিয়া বিষয়টো সুকীয়াকৈ চাবলৈ লৈছে। ভাৰতত এই সনাতনী ধাৰাৰ লোকসকলৰ কর্তৃত্ব আৰু প্ৰভুত্ব ৰক্ষা কৰাৰ প্ৰয়োজনীয়তাক গুৰুত্ব দি এই হিন্দুত্ববাদী চিন্তাধাৰাৰ সংগঠনবোৰে উল্লিখিত সম্পর্কক লৈ কঠোৰ স্থিতি গ্রহণ কৰিছে আৰু সেই প্রেক্ষাপটতে সৃষ্টি হৈছে। 'লাভ জেহাদ' শব্দটো। মূলতঃ মুছলমান সম্প্রদায়ক লক্ষ্য কৰি এই শব্দৰ ব্যৱহাৰ হৈছে আৰু এতিয়া ইয়াৰ অৰ্থ কোনেও নুবুজাকৈ থকা নাই। হিন্দুত্ববাদীসকলৰ মতে 'লাভ জেহাদ' হৈছে এক পৰিকল্পিত ষড়যন্ত্র। মুছলমানৰ জনসংখ্যা বিস্তাৰেই এই 'লাভ জেহাদ'ৰ লক্ষ্য। হিন্দু মহিলাৰ লগত কৌশলেৰে সম্পর্ক স্থাপন কৰি 'নিকাহ' কৰাই সেই মহিলাক ইছলামলৈ ধৰ্মান্তৰিত কৰা হয়। সাধাৰণ মানুহে কথাবোৰ ইমান গভীৰভাৱে নাভাবে আৰু ইয়াক সাধাৰণ প্ৰেমৰ সম্পৰ্কৰ পৰিণতি বুলিয়েই ধৰি লয়। কিন্তু হিন্দুত্ববাদী চিন্তাধাৰাৰ লোকসকল আৰু সংগঠনবোৰ এই লৈ উদ্বিগ্ন আৰু ইয়াক প্ৰতিৰোধৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰি আহিছে। ধৰ্মান্তৰিত লোকক পুনৰ সনাতনী ধাৰালৈ ঘূৰাই অনাৰ বাবে 'ঘৰ ৱাপছী'ৰ দৰে কাৰ্যসূচীও তেওঁলোকৰ আছে। হিন্দুত্ববাদী চৰকাৰ অহাৰ পাছত উত্তৰ প্ৰদেশ, মধ্য প্রদেশ, হাৰিয়ানা, উত্তৰাখণ্ড, হিমাচল প্রদেশ আদি ৰাজ্যত ধৰ্মান্তৰকৰণ-বিৰোধী অধ্যাদেশ বা আইন জাৰি কৰাও হৈছে। অসমতো সমৰূপ নাগৰিক সংহিতা আইন প্রণয়নৰ উদ্দেশ্যও হিন্দুত্ববাদী কাৰ্যসূচীৰে অংশ। আগতেও কোৱা হৈছে যে মুক্ত মনৰ মানুহে এনেকুৱা বিষয়বোৰক লৈ মূৰ নঘমায়, কিন্তু যেতিয়া এনেধৰণৰ বিষয়বিলাকে উদ্বেগজনক ৰূপ ধাৰণ কৰে, সমাজত অশান্তিৰ বিষবাষ্প বিয়পায়, সন্দেহ-অবিশ্বাসৰ বাতাৱৰণ ৰচনা কৰে তেতিয়া ইয়াক গুৰুত্ব নিদিয়াকৈ থাকিব পৰা নাযায়। কেইদিনমান পূর্বে নলবাৰীত হিন্দু যুৱতী-মুছলমান যুৱকৰ মাজৰ প্ৰেমক কেন্দ্ৰ কৰি সংঘটিত নৃশংস ঘটনাটোৱে, ইয়াৰ বাবে মাধুৰ্য বৰ্মন নামৰ যুৱকজনে প্রাণ হেৰুৱাব লগা হোৱা, সংশ্লিষ্ট হিন্দু যুৱতীগৰাকীয়ে চিকিৎসালয়ত মৃত্যুৰে যুঁজি থাকিবলগীয়া হোৱা বিষয়টোৱে মানুহক ভবাই তুলিছে। সেই ঘটনাৰ দুদিনৰ পাছতে মৰিগাঁৱত 'প্রেমজনিত' কাৰণতে মুছলমান যুৱক এজনে হিন্দু যুৱতী এগৰাকীক অমানুষিকভাৱে প্ৰহাৰ কৰা ঘটনাটোৱে মানুহৰ উদ্বেগ বৃদ্ধি কৰা দেখা গৈছে। যোৱা কেইবছৰমানত মুছলমান ল'ৰাই নিজকে হিন্দু বুলি পৰিচয় দি হিন্দু যুৱতী-মহিলাৰ সৈতে সম্পৰ্ক গঢ়া, নিকাহ কৰাই বলপূর্বক ধৰ্মান্তৰিত কৰাৰ বহু ঘটনা ঘটিছে। প্রায় প্রতিদিনে এনেকুৱা ঘটনাবোৰ সংবাদ মাধ্যমত প্রকাশ পোৱা দেখা গৈছে।


এইবিলাক বিক্ষিপ্ত ঘটনা নে হিন্দুত্ববাদী সংগঠনে কোৱাৰ দৰে 'লাভ জেহাদ' তাক লৈ ৰাজ্যবাসী শংকিত-উদ্বিগ্ন। সঁচা প্রেমত নৃশংসতা নাথাকে, মতলবী প্রেমতহে থাকে নৃশংসতা। গতিকে, এনেকুৱা ঘটনাবোৰ নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন অনুভৱ কৰিছে ৰাজ্যবাসীয়ে। অবাৰিত অনুপ্রবেশে অসমক অতি স্পৰ্শকাতৰ অৱস্থা এটালৈ লৈ গৈছে। ইয়াত খিলঞ্জীয়া মানুহৰ অৱস্থাটো চিন্তাজনক। এনে অৱস্থাত এই ঘটনাবোৰেই স্ফুলিংগ হৈ খাণ্ডৱ দাহৰ পৰিৱেশ সৃষ্টি কৰিলেও আচৰিত হ'ব লগীয়া নাথাকিব। এতিয়া দেশৰ নিয়ন্ত্রণ হিন্দুত্ববাদীৰ হাতত। গতিকে, অবাঞ্ছিত পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ হ'লে সাৱধান হ'ব লাগিব। তথাকথিত 'প্রেম'ৰ নামত সমাজে নিবিচৰা সম্পৰ্ক গঢ়াৰ পৰা হ'ব পৰা বিপদ সম্পর্কে তৰুণচামক পৰিয়ালেই সজাগ আৰু সতৰ্ক কৰিব লাগিব আৰু যদি 'লাভ জেহাদ'ৰ কিবা ষড়যন্ত্র কোনোপক্ষই কৰি আছে তাক চিনাক্ত কৰি উপযুক্ত ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰা উচিত।

Share This