আজিৰ সম্পাদকীয়, ৰন্ধন গেছৰ সংকট

dainik janambhumi March 18, 2026

ডিজিটেল ডেস্ক: আমেৰিকা-ইজৰাইলৰ সৈতে ইৰানৰ যুদ্ধখন দীঘলীয়া হৈ গৈ থকাৰ লগে লগে ইয়াৰ প্ৰভাৱ বিশ্বৰ সকলো ঠাইতে পৰিছে আমাৰ দেশ তথা ৰাজ্যও এই প্ৰভাৱৰ পৰা মুক্ত হৈ থকা নাই। মধ্যপ্রাচ্য বিশ্বৰ জৈৱ-ইন্ধনৰ ভঁৰাল। ২০-৩০ শতাংশ খাৰুৱা তেল মধ্যপ্রাচ্যৰ পৰা বিশ্বৰ বিভিন্ন দেশলৈ যায় হৰমুজ প্রণালীৰ মাজেদি। ভাৰতে ৬০-৭০ শতাংশ বন্ধন গেছ (এল পিজি) আমদানি কৰে মধ্যপ্রাচ্যৰ পৰা আৰু ইয়াৰে ৯০ শতাংশই জলপথেৰে জাহাজত আহে। হৰমুজ প্রণালীয়েদি দৈনিক ১৩ নিযুত বেৰল খাৰুৱা তেলৰ সৰবৰাহ হয়। ইৰাকৰ পৰা ভাৰতলৈ খাৰুৱা তেল আহে ১৯.৪১ শতাংশ, ছৌডি আৰবৰ পৰা ১৩.৩৮ শতাংশ আৰু ইউ এ ইৰ পৰা ৯.৭৬ শতাংশ। আনহাতে, এল পি জি মূলতঃ ৰপ্তানি হয় কাটাৰ, ইউ এ ই, ছৌডি আৰব আৰু কুৱেইটৰ পৰা।

তেনে অৱস্থাত আমেৰিকা আৰু ইজৰাইলৰ ওপৰত আন্তর্জাতিক চাপ বৃদ্ধি কৰাৰ উদ্দেশ্যে ইৰানে হৰমুজ প্রণালীয়েদি জাহাজ চলাচল বন্ধ কৰি দিয়াৰ ফলত বিশ্বত হাহাকাৰ লাগিছে। হৰমুজ প্রণালীৰ অৱস্থান আৰু ইয়াৰ ওপৰত ইৰানৰ নিয়ন্ত্ৰণৰ বিষয়ে বিভিন্ন মাধ্যমত প্রকাশ পাইছেই। পাৰস্য উপসাগৰ আৰু ওমান উপসাগৰৰ মাজৰ এইটো এনে এটা সাগৰীয় ঠেক পথ য'ৰ পৰা আৰব সাগৰত প্ৰৱেশ কৰিব পাৰি। ইয়াৰ উত্তৰ উপকূল ইৰানৰ অন্তৰ্গত হোৱা বাবে দেশখনে হৰমুজ প্রণালীত নিয়ন্ত্রণ সাব্যস্ত কৰি আহিছে। যুদ্ধখন গভীৰ হৈ অহাৰ সময়তে ইৰানৰ ৰিভল্যুশ্যনেৰী গার্ড ক'ৰ্ছ (আই আৰ জি চি)-এ এই প্রণালীত সম্পূর্ণ নিয়ন্ত্রণ সাব্যস্ত কৰি জাহাজ চলাচল বন্ধ কৰি দিয়াৰ পৰিণতিত ইন্ধনৰ সৰ্ববৃহৎ সংকটত পৰিব লগা হৈছে সমগ্র বিশ্ব। হৰমুজ প্রণালীৰ দক্ষিণ উপকূল ওমানৰ অন্তৰ্গত হ'লেও বিশ্বই সম্মুখীন হোৱা সাম্প্রতিক সংকটত দেশখনে কোনো ভূমিকা পালন কৰা নাই। কাৰণ তেওঁলোকে যুদ্ধৰ ক্ষেত্ৰত নিৰপেক্ষ অৱস্থান গ্রহণ কৰি আছে। ইৰানৰ বৈদেশিক মন্ত্রী আব্বাছ আৰাগাছিয়ে মার্কিন টেলিভিছন সংস্থা চি বি এছৰ আগত যোৱা দেওবাৰে কয় যে হৰমুজ প্রণালীয়েদি জাহাজ চলাচলৰ অনুমতি দিবলৈ বহু দেশে ইৰানক অনুৰোধ কৰিছে। কিন্তু এই বিষয়ত কি সিদ্ধান্ত লয় সেয়া ইৰানৰ সেনাইহে নিৰ্ধাৰণ কৰিব, চৰকাৰে নহয়। এই অচলাৱস্থাৰ মাজতে দুই এখন দেশৰ জাহাজ হৰমুজ প্রণালীৰে পাৰ হ'বলৈ অনুমতি দিয়া হৈছে যদিও ইৰানৰ বিদেশ মন্ত্ৰীগৰাকীয়ে এই সন্দর্ভত বিশদকৈ একো নক'লে। ইয়াৰ পৰাই অনুমান কৰিব পৰা যায় পৰিস্থিতি কিমান জটিল হৈ আছে।

ভাৰতত ৰন্ধন গেছ অর্থাৎ এল পি জিৰ সংকট হোৱা নাই বুলি চৰকাৰে কৈ আছে, কিন্তু যোৱা কেইদিনত ৭৭লাখতকৈও অধিক এল পি জিৰ চিলিণ্ডাৰ গ্ৰাহকে 'বুক' কৰিছে যদিও কেতিয়া গেছ পাব তাৰ স্পষ্ট উত্তৰ নাই। দেশৰ হাজাৰ হাজাৰ হোটেল, ৰেস্তোৰাঁ ৰন্ধন গেছৰ সংকটৰ বাবে বন্ধ কৰি দিবলগীয়া হৈছে। চৰকাৰে অৱশ্যে দেশত ঘৰুৱা চিলিণ্ডাৰৰ যোগানত যতি নপৰিবলৈ সর্বাত্মক প্রচেষ্টা অব্যাহত ৰাখিছে। বাণিজ্যিক চিলিণ্ডাৰৰ যোগান নিয়ন্ত্রিত কৰা হৈছে, তৈল প্রতিষ্ঠানসমূহক এল পি জিৰ উৎপাদন সৰ্বাধিক হাৰত বৃদ্ধিৰ ব্যৱস্থা গ্রহণ কৰিবলৈ নিৰ্দেশ দিছে। ইফালে, ইৰানৰ লগতো চৰকাৰে কূটনৈতিক আলোচনা অব্যাহত ৰাখিছে যাতে ভাৰতীয় ইন্ধনবাহী জাহাজৰ চলাচলত দেশখনৰ অনুমতি লাভ কৰিব পাৰে। কিন্তু যিহেতুকে দেশৰ চাহিদাৰ ৬০-৭০% ৰন্ধন গেছ মধ্যপ্রাচ্যৰ পৰা আমাৰ দেশলৈ আহে; তেনে অৱস্থাত এনেকুৱা ব্যৱস্থাবোৰে কিমান দিনলৈ দেশখনক সংকটৰ পৰা ৰক্ষা কৰিব পাৰিব সেইটো গুৰুত্বপূৰ্ণ প্রশ্ন। এই সংকটৰ প্ৰভাৱ এতিয়া আমাৰ ৰাজ্যতো পৰিছে। আমাৰ ৰাজ্যৰো বহু হোটেল-ৰেস্তোৰাঁই ৰন্ধন গেছৰ অভাৱত ভুগিবলগীয়া হৈ খৰি ব্যৱহাৰ কৰিবলগীয়া হৈছে। মধ্যপ্রাচ্যৰ যুদ্ধ দীঘলীয়া হৈ গৈ থাকিলে আৰু হৰমুজ প্রণালীৰে ভাৰতলৈ নিয়মিতভাৱে জাহাজৰ চলাচল সম্ভব কৰি তুলিব নোৱাৰিলে হোটেল, ৰেস্তোৰাঁ বা অন্য বহু গেছ-ভিত্তিক উদ্যোগ বন্ধ হ'বই, লাহে লাহে ঘৰুৱা চিলিণ্ডাৰ পোৱাটোও কঠিন হৈ পৰাৰো আশংকা থাকিব। এতিয়া প্রশ্ন হৈছে মধ্যপ্রাচ্যৰ এই যুদ্ধখন কিমান দিনলৈ চলিব? মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে যুদ্ধখন এক-দুই সপ্তাহতে শেষ হ'ব বুলি কৈছিল, কিন্তু ১৮ দিন অতিক্ৰম কৰাৰ পাছতো যুদ্ধখনে যি ৰূপ ধাৰণ কৰিছে তাৰ পৰাই ধাৰণা কৰিব পাৰি যে যুদ্ধখন সোনকালে শেষ হোৱাৰ সম্ভাৱনা নাই।

আমেৰিকা-ইজৰাইলৰ উপর্যুপৰি আঘাতত ইৰানৰ বহু ঠাই ধ্বংসস্তূপত পৰিণত হৈছে যদিও ইৰানে যি গতিত প্রত্যাক্রমণ চলাই ইজৰাইলত ধ্বংসলীলা চলাইছে আৰু মধ্যপ্রাচ্যত থকা আমেৰিকাৰ সামৰিক ঘাটি তথা অন্য প্রতিষ্ঠানক আক্ৰমণৰ লক্ষ্য কৰি লৈছে সেয়া দেখি বিশ্ব উদ্বিগ্ন হৈ পৰিছে। গতিকে, যুদ্ধখন দীঘলীয়া হোৱাৰ আশংকাই বেছি। এনে অৱস্থাত আমাৰ দেশৰ নেতৃবৰ্গৰ ভূমিকালৈ সকলোৱে লক্ষ্য কৰি আছে। যুদ্ধখনত ভাৰতে নিৰপেক্ষ স্থিতি গ্রহণ কৰিছে। হ'লেও যুদ্ধৰ আগদিনা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ইজৰাইল ভ্রমণ, নেটান্যাহুৰ সৈতে আলিংগনৰ দৃশ্যবোৰ দেখাৰ পাছত ভাৰতক ইৰানে কিমান বিশ্বাসত ল'ব সেইটো গুৰুত্বপূৰ্ণ কথা। অৱশ্যে, প্রধানমন্ত্রী মোদী, বিদেশ মন্ত্রী জয়শংকৰসহ ভাৰতীয় নেতাসকলে ইৰানৰ সৈতে সম্পৰ্ক সহজ কৰি ৰখাৰ চেষ্টাত ত্রুটী কৰা নাই, যাৰ বাবে ভাৰতৰ একাংশ ইন্ধনবাহী জাহাজ হৰমুজ প্রণালীয়েদি আহিবলৈ ইৰানে অনুমতি দিছে। এয়া আশাপ্রদ কথা। একে আষাৰে ক'ব পাৰি যে আমাৰ দেশত যুদ্ধ-কেন্দ্ৰিক যি ইন্ধনৰ সংকটৰ সৃষ্টি হৈছে তাৰ পৰা দেশখনক ৰক্ষা কৰাৰ একমাত্র পথ হ'ল কূটনৈতিক বিচক্ষণতা। নৰেন্দ্ৰ মোদীৰ চৰকাৰে দেশক এই সংকটৰ পৰা কেনেকৈ ৰক্ষা কৰে তালৈ সকলোৱে আগ্রহেৰে বাট চাই আছে।

Share This