ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই সমগ্ৰ ৰাজ্যত অভূতপূর্ব শোক-ক্ষোভৰ পৰিৱেশ সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত অন্য কিছুমান অতি স্পৰ্শকাতৰ বিষয় তল পৰি থাকিলেও জনজাতিকৰণৰ দাবীক লৈ সংশ্লিষ্ট জনগোষ্ঠীসমূহৰ আন্দোলনৰ জুইকুৰা ইয়াৰ মাজতো ভমক ভমককৈ জ্বলি থকা দৃশ্যপটে এটা কথাই বুজাই দিছে যে এই বিষয়টোক লৈ সংশ্লিষ্ট জনগোষ্ঠীসমূহৰ মাজত বিৰাজ কৰি থকা অগ্নিগর্ভ পৰিস্থিতিৰ যিকোনো মুহূৰ্ততে বিস্ফোৰণ ঘটিব পাৰে।
ছিংগাপুৰত জুবিন গাৰ্গক লৈ কৰা য়ট পাৰ্টিৰ মাজতে ৰহস্যজনকভাৱে অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীয়ে মৃত্যুক সাবটিবলগীয়া হোৱাৰ পাছত সমগ্ৰ অসমৰ পৰিৱেশ শোক-ক্ষোভত উত্তাল হৈ পৰাৰ পূৰ্বে উজনিত মৰাণ আৰু মটক জনগোষ্ঠীয়ে, নামনিত কোচ-ৰাজবংশীসকলে বিশাল প্রতিবাদ সাব্যস্ত কৰি কেনেকৈ উজনি অসমৰ তিনিচুকীয়া জিলা আৰু নামনি অসমৰ একাংশ অঞ্চল উত্তাল কৰি তুলিছিল সেই দৃশ্য ৰাজ্যবাসীয়ে বিভিন্ন মাধ্যমযোগে দেখিবলৈ পাইছিল। তিনিচুকীয়াত প্রথমতে মৰাণসকলৰ আৰু পাছত মটকসকলৰ অতি বিশাল অগ্নিশিখা সমদল যোৱা কেইটামান দশকৰ আন্দোলনৰ ভিতৰত এক বিৰল দৃশ্য বুলি ক'ব লাগিব। ইয়াৰ মাজতে আহোম জনগোষ্ঠীয়েও একেই দাবীত কেইবাটাও লক্ষণীয় প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। জনসাধাৰণৰ অংশগ্ৰহণৰ দিশৰ পৰা মৰাণ আৰু মটক জনগোষ্ঠীয়ে অগ্নিশিখা লৈ কৰা সমদলকেইটাই বুজাই দিছে জনজাতিকৰণৰ বিষয়টোক উক্ত জনগোষ্ঠীকেইটাৰ জনসাধাৰণে কিমান গভীৰভাৱে লৈছে।
এনে অৱস্থাতে দুদিন পূর্বে তিনিচুকীয়া চহৰৰ মাজমজিয়াত চাহ জনগোষ্ঠীৰ লোকসকলে যি বিক্ষোভৰ কাৰ্যসূচী ৰূপায়ণ কৰিলে সেয়া অভূতপূর্ব বুলি ক'ব লাগিব এইবাবেই যে চাহ জনগোষ্ঠীৰ ইমান বিশাল জনসমুদ্ৰৰ প্ৰতিবাদ আগেয়ে ৰাজ্যত হোৱা নাছিল। ১৫০খনতকৈও অধিক চাহ বাগিচাৰ কাম-কাজ বন্ধ কৰি চাহ শ্রমিক আৰু জনগোষ্ঠীটোৰ অন্যান্য লোকসকল এইদৰে ওলাই আহি তিনিচুকীয়া চহৰৰ জীৱন-যাত্ৰা স্তব্ধ কৰি দিয়াটো অভূতপূর্ব ঘটনা। জনা মতে ৭০ হাজাৰৰো অধিক লোকে এই প্রতিবাদী কাৰ্যসূচীত অংশগ্রহণ কৰিছিল। ২০১৪-ৰ পৰা হোৱা ৰাজনৈতিক পট পৰিৱৰ্তনৰ পাছত অসমৰ চাহ জনগোষ্ঠীৰ গৰিষ্ঠ অংশৰ ৰাজনৈতিক সমর্থন বিজেপিয়ে পাইছে। উজনিৰ ৰাজনৈতিক দৃশ্যপট সলনি হৈ গৈছে। তেনে প্রেক্ষাপটত কেন্দ্র আৰু ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰ শাসনত অধিষ্ঠিত হৈ থকা অৱস্থাত ইমান বিশাল সংখ্যক চাহ জনগোষ্ঠীয় লোকে ৰাজপথলৈ ওলাই আহি অভূতপূৰ্ব প্ৰতিবাদ সাব্যস্ত কৰাটো সাম্প্ৰতিক সময়ত অতি লক্ষণীয় ঘটনা। ইতিমধ্যে ব্যাপকভাৱে চৰ্চা হৈছে যে অসমৰ ছয়টা জনগোষ্ঠীয়ে জনজাতিকৰণৰ যি দাবী তুলিছে সেয়া অযুক্তিকৰ নহয়। প্রত্যেকটো জনগোষ্ঠীৰে দাবীৰ ঐতিহাসিক ভিত্তি থকাটো আন নালাগে বৰ্তমানৰ শাসনাধিষ্ঠিত বিজেপি দলেও মানি লৈছে। তদুপৰি, পূৰ্বৰ কংগ্ৰেছ চৰকাৰ আৰু বৰ্তমানৰ বিজেপি চৰকাৰে জনগোষ্ঠীকেইটাৰ দাবীক নীতিগতভাবে মানি লৈ তেওঁলোকৰ জনজাতিকৰণৰ বাবে চৰকাৰী পদক্ষেপ আগবঢ়াইছে। ২০০৪ চনত অসম বিধানসভাই ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্রতি সন্মতি জনাই প্রস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছিল। সংসদৰ উচ্চ সদনত এই সন্দর্ভত বিধেয়কো উত্থাপন হৈছে। অসম চৰকাৰে ইতিমধ্যে দুটাকৈ মন্ত্রী গোট গঠন কৰিছে। গতিকে, ইমানৰ পাছতো জনজাতিকৰণৰ বিষয়টো নিষ্পত্তি নোহোৱাকৈ থকা বাবে জনগোষ্ঠীসমূহৰ ক্ষোভৰ উদগিৰণ ঘটাটো অৱধাৰিত। সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনত গঠিত মন্ত্রী গোটে কোনো প্রতিবেদন নিদিয়া অবস্থাতে ড° হিমন্ত বিশ্ব শর্মা চৰকাৰে নতুনকৈ মন্ত্ৰী গোট গঠন কৰে যদিও এই মন্ত্রী গোটেও আজিলৈকে প্রতিবেদন নিদিয়া বাবে প্রতিবাদী জনতাই চৰকাৰক দোষাৰোপ কৰা পৰিলক্ষিত হৈছে। এতিয়া চৌদিশে ক্ষোভৰ জুইকুৰা দপদপকৈ জ্বলি উঠাৰ পাছত মুখ্যমন্ত্রী ড° শৰ্মাই কৈছে যে অহা ২৬ নৱেম্বৰত মন্ত্ৰী গোটে প্রতিবেদন দাখিল কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে এই বুলিও কৈছে যে জনগোষ্ঠীসমূহৰ যি আন্দোলন সেয়া জনজাতিকৰণৰ দাবীতহে, চৰকাৰৰ বিৰুদ্ধে নহয়।
জনজাতিকৰণৰ আন্দোলনত বিজেপি দলৰ সমৰ্থন আছে, বিজেপিৰ মানুহেই আন্দোলন কৰিছে। মুখ্যমন্ত্ৰীৰ দাবীক অসত্য বুলি ক'ব নোৱাৰি। হয়, বিজেপিক ভোট দিয়া মানুহবোৰেই ৰাজপথলৈ ওলাই আহি জনজাতিকৰণৰ দাবীত শেহতীয়া ব্যাপক আন্দোলনসমূহ কৰিছে। কিন্তু লগতে এইটোও ঠিক যে প্রতিবাদথলীৰ পৰা বিজেপি চৰকাৰক সকীয়াই দিয়া হৈছে- ২০২৬-ৰ পূর্বে জনজাতিকৰণ নহ'লে জনগোষ্ঠীকেইটাই বিজেপিক উচিত শিক্ষা দিব। গতিকে, নিশ্চিতভাৱে ৰাজ্যৰ বিজেপি দল তথা চৰকাৰৰ সন্মুখত জনজাতিকৰণৰ বিষয়টো এটা গুৰুতৰ প্ৰত্যাহ্বান ৰূপে চিহ্নিত হৈছে। চৰকাৰে এই প্রত্যাহ্বানৰ কেনেদৰে মোকাবিলা কৰে তাৰ ওপৰত বিজেপি চৰকাৰৰ ভৱিষ্যৎ নিৰ্ভৰ কৰিব।