দৈনিক জনমভূমিঃ চৰকাৰী অন্যায়-অবিচাৰৰ বিৰুদ্ধে যুৱ সমাজ জাগ্ৰত হ'লে কেনে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, সেয়া শেহতীয়াকৈ নেপালত পুনৰ প্ৰতিপন্ন হৈছে। নেপাল চৰকাৰে হঠাতে লোৱা এটা সিদ্ধান্তৰ ফলত অগ্নিগর্ভ হৈ পৰিছে দেশখনৰ ৰাজধানী কাঠমাণ্ডু। যদিও সামাজিক মাধ্যমৰ প্লেটফৰ্ম বন্ধ কৰাৰ বাবেই দেশখনত যুৱ সমাজ ৰাজপথলৈ ওলাই আহিছে বুলি কোৱা হৈছে, কিন্তু ইয়াৰ আঁৰৰ কাৰণ হৈছে প্ৰকৃতাৰ্থত চৰকাৰৰ ফেচিবাদী নেতৃত্ব।
সাধাৰণ জনতাৰ কণ্ঠৰুদ্ধ কৰাৰ চেষ্টাৰে চৰকাৰে ফেচিবাদী সিদ্ধান্ত গ্ৰহণ কৰাৰ অভিযোগত এতিয়া নেপালৰ ৰাজপথত সৃষ্টি হৈছে ৰক্তক্ষয়ী বিদ্ৰোহৰ। 'উল্লেখযোগ্য যে যোৱা ৪ ছেপ্টেম্বৰত নেপাল চৰকাৰে এক্স (পূৰ্বৰ টুইটাৰ), ইউটিউব, ইনষ্টাগ্রাম, ফে'চবুককে ধৰি ছ'চিয়েল মিডিয়াৰ মুঠ ২৬টা প্লেটফৰ্ম বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল। এই ঘোষণাৰ পাছতেই নেপালৰ ৰাজপথলৈ ওলাই আহে হাজাৰ হাজাৰ যুৱক-যুৱতী। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত কৰা এই যুৱ আন্দোলনে ইমানেই হিংসাত্মক ৰূপ ধাৰণ কৰে যে প্ৰশাসনে প্রথম অৱস্থাত বিদ্রোহ দমন কৰিবলৈ কঠোৰ স্থিতি গ্রহণ কৰিলেও যুৱ
প্ৰতিবাদকাৰীসকলক নিয়ন্ত্রণ কৰিবলৈ ব্যর্থ হৈ পাছত অসহায় দৰ্শকৰ দৰে তেওঁলোকৰ তাণ্ডৱ চাই থাকিব লগা হয়। কাঠমাণ্ডুৰ মধ্যস্থলত সংসদৰ সন্মুখত সমৱেত হোৱা প্ৰতিবাদকাৰীয়ে ৰক্তক্ষয়ী বিদ্ৰোহৰ সূচনা কৰি চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক আচলতে জনতাৰ বাক-স্বাধীনতা খৰ্ব কৰা আৰু চৰকাৰী দুর্নীতি ঢকাৰ অপচেষ্টা বুলি অভিহিত কৰিছে। মূলতঃ জেন জি অর্থাৎ জেনেৰেশ্যন জেদৰ বিদ্ৰোহ বুলি চিহ্নিত হোৱা প্রতিবাদত কেৱল ছাত্র সমাজেই নহয়, সংযুক্ত হৈছে দেশৰ বয়োজ্যেষ্ঠ নাগৰিকো। চাৰিদিন ধৰি নেপালত বিদ্ৰোহৰ জুই জ্বলোৱা এই অভ্যুত্থানে নেপাল চৰকাৰযন্ত্ৰত ভূঁইকঁপৰ সৃষ্টি কৰাৰ উপৰি বহিঃৰাষ্ট্ৰতো এই বিদ্রোহে বিতৰ্কৰ সৃষ্টি কৰিছে। অপশাসন আৰু দমনৰ বিৰুদ্ধে এদিন জনতা জাগ্রত হ'বই। এয়া অৱধাৰিত। কিন্তু শেহতীয়াকৈ গণ অভ্যুত্থান নাম পোৱা এনে কেতবোৰ অভিযোগ পর্যৱসিত হৈছে গণ উন্মাদনালৈ। এই প্রতিবাদৰ লক্ষ্য হৈ পৰিছে ৰাজহুৱা সম্পদ। এক অৰ্থত মূল লক্ষ্যৰ পৰা বিচলিত হোৱা প্রতিবাদকাৰীক ঘৃণা আৰু ক্রোধে ভয়াৱহভাৱে প্রভাৱিত কৰি বিদ্ৰোহক অপকৰ্মৰ দিশলৈ ঠেলি দিছে। বহু সময়ত এনে ঘটনাত তৃতীয় পক্ষৰ হস্তক্ষেপেও পৰিস্থিতি বেছি উত্তপ্ত কৰি তোলে। নেপালৰ শেহতীয়া ঘটনা বিগত বৰ্ষৰ বাংলাদেশৰ গণ উত্থানৰ প্ৰায় অনুৰূপ। কা-বিৰোধী আন্দোলনৰ সময়ত অসমতো গণ উন্মাদনাৰ পৰিৱেশৰ সূচনা হোৱা সকলোৱে দেখিছে।
উল্লেখযোগ্য যে নীতিগত দাবীৰে ৰাজপথলৈ ওলোৱা প্ৰতিবাদকাৰী নেপালত দুর্নীতিৰ বিৰুদ্ধে জংগী হৈ উঠিছিল। কিন্তু তৰুণ প্রজন্মৰ প্ৰতিবাদক মষিমূৰ কৰিবলৈ চৰকাৰে কঠোৰ ব্যৱস্থাৰ নামত হত্যালীলা চলোৱাৰ পাছতেই প্রতিবাদ উন্মাদনালৈ পর্যৱসিত হয়। প্রতিবাদকাৰীয়ে ৰাজহুৱা সম্পদ, ন্যায়ালয়, সংসদ ভৱন ইত্যাদি জ্বলায়েই ক্ষান্ত নাথাকি প্রাক্তন প্ৰধানমন্ত্ৰীৰ বাসগৃহ পর্যন্ত জ্বলাই দিয়ে, য'ত আবদ্ধ হৈ খোদ প্রাক্তন প্রধানমন্ত্ৰীগৰাকীৰ পত্নী অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰা বুলি জানিব পৰা গৈছে। শান্ত নোহোৱা প্রতিবাদকাৰীয়ে দেশখনৰ এজন প্রাক্তন প্রধানমন্ত্রী আৰু কেইবাজনো মন্ত্রীক ৰাজহুৱাকৈ প্ৰহাৰ কৰি এজনক বিবস্ত্র অৱস্থাত নলাত পেলাই দিয়ে। নেপালৰ এই উন্মাদনা নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে এই গণ উন্মাদনা, লুটৰাজ (ইতিমধ্যে বহু ঠাইত আৰম্ভ হৈছে) আৰু ৰাজহুৱা হত্যালীলালৈ পৰিৱৰ্তন হোৱাটো নিশ্চিত। ইতিপূর্বে বাংলাদেশত এই উন্মাদনাৰ ভয়ংকৰ ৰূপ বিশ্বই দেখা পাইছে। সংৰক্ষণ নীতিৰ বিৰোধিতাৰে আৰম্ভ হোৱা ছাত্ৰৰ যুক্তিসংগত প্রতিবাদ পিছলৈ উন্মত্ত জনতাৰ ধংসাত্মক অভিযানলৈ সলনি হৈছিলগৈ। তদানীন্তন প্রধানমন্ত্রী শেখ হাছিনাৰ চৰকাৰে প্ৰতিবাদকাৰীক কঠোৰতাৰে দমন কৰিবলৈ গৈ পৰিস্থিতি এনে পর্যায়লৈ উত্তপ্ত কৰি তুলিছিল যে শেখ হাছিনাৰ পলায়নৰ পাছতো ক্ষান্ত নোহোৱা প্রতিবাদকাৰীয়ে বাংলাদেশৰ জনক হিচাপে পূজ্য বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ ঢাকাস্থিত বৃহৎ প্রতিমূর্তি প্রতিবাদকাৰীয়ে ধ্বংস কৰি পেলাইছিল। একমাত্র শেখ হাছিনাৰ পিতৃ হোৱাৰ আক্রোশতেই উন্মত্ত প্রতিবাদকাৰীয়ে বংগবন্ধুৰ প্ৰতিমূর্তিত নির্লজ্জ আক্রমণ কৰিছিল। ৰাজহুৱা সম্পদ ভাঙি চূৰমাৰ কৰা, জ্বলাই দিয়া প্রতিবাদকাৰীয়ে এই বিক্ষোভৰ সময়ত
হাছিনাৰ বাসগৃহৰ আচবাবৰ পৰা অন্তর্বাসলৈকে বাংলাদেশক সমগ্ৰ বিশ্বৰ সন্মুখত লজ্জানত কৰি তুলিছিল। একাংশই এই বিদ্রোহক লুটপাত চলোৱাৰ আজব ঘটনাই অভ্যুত্থান আখ্যা দিব খুজিলেও পৰৱৰ্তী সময়ত ই গণ উন্মাদনা বা উন্মত্ত জনতাৰ তাণ্ডৱলৈহে পৰিৱৰ্তিত হৈছিল। অসমতো কা-বিৰোধী আন্দোলনৰ সময়ত দেখা তৃতীয় কেতবোৰ সন্দেহজনক পক্ষ জড়িত হৈ ৰাজহুৱা সম্পত্তি ধ্বংসৰে ৰাজধানী গুৱাহাটীকে ধৰি বহু ঠাইত তাণ্ডৱ সৃষ্টি কৰিছিল। বিদ্ৰোহৰ পৰা গণ উন্মাদনালৈ পৰিৱৰ্তন হোৱা উদাহৰণ ইতিমধ্যে চুবুৰীয়া দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাতো দেখা গৈছিল। কিন্তু বাংলাদেশ কিম্বা শ্রীলংকাত এই বিদ্রোহে গণ উন্মাদনাৰ ৰূপ পাবলৈ কিছু সময় লৈছিল। পিছে নেপালত এই উন্মাদনাই সকলো ৰেকৰ্ড ভংগ কৰি মাথোঁ চাৰিদিনতেই যি অৰাজক পৰিবেশৰ সৃষ্টি কৰিলে, সেয়া আন্তর্জাতিক নিৰাপত্তাৰ দিশৰ পৰাও সাংঘাতিক উদ্বেগজনক। শাসকপক্ষৰ অৱদমন আৰু সীমা চেৰাই যোৱা দুর্নীতিত অতিষ্ঠ হৈ এটা সময়ত গণ অভ্যুত্থানৰ সূচনা হ'বই। শাসকপক্ষই ইয়াৰ পৰা শিকনি লোৱা উচিত। কিন্তু এই প্রতিবাদ গণ উন্মাদনালৈ সলনি হ'লে নীতিগত সংগ্ৰাম কক্ষপথৰ পৰা বিচ্যুত হোৱাটোৱেই স্বাভাৱিক। তেনে প্রেক্ষাপটত নেপালৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ বৰকৈ উল্লসিত হোৱাও উচিত নহয়। স্থিতাৱস্থাৰ পৰিৱৰ্তনৰ প্ৰয়োজন। কিন্তু উন্মত্ত আচৰণ প্ৰতিবাদৰ বিকল্প হ'ব নোৱাৰে।