ডিজিটেল ডেস্ক : গণ হিংসা বা Mob violence এক জটিল আর্থ-সামাজিক আৰু মনস্তাত্ত্বিক বিষয়। বেছিভাগ সময়তে ই হৈ পৰে ভয়াৱহ অপৰাধ। সমাজ জীৱনক বিশৃংখল আৰু অস্থিৰ কৰি তোলা গণ হিংসা ভয়াৱহ সামাজিক অপৰাধ হোৱাৰ পাছতো পিছে এই লৈ এতিয়াও মানুহ সজাগ হ'ব পৰা নাই। আনকি ভাৰতীয় ন্যায় সংহিতা (BNS)ত বিশেষ ধাৰা তৈয়াৰ হোৱাৰ পাছতো, উচ্চতম ন্যায়ালয়ৰ বিশেষ নির্দেশনা থকাৰ পাছতো গণ হিংসাৰ ঘটনা সংঘটিত হৈ থকাটোরে সূচায় আইনৰ প্ৰতি মৰেল পুলিচগিৰি কৰা একাংশৰ ভেঙুচালি আৰু অজ্ঞতা তথা অসহায় প্রশাসন ব্যৱস্থাৰ স্বৰূপ। শেহতীয়াকৈ গণ হিংসাৰ ভয়াৱহ ঘটনাই পুনৰ উত্তপ্ত কৰি তুলিছে কোকৰাঝাৰ। শান্ত হৈ পৰা একালৰ অশান্ত বড়োভূমিত হঠাতে সূত্রপাত হৈছে সংঘৰ্ষৰ। আশ্চর্যজনক কথা, এটা দুর্ঘটনাৰ বাবে ভুল বুজাবুজিৰ ফলত হোৱা গণ নিগ্রহৰ পৰিণতিত এজন লোক থিতাতে নিহত হোৱাৰ বিপৰীতে এই ঘটনাৰ অচিলা লৈ এতিয়া বড়োভূমিত সাম্প্রদায়িক সংঘৰ্ষৰ জুই জ্বলিবলৈ ধৰিছে। চৰকাৰে ব্যৱস্থা গ্রহণ কৰিছে যদিও এতিয়াও উমি উমি জ্বলি থকা জুইকুৰা কৌশলপূর্ণভাবে নুমুৱাব নোৱাৰিলে এই ঘটনাই ২০১৪ চনৰ বড়োভূমিৰ সেই বড়ো-আদিবাসীৰ মাজৰ সাম্প্রদায়িক সংঘৰ্ষৰ ৰূপ ল'বলৈ বেছি সময় নালাগিব। উল্লেখযোগ্য যে কোকৰাঝাৰ জিলাত ১৯ জানুৱাৰীত দুজন আদিবাসী লোক এক দুর্ঘটনাত পতিত হোৱাৰ ঘটনাৰ সূত্র ধৰিয়েই তিনি দিন ধৰি কোকৰাঝাৰত জ্বলিছে গণ হিংসাৰ জুই। কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গৌৰীনগৰত গৰু চোৰৰ সন্দেহত সূত্রপাত হোৱা ঘটনাই এতিয়া সমগ্র বড়োভূমি উত্তপ্ত কৰি তুলিছে। ইতিমধ্যে দুর্ঘটনাত পতিত হোৱা আদিবাসী দুজনৰ ভিতৰত এজনৰ মৃত্যু হোৱাৰ পাছত পৰিস্থিতিৰ অধিক অৱনতি ঘটে। আচলতে এই ঘটনা এটা ভুল বুজাবুজিৰ ফলত হ'লেও সামগ্রিকভাবে গণ হিংসাই ভয়াৱহ ৰূপ লোৱাত পৰিস্থিতি সাম্প্রদায়িক সংঘৰ্ষৰ দিশে গতি কৰিছে, য'ত স্বার্থান্বেষী একাংশই ৰাজনৈতিক সুযোগ লাভ কৰিবলৈ চেষ্টা কৰাটো নিশ্চিত।
উল্লেখযোগ্য যে এনে গণ হিংসা আৰু গণ নিগ্রহৰ ঘটনা নতুন কথা নহয়। ২০১৩ চনত বিশ টকাৰ ঠাইত ত্রিশ টকা অট' ভাৰা বিচৰা অট'ৰিক্সা চালকক অতিৰিক্ত দহ টকা দিবলৈ অমান্তি হোৱাৰ বাবেই কাৰ্বি আংলঙৰ ডিফুত হৰেন শইকীয়াৰ কলেজীয়া ছাত্র ঝংকাৰ শইকীয়াক অট'ৰিক্সা চালকজনৰ উচটনিত একাংশ উন্মত্ত লোকে ঠাইতে মৰিয়াই মৰিয়াই হত্যা কৰিছিল। সেই ঘটনাই সর্বত্র প্রতিক্রিয়াৰ সৃষ্টি কৰাৰ পাছত গণ নিগ্রহৰ এনে ঘটনা বন্ধ হ'ব বুলি আশা কৰা হৈছিল যদিও সেয়া আজিও সম্ভৱ হৈ নুঠিল। বৰঞ্চ তাৰ পাছত ডাঃ দেৱেন দত্ত, অভি-নীল, অনিমেশ ভূঞা হত্যাৰ দৰে এটাৰ পাছত এটাকৈ ভয়ানক ঘটনা সংঘটিত হ'ল। ২০১৯ চনত টীয়ক চাহ বাগিচাৰ হস্পিটেলত চিকিৎসাত পলম হোৱাৰ অভিযোগত একাংশ উন্মত্ত চাহ মজদুৰে চিকিৎসক দেৱেন দত্তক মৰিয়াই মৰিয়াই হত্যা কৰিছিল। তাৰো আগত ২০১৮ চনৰ জুন মাহত গুৱাহাটীৰ পৰা কাৰ্বি আংলঙলৈ ফুৰিবলৈ যোৱা দুই প্রতিভাৱান যুবক অভিজিত নাথ আৰু নীলোৎপল দাসক ডকমকাত জলপ্রপাত চাবলৈ যোৱা অৱস্থাত সোপাধৰাৰ সন্দেহত একাংশ উন্মত্তই বাচ-বিচাৰ নোহোৱাকৈ মাৰপিট কৰি নৃশংসভাৱে হত্যা কৰিছিল। অভি-নীলে সিহঁতক নামাৰিবলৈ কাবৌ-কাকৃতি কৰাৰ পাছতো সেই উন্মত্ত নিগ্রহকাৰীৰ হৃদয় গলা নাছিল আৰু ম'বাইলত ৰেকর্ডিং হোৱা এই দৃশ্য দেশজুৰি ভাইৰেল হোৱাৰ পাছত ব্যাপক প্রতিবাদ সাব্যস্ত হৈছিল। একেই ঘটনা সংঘটিত হৈছিল যোৰহাটৰ যুৱক অনিমেশ ভূঞাৰ ক্ষেত্ৰতো। ২০২১ চনৰ নৱেম্বৰত এজন বৃদ্ধ লোকক সহায় কৰিবলৈ আগবাঢ়ি যোৱা ছাত্র নেতা অনিমেশ ভূঞাক স্থানীয় ক'লা ল'ৰাৰ নেতৃত্বত যোৱা গুণ্ডা বাহিনীয়ে যোৰহাট নগৰৰ মাজমজিয়াত মৰিয়াই হত্যা কৰিছিল। এই ঘটনাক লৈ সর্বত্র প্রতিবাদ আৰু প্রতিক্রিয়া হোৱাৰ পাছত মূল অভিযুক্ত 'ক'লা ল'ৰা' আৰক্ষীৰ এনকাউন্টাৰত নিহত হৈছিল। ক'লা ল'ৰাৰ মৃত্যুৱে প্রতিবাদী জনতাৰ মন শান্ত কৰিলেও এয়া স্থায়ী সমাধান যে নহয় সেয়া উপলব্ধি সকলোৱে কৰিছে। আনহাতে, এনেবোৰ ঘটনাৰ পাছত স্বাভাৱিকতে ইয়াৰ অচিলা লৈ ব্যাপক গণ হিংসাৰ ঘটনাও সংঘটিত হৈ আহিছে।
গণ নিগ্রহ আৰু গণ হিংসা দুয়োটা এটা মুদ্রাৰেই ইপিঠি-সিপিঠি বুলিলেও বঢ়াই কোৱা নহ'ব। ভুল বুজাবুজি আৰু ব্যক্তিগত আক্রোশৰ ফলত সংঘটিত হোৱা গণ নিগ্ৰহৰ ঘটনাৰ পার্শ্বক্রিয়া ব্যাপক, যিটো কোকৰাঝাৰৰ পৰিস্থিতিয়ে পুনৰ প্ৰমাণ কৰিলে। কিন্তু তাৰ পাছতো এনে ঘটনা ৰোধ কৰিবলৈ সঠিক আইন আনিব নোৱৰা চৰকাৰ তথা প্রশাসনে সমস্যা সমাধানৰ ক্ষেত্ৰতো বিশেষ তৎপৰতা গ্রহণ কৰিব নোৱৰাটো আচৰিত কথা। সকলোৰে সন্মুখত সৌ সিদিনা চুলি গজোৱা দৰৱৰ বিনামূলীয়া শিবিৰ পতা আচার্য পংকজ পাঠকক সমূহীয়াভাৱে শাৰীৰিক আৰু মানসিক নির্যাতন চলোৱা হ'ল। সম্ভাব্য এক ভয়াৱহ ঘটনাৰ পৰা কোনোমতে সাৰি অহা পংকজ পাঠকৰ উপৰি যোৱা পাঁচ জুনত চিমেনচাপৰিত এগৰাকী স্থানীয় সাংবাদিককো স্থানীয় একাংশ ৰাজনৈতিক সমর্থনপুষ্ট নেতাৰ উন্মত্ত গুণ্ডা বাহিনীয়ে দলবদ্ধভাবে আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হয়। এনে প্রেক্ষাপটত গণ নিগ্রহ বা গণ হিংসাক লৈ চৰকাৰ কেতিয়া কঠোৰ হ'ব বা জনতা কেতিয়া সচেতন হ'ব, সেয়া এক ডাঙৰ প্রশ্ন।