ৰূপৰ চমক

dainik janambhumi December 29, 2025

ডিজিটেল ডেস্ক : সাধাৰণভাৱে ৰূপৰ স্থান দ্বিতীয়, সোণহে প্রথম। সোণ মুখ্য, ৰূপ গৌণ। এই বিচাৰ প্রধানতঃ অলংকাৰৰ ক্ষেত্ৰত। ভাৰতবৰ্ষত যিহেতু মূল্যৱান ধাতুৰ অলংকাৰৰ চাহিদা বিভিন্ন ধর্মীয় আৰু সামাজিক অনুষ্ঠানত প্ৰচুৰ, সেয়ে অলংকাৰৰ দৃষ্টিৰে সোণেই প্রথম, ৰূপ দ্বিতীয়হে। ৰূপ দ্বিতীয় বুলি বাৰম্বাৰ উল্লেখ কৰা হৈছে এইবাবেই যে বেছ কিছুদিনৰ আগলৈকে সোণৰ মূল্যৰ প্ৰতি সাধাৰণ লোকৰ যি সচেতনতা তথা আগ্রহ আছিল, তেনে কোনো সচেতনতা বা আগ্রহ নাছিল ৰূপৰ মূল্যৰ প্ৰতি। বিয়া এখন পাতিবৰ সময়ত সোণৰ তোলা কিমান বুলি প্রায় সকলো মধ্যবিত্ত পৰিয়ালে খবৰ লয়, কিন্তু ৰূপৰ মূল্যৰ প্রতি প্রয়োজন নহ'লে আগ্রহ কাৰো নাথাকে। কিন্তু বিগত দিনত ধাতুৰ বজাৰত ব্যাপক উত্থান হৈছে। সোণৰ লগে লগে ৰূপৰ দাম বাঢ়িছে দ্রুতগতিত। বাৰে বাৰে ভাঙিছে পূৰ্বৰ অভিলেখ। লগে লগে চর্চালৈ আহিছে ৰূপ।

শেহতীয়াকৈ যোৱা ২৬ ডিচেম্বৰত প্ৰতি কিল'গ্ৰাম ৰূপৰ দাম ১৩ হাজাৰ টকাতকৈ অধিক বৃদ্ধি হৈ হয়গৈ ২,৩২,১০০ টকা। যোৱা বুধবাৰে এই দাম আছিল ২,১৮,৯৮৩ টকা। বিগত প্রায় ১০ দিনত প্রতি কিল'গ্ৰাম ৰূপৰ দাম ৩৬,৯২০ টকা বৃদ্ধি হয়।

ৰূপৰ দাম বৃদ্ধিৰ প্ৰসংগটোত কেতবোৰ দিশ বিশেষভাবে লক্ষণীয়। ২০০১ চনত ভাৰতত প্রতি কেজি ৰূপৰ দাম আছিল ৬০০০-৬৫০০টকা। ২০০২ চনত প্রতি কেজিৰ দাম প্রায় এহাজাৰ টকা আৰু ইয়াৰ পাছৰ বছৰো ১০০০-১৫০০ টকা বৃদ্ধি পাই হয়গৈ ৮০০০-৯০০০ টকা। ২০১১ চনত ৰূপৰ দামে অতিক্ৰম কৰে ৫০ হাজাৰৰ সীমা। অৱশ্যে পৰৱৰ্তী সময়ত ৰূপৰ দাম হ্রাস পাই ২০১৫ চনত প্রতি কেজিত দাম হয়গৈ ৩৫ হাজাৰ টকা। ২০২১ চনত আকৌ ই স্পর্শ কৰেগৈ ৭০ হাজাৰ টকাৰ সীমা। অনেক বিশেষজ্ঞৰ মতে, ২০৩০ চনত প্রতি কেজিৰ ৰূপৰ দাম ২.৮২ লাখ আৰু ২০৩৪ চনত প্রতি কেজি ৰূপৰ মূল্যই চাৰি লাখৰ সীমা চুবগৈ পাৰে!

ৰূপৰ দাম বৃদ্ধিৰ মূল কাৰণ কি? এয়া অর্থনীতিৰ যোগান- চাহিদাৰ জটিল অংক। সাধাৰণতে অলংকাৰ আৰু মুদ্রা ইত্যাদিতে ৰূপৰ ব্যৱহাৰ হয় বুলি ভবা হয় যদিও প্রকৃত ছবিখন কিন্তু সুকীয়া। মূল্যৱান ধাতুৰ বজাৰ আৰু মুদ্রাত বিশ্বৰ মুঠ ৰূপৰ এক পঞ্চমাংশহে ব্যৱহাৰ হয়। গহনা-গাঁথৰিতো ব্যৱহাৰ হয় এক পঞ্চমাংশ ৰূপ। বাকী তিনি পঞ্চমাংশ ৰূপ ব্যৱহাৰ কৰা হয় ঔদ্যোগিক কাৰণতহে। সমগ্র বিশ্বজুৰি ৰূপৰ চাহিদা এতিয়া ইমানেই বাঢ়িব লাগিছে যে প্রতিখন দেশেই সক্রিয় হৈছে কেনেকৈ অধিক ৰূপ আহৰণ কৰিব পাৰি। ৰূপৰ চাহিদা বৃদ্ধিৰ মূলতেই হ'ল ৰূপ আন বহু ধাতুতকৈ উত্তম পৰিবাহী। সেয়েহে বিভিন্ন ইলেক্ট্রিক তথা ইলেক্ট্রনিক সামগ্ৰীৰ উৎপাদনত ৰূপৰ ব্যৱহাৰ ব্যাপক হাৰত বৃদ্ধি হৈছে। ইয়াৰ ভিতৰত সৌৰ পেনেল, বিভিন্ন ম'বাইল ফ'ন, কম্পিউটাৰ, ইলেক্ট্রিক বাহন ইত্যাদি প্রধান। জানিব পৰা মতে, বর্তমান বিশ্বত যিমান সৌৰ পেনেল তৈয়াৰ হয়, তাৰ ৮০% শতাংশ তৈয়াৰ হয় চীনত। আৰু ইয়াৰ বাবেই চীন এতিয়া বিশ্বৰ সবাতোকৈ ডাঙৰ ৰূপৰ গ্রাহক হৈ পৰিছে।

এইখিনিতে উল্লেখযোগ্য যে সাধাৰণ মানুহৰ বাবে সোণ আৰু ৰূপ একেধৰণৰ ধাতু আৰু ইয়াৰ দাম বৃদ্ধিৰ কাৰকবোৰো একে যেন লাগে। কিন্তু বাস্তৱিকতে দুয়োটাৰ চাহিদাৰ দিশটো কিছু সুকীয়া। সোণ প্রধানতঃ অলংকাৰ আৰু সম্পদৰূপে ব্যৱহাৰ হয়। সেয়ে বিয়া-বাৰু, উছৱ-পাৰ্বণৰ সময়ত সোণৰ দাম বৃদ্ধি হয়। আন্তঃৰাষ্ট্ৰীয় বজাৰতো ডলাৰৰ তুলনাত টকাৰ মূল্য হ্রাস, বিশ্বজুৰি চলি থকা অস্থিৰতা-উত্তেজনা ইত্যাদিবোৰৰ বাবে বিনিয়োগৰ নিৰাপদ উৎস ৰূপে সোণকেই বিবেচনা কৰাটো সোণৰ মূল্যবৃদ্ধিৰ অন্যতম কাৰণ। ৰূপো অলংকাৰৰূপে কিছু ব্যৱহাৰ হ'লেও এতিয়া ৰূপৰ চাহিদা বৃদ্ধিৰ মূল কাৰণ ঔদ্যোগিক ব্যৱহাৰ। এনেবোৰ দিশলৈ চাই অনাগত সময়ত বিনিয়োগৰ বজাৰত ৰূপে এক সুকীয়া ৰূপ লোৱাৰ সম্ভাৱনা আছে। আনকি বিশ্বজুৰি চলি থকা বাণিজ্য যুদ্ধত ৰূপক লৈয়ো অনাগত সময়ত আন এক সংঘাত সৃষ্টি হোৱাৰ আশংকা আছে।

Share This